/asomiyapratidin/media/media_files/2024/12/17/KtPSTbEWNjfB9fn0QTjw.jpg)
'এক দেশ, এক নিৰ্বাচন'ৰ দিশে এখোজ আগবাঢ়িল দেশ। শাসকীয় বিজেপিয়ে পূৰ্বৰে পৰা এই ব্যৱস্থাৰ পক্ষপাত কৰি অহাৰ বিপৰীতে বিৰোধীয়ে বিৰোধিতা কৰিছে। এই ব্যৱস্থা প্ৰৱৰ্তনৰ আঁৰত কি? শাসক, বিৰোধীৰ ইয়াৰ সপক্ষে, বিপক্ষে যুক্তি কি? এই বিধেয়ক আইনত পৰিণত হ'লে কেতিয়াৰ পৰা কাৰ্যকৰী হ'লে এই প্ৰক্ৰিয়া? এই সকলো দিশ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
মঙ্গলবাৰে নিম্ন সদন লোকসভাত গৃহীত হ’ল 'এক দেশ, এক নিৰ্বাচন' বিধেয়ক। এই বিধেয়কৰ সপক্ষে ভোট দিলে চৰকাৰী পক্ষৰ ২৬৯ গৰাকী সাংসদে। বিৰোধিতাৰে ভোট দিলে ১৯৮ গৰাকী সাংসদে।
বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত প্ৰথমে ইলেক্ট্ৰনিক ভোটিং ছিষ্টেম আৰু পাছত বেলেটৰ মাধ্যমেৰে ভোট দিয়াৰ ব্যৱস্থা কৰা হয়। হুলস্থুলীয়া এক পৰিবেশ আৰু বিৰোধীৰ আপত্তিৰ মাজতেই আজি এই বিধেয়কখন গৃহীত হয়।
সংসদত কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱালে এই সংক্ৰান্তিয় ১২৯ সংখ্যক সংবিধান (সংশোধনী) বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক উত্থাপন কৰে। ইয়াৰ পিছতে কংগ্ৰেছ, সমাজবাদী পাৰ্টি, তৃণমূল কংগ্ৰেছকে ধৰি বিৰোধী ৰাজনৈতিক দলসমূহে বিৰোধী দলসমূহে ডিভিছনৰ দাবী তোলে। সেই মতেই বিলখনৰ সন্দৰ্ভত বিতৰ্কৰ পূৰ্বে ভোট দিয়াৰ ব্যৱস্থা কৰা হয়।
কেন্দ্ৰীয় মন্ত্ৰী সভাত ১২ ডিচেম্বৰত অনুমোদিত হৈছিল এই বিল
লোকসভাত আজি এই বিল উত্থাপনৰ পূৰ্বে যোৱা ১২ ডিচেম্বৰতে কেন্দ্ৰীয় মন্ত্ৰীসভাত এই বিল অনুমোদন জনোৱা হৈছিল। এক দেশ এক নিৰ্বাচন সংক্ৰান্তিয় কমিটীৰ প্ৰতিবেদন অনুমোদিত হৈছিল।
এক দেশ এক নিৰ্বাচন ব্যৱস্থা কাৰ্যকৰী কৰাৰ সন্দৰ্ভত পৰ্যালোচনাৰ বাবে ২০২৩ ৰ ১ ছেপ্টেম্বৰত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এখন কমিটী গঠন কৰিছিল নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে।
