/asomiyapratidin/media/media_files/2025/01/12/Cb3PVd3R4pODRa9lrxur.jpg)
এয়া বিহু বতৰ। শিপা বিচাৰি ঘৰলৈ উভটিছে ঘৰৰ মানুহ। আত্মীয়ৰে ভৰি পৰিছে ঘৰখন। কিন্তু এয়া জানো প্ৰতিখন ঘৰৰ দৃশ্য? এতিয়াও আত্মীয়ৰ বাবে বাট চাই আছে কেবাটাও পৰিয়াল। বিহুৰ দিনা জীৱন্তে ঘৰলৈ উভতি আহিবনে স্বামী-পিতৃ, ককাই-ভাই ! উমৰাংছুৰ জীয়া কাহিনী লৈ মৃগেন ডেকাৰ এক প্ৰতিবেদন...
মেটমৰা সম্ভাৰ লৈ পুনৰ আহিল ভোগালী। সোমবাৰে উলহ-মালহৰে উৰুকা উদযাপন কৰিব অসমীয়াই। সমান্তৰালভাৱে বিহু উদযাপনৰ বাবেও গাত তৎ নাই ৰাজ্যবাসীৰ। পৰিয়ালৰ লগত একেলগে এসাজ খাবলৈ বা মাঘ বিহু উদযাপনৰ বাবে বহিঃৰাজ্যত কৰ্মৰত অসমীয়াসকল উভটিছে নিজগৃহলৈ।
বিহুত কি খাব, কেনেদৰে উদযাপন কৰিব হেপাহৰ ভোগালী বিহু, তাক লৈ ব্যস্ত সকলো। মুঠতে ৰাজ্যত এক উখল মাখল পৰিৱেশ। কোনোৱে যদি নঙলামুখত নিজৰ আপোনজনক আদৰিবলৈ বাট চাই আছে, আন কোনোবাই আকৌ কৰ্মসূত্ৰে বিদেশত থকা নিজ আত্মীয়ৰ লগত ভাৰ্চুৱেলী বিহু উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে। আৰু ইয়াৰ মাজতে ডিমা হাচাওত শুনা গৈছে মৃত্যুৰ কিৰীলি। চিৎকাৰ কৰিছে কয়লাখনিত বন্দী শ্ৰমিকে।
যিসময়ত এফালে বিহুক লৈ ব্যস্ত ৰাজ্যবাসী, ঢেঁকীৰ শব্দই ৰজন জনাইছে সমগ্ৰ অঞ্চল একেটা সময়তে ৰাজ্যৰ আনফালে উমৰাংছুৰ কয়লাখনিত আৱদ্ধ শ্ৰমিক সকলৰ পৰিয়ালৰ মাজত বৃদ্ধি হৈছে উৎকণ্ঠা, উদ্বেগ। ইতিমধ্যে আত্মীয়জনক হেৰুৱাই শোকত ভাগি পৰিছে কেবাটাও পৰিয়াল।
দৰাচলতে চলিত মাহৰ ৬ তাৰিছে উমৰাংছুৰ কয়লাখনিত পানী প্ৰৱেশ কৰাৰ পিছত আৱদ্ধ হৈছিল কেইবাজনো শ্ৰমিক। পানী সুৰংগত প্ৰৱেশ কৰাৰ পিছতে এক আতংকময় পৰিৱেশে বিৰাজ কৰিছিল কয়লাখনিত।
কয়লা খননৰ সুৰংগত জলস্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ ফলত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল কেইবাজনো শ্ৰমিকে। প্ৰথমাৱস্থাত কেইবাজনো শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও পৰৱৰ্তী দিনবোৰত অইন শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰিব পৰা নগ’ল।কেৱল উদ্ধাৰ হৈছিল তেওঁলোকৰ মৃতদেহ।উল্লেখযোগ্য যে এই পৰ্যন্ত আৱদ্ধ হৈ থকা আটাইকেইজন শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দলে ।
উমৰাংছুৰ কয়লাখনিত আৱদ্ধ হোৱা শ্ৰমিক কেইজনৰ ভিতৰত ৩ জন দৰঙৰ, এজন নেপালৰ, ২ জন কোকৰাঝাৰৰ, এজন পশ্চিমবংগৰ, এজন শোণিতপুৰৰ আৰু আনজন ডিমা হাচাওৰ। দৰঙৰ শ্ৰমিক তিনিজন ক্ৰমে জাকিৰ হুছেইন, হুছেইন আলী আৰু মুস্তাফা শ্বেইখ। নেপালৰ শ্ৰমিকজনৰ নাম গংগা বাহাদুৰ শেথ। কোকৰাঝাৰৰ শ্ৰমিক দুজন হল- চাৰফা বৰ্মন, খুশী মোহন ৰায়। আৱদ্ধ হৈ থকা পশ্চিম বংগৰ শ্ৰমিকজনৰ নাম সঞ্জীৱ সৰকাৰ। শোণিতপুৰৰ শ্ৰমিকজন শৰত গয়াৰী। ডিমা হাচাওৰ শ্ৰমিক জনৰ নাম লিজন মাগাৰ।
