/asomiyapratidin/media/media_files/2025/02/13/dplYmm1DqkELh4jHauSO.jpg)
ৰেডিঅ দিৱস
এটা সময় আছিল ৰেডিঅ'ই আছিল ঘড়ী! ৰেডিঅ'ৰ অনুষ্ঠান শুনিহে সময়ক লৈ দৌৰা-দৌৰি কৰিছিল সকলোৱে। এসময়ত ৰেডিঅ’ আছিল আভিজাত্যৰ প্ৰতীক। দীৰ্ঘসময় ৰেডিঅ’ যোগাযোগ আৰু মনোৰমধৰ্মী মাধ্যমৰ একছত্ৰী আছিল । কিন্তু এতিয়া কিছু ম্লান পৰিছে ৰেডিঅ’ৰ জনপ্ৰিয়তা। ম'বাইল ইন্টাৰনেট আগ্ৰাসনৰ মাজত ৰেডিঅ’ৰ জনপ্ৰিয়তা বহু পৰিমাণে হ্ৰাস পাইছে । কিন্তু ৰেডিঅ’ নোহোৱা হৈ যোৱা নাই। শেহতীয়াকৈ মোডী চৰকাৰেও ৰেডিঅক লৈ নানান কাৰ্যসূচী লৈছে। ৰেডিঅ দিৱস উপলক্ষে অসমীয়া প্ৰতিদিন ডিজিটেল এক প্ৰতিবেদন...
ঘৰ আছে দুৱাৰ নাই, মাত আছে মানুহ নাই, কোৱাচোন সমনীয়া হয় কি? সৰুতে এনে সাঁথৰৰ খেল খেলিছিলনে আপুনি? এটা সময় আছিল ঘড়ী চাই নহয় ৰেডিঅ'ৰ অনুষ্ঠান শুনিহে সময়ক লৈ দৌৰা-দৌৰি কৰিছিল সকলোৱে। ৰেডিঅ’ই মানুহক যেন নিয়মানুৱৰ্তিতা শিকাইছিল।
পুৱা ৯-৩০ বজাত ’আকাশবাণী ডিব্ৰুগড়’ ৰ প্ৰথম অধিবেশন সামৰণি পৰাৰ লগে লগেই সকলোবোৰ বিদ্যালয়লৈ ওলাই গৈছিল। ৰেডিঅ’ আছিল আমাৰ শিক্ষা জীৱনৰ আটাইতকৈ আকৰ্ষণীয় শ্ৰেণীটোৰ বিশ্বস্ত শিক্ষক। 'বিদ্যাৰ্থীৰ অনুষ্ঠান, বিশেষকৈ তাত প্ৰচাৰিত ৰূপকবোৰ, ’মানৱৰ ক্ৰমবিকাশ’ৰ দৰে ধাৰাবাহিকবোৰ।
ৰেডিঅ’ আছিল জীৱন-জগতৰ সৈতে আমাক চিনাকি কৰাই দিয়া আমাৰ জীৱনৰ শিক্ষক। বাস্তৱ জীৱনৰ বিভিন্ন দিশৰ প্ৰয়োজনীয় কথাৰে সমৃদ্ধ কথিকা, আলোচনা আৰু সাক্ষাৎকাৰবোৰে দিছিল বিচিত্ৰ জ্ঞান। ৰেডিঅ’ আছিল আমাৰ সুস্থ ৰুচিবোধৰ গঢ় দিওতা। অৰ্থৱহ কথা আৰু মনপৰশা সুৰেৰে সমৃদ্ধ যুগমীয়া গীতবোৰ, মন-মগজুক জোকাৰি যোৱা কলাত্মক আৰু বাৰ্তাবাহী নাটবোৰ আছিল কি যে ভাল লগা।
ৰেডিঅ মানেই এক গভীৰ আৱেগ। ৰেডিঅত সমাহিত হৈ আছে আমাৰ বহু নষ্টালজিয়া। বিশ্বজুৰি সমাজ আৰু সংস্কৃতি গঢ় দিয়াত ৰেডিঅ’ৰ তাৎপৰ্য স্বীকাৰ আৰু উদযাপনৰ বাবে প্ৰতি বছৰে ১৩ ফেব্ৰুৱাৰীত বিশ্ব ৰেডিঅ’ দিৱস পালন কৰা হয়। ই হৈছে বিভিন্ন সম্প্ৰদায়ৰ মাজত তথ্য, শিক্ষা, আৰু মনোৰঞ্জনৰ প্ৰচাৰৰ ক্ষেত্ৰত ৰেডিঅ’ৰ গুৰুত্বক স্বীকাৰ কৰাৰ দিন।
