কাৰ কথাত সুধাকন্ঠই সলাইছিল 'জিলিকাব লুইতৰে পাৰ' গীতৰ কথা...

১৯৯৮চনৰ ৬মাৰ্চ। সুধাকন্ঠ ভূপেন হাজৰিকাই লিখিতভাৱে এটা ৰাজহুৱা ঘোষণা কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ জিলিকাব লুইতৰে পাৰ শীৰ্ষক গীতটিৰ কথা কিছু সালসলনিৰ ঘোষণা কৰিছিল সুধাকন্ঠই। ৰাজহুৱা ঘোষণাটোত সুধাকন্ঠই

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
AP bikhekh pratibedon 1

সুধাকন্ঠক তেওঁৰ সৃষ্টিৰাজি সালসলনিৰ বাবে পৰামৰ্শ! ভাৱিলেই ভয় লগা নহয়নে? কিন্তু যুগ যুগান্তৰলৈ তেওঁৰ সৃষ্টিৰাজিক প্ৰাংসগিক কৰি ৰখাৰ স্বাৰ্থত এই সাহস কৰিছিল এগৰাকী ব্যক্তিয়ে। সুধাকন্ঠই মানিও লৈছিল সেই পৰামৰ্শ। যাৰ ফলত সলনি কৰা হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ জিলিকাব লুইতৰে পাৰ শীৰ্ষক গীতটিৰ কথা। আজিৰ এই প্ৰতিবেদন সেইগৰাকী ব্যক্তিৰ বিষয়ে যিগৰাকীয়ে  আজীৱন সুধাকন্ঠৰ সৃষ্টিৰাজিক সংৰক্ষণ আৰু নতুন পুৰুষলৈ কঢ়িয়াই নিয়াত নিস্বাৰ্থভাৱে কাম কৰিছিল। আজি বহুতে তেওঁক নাজানিলেও, নিচিনিলেও তেওঁ সৰ্চা অৰ্থত আছিল ভূপেন হাজৰিকাৰ মনৰ মানুহ। সেইগৰাকী ব্যক্তিক লৈয়ে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন...

১৯৯৮চনৰ ৬মাৰ্চ। সুধাকন্ঠ ভূপেন হাজৰিকাই লিখিতভাৱে এটা ৰাজহুৱা ঘোষণা কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ জিলিকাব লুইতৰে পাৰ শীৰ্ষক গীতটিৰ কথা কিছু সালসলনিৰ ঘোষণা কৰিছিল সুধাকন্ঠই। ৰাজহুৱা ঘোষণাটোত সুধাকন্ঠই গীতটিৰ পঞ্চম কলিৰ শেষৰ শাৰীত থকা 'কুৰি শতিকাৰ' ঠাইত 'এই শতিকাৰ' ব্যৱহাৰ কৰা হওঁক বুলি ঘোষণা কৰিছিল।

এই ঘোষণাৰ পাছতে জিলিকাব লুইতৰে পাৰ শীৰ্ষক গীতটিত ‘কুৰি শতিকাৰ’ ঠাইত ‘এই শতিকাৰ’ ব্যৱহাৰ কৰা হৈছিল। সুধাকন্ঠৰ অমৰ সৃষ্টিৰ মাজত অন্যতম আছিল এই গীতটি। ১৯৫৫চনৰে পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে ওতঃপোতভাৱে জড়িত হৈ থকা ভূপেন হাজৰিকাই শিক্ষানুষ্ঠানৰ প্ৰতি থকা পৰম শ্ৰদ্ধা, আনুগত্য প্ৰকাশ পাইছিল এই গীতটোৰ জৰিয়তে।

বিশেষ এই গীতটো সালসলনি কৰাৰ কথা সুধাকন্ঠৰ মনলৈ বাৰু কেনেকৈ আহিছিল? বহুতে গীতটো সালসলনি কৰা হৈছিল বুলি জানে যদিও ইয়াৰ আঁৰৰ কাহিনী অধিকাংশই নাজানে। সুধাকন্ঠৰ এই চিন্তাৰ আঁৰত আছিল এগৰাকী বিশেষ ব্যক্তি।  অতি ঐকান্তিকভাৱে নীৰৱে সুধাকন্ঠৰ সৃষ্টিৰাজিক সংৰক্ষণ আৰু নতুন পুৰুষলৈ লৈ যোৱাত এই ব্যক্তিগৰাকীৰ অৱদান আমি নাজানিলেও অন্যতম। 

