ধেমাজি চাৰি আলিৰ পৰা ভেহপৰা চাৰিআলিলৈ যানবাহন চলাচলত নিষেধাজ্ঞা…

ধেমাজি চাৰি আলিৰ পৰা ভেহপৰা চাৰিআলিলৈ যানবাহন চলাচলত নিষেধাজ্ঞা…

ডিজিটেল সংবাদ , ধেমাজি : ১১৩ নং ধেমাজি বিধান সভা সমষ্টিত নিৰ্বাচনী কামৰ সুচাৰুৰূপে পৰিচালনাৰ বাবে ধেমাজি জিলা দণ্ডাধীশে এক আদেশযোগে ২৬ আৰু ২৭ মাৰ্চত ধেমাজি চাৰিআলিৰ পৰা ভেহপৰা চাৰিআলিলৈ নিৰ্বাচনী কামত ব্যৱহৃত বাহনৰ বাহিৰে অন্যান্য বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে ।

এই সময়খিনিত উপৰি উক্ত পথেৰে চলাচল কৰিব লগা বাহনসমূহে ভদ্ৰপৰা ভেহপৰা তিনিআলি আৰু লিলি চিনেমাহল তিনিআলিৰপৰা ভেহপৰা তিনিআলিৰে যাতায়ত কৰিব লাগিব । অৱশ্যে এই নিষেধাজ্ঞাৰ পৰা জৰুৰীকালীন সেৱাৰ বাহনসমূহক ৰেহাই দিয়া । উল্লিখিত সময়খিনিত নিষেধাজ্ঞা আৰোপ কৰা পথটিত অৱস্থিত ব্যৱসায়িক প্ৰতিস্থানসমূহো বন্ধ ৰখাৰ বাবে জিলা দণ্ডাধীশে আদেশ জাৰী কৰিছে ।

ইফালে আসন্ন বিধানসভা নিৰ্বাচন নিকা আৰু স্বচ্ছৰূপত পৰিচালনাৰ ক্ষেত্ৰত ধেমাজি জিলা দণ্ডাধীশে ১৪৪ ধাৰাৰ অধীনত জিলাখনত কিছু নিষেধাজ্ঞা জাৰী কৰিছে | এই নিষেধাজ্ঞাৰ অধীনত জিলাখনত নিৰ্বাচনৰ সময়খিনিত শান্তি বৰ্তাই ৰখাৰ স্বাৰ্থত জিলা দণ্ডাধীশে নিৰ্বাচন শেষ হোৱাৰ ৪৮ ঘণ্টাৰ আগৰে পৰা বেআইনীভাৱে সমূহীয়াকৈ গোট খোৱা আৰু ৰাজহুৱা সভা অনুস্থিত কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা কৰিছে ৷

বৃহস্পতিবাৰে ২৫ মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ আৰু নিৰ্বাচন প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব বুলি উল্লেখ কৰিছে ৷ আন এক নিৰ্দ্দেশ যোগে মৰণাস্ত ক্ষেত্ৰতো জিলা দণ্ডাধীশেে নিষেধাজ্ঞা আৰোপ কৰিছে ৷


Representation of the Peoples Act, 1951 ৰ 134 B ধাৰাৰ অধীনত ধেমাজি জিলা দণ্ডাধীশে যোৱা কালি বৃহস্পতিবাৰে পৰা, আদেশ যোগে ভোটগ্ৰহণ কেন্দ্ৰৰ আশে পাশে ৰিটাৰ্ণিং বিষয়া, প্ৰিজাইডিং বিষয়া, আৰক্ষী বিষয়া অথবা ভোটগ্ৰহণ কেন্দ্ৰটিত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে নিয়োজিত ব্যক্তিৰ বাহিৰে আন কোনো লোকে মাৰণাস্ত্ৰ কঢ়িওৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে | এই আদেশ অমান্যকাৰী সকল জৰিমনা অথবা দুই বছৰৰ কাৰাদণ্ড অথবা দুয়োটা শাস্তিৰ সন্মুখীন হ'ব লগা হ'ব |

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in