লোকসভা নিৰ্বাচনৰ পূৰ্বেই ১৪ মাৰ্চত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতত ৰামনাথ কোবিন্দ কমিটীয়ে লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন একেলগে, একেসময়তে অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনাই ৮ টা খণ্ডত বিভক্ত ১৮ হাজাৰ পৃষ্ঠাৰ এক প্ৰতিবেদন দাখিল কৰিছিল। প্ৰতিবেদন দাখিলৰ সময়ত উপস্থিত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিক শ্বাহ আৰু কমিটীৰ অন্যান্য সদস্যসকল।
আৰম্ভণিৰে পৰা বিৰোধীয়ে বিৰোধিতা কৰিছে এই বিধেয়কৰ
বিজেপি চৰকাৰে এই বিল উত্থাপনৰ পূৰ্বে বিভিন্ন ৰাজ্যৰ মতামত গ্ৰহণ কৰা বুলি দাবী কৰিছে যদিও বিৰোধী ৰাজনৈতিক দলসমূহে ইয়াৰ বিৰোধিতা কৰিছে। মূল বিৰোধী দল কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, চি পি এমসহ বিৰোধী দলসমূহে এক দেশ, এক নিৰ্বাচন পদ্ধতিক সমালোচনা কৰিছে।
তেওঁলোকৰ মতে এই নীতিৰ জৰিয়তে বিজেপি চৰকাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৰে এক ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ বিচাৰিছে। এয় ভাৰতীয় যুক্তৰাষ্ট্ৰ ব্যৱস্থা আৰু সংসদীয় পৰিকাঠামোৰ পৰিপন্থী বুলি দাবী কৰিছে বিৰোধী ৰাজনৈতিক দলসমূহে।
তেওঁলোকৰ মতে এই ব্যৱস্থা কাৰ্যকৰী হলে লোকসভাৰ ঢৌত বিধানসভা সমূহো উটি যাব। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সাংসদ আৰু বিধায়ক নিৰ্বাচনৰ ক্ষেত্ৰত যি বৈচিত্ৰ বিৰাজমান সেয়া বিজেপিৰ আগ্ৰাসী প্ৰচাৰৰ আগত ধ্বংস হৈ পৰিব।
এই ব্যৱস্থাৰ আঁৰত আছে বিজেপিৰ ষড়যন্ত্ৰ !
একাংশ ৰাজনৈতিক বিশ্লেষকে দাবী কৰিছে বিজেপিয়ে 'এক দেশ, এক নিৰ্বাচন'ৰ যি ব্যৱস্থা প্ৰৱৰ্তনৰ কথা কৈছে ইয়াৰ আঁৰত আছে গভীৰ ষড়যন্ত্ৰ। তেওঁলোকৰ মতে কেৱল লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’লে বিৰোধী দলসমূহৰ সৈতে আসন বুজাবুজি সহজ হৈ পৰিব।
লোকসভাৰ নিৰ্বাচনৰ সৈতে বিধানসভাৰ নিৰ্বাচনো একত্ৰিত কৰি দিব পাৰিলে কংগ্ৰেছৰ সৈতে যিসমূহ আঞ্চলিক ৰাজনৈতিক দল মিত্ৰতাত আছে সেইসমূহৰ মাজত আসন কেন্দ্ৰীক সংঘাত তীব্ৰতৰ হৈ পৰাৰ সম্ভাৱনাই অধিক।
বিৰোধীৰ একাংশৰ আশংকা পৰৱৰ্তী পৰ্যায়ত এই নীতি কাৰ্যকৰী হ’লে নিৰ্বাতন আয়োগো কাৰ্যতঃ ক্ষমতাহীন হৈ পৰিব। তাৰোপৰি এক দেশ, এক নিৰ্বাচন ব্যৱস্থা কাৰ্যকৰী হলে পাঁচ বছৰ পূৰ্বেই নিৰ্বাচিত এখন চৰকাৰ ভাঙি দিবলগীয়া এক পৰিস্থিতিৰো সূচনা হ’ব। এয়া কিদৰে সাংবিধানিক প্ৰক্ৰিয়া হ’ব?
