সাপ দেখিলেই ৭ জাঁপ মাৰে নেকি?

সাপ দেখিলেই সাত জাঁপ মৰা মানুহৰ অভাৱ নাই আমাৰ সমাজত। আচঁলতে সাপ ইমান ভয়ংকৰ হয়নে! ভাৰতৰ কোনখন ৰাজ্যত পোৱা নাযায় এডালো সাপ! আনহাতে ভাৰতৰ এনে এখন ৰাজ্য

author-image
Asomiya Pratidin
New Update
সাপ

সাপ Photograph: (অসমীয়া প্ৰতিদিন)

সাপ দেখিলেই সাত জাঁপ মৰা মানুহৰ অভাৱ নাই আমাৰ সমাজত। আচঁলতে সাপ ইমান ভয়ংকৰ হয়নে! ভাৰতৰ কোনখন ৰাজ্যত পোৱা নাযায় এডালো সাপ! আনহাতে ভাৰতৰ এনে এখন ৰাজ্য আছে য'ত দেশৰ ভিতৰতে সৰ্বাধিক বিষাক্ত সাপে বাস কৰে। এনে কিছু তথ্য লৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...

Advertisment

আমাৰ সমাজত সাঁপলৈ ভয় নকৰা মানুহ খুউব কম সংখ্যকহে ওলাব। সাঁপ বুলি ক'লেই সাত জাঁপ দিয়া মানুহৰ সংখ্যাই আমাৰ সমাজত বেছি। কিন্তু আপুনি জানেনে, ভাৰতবৰ্ষৰ এনে এখন ৰাজ্য আছে যিটো অঞ্চলত নাই এডালো সাঁপ।

এডালো সাঁপ নথকা এই কেন্দ্ৰীয়শাসিত ৰাজ্যখন হৈছে লক্ষ্যদ্বীপ। অৱশ্যে এই কেন্দ্ৰীয় শাসিত ৰাজ্যখনত কুকুৰো দেখা পোৱা নাযায়। সেয়া যি কি নহওঁক, পুুনৰ ঘূৰি আহিছো সাপৰ প্ৰসংগলৈ। ভাৰতবৰ্ষত সৰ্বাধিক সাঁপ পোৱা এখন ৰাজ্য হৈছে কেৰালা। 

কেৰালাত প্ৰায় সকলো প্ৰজাতিৰে সাঁপে বাস কৰে। এক সমীক্ষাত পোহৰলৈ আহিছিল যে, কেৰালাত সৰ্বাধিক বিষাক্ত প্ৰজাতিৰ সাঁপে বাস কৰে। বিশ্ব স্বাস্থ্য সংস্থাই সদৰি কৰা তথ্য অনুসৰি, ভাৰতত প্ৰতিবছৰে প্ৰায় ৫মিলিয়ন লোকক সাপে দংশন কৰে। ইয়াৰ ভিতৰত ২.৭মিলিয়ন লোকৰ শৰীৰলৈ সাঁপৰ বিষাক্ত বিষে প্ৰৱেশ কৰে। 

স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উল্লেখ থকা মতে, ভাৰতত প্ৰতিবছৰে ৮১,০০০ পৰা ১৩৮,০০০লোক সাপৰ দংশনত মৃত্যু হয়। উল্লেখ কৰা প্ৰয়োজন যে, সাপৰ বিষ মানুহৰ দেহত অতি ক্ষিপ্ৰতাৰে বিয়পে। যাৰ ফলত সাঁপৰ বিষাক্ত বিষ এগৰাকী লোকৰ দেহত প্ৰৱেশ কৰাৰ কিছু মিনিটৰ পাছতে এগৰাকী লোকৰ মৃত্যু হয়। 