আজি বিশেষকৈ ডিজিটেল যুগত ৰেডিঅ’ৰ ইতিহাস, তাৎপৰ্য্য আৰু ভূমিকা অপৰিসীম৷ আজিৰ দিনটোত সমাজ এখনক গঢ় দিয়াত ৰেডিঅ’ৰ অৱদানক উদযাপন কৰা হয়। গুৰুত্বপূৰ্ণ তথ্য বিয়পোৱাৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰসাৰ কৰালৈকে ৰেডিঅ’ সমগ্ৰ বিশ্বতে সংযোগ, শিক্ষা আৰু মনোৰঞ্জনৰ বাবে এক গুৰুত্বপূৰ্ণ আহিলা হৈয়েই আছে।
ৰাষ্ট্ৰসংঘৰ শিক্ষা, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাই (ইউনেস্কো) ২০১১ চনত বিশ্ব ৰেডিঅ’ দিৱস ঘোষণা কৰি তথ্য প্ৰচাৰৰ ক্ষেত্ৰত ৰেডিঅ’ৰ প্ৰভাৱক আনুষ্ঠানিকভাৱে স্বীকৃতি দিছিল। ১৯৪৬ চনত ৰাষ্ট্ৰসংঘৰ ৰেডিঅ’ প্ৰতিষ্ঠাৰ বৰ্ষপূৰ্তি উপলক্ষে তাৰিখটো বাছি লোৱা হৈছিল ১৩ ফেব্ৰুৱাৰী। ইউনেস্ক’ই বিশ্ব ৰেডিঅ’ দিৱস ঘোষণা কৰাৰ সিদ্ধান্তৰ লক্ষ্য আছিল ৰেডিঅ’ৰ সকলো ধৰণৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰা, বিশেষকৈ গ্ৰাম্য আৰু অভাৱগ্ৰস্ত অঞ্চলত।
ৰেডিঅ’ৰ কালজয়ী সামৰ্থ্যৰ কথাও আমাক সোঁৱৰাই দিয়াৰ লগতে ভূগোল বা সম্পদ নিৰ্বিশেষে মানুহৰ বাবে এক সাৰ্বজনীন মঞ্চ প্ৰদান কৰাৰ উপায় হিচাপেও এই পদক্ষেপ আৰম্ভ কৰা হৈছিল। বাতৰিৰ প্ৰতিবেদনৰ পৰা আৰম্ভ কৰি সংগীত প্ৰবাহলৈকে ৰেডিঅ’ৰ বৈচিত্ৰ্যপূৰ্ণ বিষয়বস্তুৱে বিশ্ব যোগাযোগত ডাঙৰ প্ৰভাৱ পেলাইছে।
ইণ্টাৰনেট আৰু ডিজিটেল প্ৰযুক্তিৰ উত্থানৰ লগে লগে ৰেডিঅ’ এটা আধুনিক সঁজুলিলৈ বিকশিত হৈছে যিয়ে বিশেষকৈ অনলাইন প্লেটফৰ্ম আৰু প’ডকাষ্টৰ জৰিয়তে আৰু অধিক লোকৰ ওচৰলৈ যায়। টেলিভিছন, ছ’চিয়েল মিডিয়া, ইণ্টাৰনেটৰ আধিপত্য থকাৰ পাছতো ৰেডিঅ’ মনোৰঞ্জন, তথ্য আৰু শিক্ষাৰ এক মূল উৎস হৈয়েই আছে।
এসময়ত ৰেডিঅ’ আছিল আভিজাত্যৰ প্ৰতীক। দীৰ্ঘসময় ৰেডিঅ’ যোগাযোগ আৰু মনোৰমধৰ্মী মাধ্যমৰ একছত্ৰী আছিল । কিন্তু এতিয়া কিছু ম্লান পৰিছে ৰেডিঅ’ৰ জনপ্ৰিয়তা।ম'বাইল ইন্টাৰনেট আগ্ৰাসনৰ মাজত ৰেডিঅ’ৰ জনপ্ৰিয়তা বহু পৰিমাণে হ্ৰাস পাইছে । কিন্তু ৰেডিঅ’ নোহোৱা হৈ যোৱা নাই ।
নতুন সংবাদ মাধ্যমৰ প্ৰযুক্তিৰ উত্থানৰ পিছতো ৰেডিঅ’ৰ ভৱিষ্যত উজ্জ্বল হৈয়েই আছে। ৰেডিঅ’ৰ মূল নীতিসমূহ 'গণ যোগাযোগ আৰু সংযোগ'-ৰ আহিলা হোৱাৰ বাবে, ক্ৰমান্বয়ে খণ্ডিত হৈ পৰা সংবাদ মাধ্যমৰ পৰিৱেশত আজিও অনুৰণিত হৈয়েই আছে। যেতিয়ালৈকে মানুহে তথ্য, মনোৰঞ্জন, আৰু সামাজিক যোগাযোগৰ তাৎক্ষণিক প্ৰৱেশ বিচাৰিব, তেতিয়ালৈকে ৰেডিঅ’ সংবাদ মাধ্যমৰ পৰিৱেশ তন্ত্ৰৰ এক মূল অংশ হৈ থাকিব।