/asomiyapratidin/media/media_files/2025/02/09/PQCXam26H0DYZ405sWsJ.png)
দিল্লী পিয়াঁজ
২৭বছৰৰ মূৰত দিল্লী জয়ৰ সোৱাদ বিজেপিৰ বাবে অতিকৈ বিশেষ। ১৯৯৮চনত পিয়াঁজৰ বাবেই দিল্লী হেৰুৱাইছিল বিজেপিয়ে। ১৯৯৩চনত দিল্লী বিজেপিয়ে দখল কৰাৰ পাছতো পিয়াঁজৰ বাবেই ৩জনকৈ মুখ্যমন্ত্ৰীৰ সালসলনি কৰিছিল বিজেপিয়ে। ১৯৯৩ৰ পৰা ২০২৫ৰ লৈকে সামগ্ৰিক প্ৰেক্ষাপট সামৰি ডিম্পুল বৰগোহাঁইৰ এক প্ৰতিবেদন...
১৯৯৩চনত দিল্লী দখল কৰিছিল বিজেপিয়ে। ১৯৯৩চনৰ পৰা ১৯৯৮চনলৈকে এই কালচোৱাত দিল্লীত বিজেপি চৰকাৰখন বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। যাৰ বাবে ৫বছৰীয়া এই শাসনকালত ৩গৰাকী বিজেপি নেতাই মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব পালন কৰিছিল।
১৯৯৩চনত দিল্লী বিজয়ৰ পাছত বিজেপিয়ে মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব লৈছিল মদন লাল খুৰানাই। কিন্তু ১৯৯৩ৰ পৰা ১৯৯৬চনলৈকে তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ পাছত পদত্যাগ কৰিছিল মুখ্যমন্ত্ৰীত্বৰ পৰা। তাৰ পিছতে মুখ্যমন্ত্ৰীৰ আসনত বহিছিল চাহিব সিং বাৰ্মা। চাহিব সিং বাৰ্মা দিল্লীৰ প্ৰায় আঢ়ৈ বছৰ ধৰি মুখ্যমন্ত্ৰী আছিল। উল্লেখ কৰা প্ৰয়োজন যে, ২০২৫ৰ নিৰ্বাচনত অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰা প্ৰৱেশ বাৰ্মা হৈছে চাহিব সিং বাৰ্মাৰ পুত্ৰ।
চাহিব সিং বাৰ্মাৰ আঢ়ৈ বছৰ ধৰি শাসনকালৰ পাছত অতি কম দিনৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিছিল সুষমা স্বৰাজ। মাত্ৰ ৫২দিনৰ বাবে দিল্লীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মহিলা মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল সুষমা স্বৰাজে। তাৰ পিছতে আহিল ১৯৯৮চনৰ নিৰ্বাচন।
এই নিৰ্বাচনত কংগ্ৰেছৰ হাতত পৰাস্ত হৈছিল বিজেপি। শীলা দীক্ষিত হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰী। ১৯৯৮ৰ নিৰ্বাচনত বিজেপিৰ পৰাজয়ৰ মূল কাৰণ আছিল পিয়াজৰ মূল্যবৃদ্ধি। এই পিয়াঁজৰ মূল্যবৃদ্ধিৰ প্ৰসংগটোৰ বাবেই বিজেপিয়ে প্ৰথমটো কাৰ্যকালতে ৩গৰাকীকৈ মুখ্যমন্ত্ৰী সলনি কৰিবলগীয়া হৈছিল।
