কেনে লাগিব! কাইলৈ বিধায়ক, মন্ত্ৰী, মুখ্যমন্ত্ৰী সকলো বাছত উঠিব...

১৭ফেব্ৰুৱাৰী, ২০২৫ত অসমত সৃষ্টি হ'ব এক ইতিহাসৰ। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হব বাজেট অধিৱেশন। ইয়াৰ বাবে ইতিমধ্যে প্ৰায় সকলো প্ৰস্তুতি সম্পন্ন হৈছে।২০২৫-২৬ বৰ্ষৰ বাজেট অধিৱেশনৰ বাবে সাজু কৰি তোলা হৈছে কোকৰাঝাৰৰ বি টি চি সচিবালয়।

author-image
Asomiya Pratidin
New Update
ৰাজধানী

ৰাজধানী

ইতিহাস সৃষ্টি হব ১৭ফেব্ৰুৱাৰী, ২০২৫ত। স্বাধীনতাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হব অসম বিধানসভাৰ বাজেট অধিৱেশন। দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰীসকলোৱে অসম চৰকাৰৰ এই ঐতিহাসিক প্ৰদক্ষেপক আদৰণি জনাইছে। সবিশেষ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...

Advertisment

১৭ফেব্ৰুৱাৰী, ২০২৫ত অসমত সৃষ্টি হ'ব এক ইতিহাসৰ। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হব বাজেট অধিৱেশন। ইয়াৰ বাবে ইতিমধ্যে প্ৰায় সকলো প্ৰস্তুতি সম্পন্ন হৈছে।২০২৫-২৬ বৰ্ষৰ বাজেট অধিৱেশনৰ বাবে সাজু কৰি তোলা হৈছে কোকৰাঝাৰৰ বি টি চি সচিবালয়।

ইতিহাস সৃষ্টি কৰা এই ঐতিহাসিক ক্ষণক লৈ উৎসাহিত হৈ আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সামাজিক মাধ্যমযোগে দুয়োগৰাকীয়ে এই ঐতিহাসিক সিদ্ধান্তৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অসমৰ উন্নয়নত বিটিচিৰ অৱদানৰ কথাও সোঁৱৰিলে।

এই অধিৱেশনৰ আৰম্ভণিৰ দিনটো ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব । মন্ত্ৰী, বিধায়ক, বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত ভিৰ বাঢ়িব কোকৰাঝাৰত । অৱশ্যে ভি আই পিৰ ভিৰ বাঢ়িলেও কোৰাঝাৰত বিলাসী গাড়ীৰ ভিৰ বৃদ্ধি নাপায় । কাৰণ মুখ্যমন্ত্ৰী, বিধানসভাৰ অধ্যক্ষৰ পৰা আৰম্ভ কৰি বিধায়কলৈকে জনপ্ৰতিনিধিসকলে ব্যৱহাৰ কৰা বিলাসী গাড়ীৰে কোকৰাঝাৰলৈ যাত্ৰা কৰাৰ পৰিৱৰ্তে তেওঁলোক আৰামদায়ক, বিলাসী, চার্টার্ড বাছৰহে যাত্ৰী হ'ব ।

কোকৰাঝাৰলৈ বুলি যাত্ৰা কৰাৰ উদ্দেশ্যেৰে বিধানসভা কর্তৃপক্ষই চাৰিখনকৈ অত্যাধুনিক চার্টার্ড বাছ সাজু কৰিছে । অর্থাৎ দিছপুৰৰ পৰা বাছেৰে কোকৰাঝাৰলৈ যাব সকলো মন্ত্রী-বিধায়ক। ভি আই পি গাড়ী এৰি অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগত একেখন বাছেৰে কোকৰাঝৰলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাও ।

