এইকাৰণে কলাক্ষেত্ৰত অসম সাহিত্য সভাৰ অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হ'ল

অসমীয়া জাতিসত্তাৰ সাংস্কৃতিক আধাৰ হিচাপে কাম কৰি আহিছে অসম সাহিত্য সভাই। এই অসম সাহিত্য সভাৰ ২০২৫-২৭ কাৰ্য্যবৰ্ষৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিবেশন আয়োজন কৰিবলৈ সাহিত্য সভা সাজু হৈছে।

author-image
Asomiya Pratidin
New Update
bikhekh protibedon

''৩১ জানুৱাৰী পৰা ৩ ফেব্ৰুৱাৰীলৈ গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ ২০২৫-২৭ কাৰ্য্যবৰ্ষৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিবেশন। কিন্তু আপোনালোকে জানেনে এই অধিবেশন কলাক্ষেত্ৰতেই কিয় অনুষ্ঠিত কৰাৰ বাবে চূড়ান্ত কৰিলে সাহিত্য সভাই? মুকলি পথাৰত কিয় অনুষ্ঠিত নহ'ল এই অধিবেশন? অধিবেশন অনুষ্ঠিত কৰাৰ নামত ব্যয় কৰিবলগীয়া ধনৰ কিছু অংশ সাহিত্য-সংস্কৃতিৰ কাম-কাজত ব্যৱহাৰ কৰিব নোৱাৰি নেকি? এইবোৰৰ ক্ষেত্ৰত কি ক'লে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে? সকলো দিশ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ ৰাজৰ্ষি চহৰীয়াৰ এক বিশেষ প্ৰতিবেদন। ''


অসম সাহিত্য সভা। অসমীয়া জাতিসত্তাৰ সাংস্কৃতিক আধাৰ হিচাপে কাম কৰি আহিছে অসম সাহিত্য সভাই। এই অসম সাহিত্য সভাৰ ২০২৫-২৭ কাৰ্য্যবৰ্ষৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিবেশন আয়োজন কৰিবলৈ সাহিত্য সভা সাজু হৈছে। 

এই অধিবেশন প্ৰায়বোৰ প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈ উঠিছে। ৩১ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই অধিবেশনৰ আয়োজন কৰা হৈছে। এই অধিবেশনৰ প্ৰতিটো কাৰ্যসূচী সফল কৰাৰ বাবে অসম সাহিত্য সভাই কাম কৰি গৈছে।

ৰাজ্যৰ বৌদ্ধিক সমাজে অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন অধিবেশন গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তক এক অতিকৈ ভাল সিদ্ধান্ত বুলি ক’ব বিচাৰে। 

ইফালে, এই অধিবেশনৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ সৈতে কথা হৈছিল অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ সৈতে। তেওঁ এই অধিবেশনৰ সন্দৰ্ভত কয় যে- ‘এইবাৰ আমাৰ অধিবেশন অনুষ্ঠিত কৰাৰ নামত পূৰ্বৰ তুলনাত কম ধন ব্যয় হ’ব। পূৰ্বে অধিবেশনৰ কাৰ্যসূচীসমূহ আয়োজন কৰাৰ বাবদ প্ৰায় ৫০-৬০ লাখ টকা ব্যয় হৈছিল।’

অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে লগতে কয়- ‘অধিবেশনত নিৰ্বাচিত কবিসকলক ধূপ-ধূণা আদিৰে আদৰণি জনোৱা হ’ব। এইবাৰ অতিথিসকলে যাতে কোনো সমস্যাৰ সমুখীন নহয়, তেওঁলোকৰ খাদ্য যোগান ধৰাৰ ক্ষেত্ৰত বিশেষ দৃষ্টি ৰখাৰ লগতে পৰিৱেশটো যাতে পৰিষ্কাৰ-পৰিচ্চন্ন হৈ থাকে তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে।’

আনহাতে, অসমৰ সংবাদমাধ্যমৰ সাংবাদিকসকলৰ ক্ষেত্ৰতো এক আলোচনাৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি বসন্ত কুমাৰ গোস্বামীয়ে কয়- ‘অসমৰ সাংবাদিকসকলে সময়ে সময়ে বহু সমস্যাৰ সমুখীন হৈ আহিছে। উদাহৰণস্বৰূপে ৰাজনৈতিক নেতা বা আন ক্ষেত্ৰৰ লোকসকলক প্ৰশ্ন কৰাৰ সময়ত সাংবাদিকসকলক কৰ্মৰত নিজ নিজ সংবাদগোষ্ঠীৰ স্বত্তাধিকাৰী কোন বুলি প্ৰশ্ন কৰা হয়। সাংবাদিকে নিজৰ দায়িত্বহে পালন কৰে। গতিকে তেওঁলোকে সমুখীন হোৱা সমস্যাসমূহৰো ক্ষেত্ৰত আমি আলোচনা কৰাৰ চিন্তা-চৰ্চা কৰিছো।’

