আজিৰে পৰা শিলচৰ-গুৱাহাটীৰ মাজত বিশেষ বিমান সেৱাঃ যোগাযোগ কৰক এই নম্বৰত…

আজিৰে পৰা শিলচৰ-গুৱাহাটীৰ মাজত বিশেষ বিমান সেৱাঃ যোগাযোগ কৰক এই নম্বৰত…

ডিজিটেল ডেস্কঃ বানপানীৰ ফলত বিচ্ছিন্ন হৈ পৰা শিলচৰ আৰু গুৱাহাটীৰ মাজত প্ৰৱৰ্তন কৰা হৈছে বিশেষ বিমান সেৱা। এই বিমান সেৱাত এজন ব্যক্তিৰ টিকটৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ৩ হাজাৰ টকা। উল্লেখ্যে যে বানপানীৰ ফলত বৰাকত বহু লোক আৱদ্ধ হৈ আছে। স্থলপথ আৰু ৰে'ল পথ ধ্বংস হোৱাৰ ফলত একমাত্ৰ আকাশী পথৰেই বৰাকৰ লগত সংযোগ স্থাপন কৰা হৈছে।

উল্লেখ্যে যে বানপানীৰ বাবেই শিলচৰ আৰু গুৱাহাটী বিমান সেৱাৰ টিকটৰ মূল্য ভাৱিব নোৱাৰা ধৰণে বৃদ্ধি পাইছিল। ১৫ হাজাৰ পৰ্যন্ত বৃদ্ধি হৈছিল বিমান টিকটৰ মূল্য। ইয়াৰ পিছতেই সাংসদ সাংসদ ৰাজদ্বীপ ৰায়ে এক ৰাজহুৱা অভিযোগ দাখিল কৰিছিল আৰু তাৰ পিছতেই বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ১৫ দিনলৈ বিমান ভাড়া বৃদ্ধি নকৰাৰ কথা ঘোষণা কৰিছিল।

শিলচৰ-গুৱাহাটী বিমানত টিকট লাভ কৰিবলৈ দুটা যোগাযোগৰ নম্বৰ মুকলি কৰা হৈছে। টিকট সংগ্ৰহ কৰিব বিচৰা লোকসকলে 81359-02973 আৰু 86380-23921 নম্বৰত যোগাযোগ কৰিব পাৰিব। আজিৰে পৰা প্ৰতিদিনে গুৱাহাটীৰ পৰা শিলচৰলৈ সন্ধিয়া ৫ বজাত আৰু শিলচৰৰ পৰা গুৱাহাটীলৈ সন্ধিয়া ৬ বাজি ২০ মিনিটত বিমান চলিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in