অভিভাৱকৰ কৃপাত আজিৰ বহু ল’ৰা-ছোৱালীয়ে অসমীয়া জলপান চিনি নাপায়। বহুতে নামকে নাজানে কোমল চাউল, হুৰুম,সান্দহ অথবা পিঠাগুৰিৰ। কিন্তু এই জলপান খায়েই শক্তি গোটাইছিল চহা অসমীয়াই। কিন্তু বৰ্তমানৰ সময়ছোৱাত তাহানিৰ জলপানৰ স্থান ল'লে মেগি,চাওমিন,ব্ৰেড জেমে। ময়দাৰে তৈয়াৰী খাদ্য সমাগ্ৰীৰ তুলনাত স্বাস্থ্য ৰক্ষাত অসমীয়া জলপানৰ ভূমিকা সন্দৰ্ভত চয়নিকা শইকীয়াৰ আজিৰ প্ৰতিবেদন...
ভাৰতৰ প্ৰত্যেকখন ৰাজ্যৰে আছে নিজা খাদ্য সম্ভাৰ। সকলোৱে নিজ নিজ খাদ্য সম্ভাৰক স্বীকৃতি দিয়ে। যিদৰে দক্ষিণ ভাৰতৰ পুৱাৰ খাদ্যাভাস যিদৰে ইডলী,ডোছা ঠিক তেনেদৰে কাঁহৰ বাটিত সজাই দিয়া এবাটি জলপানে অসমীয়াৰ স্বাস্থ্য সুস্থ আৰু সবল কৰি ৰখাত সহায় কৰে।
দৈ,চিৰাৰে সু সজ্জিত বাতিটোৰে অভ্যাগতক আপ্যায়ন নকৰিলে অসমীয়াৰ সন্মান যেন ৰক্ষা নহয়। চিৰা, মুড়ি , আখৈ, হুৰুম, ভজা চাউল, কোমল চাউল, সান্দহ, পিঠাগুৰি ইত্যাদি অসমীয়াৰ পৰম্পৰাগত উৎকৃষ্ট জলপান।
বৰা ধান বা চকুৱা ধান আগদিনা পানীত তিয়াই থৈ পাছদিনা পুৱা ধানখিনিৰ তলত জুই দিব লাগে। ধানখিনি আধা ফাটো ফাটো হওঁতে পানীখিনি যাবৰ বাবে এটা পাচিত কাঢ়ি থব লাগে। তাৰপাছত খুব চোকা ৰ'দত শুকুৱাব লাগে। কোমল চাউল এটা ৰ'দতে শুকোৱাৱ পাৰিলে ভাল বুলি কয়। ধানখিনি শুকালে নে নাই মোহাৰি চালে ওলোৱা চাউলটো কামুৰিলে অনুমান কৰিব পাৰি।
অসমীয়া জলপান কেৱল দেখাতেই যে সুন্দৰ,আদৰৰ বা চেনেহৰ বুলিয়েই নহয়। জলপানত আছে প্ৰচুৰ পুষ্টি । এই তথ্য দাঙি ধৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বায়টেক্নলজী বিভাগে । তেওঁলোকৰ গৱেষণাৰ মতে, কোমল চাউলত ১০.৭৩ শতাংশ ফাইবাৰ আৰু ৬.৪ শতাংশ প্ৰ’টিন আছে। এই ধানৰ প্ৰজাতিত মাত্ৰ ৪ পৰা ৫ শতাংশহে এমায়ল'জ থাকে, যাৰ কাৰণে জলপান খালে পেটটো লঘু হৈ থাকে।
দৈ বা এৱা গাখীৰ আৰু গুৰৰ লগত কোমল চাউল খাবলৈ অতি তৃপ্তিদায়ক। এই চাউল খাবৰ বাবে আগতীয়াকৈ তিয়াই চাউলটো কোমল কৰি টুকি ল'ব লাগে। নিমখ, জলকীয়া, আদা, কেঁচা বুট, আলু পোৰা পিটিকাৰ লগত কোমল চাউল খোৱাৰ আমেজেই সুকীয়া। জ্বৰ হলে মুখৰ ৰুচি নাথাকিলে আগৰ দিনত ইয়াৰ পানী মোহাৰি খুৱাই দিলে গা জুৰ পৰে আৰু শক্তি ও পায়।
উল্লেখ্যযোগ্য যে, নামনি অসমত উৎপাদিত হোৱা এক প্ৰকাৰৰ কোমল চাউল হৈছে বোকা চাউল। এই চাউল নিসিজোৱাকৈ খাব পাৰি বাবেই বিশেষ সমাদৰ লাভ কৰিছে। কুহুমীয়া বা গৰম পানীত ১০ পৰা ১৫ মিনিট তিয়াই ল’লে বা ঠাণ্ডা পানীত ৩০ মিনিট মান তিয়ালে এই চাউল খোৱাৰ বাবে উপযোগী হৈ পৰে। বোকা চাউলে ইতিমধ্যে ভৌগোলিক স্বীকৃতি লাভ কৰিছে।