১৯৯৮চনৰ ৬মাৰ্চত কৰা ঘোষণাটোত এই বিশেষ ব্যক্তিগৰাকীৰ কথা উল্লেখ কৰিছিল সুধাকন্ঠই। সুধাকন্ঠই সেই ৰাজহুৱা ঘোষণাটোত লিখিছিল এনেদৰে-  যেহেতু জিলিকাব লুইতৰে পাৰত মই আশা কৰা কামখিনি এতিয়াও অসম্পূৰ্ন ভাবে ঘটিছে, সেয়ে মই ভাবিছোঁ 'নিৰ্ভীক কুৰি' শতিকাৰ ঠাইত 'নিৰ্ভীক এই শতিকা'ৰ দিলে একবিংশ শতিকাৰ ডেকা গাভৰুৱেও প্ৰাণখুলি গাব পাৰিব। এই কথাখিনি মই ঘোষণা কৰিলোঁ মৰমৰ শ্ৰীথানেশ্বৰ কুমাৰৰ জৰিয়তে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ  কৰ্ণধাৰ সকললৈকো এই ঘোষণাৰ কথা জনালোঁ'।

ভূপেন হাজৰিকাই ১৯৯৮চনৰ ৬মাৰ্চত দিয়া ঘোষণাটো আছিল এইটো-

ujjjd

এই থানেশ্বৰ কুমাৰৰ বাবেই জিলিকাব লুইতৰে পাৰ- গীতটোৰ সালসলনিৰ কথা সুধাকন্ঠৰ মনত থিতাপি লৈছিল। ভূপেন হাজৰিকাৰ কাষত নিস্বাৰ্থভাৱে থকা মানুহবোৰৰ ভিতৰত অন্যতম আছিল এই থানেশ্বৰ কুমাৰ। সুধাকন্ঠৰ সৃষ্টিৰাজিক কেনেকৈ ৰাইজৰ মাজলৈ আটকধুনীয়াকৈ লৈ যাব পাৰি, সেই কামতেই নীৰৱে মনোনিৱেশ কৰিছিল তেওঁ।

ভূপেন হাজৰিকাৰ একেবাৰে কাষত থকা বহু চিনাকি মুখৰ বিপৰীতে থানেশ্বৰ কুমাৰ আছিল যেন ব্যতিক্ৰম। আঁৰৰ পৰাই তেওঁ কৰি গৈছিল সকলো কাম। এই কথা মুকলিকৈ কৈ গৈছে সুধাকন্ঠইও। ১৯৯৪চনৰ  ২৫ফেব্ৰুৱাৰীত এখন কৰ্মশালা অনুষ্ঠিত হৈছিল কামৰূপ জিলাৰ  অতি ভিতৰুৱা গাঁও খলিহাত। 

পূৰ্বশ্ৰী কৃষ্টি বিকাশ সমিতিয়ে আয়োজন কৰা এই কৰ্মশালাত উপস্থিত আছিল খোদ ভূপেন হাজৰিকা। এই কৰ্মশালাত থানেশ্বৰ কুমাৰ, সূৰ্য হাজৰিকা, ৰতিমোহন নাথ,বিমল ভূঞা আদিও উপস্থিত আছিল। ই কৰ্মশালাত দিয়া ভাষণত ভূপেন হাজৰিকাই কৈছিল থানেশ্বৰ কুমাৰৰ কথা, তেওঁৰ চিন্তা-কৰ্মৰাজিৰ কথা। 

8beb3fb0-e115-4089-929f-fe1162ab4764
এক বিশেষ অনুষ্ঠানত থানেশ্বৰ কুমাৰ আৰু সুধাকন্ঠ