'এক দেশ, এক নিৰ্বাচন'ৰ সপক্ষে বিজেপিৰ যুক্তি
'এক দেশ, এক নিৰ্বাচন'ৰ সপক্ষে বিজেপিৰ চৰকাৰৰ প্ৰধান যুক্তি হ’ল এই ব্যৱস্থাই দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াত হোৱা ব্যয় হ্ৰাস কৰিব। একেখন ভোটাৰ তালিকাত দুটা নিৰ্বাচন অনুষ্ঠিত হ'ব।
ফলত চৰকাৰী কৰ্মচাৰীসকলৰ কামৰ চাপ হ্ৰাস পাব। নিৰ্বাচনী আচৰণবিধি কাৰ্যকৰী হোৱাৰ ফলত বাৰে বাৰে চৰকাৰৰ উন্নয়নমূলক কাম-কাজ থমকি নৰ’ব। কেন্দ্ৰীয় চৰকাৰৰ মতে নীতি আয়োগ, আইন কমিছন, নিৰ্বাচন কমিছনেও এই ব্যৱস্থালৈ সমৰ্থন জনাইছে।
এক দেশ, এক নিৰ্বাচন'ৰ বিৰোধিতাৰে সংসদত গৌৰৱ গগৈৰ ভাষণ
'এক দেশ, এক নিৰ্বাচন'ৰ বিৰোধিতাৰে বিৰোধীৰ যুক্তিও যথেষ্ট সৱল। বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছৰ লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈয়ে ১২৯ সংখ্যক সংবিধান (সংশোধনী) বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক দুখনে ভাৰতীয় সংবিধানত সন্নিৱিষ্ট নীতিসমূহক উলংঘা কৰিব বুলি দাবী কৰিছে।
তেওঁ কয়, এই ব্যৱস্থায় ভাৰতৰ নিৰ্বাচন আয়োগক ৰাষ্ট্ৰপতিক পৰামৰ্শ দিয়াৰ ক্ষমতা প্ৰদান কৰিছে। এক নিৰ্দেশনাৰ জৰিয়তে ঘোষণা কৰিব পাৰিব ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনৰ তাৰিখ পিছুৱাই দিয়াৰ।
তেওঁ কয়, ইয়াৰ পূৰ্বে নিৰ্বাচন আয়োগক এনে ক্ষমতা কেতিয়াও দিয়া হোৱা নাছিল। "ভাৰতৰ সংবিধানৰ বিধান অনুসৰি, অনুচ্ছেদ ৭৪ ত কোৱা হৈছে যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মন্ত্ৰী পৰিষদৰ সহায় আৰু পৰামৰ্শ অনুসৰিহে কাম কৰে।
তদুপৰি, অনুচ্ছেদ ৩৫৬ ত কোৱা হৈছে যে ৰাজ্যখনত সাংবিধানিক পৰিকাঠামো ভাঙি পৰিলে ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিব পাৰে। সেয়েহে, প্ৰস্তাৱিত বিধেয়কখনত ভাৰতৰ নিৰ্বাচন আয়োগক দিয়া ক্ষমতাসমূহ অসাংবিধানিক বুলি আখ্যা দিছে গগৈয়ে।
বিৰোধী কংগ্ৰেছৰ উপ-দলপতিগৰাকীয়ে সংসদত এই বিধেয়কৰ বিৰোধিতাৰে আৰু কয়, ক্ষমতা পৃথকীকৰণ সংবিধানৰ মৌলিক গাঁথনিৰ অংশ। য'ত আইনী, কাৰ্যবাহী আৰু ন্যায়পালিকাই ইজনে সিজনৰ ওপৰত নিৰীক্ষণ আৰু ভাৰসাম্য হিচাপে কাম কৰে।
তেওঁ উল্লেখ কৰে যে প্ৰস্তাৱিত বিধেয়কৰ উদ্দেশ্য হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওপৰত ন্যস্ত থকা ক্ষমতা বৃদ্ধি কৰা আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিধানসভাসমূহক অতিক্ৰম কৰা।