বোকা চাউল কোমল হোৱাৰ পিচত গুৰ, দৈ, গাখীৰ, কল আদিৰ লগত ইয়াক খোৱা হয়। অসমীয়া লোকে বোকা চাউলক জলপান হিচাপে খাবলৈ খুবেই পচন্দ কৰে। মাঘ বিহুৰ এক অন্যতম খাদ্য হৈছে বোকা চাউল।
নামনি অসমৰ ঘাইকৈ নলবাৰী, বৰপেটা, গোৱালপাৰা, কামৰূপ, দৰং, ধুবুৰী, চিৰাং, বাক্সা, বঙাইগাঁও, কোকৰাঝাৰ জিলাত বিশেষকৈ বোকা চাউলৰ খেতি কৰা হয়। প্ৰধানকৈ শালি ধান হিচাপে বোকা চাউলৰ খেতি কৰা হয়। এই খেতি জুন মাহত আৰম্ভ হয় আৰু ডিচেম্বৰ মাহলৈ ধানখিনি চপোৱা হয়। ১৭ শতিকাত মোগলৰ সৈতে যুঁজ দিয়া আহোম সৈন্যৰ বাবে ই আছিল দেহৰ বাবে এক শক্তিদায়ী ইন্ধন।
ইফালে পানীত তিয়াই থোৱা কোমল চাউলত আৱশ্যকীয় ভিটামিন, প্ৰ’টিন, কেলচিয়াম, স্নেহ পদার্থ যথেষ্টভাৱে নিহিত থাকে। চিৰাতো এইখিনি গুণ পোৱা যায়। সেইবাবেই অতীতৰ পুৰুষ-মহিলাসকলে এই জলপান খাই শৰীৰ আটিল আৰু কৰ্মঠ কৰি ৰাখিব পাৰিছিল। জলপানৰ লগত খোৱা দৈয়ে আকৌ শৰীৰ সুৰক্ষিত কৰি ৰখা প্লাজমা প্ৰ’টিন, হ’ৰমন, উৎসেচক আৰু প্ৰতিজৈৱিক প্রস্তুত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
দৈয়ে বিভিন্ন ৰোগৰ পৰা শৰীৰক ৰক্ষা কৰে। হাঁড়-দাঁতৰ গঠনত ইয়াৰ সবল ভূমিকা আছে। পেলুৰ সমস্যা, মানসিক চাপ আৰু উত্তেজনা নিয়ন্ত্ৰণত সহায়ক। এনে জলপানত অভ্যস্ত আছিল বাবেই পূৰ্বৰ মানুহ যথেষ্ট নিৰোগী, মনোবল থকা লোক আছিল।
গুৰত যথেষ্ট পৰিমাণে আইৰন, ফছফৰাছ, কেলচিয়াম, ভিটামিন-এ, বি নিহিত থাকে। গুৰে তেজ পৰিস্কাৰ কৰে। ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে। হৃদযন্ত্র শক্তিশালী কৰাত গুৰৰ বৃহৎ ভূমিকা আছে। গুৰে প্ৰস্ৰাৱৰ দোষ নাইকিয়া কৰাৰ লগতে বৃক্ক সবল কৰে।
চিৰা, কোমল চাউল, পিঠাগুড়ি, মুড়ি আদিৰ লগত খোৱা কলৰ আছে বিশেষ ভূমিকা। কল ফলৰ ৰজা। ইয়াত আৱশ্যকীয় সকলো উপাদান আছে। দৈনিক এটাকৈ কল খালে অনিদ্ৰা, প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা, কোষ্ঠকাঠিন্য আদিৰ পৰা ৰেহাই পোৱা যায়। কল নিয়মীয়াকৈ খাই থাকিলে ভোকো বেছিকৈ লাগে। যদি পুৱাৰ জলপানৰ লগত কল খোৱা হয়, তেনেহ’লে ই শৰীৰৰ বিভিন্ন ৰোগৰ কাৰণে ঔষধ স্বৰূপে কাম কৰে। তেনেহ’লে কিয় অৱহেলা কৰে অসমীয়াৰ জলপানৰ বাটিতো। কথাতে কয়-
“সান্দহ খুন্দি দিয়া খাওঁ প্ৰাণেশ্বৰী
চিৰা খুন্দি দিয়া খাওঁ,
ৰাতিৰ ভিতৰতে কাপোৰ বৈ দিয়া
বঙাল মাৰিবলৈ যাওঁ।”