সুধাকন্ঠই কৈছিল-  আজিৰ পৰা ১৩ বছৰ আগতে থানেশ্বৰ কুমাৰে অকলে অকলে ভাবি মোক ক'লে- দাদা,আপোনাৰ গানবোৰ উত্তৰ পুৰুষৰ বাবে জীয়াই ৰাখিব খুজিছো'। মোৰ গীতৰ প্ৰতিযোগিতা হব, কৰ্মশালা হব আৰু বহুত কিবা কিবি হব। তেতিয়া মই কৈছিলোঁ যে,  সময়ে ক’ব মোৰ গীত বাছি থাকে নে নাথাকে। সৌ পঞ্চাশ বছৰ আগতে লিখা গানো বাছি আছে। অৱশ্যে আজিৰ পুৰুষে ভৱিষ্যত পুৰুষৰ বাবে চিন্তা কৰা দৰকাৰ। মোৰ গীত বোৰ চাৰিটা জেনেৰেচনে অৰ্থাৎ চাৰিটা পুৰুষে ভাল পাই আছে।‘

এনেদৰেই সেই কৰ্মশালীত থানেশ্বৰ কুমাৰৰ চিন্তাৰাজিৰ কথা বৰ্ণনা কৰিছিল ভূপেন হাজৰিকাই। গৰ্ব কৰিছিল থানেশ্বৰ কুমাৰৰ এনে ভাৱনাক লৈ। নকৰিবনো কিয়? সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীত সমূহক ভূপেন্দ্ৰ সংগীত হিচাপে প্ৰতিষ্ঠা কৰাৰ উপৰি ভূপেন্দ্ৰ সংগীতৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত পলাশবাৰীৰ অৱদান অতুলনীয়। পলাশবাৰীৰ পৰা আৰম্ভ হোৱা সেই যুঁজখনৰে অগ্ৰণী সেনা আছিল থানেশ্বৰ কুমাৰ।

af7b9b1c-c9c1-4d7e-8ab6-c66b9ccd6c71
তেওঁৰ ওপৰত আছিল সুধাকন্ঠৰ ভৰষা

এটা সময় আছিল যেতিয়া বহুতেই ভূপেন হাজৰিকাৰ গীতসমূহক ভূপেন্দ্ৰ সংগীত হিচাপে নামকৰণ বা মৰ্যাদা দিয়াক লৈ তীব্ৰ বাদানুবাদত লিপ্ত হৈছিল। বহুতে ভূপেন্দ্ৰ সংগীতৰ বিপক্ষেও কৈছিল। কিন্তু সেই সকলোবোৰ সমালোচনাক আওকাণ কৰি ভূপেন্দ্ৰ সংগীতৰ সংৰক্ষণৰ, সংবৰ্ধনৰ বাবে আগবাঢ়ি আহিছিল ভূপেন্দ্ৰ সংগীতৰ একান্ত সাধক পলাশবাৰীৰ থানেশ্বৰ কুমাৰ।

১৯৮২ চনতেই  থানেশ্বৰ কুমাৰৰ উদ্যোগত আৰু নিৰলস প্ৰচেষ্টাত পলাশবাৰীত 'ভূপেন্দ্ৰ সংগীত প্ৰচাৰ সমিতি'ৰ জন্ম হৈছিল। থানেশ্বৰ কুমাৰ আছিল এই সমিতিৰ প্ৰতিস্থাপক সম্পাদক। তাৰ পিছত প্ৰত্যেক বছৰে পলাশবাৰীত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।

পলাশবাৰীত বহুবাৰ ভূপেন হাজৰিকাৰ উপস্থিতিত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। পৰৱৰ্তী সময়ত ভূপেন্দ্ৰ সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভূপেন্দ্ৰ সংগীতৰ সাধক থানেশ্বৰ কুমাৰৰ উদ্যোগত 'ভূপেন্দ্ৰ সংগীত সমিতি,অসম' নামৰ অনুষ্ঠানটোৰ জন্ম হৈছিল। থানেশ্বৰ কুমাৰক সভাপতি হিচাপে লৈ  ১৯৯৯ চনত ভূপেন্দ্ৰ সংগীত সমিতি,অসমৰ জন্ম হৈছিল।

