/asomiyapratidin/media/media_files/2025/04/01/y7YBJIUJZF1vas4kxQj4.jpg)
মৃদুল কুমাৰ সন্দিকৈ
জীৱনৰো ‘জীৱন’ থাকে। সেই জীৱনে সময়ৰ ওচৰত কেতিয়াবা ভাৱিব নোৱাৰকৈ হাৰ মানে। কিয় এনে হ’ল বুলি হুমুনিয়াহ কাঢ়ি তাৰ উত্তৰ বিচাৰি ফুৰিলেও সেই প্ৰশ্নৰ উত্তৰ কাৰো ওচৰত নাথাকে। খাৰঘূলিৰ সেই ঘৰখনলৈও এনে প্ৰশ্নৰ উত্তৰ বিচাৰি আমি যোৱা নাছিলো।
এজন প্ৰাক্তন গৃহমন্ত্ৰীৰ ঘৰ। প্ৰয়াত গৃহমন্ত্ৰীজনৰ একমাত্ৰ কন্যাই আত্মহননৰ পথ বাচি লোৱাৰ পাছত বহু প্ৰশ্ন সৃষ্টি হৈছে। নিজস্ব ধৰণে মানুহবোৰে এই ঘটনাৰ সৈতে খাপ খোৱাকৈ নিজে পতিয়ন যোৱা এক নেৰেটিভ সৃষ্টি কৰিছে।
বাস্তৱত সেয়া কিমান সচাঁ! কিমান ওচৰৰ পৰা এইবোৰ কথা তেওঁলোকে দেখা। কোঠা এটাৰ মজিয়াত এখন তুলি পাৰি বহি আছে ইন্দিৰা ফুকন। সেই তুলি বিচনাখনৰ দুকাষে ৭খন মান চকী। তাৰ দুখনেই খালী। কন্যাৰ মৃত্যুৰ পাছত ভিতৰি মৰ্মাহত হৈ পৰা মানুহগৰাকীৰ মুখত নাই দুখৰ আন্ধাৰ।
তেওঁৰ খবৰ ল’বলৈ অহা একালৰ শক্তিশালী আঞ্চলিকতাবাদী নেত্ৰী ৰেখা দাস বড়োৱে প্ৰসংগক্ৰমে কৈ পেলাইছিল এষাৰ কথা। বুজাইছিল তেওঁ- কন্যা উপাসাৰ মৃত্যুক লৈ তেওঁ হতাশাৰ মাজত অৱস্থান লোৱাৰ বিপৰীতে শক্তিশালী হৈ জীৱন জিনিব লাগিব। তেওঁৰতো পৰিচয় আছিল, সেই পৰিচয়ৰেই তেওঁ জীয়াই থাকিব লাগিব।
উপাসাৰ মাতৃ, ভৃগু ফুকনৰ পত্নী ইন্দিৰা ফুকনে প্ৰতিবাদ কৰিছিল। কৈছিল- তাইতো ক’লোকো যোৱা নাই। অস্বাভাৱিকভাৱে স্বাভাৱিক হৈ আছিল মানুহগৰাকী। অগপৰ বহুকেইজন এসময়ৰ শক্তিশালী নেতা ভৃগু ফুকনৰ সৈতে ঘনিষ্ঠ আছিল। ভৃগু দা বুলি সেই সময়ত সোঁৱে-বাঁৱে আছিল।
আজি বিপদৰ সময়ত যদিও ইন্দিৰা ফুকনে সেই হিচাপ কৰা নাই, বহুতে কিছু খবৰ ৰাখিছে। বৃন্দাবন গোস্বামীয়ে অসুস্থ দেহাৰেই দৌৰি আহিছে খাৰঘূলিলৈ। জগদীশ ভূঞাকে ধৰি দুই এজনে বিপদত মাত এষাৰ লগাইছেহি। দ্বিগেন বৰাৰ পত্নী ৰাজশ্ৰী বৰা, প্ৰদীপ হাজৰিকাৰ ভগ্নী, এসময়ৰ অগপৰ নেতা ইজৰাইল নন্দ আৰু দুই-তিনিজন ব্যক্তি সেই সময়ত বহি আছিল ইন্দিৰা ফুকনৰ কাষত।
ঘৰৰ সন্মুখত আজিও আছে সেই পুৰণি জীপ খন। বাৰীৰ পৰিচিত গছবোৰ একেই আছে। আটোম টোকাৰিকৈ সজোৱা ঘৰটো আলপৈচানৰ অভাৱত কিছু নষ্ট হলেও তাৰ আভিজাত্য বহন কৰি আছে। সকলো ঠিকে থাকিলেও নাই তাত এক স্বাভাৱিক জীৱন।
সেই দুৰত্ব কোনে আনি দিলে? কেনেকৈ আহিল এজন এসময়ৰ অতি শক্তিশালী জাতীয়তাবাদী নেতাৰ পৰিয়ালৰ সৈতে এই ব্যৱধান। এদিনতো হোৱা নাছিল এনে পৰিৱেশৰ সৃষ্টি! ২০০৬ত ভৃগু ফুকনৰ মৃত্যুৰ পাছত সেই ঘৰটোৰ ঠিকনাই বহুতৰ বাবে অচিনাকি হৈ পৰিছিল।
ঘৰটোৰ ভিতৰত বাস কৰিছিল মাতৃ আৰু কন্যা। উদাসীনতাই বেৰি ধৰা বতাহৰ মাজত ফুলিছিল ঘৰৰ চৌহদত থকা ফুলবোৰ। সেই ফুলৰ সুৱাসত জীপাল হোৱা নাছিল জীৱন। এজনী কাম কৰা মানুহ আৰু ঘৰৰ সন্মুখৰ গেটখনত থকা নিৰাপত্তাৰক্ষীজন তেওঁলোকৰ সৈতে আছিল যদিও এদিন চৰকাৰে সেই নিৰাপত্তাৰক্ষী লৈ গ’ল।