এই পৰ্যন্ত ৪ গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে। এতিয়াও আৱদ্ধ হৈ আছে ৫ গৰাকীকৈ শ্ৰমিক । এই পৰ্যন্ত মৃতদেহ উদ্বাৰ কৰা শ্ৰমিক কেইজন হ’ল ডিমা হাচাওৰ লিজন মাগাৰ, কোকৰাঝাৰৰ খুশী মোহন ৰায়, নেপালৰ গংগা বাহাদুৰ শেথ আৰু শোণিতপুৰৰ শৰত গয়াৰী ।
কয়লাখনিত শ্ৰমিক আৱদ্ধ হোৱাৰ খবৰ বিয়পি পৰাৰ পিছতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছিল আৱদ্ধ শ্ৰমিকৰ গৃহত। এই পৰ্যন্ত উদ্ধাৰ নোহোৱা শ্ৰমিককেইজনক জীৱন্তে উদ্ধাৰ কৰাৰ সম্ভাৱনীয়তা তেনেই তাকৰ । সেয়া হ’লেও উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
মাঘ বিহুৰ প্ৰাকক্ষণত সংঘটিত এই ঘটনাত শোকৰ ছাঁ বিৰাজ কৰিছে শ্ৰমিকসকলৰ বাসগৃগত। সমান্তৰালভাৱে আত্মীয়-স্বজনৰ বাসগৃহতো নাই বিহুৰ উচাহ-উদ্দীপনা।কোনোৱে যদি হেৰাইছে পুত্ৰক, আন কোনোবাই হেৰাইছে স্বামী তথা পিতৃক।অধিক ধন উপাৰ্জনৰ আশা মনত লৈ কয়লাখনিত কাম কৰিবলৈ গৈ প্ৰাণ হেৰুৱা শ্ৰমিক কেইজনেও চাগে মনতে ভোগালী বিহুক উলহ-মালহেৰে উদযাপনৰ মন মেলিছিল।বিশেষকৈ অসমৰ শ্ৰমিক কেইজনৰ ঘৰত ঢেঁকীৰ গুমগুমনিৰ পৰিৱৰ্তে শুনিবলৈ পোৱা গৈছে কান্দোনৰ ৰোল।
উল্লেখ কৰা প্ৰয়োজন যে, ১১ জানুৱাৰীত মৃতদেহ উদ্ধাৰ হোৱা কোকৰাঝাৰৰ শ্ৰমিক খুশিমোহন ৰায় আৰু শোণিতপুৰৰ শৰত গয়াৰীৰ বাসগৃহত এতিয়া কেৱল হিয়াভগা কান্দোন। আনহাতে মাঘ বিহু একেলগে উদযাপন কৰিম বুলি মনতে আশা পুহি ৰখা অসমৰ চাৰফা বৰ্মনৰ এই পৰ্যন্ত কোনো শুংশুত্ৰ পোৱা নাই উদ্ধাৰকাৰী দলে ।
কান্দোনৰ বিননি বিয়পি পৰা কোকৰাঝাৰৰ শ্ৰমিক খুশিমোহন ৰায়ৰ দুই কন্যাই পিতৃৰ সৈতে মাঘ বিহু উদযাপনৰ বাবে বাট চাই ৰৈছিল । কিন্তু নিয়তিৰ কৰুণ গাথা । দেওবাৰে নিশা অৰ্থাৎ উৰুকাৰ আগদিনা পৰিয়ালক গতাই দিব ৰায়ৰ মৃতদেহ।
সমগ্ৰ অসমবাসী মাঘ বিহুৰ আনন্দত মতলীয়া হোৱাৰ সময়তে শ্ৰমিক কেইজনৰ বাসগৃহৰ পৰা ভাঁহি আহিছে কান্দোনৰ ৰোল । অকল তেওঁলোকৰ পৰিয়ালেই নহয় শ্ৰমিককেইজনৰ আত্মীয়-স্বজনৰ বাসগৃহতো নাই ভোগালী বিহুৰ জাক-জমকতা।
উমৰাংছুৰ কয়লাখনিত আৱদ্ধ লোকসকলৰ ওপৰিও অইন কোনো কাৰণবশত নিজৰ আত্মীয়জনক হেৰুওৱা প্ৰত্যেকটো পৰিয়ালৰ বাসগৃহত সেৰেঙা পৰিবেশ। মাঘ বিহুৰ আনন্দই স্পৰ্শ কৰিব পৰা নাই এইসকল লোকক। বিহুৰ প্ৰাকক্ষণত ৰাজ্যত এতিয়া পৰিলক্ষিত হৈছে দুখন পৃথক ছবি। বৰ্তমান এয়াই এখন ৰাজ্যৰ দুটা জীয়া কাহিনী...