ইফালে, Pugdundee safarisৰ এক সমীক্ষা অনুসৰি, ভাৰতত থকা ১৭শতাংশ সাপহে বিষাক্ত। বাকী ৮৩শতাংশ সাঁপৰ দংশনত মানুহ মৃত্যু নহয় বুলি এই সমীক্ষাত পোহৰলৈ আহিছিল।  পৃথিৱীত সাপৰ প্ৰায় ৩০০০ প্ৰজাতি পোৱা যায়,  যাৰ প্ৰায় ১৫% মানুহৰ বাবে বিপজ্জনক। 
চিকাৰৰ গাত বিষ দাঁতেৰে দংশন নতুবা শৰীৰেৰে মেৰিয়াই ধৰি চিকাৰৰ মৃত্যু ঘটায়। সাধাৰণতে আত্মৰক্ষা আৰু চিকাৰৰ উদ্দেশ্যে সাপে বিষ ব্যৱহাৰ কৰে। সৰ্পদংশনৰ ফলাফল বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, যেনে- সাপৰ প্ৰজাতি, দংশন কৰা শৰীৰৰ স্থান, প্ৰবেশ কৰা বিষৰ পৰিমাণ, আৰু আক্ৰান্তৰ স্বাস্থ্য।
সৰ্পদংশনৰ পিছত ব্যক্তিজন প্ৰায়েই আতঙ্কগ্ৰস্ততাত ভোগে। তদুপৰি অট'ন'মিক নাৰ্ভাছ চীষ্টেমৰ দ্বাৰা টেকীকাৰ্ডিয়া, বুকুৰ ধপধপনি আৰু বমিৰ ভাৱ হ'ব পাৰে।বিষ নথকা সাপে খোঁটাৰ ফলত দাঁতৰ আঘাতৰ পৰা বা বীজাণুৰ সংক্ৰমণৰ পৰা ক্ষতৰ সৃষ্টি হ'ব পাৰে। সৰ্পদংশনৰ পৰা হ'ব পৰা এনাফাইলেক্সিছৰ ফলত মানুহ মৃত্যুমুখত পৰিব পাৰে।
বৰ্তমানৰ সমীক্ষাত এই পৰ্যন্ত সাপৰ সৰ্বমুঠ ১৫টা পৰিয়াল, ৪৫৬টা গণ, আৰু ২,৯০০টাতকৈ বেচি প্ৰজাতি আছে। সাপৰ আকাৰ খুব সৰুৰপৰা- ১০ চে.মি.ৰপৰা (যেনে-Leptotyphlops carlae) আৰম্ভ কৰি সৰ্বোচ্চ ২৫ ফুট বা ৭.৬ মিটাৰ (যেনে-অজগৰ (Pythonidae), , অ্যানাকোণ্ডা) পৰ্যন্ত হব পাৰে।
সম্প্ৰতি আবিষ্কৃত টাইটানব’ৱা (Titanoboa) সাপৰ জীবাশ্ম প্ৰায় ১৩ মিটাৰ বা ৪৩ ফুট দীঘল। ই উত্তৰ পূব কলম্বিয়াৰ ক্ৰান্তীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰিছিল। সেই ঠাইত প্ৰাপ্ত কশেৰোকা (vertebra)ৰপৰা ইয়াৰ দৈঘ্য ঠাৱৰ কৰা হৈছে।
এণ্টাৰ্কটিকাক বাদ দি পৃথিৱীৰ সকলো মহাদেশত সাপৰ উপস্থিতি দেখা যায়। সাগৰৰ পানীত থকা সাপৰপৰা আৰম্ভ কৰি পৰ্বতৰ উচ্চতাটো (১৬,০০০ ফুট /৪,৯০০ মিটাৰ) সাপৰ বিস্তৃতি দেখা যায়। তথাপি কিছুমান দ্বীপ-মহাদ্বীপত সাপৰ উপস্থিতি শূন্য বুলিব পাৰি। যেনে-আয়াৰলেণ্ড, নিউজিলেণ্ড, আইজলেণ্ড আদি। নিউজিলেণ্ডত কেতিয়াবা (yellow-bellied sea snake আৰু banded sea krait) জলজ সাপৰ উপস্থিতি দেখা যায়।