উল্লেখ্য যে, ৰাজ্যৰ সচেতন মহলে প্ৰশ্ন কৰা দেখা যায় যে- দুবছৰৰ মূৰত দ্বি-বাৰ্ষিকভাৱে অধিবেশন অনুষ্ঠিত কৰা পিছতো কিয় প্ৰতিবছৰে পৃথকভাৱে অধিবেশন অনুষ্ঠিত কৰা হয়? তদুপৰি এই অধিবেশন অনুষ্ঠিত কৰাৰ নামত ব্যয় কৰিবলগীয়া ধন সাহিত্য-সংস্কৃতিৰ বাবে, নতুন গ্ৰন্থৰ নামতো খৰচ কৰিব পাৰে। 

এই সন্দৰ্ভতো অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে কয় যে- ‘প্ৰতি বছৰে অধিবেশনৰ আয়োজন কৰাৰ মূল উদ্দেশ্য হৈছে সাংগাঠনিক দিশ সবল কৰি ৰখা। ইয়াত প্ৰতিনিধি সভা অনুষ্ঠিত হয়, অডিট’ পাছ কৰাৰ দৰে গুৰুত্বপূৰ্ণ কাম-কাজবোৰ কৰা হয়। অৱশ্যে এই অধিবেশনৰ ক্ষেত্ৰতো কৰা ব্যয় হ্ৰাসৰ বাবে চিন্তা-চৰ্চা আমি কৰিছো।’

ইফালে, কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ অধিবেশনৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি বাসৱ চন্দ্ৰ কলিতাই কয় যে- ‘এইবাৰ অসম সাহিত্য সভাৰ অধিবেশন আয়োজনৰ নামত ব্যয় হ’বলগীয়া ধন বহু হ্ৰাস পাব। পূৰ্বে আমি অসমৰে কোনো এখন পথাৰত অধিবেশনৰ আয়োজন কৰো। যাৰ বাবে পথৰ পৰা আৰম্ভ কৰি সকলো আন্তঃগাঁথনি নিৰ্মাণ কৰিবলগীয়া হয়। কিন্তু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই অধিবেশন আয়োজন কৰাৰ ফলত ২৫-৩০ লাখ টকা খৰচ হ্ৰাস পাব।’ তদুপৰি অতিথি আপ্যায়ন, গ্ৰন্থমেলাৰ বাবে অস্থায়ীভাৱে আন্তঃগাঁথনিৰ নিৰ্মাণ, ভোজনালয় আদিৰ ক্ষেত্ৰত অৱশ্যে পূৰ্বৰ সমানেই ধন ব্যয় হ’ব বুলিও কয় বাসৱ চন্দ্ৰ কলিতাই। 

এতিয়া জানো আহক এই অধিবেশনৰ ৩১ জানুৱাৰীৰ কাৰ্যসূচী সমূহ কি কি-


পুৱা ৯.৩০ বজাতঃ মে-ডাম-মে-ফি কাৰ্যসূচী
পুৱা ১০ বজাতঃ মূল তোৰণ আৰু বিভিন্ন সমন্নয় ক্ষেত্ৰৰ শুভ উদ্বোধন
দিনৰ ১১ বজাতঃ প্ৰতিনিধি পঞ্জীয়ন আৰম্ভ
বিয়লি ৩ বজাতঃ শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অসম সাহিত্য সভাৰ ২০২৫-২৭ কাৰ্যবৰ্ষৰ চতুৰ্থ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিবেশন
সন্ধিয়া ৬ বজাতঃ সাংস্কৃতিক সমাবেশ

১ ফেব্ৰুৱাৰীৰ কাৰ্যসূচীসমূহ কি কি- 

পুৱা ৮.৪৫ বজাতঃ অসম সাহিত্য সভাৰ পতাকা উত্তোলন
পুৱা ৯.১৫ বজাতঃ স্মৃতি তৰ্পণ
পুৱা ৯.৩০ বজাতঃ শ্বহীদ তৰ্পণ
দিনৰ ১১ বজাত অসম সাহিত্য সভাৰ সভাপতিৰ সৈতে ভিন্ন জনগোষ্ঠীৰ সাহিত্য সংগঠনৰ সভাপতিসকলৰ লগত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা
দিনৰ ১২ বজাতঃ সাহিত্য উত্সৱ।
বিয়লি ৩ বজাতঃ শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৰামধেনু অনুষ্ঠান।
বিয়লি ৪ বজাতঃ প্ৰতিনিধি সভা
সন্ধিয়া ৬ বজাতঃ সাংস্কৃতিক সমাবেশ


২ ফেব্ৰুৱাৰীৰ কাৰ্যসূচীসমূহ কি কি- 

পুৱা ১০ বজাতঃ স্থায়ী সভ্যৰ সমাবেশ
বিয়লি ১ বজাতঃ প্ৰথম মুকলি অধিবেশন
বিয়লি ৪.৩০ বজাতঃ আকাশ (মহিলাসকলৰ অনুষ্ঠান)
সন্ধিয়া ৬ বজাতঃ সাংস্কৃতিক সমাবেশ


৩ ফেব্ৰুৱাৰীৰ কাৰ্যসূচীসমূহ কি কি- 

পুৱা ১০ বজাতঃ অসমৰ জনগোষ্ঠীৰ ছাত্ৰ-যুৱ সন্মিলন।
বিয়লি ১ বজাতঃ দ্বিতীয় মুকলি অধিবেশন
বিয়লি ৩ বজাতঃ শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহতত কবি সন্মিলন
সন্ধিয়া ৬ বজাতঃ সাংস্কৃতিক সমাবেশ

assam Asom sahitya sobha Kalakshetra