এই অধিৱেশন উপলক্ষে প্ৰশাসনে সমগ্ৰ কোকৰাঝাৰ নগৰ নতুনকৈ সজাই-পৰাই তুলিছে । অধিৱেশনৰ প্ৰস্তুতিৰ বুজ লৈ সকলো দিশ তদাৰক কৰিছে বিটিচিৰ মুৰব্বী বড়োৰ লগতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । পূৰ্বৰ পুৱা ৯.৩০ বজাৰ পৰিৱৰ্তে এইবাৰ বিধানসভাৰ প্ৰথম দিনটোৰ কাৰ্যসূচী দিনৰ ১২ বজাৰ পৰা আৰম্ভ হ'ব । অৱশ্যে অধিৱেশনৰ পৰৱৰ্তী দিনকেইটা দিছপুৰ বিধানসভা সচিবালয়তে আগৰ সময় অনুসৰিয়ে অনুষ্ঠিত হ'ব ।

এই অধিৱেশনলৈ ৰাজ্যপাল আচাৰ্যই বন্দে ভাৰত ৰে’লত উঠি কোকৰাঝাৰত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে । অধিৱেশনৰ পিছদিনা ৰাজ্যপালে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অভিৱৰ্তনত অংশ ল’ব ।ৰাজ্যপালে চৰাইখোলাস্থিত অতিথিশালাত দুনিশা কটাব ।

মুখ্যমন্ত্ৰী আৰু আন মন্ত্রী-বিধায়ক সকলে ১৭ ফেব্ৰুৱাৰীৰ পুৱা গুৱাহাটীৰ পৰা  যাত্ৰাপথত বজালীত তেওঁলোকে পুৱাৰ আহাৰ গ্ৰহণ কৰি বিটিচি বিধান পৰিষদীয় ভৱনত দিনৰ ১১ বজাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । এই অধিবেশন উপলক্ষে বিধান পৰিষদীয় ভৱনত ১২৬ খন আসন সাজু কৰা হৈছে ।

বর্তমানে পৰিষদীয় ভৱনৰ পাৰ্কিঙৰ স্থানত অস্থায়ী ৰভাৰ ব্যৱস্থা কৰি সেই সুবিধা মুকলি কৰা হৈছে । আনহাতে বিটিচি সচিবালয়ৰ প্ৰাংগণত নিৰ্মাণ কৰা অস্থায়ী মণ্ডপত মন্ত্ৰী-বিধায়কসকলৰ বাবে ভোজনৰ ব্যৱস্থা কৰা হৈছে । 

বিটিচিৰ কাৰ্যবাহী সদস্য তথা সদস্যসকলে গেলাৰীৰ বাওঁফালৰ আসনত বহি অধিৱেশনৰ কাৰ্যক্ৰমণিকা চাব পাৰিব । আনহাতে সাংবাদিক সকলৰ বাবে গেলাৰীৰ সোঁফালৰ আসনৰ ব্যৱস্থা কৰা হৈছে । অধিৱেশনৰ কাৰ্যসূচী উপভোগ কৰিবলৈ বিভিন্ন দল-সংগঠনৰ নেতৃত্বকো আমন্ত্ৰণ জনোৱা হৈছে । 

এই ঐতিহাসিক অধিৱেশন লৈ মুখ্যমন্ত্ৰীয়ে সকলোকে আমন্ত্ৰণ জনাই কয়- অসমৰ ইতিহাসত কাইলৈ দিনটো এক যুগান্তকাৰী দিন। মই সকলোকে আমন্ত্ৰণ জনাইছো। মন্ত্ৰী-বিধায়কসকলে কত কি খালে, তাৰ বাতৰি প্ৰকাশৰ বিপৰীতে এই যুগান্তকাৰী সিদ্ধান্তক লৈ বাতৰি প্ৰকাশ হব লাগে। 