অসমত ৬ বিধ বিষাক্ত সৰ্প পোৱা যায়। নলবাৰীৰ স্বেচ্ছাসেৱী সংগঠন দি গ্ৰীণ গ্লোৱৰ অন্যতম সদস্য তথা সৰ্প উদ্ধাৰ সৈতে জড়িত ৰাজেশ দত্তবৰুৱাই জানিবলৈ দিয়া অনুসৰি চকৰী ফেটী, শংখচূড়, কলা শংখচূড়, ৰজা ফেঁটী, পিট ভাইপাৰ, নাগফেঁটী অতি বিষাক্ত প্ৰজাতিৰ সাপ, ইয়াৰ উপৰিও অসমৰ ইতিমধ্যে কোনো কোনো ঠাইত বিষাক্ত ৰাছেল ভাইপাৰৰ অৱস্থিতিও ধৰা পৰিছে। সৰ্প দংশনৰ ক্ষেত্ৰত এতিয়াও জন সচেতনাৰ প্ৰয়োজনীয়তা আছে।

উল্লেখ্য যে ভাৰতৰ ভিতৰত সৰ্প দংশনত সৰ্বাধিক লোকৰ মৃত্যু হয় মহাৰাষ্ট্ৰত। ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ পৰিসংখ্যা অনুযায়ী ২০১৭ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ৩১ অক্টোবৰলৈ ১.১৪ লাখ সৰ্প দংশনৰ ঘটনা পোহৰলৈ আহিছিল। ইয়াৰে ২৪,৪৩৭ টা ঘটনাই হৈছে মহাৰাষ্ট্ৰৰ। ইয়াৰ পিছতে ২৩,৬৬৬ টা ঘটনাৰে পশ্চিমবংগ দ্বিতীয় আৰু ১০,৭৩৫ টা ঘটনাৰে তৃতীয় স্থানত আছে অন্ধ্ৰপ্ৰদেশ। ১.১৪ লাখ সৰ্প দংশনৰ ঘটনাৰ ৯৪,৮৭৪ টাই হৈছে গ্ৰামাঞ্চলৰ।

লেনচেট নামৰ বিদেশী সংস্থাই এটাই চলোৱা অধ্যায়নত ২০১৭ বৰ্ষত ৬ মাহত সৰ্প দংশনত ভাৰতত ৪৯ হাজাৰজন লোক মৃত্যুমুখত পৰা বুলি কোৱা হৈছে। 'ভাৰতৰ গ্ৰামাঞ্চলত চিকিৎসকসকল প্ৰতি ৬-১২ মাহৰ মূৰে মূৰে সলনি হৈ থাকে। অধিকাংশ চিকিৎসকৰে সৰ্প দংশনৰ চিকিৎসাক কোনো উপযুক্ত জ্ঞান নাই। সেয়ে অধিকাংশ লোকে বেজকেই ভৰসা কৰে। আনহাতে চিকিৎসালয়লৈ যোৱাসকলৰ বেয়া যাতায়তৰ বাবে আধা বাটতে মৃত্যু হয়।'-অধ্যয়নটোত প্ৰকাশ।

অসম তথা উত্তৰ-পূবৰ সৰ্প দংশন সন্দৰ্ভত চৰকাৰৰ হাতত কোনো উপযুক্ত তথ্য নাথাকিলেও সৰীসৃপ বিশেষজ্ঞ জয়াদিত্য পুৰকায়স্থই নিজাববীয়াকৈ চলোৱা এক সমীক্ষাত পোহৰলৈ আহিছে কেতবোৰ উদ্বেগজনক তথ্য। বিশেষজ্ঞগৰাকীয়ে কিছুদিন পূৰ্বে সংবাদ মাধ্যমক জনোৱা মতে, ২০১৬ চনত উত্তৰ-পূবৰ ৫ কোটি জনসংখ্যাৰ বিপৰীতে মাত্ৰ ১,৭৭০টা এণ্টিভেনমৰ বটলহে চৰকাৰীভাৱে চিকিৎসালয়সমূহত বিতৰণ কৰা হৈছিল।

'৭খন ৰাজ্যৰ মাজত মাত্ৰ ১৭৭০টা এণ্টিভেনমৰ বটল বিতৰণ। এয়া সঁচাকৈয়ে পৰিতাপৰ কথা। দেখদেখকৈ চৰকাৰে সৰ্বাসাধাৰণক এনেদৰে মৃত্যুৰ মুখলৈ ঠেলি দিছে।'- সৰীসৃপ বিশেষজ্ঞগৰাকীয়ে কয়।