প্ৰকাণ্ড গেটখনত তলা ওলমিল। মানুহ বুলিবলৈ ঘৰখনত ২+১= ৩জনহে থাকি গ’ল। সংগী হৈছিল কুকুৰ। এনেকৈয়ে চলি গৈছিল মানুহৰ আঁৰত এই জীৱন। কোনেও খবৰ কৰাৰ প্ৰয়োজনবোধ কৰা নাছিল। নিৰ্জনতাৰ সীমনাত নিজৰ বাবেই সাজি লোৱা নিসংগতাৰ দেৱালখনে তেওঁলোকক বন্দী কৰি পেলাইছিল।
ঘৰৰ ভিতৰৰ আচবাববোৰৰ যতন ল’বলৈ মানুহ নাই। বহু দামী বস্তু মূল্যহীন হৈ পৰে এনেকৈয়ে। অসম আন্দোলনৰ সময়ৰ বহু তথ্য সংগ্ৰহ কৰি ৰাখিছিল ভৃগু ফুকনে। সেইবোৰ এতিয়াও আছে সেই ঘৰখনতেই। বহু তথ্যৰ ভাণ্ডাৰ এইবোৰ। বহু গৱেষণাৰ ভাণ্ডাৰ হ’ব পাৰে। কিন্তু সেইবোৰৰ ওপৰত এতিয়া কাৰো দৃষ্টি নাই।
কোঠাবোৰ ভৃগু ফুকনে বিশেষ নামেৰে নামাকৰণ কৰিছিল। কোনোবাটো যদি উপেন্দ্ৰ নাথ ব্ৰহ্ম কোঠা, আন একোটা কোঠাৰ নাম দিছিল শৰৎ সিংহ। তেনে এটা কোঠাতেই উৱলি পৰি আছে অসম আন্দোলনৰ বহুবোৰ অধ্যায়।
মানুহৰ চকু! কোনোবাই কৈছে আপুনি ভালে থাকিব লাগিব, নহ’লে কাঢ়ি লব আপোনাৰ এই ঘৰ সম্পত্তি। চিন্তা ক’ত মানুহবোৰৰ! এইটোও ঠিক সেই চিন্তা কৰা লোকো ছাগে ওলাব। সম্পত্তি, ক্ষমতা একোৱেই নহয় বুলি এই জীৱনে কৈ যোৱাৰ পাছতো এইবোৰক লৈ ব্যস্ত থকা মানুহৰ সংখ্যাই এতিয়া বেছি।
খালী হাত লৈ অহা মানুহবোৰ খালী হাতেৰেই উভতে। তৰ্জন-গৰ্জন কৰি নিজকে সৰ্বস্ব বুলি ভৱা মানুহবোৰে এই সময়খিনিতে নিজকো পাঁহৰে। সময়ে সুবিধা পালেই মনত পেলাই দিয়ে জীৱন এক মৃত্যুৰ পিছত দৌৰা যাত্ৰা। ধন-ক্ষমতা এইবোৰ জীৱনৰ ছায়া।
বাতৰিৰ বাবে নহয়, খবৰ ল’বৰ বাবে গৈছিলো ভৃগু কুমাৰ ফুকনৰ ঘৰলৈ। ৬বছৰৰ পূৰ্বে তেওঁলোকৰ এই সাক্ষাৎকাৰ লবলৈ যাওতে দেখি অহা জীৱনৰ কোনো উত্তৰণ নহ’ল। হতাশাই ছানি ধৰা নিসংগ জীৱনৰ এক চৰম দুৰ্যোগৰ পাছৰ পৰিৱেশ এয়া।
ইজৰাইল নন্দই ক’লে- খবৰ তেওঁ দিবলৈ অগপৰ সভাপতি অতুল বৰাক ফোন কৰিছিল। ফোন নধৰিলে অতুল বৰাই। ধৰা হ’লে ক’লেহেতেন হেনো তেওঁ- এবাৰ আপুনি আহি বাইদেউক মাত এষাৰ দিব। অগপৰ জন্মৰ অন্যতম মূল মানুহজন ভৃগু কুমাৰ ফুকন, সেই কথা পাহৰিয়ে গল ছাগৈ তেওঁলোকে।
এতিয়াতো তেওঁলোক মন্ত্ৰী। কিয় আহিব খবৰ ল’বলৈ! অগপৰ বৰ্তমানৰ নেতৃত্বৰ ওপৰত একালৰ অগপৰ নেতাৰেই এই অভিব্যক্তি। এয়াইতো ৰাজনীতি, লাভ নহ’লে কিহৰ খাতিৰ! প্ৰায় এঘন্টা সময় ঘৰখনত কটাই উভতি অহাৰ পূৰ্বে চকুত পৰিছিল এখন কিতাপলৈ।
কোঠাটোৰ কৰ্ণাৰ টেবুলখনৰ ওপৰত আছিল কিতাপখন। Herbs that Heal: Natural Remedies for Good Health. আধাতকৈ বেছি পৃষ্ঠা পঢ়ি টেবলেটৰ এটা ষ্ট্ৰীপেৰে চিন দি থৈছিল। সেই কিতাপখন দেখি মনত ভাৱ হৈছিল –উপাসাই বাৰু পঢ়ি আছিল নেকি সেই কিতাপখন...