অসম বিধানসভাৰ সংক্ষিপ্ত ঐতিহাসিক বিৱৰণ-

১৯৩৭ চনৰ ৭ এপ্ৰিল তাৰিখে শ্বিলঙৰ বৈঠকত অনুষ্ঠিত হোৱা প্ৰথম অধিৱেশনৰ দিনাই অসম বিধানসভাৰ আৰম্ভণি হয় | শ্বিলং হৈছে সংযুক্ত অসমৰ পূর্বকালীন ৰাজধানী| 

ভাৰতৰ উত্তৰ-পূব দিশত অৱস্থিত অসমৰ এক সোণালী ইতিহাস আছে | ভাৰতৰ জাতিগত সংগ্ৰহালয়ৰূপে জনাজাত, অসমক ইয়াৰ প্ৰাচুৰ্যময় সাংস্কৃতিক ঐতিহ্য আৰু বিচিত্র জাতি, ধৰ্ম আৰু বৰ্ণৰে সমৃদ্ধিশালী হোৱাৰ বাবে ক্ষুদ্ৰ ভাৰত বুলিও কোৱা হয়|

ভাৰতীয় সংসদীয় আইন, ১৮৬১ৰ অধীনত অসমৰ নিজস্ব গণতান্ত্রিকতা নাছিল কিন্তু ১৯০৫ চনত পূব বেংগলৰ সৈতে চিহ্নিত কৰা হৈছিল আৰু ১৮ ডিচেম্বৰ, ১৯০৬ চনত কাৰ্যকৰী হোৱা সময়ত অসমক 'পূব বেংগল আৰু অসমৰ বিধানসভা পৰিষদ' বুলি কোৱা হৈছিল |

১৯০৯ চনত এই পৰিষদত ৪০ টা আসনত ৪০ গৰাকী সদস্য আছিল আৰু অসমক ৫ খন আসন দিয়া হৈছিল | ১৯১২ চনত মূখ্য অধ্যক্ষৰ প্রদেশৰূপে অসমৰ পূনৰ্গঠন কৰা হৈছিল | ভাৰত চৰকাৰৰ আইন, ১৯০৯ ৰ অধীনত ১৯১৩ চনত অসমক বিধান-পৰিষদৰূপে অনুমোদিত কৰা হয়; অসম বিধান-পৰিষদ ৩৪ গৰাকী সদস্যৰে সৈতে গঠন হয় য'ৰ ১৩ গৰাকী সদস্য মুখ্য অধ্যক্ষৰ দ্বাৰা আৰু ২১ গৰাকী সদস্য সাধাৰণ জনতাৰ দ্বাৰা নিৰ্বাচিত কৰা হয়|

অসমৰ মূখ্য আয়ুক্ত চাৰ আৰ্চডেল ইজলৰ সভাপতিত্বত ৬ জানুৱাৰী, ১৯১৩ চনত শ্বিলঙত অসম বিধানসভা পৰিষদৰ প্ৰথম অধিবেশন অনুষ্ঠিত হৈছিল| ভাৰত চৰকাৰৰ আইন, ১৯১৯ৰ অধীনত, ১ এপ্ৰিল, ১৯২১ চনত, ৪১ গৰাকী নিৰ্বাচিত সদস্য আৰু বাকী ১২ গৰাকী মনোনীত সদস্যেৰে বিধানসভা পৰিষদৰ মুঠ সদস্যৰ সংখ্যা ৫৩ গৰাকীলৈ বৃদ্ধি কৰা হয়|

১৯৩৫ চনৰ ২ আগষ্ট, তাৰিখে বৃটিছ সংসদৰ দ্বাৰা ভাৰত চৰকাৰৰ আইন, ১৯৩৫ গ্ৰহণ কৰাৰ লগতে ১৯৩৫ চনত বাস্তবায়িত কৰা হয় | ভাৰত চৰকাৰৰ আইন, ১৯৩৫ত প্রত্যেকখন প্রদেশত বিধান-পৰিষদৰ ব্যবস্থা কৰা হৈছিল আৰু তাৰ ফলস্বৰূপে অসমৰ বিধানমণ্ডল দ্বিপাক্ষিক হৈ পৰে |