এতিয়াও বহু ৰাজনৈতিক বিশ্লেষকসকলে কব খোজে যে, পিয়াঁজৰ বাবেই ১৯৯৮চনত বিজেপিয়ে হেৰুৱাইছিল দিল্লীৰ বাঘজৰী। ১৯৯৮চনত ৰাজধানী চহৰ দিল্লীত পিয়াঁজৰ মূল্যই স্পৰ্শ কৰিছিলগৈ ৬০টকাৰ ঘৰ। সেই সময়ত বিৰোধীয়ে পিয়াঁজৰ মূল্যবৃদ্ধিৰ প্ৰসংগটোত অধিক গুৰত্ব দি বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ কৰিছিল।
১৯৯৩চনৰ পৰা চৰকাৰ চলোৱা বিজেপিয়ে ১৯৯৮চনলৈকে পিয়াঁজৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা প্ৰসংগটোৱে ৰাইজৰ মনতো থিতাপি লৈছিল। ৰাইজৰ এই মনৰ কথাৰ উমান পায়ে বিজেপিয়ে ১৯৯৮চনৰ নিৰ্বাচনলৈ দুমাহ বাকী থকা সময়তে চাহিব সিং বাৰ্মাক আতৰাঁই সুষমা স্বৰাজত দায়িত্ব দিছিল।
১৯৯৮চনত বিজেপিয়ে দিল্লী হেৰুৱাৰ পাছতে তিনিটা কাৰ্যকালৰ বাবে দিল্লী দখল কৰিছিল কংগ্ৰেছে। ১৯৯৮, ২০০৩ আৰু ২০০৮ৰ নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিছিল সংখ্যাগৰিষ্ঠতা। তাৰ পিছতে ২০১৩, ২০১৫, ২০২০ৰ নিৰ্বাচনত দিল্লী দখল কৰিছিল আপে।
১৯৯৮চনত শাসনৰ বাঘজৰী হেৰুৱাৰ পাছত পুনৰ দিল্লীত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সুৰুঙা বিচাৰি আছিল বিজেপিয়ে। প্ৰায় ২৭বছৰ ধৰি ধৈৰ্যৰে উচিত সময়লৈ অধীৰ অপেক্ষাৰে বাট চাই আছিল বিজেপিয়ে। অৱশেষত আহিল সেই মাহেন্দ্ৰ ক্ষণ। কেজৰিৱাল আৰু আপৰ কাম-কাজে অসন্তুষ্ট কৰা দিল্লীবাসীৰ মনত খোপনি পোতাত সফল হ'ল বিজেপি।
১৯৯৩চনৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছিল ৪৯খন আসন। ইয়াৰ বিপৰীতে ১৪খন আসন লাভ কৰিছিল কংগ্ৰেছে। এই নিৰ্বাচনত ৪৭.৮২শতাংশ ভোট লাভ কৰিছিল বিজেপিয়ে। ইয়াৰ পিছতে ১৯৯৮চনৰ নিৰ্বাচনত পূৰ্বতকৈ প্ৰায় ৩৪খন আসন হেৰুৱাই বিজেপিয়ে লাভ কৰিছিল মাত্ৰ ১৫খন আসন। ইয়াৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল ৫২খন আসন।
১৯৯৮চনত মূল্যবৃদ্ধি প্ৰসংগটোকে প্ৰধান ইচ্ছ্যু বনাইছিল কংগ্ৰেছে। ইয়াৰ ভিতৰত বিশেষভাৱে অগ্ৰাধিকাৰ দিছিল পিয়াঁজৰ মূল্যবৃদ্ধিক। মূল্যবৃদ্ধিৰ বাবেই ১৯৯৩চনত চৰকাৰ গঠন কৰি প্ৰথমটো কাৰ্যকালৰ পাছতে দিল্লীত ইতি পৰিছিল বিজেপিৰ শাসন।
১৯৯৮চনত কংগ্ৰেছৰ চৰকাৰ আহিল। ২০০৩চনৰ নিৰ্বাচনতো বিজেপিয়ে মূৰ দাঙি থিয় হব নোৱাৰিলে। ২০০৩চনৰ দিল্লী নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছিল মাত্ৰ ২০খন আসন। কংগ্ৰেছে ৪৭খন আসন দখল কৰি দিল্লীত পুনৰ চৰকাৰ গঠন কৰিছিল।