কেন্দ্ৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ তথ্যত ২০১৬ চনত অসমত ২৬৫ টা সৰ্প দংশনৰ ঘটনা সংঘটিত হৈছিল বুলি কোৱা হৈছে যদিও তেনে তথ্য সঠিক নহয় বুলিও দাবী কৰিছে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমীসকলে। কৰ্বী নামৰ সংস্থাটোৱে এই সন্দৰ্ভত কয় যে অসমৰ গ্ৰামাঞ্চলত প্ৰতিদিনে বহু লোক সৰ্প দংশনত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে যদিও সেইবোৰৰ অধিকাংশই পোহৰলৈ নহাকৈ ৰৈ যায়।

'গ্ৰামাঞ্চলতহে এনে ঘটনা ঘটে। সাধাৰণতে কৃষক শ্ৰেণীৰ লোকসকল সৰ্প দংশনৰ চিকাৰ হয়। তেওঁলোক জন্ম-মৃত্যুৰ পঞ্জীয়নক লৈ সচেতন নহয়। আনহাতে জন্ম-মৃত্যুৰ পঞ্জীয়নৰ প্ৰক্ৰিয়া জটিল হোৱা বাবেও তেওঁলোকে এইবোৰৰ পৰা দূৰৈত থাকে। সাপে দংশন কৰিলে চিকিৎসালয়ৰ ওচৰলৈও তেওঁলোক নাযায়। বেজ-কবিৰাজেই ভৰসা তেওঁলোকৰ। সেয়ে চৰকাৰী যি তথ্য আছে সেয়া সম্পূৰ্ণৰূপে শুদ্ধ নহয়। দুৰ্গম অঞ্চলৰ এনে ঘটনাবোৰ সংবাদ মাধ্যমতো প্ৰকাশ নাপায়। গতিকে অসমত প্ৰতিবছৰে সৰ্প দংশনত কিমান লোক আক্ৰান্ত হয় সেয়া সঠিককৈ কোৱা টান।'-এইদৰে কয় সৰ্প দংশন সন্দৰ্ভত সজাগতা সৃষ্টিৰ হকে কাম কৰি এজন বিশেষজ্ঞই।

উল্লেখ্য যে অসমত প্ৰায় ১০ বিধ বিষাক্ত সাপ পোৱা যায়। ইয়াৰে ৬ বিধ হৈছে অতি বিষাক্ত। এই অতি বিষাক্ত সাপ ৬ বিধ হৈছে ফেটী সাপ, বাটচুপা সাপ, ৰাছেল ভাইপাৰ, হালধীয়া ভাইপাৰ, ক'লা শংখচূড় আৰু গোৱালা সাপ। কম বিষাক্ত ৪ বিধ হৈছে কাল নাগ, লতা সাপ, নকলি ভাইপাৰ আৰু গোকুল মেকুৰী সাপ। অসমত পোৱা অবিষাক্ত সাপসমূহৰ অন্যতম হৈছে ঢোৰা সাপ, কেচু সাপ, বামুণী সাপ, বাকৰাজ, কাৰ্শলা, চেঙেলী গোম, মাল্লিবৰ, খুকুৰী সাপ আদি।

বনাঞ্চল ধ্বংসৰ বাবেই বিষাক্ত ফেঁটী সাপে মানুহৰ বাসস্থানৰ সমীপৰ বাৰী, পুখুৰী আদিত বাস কৰিবলৈ লোৱা বুলিও প্ৰকৃতিপ্ৰেমীসকলে নিজৰ অভিজ্ঞতাৰ ভিত্তিত ক'ব খোজে। তেওঁলোকৰ মতে, সহজ খাদ্যৰ সন্ধান পোৱা বাবেই এই বিষাক্ত সাপ বিধে ক্ৰমাৎ জনাৰণ্যৰ কাষলৈ আহিবলৈ লৈছে। আনহাতে সাপক লৈ থকা ভুল ধাৰণাৰ বাবেও বহু লোক মৃত্যুমুখত পৰে বুলিও জানিবলৈ দিছে বিশেষজ্ঞসকলে।

ভাৰত