অসম বিধানসভা পৰিষদৰ সদস্যৰ সংখ্যা আছিল ১০৮ আৰু এওঁলোক সকলো নিৰ্বাচিত সদস্য | বিধান-পৰিষদ (আপাৰ হাউচৰ) সদস্যৰ সংখ্যা ২১ জনত কৈ কম আৰু ২২ জনতকৈ বেছি নাছিল |

ভাৰত বিভাজনৰ পিছত, অসমৰ ছিলেট জিলা গণভোটৰ দ্বাৰা পূব পাকিস্তানলৈ স্থানান্তৰিত কৰা হয় আৰু বিধানসভাৰ সদস্যৰ সংখ্যা ৭১ জনলৈ হ্রাস হয় | আনকি স্বাধীনতাৰ পিছত সদস্যৰ সংখ্যা পুনৰ ১০৮ জনলৈ বৃদ্ধি হয় | ১৯৪৭ চনত অসম বিধান পৰিষদৰ বাতিলকৰণৰ লগে লগে দ্বিপাক্ষিক অসম বিধানসভা এক কক্ষবিশিষ্ট হৈ পৰে| পৰবৰ্ত্তী সময়ত অসম বিভিন্ন ক্ষুদ্ৰ ৰাজ্যত বিভাজন হয় |

১৯৬৩ চনত নাগালেণ্ডে ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে| সংসদৰ দ্বাৰা উত্তৰ-পূব (পুনৰ গঠিত অঞ্চল) আইন, ১৯৭১ সংগৃহীত কৰাৰ ফলত মেঘালয় এখনি সম্পূৰ্ণ ৰাজ্য হৈ পৰে | পৰবৰ্ত্তীকালত মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ জন্ম হয়|

মেঘালয়ৰ গঠনৰ পিছতো শ্বিলং যুটীয়াভাৱে অসম আৰু মেঘালয়ৰ ৰাজধানী হৈ থাকে| কিন্তু ১৯৭২ চনত অসমৰ ৰাজ্যপালৰ সিদ্ধান্তমৰ্মে অসমৰ ৰাজধানী দিছপুৰ, গুৱাহাটীলৈ স্থানান্তৰিত কৰা হয়| সেইমৰ্মে অসম বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম বৈঠক দিছপুৰৰ অস্থায়ী ৰাজধানীত ১৬ মাৰ্চ, ১৯৭৩ চনত অনুষ্ঠিত হয় |

পৰিবৰ্ত্তণশীল ভৌগোলিক সীমাৰ আৰু অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ লগতে, অসম বিধানসভাৰ সদস্যৰ সংখ্যাও বিগত পঞ্চাঁশ বছৰত বঢ়া-টুটা হৈ আছে | ১৯৫২-৫৭ চনত এই সংখ্যা আছিল ১০৮, ১৯৫৭-৬২ত ১০৫ (দ্বিতীয় সদন) আৰু ১৯৬৭-৭২ চনত ১১৪ (তৃতীয় সদন), ১৯৭২-৭৮ চনত ১২৬ আৰু এনেদৰে একাদশ সদনলৈকে এই সংখ্যা বাহাল হৈ আহিছে |

যদিও ১৭২ অনুচ্ছেদত ৰাজ্যিক বিধানসভাৰ পৰিসৰ ৫ বছৰ উল্লেখ আছে, কিন্তু ১৯৭৫ চনৰ ৰাষ্ট্রীয় জৰুৰীকালীন সময়ত, অসমৰ পঞ্চম বিধানসভা ৬ বছৰলৈকে বৰ্তি থাকে | স্বৰ্গীয় বাবু বসন্ত কুমাৰ দাস আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ |

এয়াই হৈছে অসম বিধানসভাৰ চমু ইতিহাস। ১৭ফেব্ৰুৱাৰীৰ ঐতিহাসিক এই বাজেট অধিবেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। 

দিছপুৰ