ইফালে বিজেপিয়ে নিৰ্বাচনী ব্যয় হ্ৰাসৰ বাবে এই ব্যৱস্থা প্ৰৱৰ্তনৰ যি যুক্তি দিছে তাৰ প্ৰত্যুত্তৰত গগৈয়ে কয়, ২০১৪ চনত নিৰ্বাচন আয়োগৰ নিৰ্বাচনী ব্যয় প্ৰায় ৩,৭০০ কোটি টকা আছিল। তেওঁ প্ৰশ্ন উত্থাপন কৰি কয় একেসময়তে দুটা নিৰ্বাচন অনুষ্ঠিত কৰি কিদৰে ধন ৰাহি কৰিব? চৰকাৰে বিত্তীয় ব্যৱস্থাপনা আৰু গণতন্ত্ৰৰ সুৰক্ষাতকৈ অসাংবিধানিক পথসমূহকহে অধিক অগ্ৰাধিকাৰ দিয়া যেন লাগিছে।"
২০৩৪ ৰ পূৰ্বে সম্ভৱ নহয় 'এক দেশ, এক নিৰ্বাচন' প্ৰক্ৰিয়া
লোকসভাত আজি গৃহতী হ'ল যদিও 'এক দেশ, এক নিৰ্বাচন' সংক্ৰান্তীয় এই বিধেয়ক যৌথ সংসদীয় কমিটীলৈ প্ৰেৰণৰ প্ৰস্তাৱ দিছে চৰকাৰীপক্ষই। তাৰ পাছতহে ৰাজ্যসভাত এই বিধেয়ক উত্থাপন কৰিব।
সংখ্যাগত দিশৰ পৰা এই বিধেয়ক ৰাজ্যসভাতো গৃহীত হ'লে কেতিয়াৰ পৰা এই ব্যৱস্থা ভাৰতত কাৰ্যকৰী হ'ব? নিশ্চয়কৈ এই প্ৰশ্নও মানুহৰ মনত উত্থাপন হ'ব। এই মুহূৰ্তত এই বিধেয়ক গৃহীত হ'লেও আগন্তুক ১০ বছৰলৈ ই কাৰ্যকৰী হোৱাৰ সম্ভাৱনা নাই।
২০৩৪ চনৰ পূৰ্বে দেশত 'এক দেশ, এক নিৰ্বাচন' হোৱাৰ সম্ভাৱনা নাই। বিধেয়কখনৰ খচৰা অনুসৰি পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ পিছত সংসদৰ বৈঠক অনুষ্ঠিত হ'বলগীয়া প্ৰথম দিনটোক 'প্ৰথম দিন' বুলি কোৱা হ'ব।
সেই দিনটোৰ পৰা পাঁচ বছৰ অতিক্ৰম কৰিব লাগিব। অৰ্থাৎ লোকসভাৰ সম্পূৰ্ণ কাৰ্যকাল অন্ত পৰিব লাগিব। পৰৱৰ্তী লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ২০২৯ চনত। ২০২৯ ৰ লোকসভা নিৰ্বাচনৰ পাছত প্ৰথমখন অধিবেশনৰ প্ৰথম দিনটোৰ পৰা পৰৱৰ্তী ৫ বছৰ অতিক্ৰম হ'ব লাগিব।
অৰ্থাৎ ২০৩৪ ৰ লোকসভা নিৰ্বাচনৰ সময়লৈ অপেক্ষা কৰিব লাগিব। বিধেয়কখন আইনত পৰিণত হ'লে ২০৩৪ ত হে প্ৰথমবাৰৰ বাবে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হ'ব। পৰৱৰ্তী সময়ত পঞ্চায়ত আৰু পৌৰ নিৰ্বাচন এই ব্যৱস্থাৰ আওঁতালৈ অনা হ'ব।
এক দেশ, এক নিৰ্বাচন ব্যৱস্থা অনুসৰি যদিহে কেতিয়াবা সংখ্যাগৰিষ্ঠতাৰ অভাৱত বিধানসভা বা লোকসভা ভাঙি যায় তেন্তে কেৱল অৱশিষ্ট সময়ৰ বাবেহে নিৰ্বাচন অনুষ্ঠিত হ'ব। অৰ্থাৎ কাৰ্যকাল শেষ হ'বলৈ ২ বছৰ বাকী থকা অৱস্থাত যদি চৰকাৰ ভংগ হয় তেন্তে ২ বছৰীয়া কাৰ্যকালৰ বাবেহে নিৰ্বাচন অনুষ্ঠিত হ'ব। ২ বছৰৰ পাছত আকৌ সকলো নিৰ্বাচন একেলগে অনুষ্ঠিত হ'ব।