২০০৮চন নিৰ্বাচনতো কংগ্ৰেছেই বাজী মাৰিছিল। কংগ্ৰেছে ৪৩খন আসন দখল কৰি শীলা দীক্ষিতৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিছিল। সেই বছৰত বিজেপিয়ে লাভ কৰিছিল ২৩খন আসন।
২০১৩চনত দিল্লী নিৰ্বাচনত প্ৰৱেশ কৰিছিল আপে। প্ৰৱেশ কৰিয়েই প্ৰথমটো নিৰ্বাচনতে আপে দখল কৰিছিল ২৮খনকৈ আসন। কংগ্ৰেছে লাভ কৰিছিল মাত্ৰ ৮খন আসন আৰু বিজেপিয়ে লাভ কৰিছিল ৩১খন আসন। কোনো এটা দলৰ ওচৰত নাছিল চৰকাৰ গঠন কৰিব পৰাকৈ সংখ্যাগৰিষ্ঠতা। কংগ্ৰেছৰ সৈতে মিলি আপে ২০১৩ত গঠন কৰিছিল দিল্লী চৰকাৰ।
আভ্যন্তৰীণ কন্দলৰ বাবে সেইখন চৰকাৰ বেছিদিন নিটিকিল। ২০১৫ত পুনৰ অনুষ্ঠিত হ'ল দিল্লীৰ নিৰ্বাচনত। এইবাৰ আপে অকলেই দখল কৰিলে ৭০খন আসনৰ ভিতৰত ৬৭খন আসন। সকলো দলকে দিল্লীত নিচিহ্ন কৰি আপে ক্ষমতা দখল কৰিলে দিল্লীৰ। ১৫টাকৈ বছৰ দিল্লীত শাসন কৰা কংগ্ৰেছৰ আসনৰ সংখ্যা হৈ পৰিছিল শূণ্য। বিজেপিয়ে লাভ কৰিছিল মাত্ৰ ৩খন আসন।
চন ২০২০। আকৌ দিল্লীত আপৰে চৰকাৰ। দুৰ্নীতিমুক্ত আৰু কেৱল কাম ৰাজনীতিৰ কথা কৈ আপে দিল্লীত পুনৰ ৭০ৰ ভিতৰত দখল কৰিছিল ৬২টা সমষ্টি। কংগ্ৰেছ আকৌ শূণ্য। বিজেপিয়ে লাভ কৰিছিল ৮খন আসন।
২৭বছৰ ধৰি দিল্লীৰ ওপৰত চকু ৰাখি নানা নতুন ৰণনীতি প্ৰস্তুত কৰিছিল বিজেপিয়ে। সুৰুঙা বিছাৰি আছিল দিল্লীবাসীৰ কাষ চপাৰ। সেই সুৰুঙাযেন কেজৰিৱালে নিজেই দিলে বিজেপিক। অত্যাধিক আত্মবিশ্বাসত বিভোৰ হৈ থকা কেজৰিৱালক ২০২৫ত উফৰাই অকলেই দিল্লী দখল কৰিলে বিজেপিয়ে।
এইটো জনমত কোনোদিন নৰেন্দ্ৰ মোডীয়ে দিল্লী দখল কৰিব নোৱাৰে বুলি অহংকাৰী হৈ কেজৰিৱালে কৰা ঘোষণা বুমেৰাঙত পৰিণত কৰিলে জনতাই। বিজেপিৰ এই অগ্ৰাসী নীতিৰ বিপৰীতে পূৰ্বৰ দৰেই নিষ্ক্ৰিয় হৈ থাকিল কংগ্ৰেছ। ২০২৫তো দিল্লীত কংগ্ৰেছ শূণ্য হৈয়ে থাকিল। লাভ কৰিলে মাত্ৰ ৬শতাংশ ভোট।
এনেদৰেই দিল্লীত ২৭বছৰ জোৰা এটা প্ৰতীক্ষাৰ অন্ত পেলালে বিজেপিয়ে। প্ৰতিকেজি পিয়াজঁত ৬০টকা হৈ থাকোতেই দিল্লীৰ শাসনভাৰ হেৰুওৱা বিজেপিয়ে ২৭বছৰৰ মূৰত পুনৰ দিল্লী দখল কৰা সময়ত পিয়াঁজৰ মূল্য এতিয়া প্ৰতিকেজিত ৩৫টকা...