১৯৯৯ চনৰ ২৩মেত  ভূপেন হাজৰিকাৰ উপস্থিতিত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত 'ভূপেন্দ্ৰ সংগীত সমিতি,অসম'ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈছিল। 'ভূপেন্দ সংগীত সমিতি,অসম'ৰ উদ্যোগত অসমৰ গাঁৱে গাঁৱে ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালা অনুষ্ঠিত হৈছিল। থানেশ্বৰ কুমাৰৰ প্ৰচেষ্টাত বিভিন্ন সংগঠনেও ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালা অনুষ্ঠিত কৰিছিল।

দিন-ৰাতি একাকাৰ কৰি ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক তুলি ধৰিবলৈ চেষ্টা কৰিছিল থানেশ্বৰ কুমাৰে। অধুনালুপ্ত 'চিত্ৰ সংবাদ'  কাকতত ভূপেন্দ্ৰ সংগীতৰ সাধক  থানেশ্বৰ কুমাৰে ধাৰাবাহিকভাবে ভূপেন্দ্ৰ সংগীতৰ ওপৰত মুকলি বিশ্লেষণ আৰু আলোচনা আগবঢ়াইছিল। এই থানেশ্বৰ কুমাৰৰ এই বিশেষ আহ্বান আৰু পৰামৰ্শৰ ভিত্তিতেই ভূপেন হাজৰিকাই সলনি কৰিছিল জিলিকাব লুইতৰে পাৰ- গীতটো।

১৯৯৯ চনৰ ২৩মেত  ভূপেন হাজৰিকাৰ উপস্থিতিত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত ভূপেন্দ্ৰ সংগীত সমিতি,অসমৰ অনুষ্ঠানটোৰ উদ্বোধনী অনুষ্ঠান সুধাকন্ঠই কৈছিল এনেদৰে- গুৱাহাটী বিশ্ববিদ্যালয় মোৰ বৰ মৰমৰ। মোৰ জীৱনটো আৰম্ভ কৰিছো ইয়াতেই আৰু ইয়াক লৈ মই আজিও গৌৰৱ অনুভৱ কৰো। সেই কাৰণে মই আজি মুকলিকৈ কৈছো যে থানেশ্বৰ কুমাৰৰ (এওঁ মোৰ গীতৰ বিষয়ে অধ্যয়ন চলাইছে) পৰামৰ্শমতে গুৱাহাটী বিশ্ববিদ্যালয়ক লৈ লিখা 'জিলিকাব লুইতৰে পাৰ' গীতটিত থকা 'নিৰ্ভীক কুৰি শতিকাৰ' ঠাইত 'নিৰ্ভীক এই শতিকাৰ' কৰি দিলোঁ--যাতে(মোৰ ঘোষণাটো আপোনালোকে নিশ্চয় পাইছে) একবিংশ শতিকাটো গীতটি গাব পৰা যায়।'

ভূপেন হাজৰিকাক খুব ওচৰৰ পৰা পাইছিল তেওঁ। দুয়োজনৰ মাজত আছিল নিবিড় সম্পৰ্ক। যেতিয়াই পলাশবাৰী নাইবা ইয়াৰ কাষৰীয়া অঞ্চললৈ সুধাকন্ঠ গৈছিল এপাক থানেশ্বৰ কুমাৰৰ ঘৰত নবহাকৈ নাহিছিল। মনৰ দুৱাৰ খুলি কথা পাতিছিল দুয়ো। বয়সৰ ব্যৱধান যদিও আছিল, নাছিল চিন্তা-ভাৱনাৰ পাৰ্থক্য। যাৰ বাবেই হয়তো সুধাকন্ঠৰ অতিকৈ আপোন মানুহৰ শাৰীত স্থান পাইছিল থানেশ্বৰ কুমাৰে।

a80641c2-3e95-48d5-9a66-81f39e7f2f40
আহাৰ পৰ্বঃ একেলগে সুধাকন্ঠ আৰু থানেশ্বৰ কুমাৰ

ভূপেন্দ্ৰ সংগীতৰ বাবে বহু বছৰ আগতেই বহুত উল্লেখনীয় কাম কৰিছিল থানেশ্বৰ কুমাৰে। তেওঁৰ প্ৰচেষ্টাৰ ফল স্বৰূপে পলাশবাৰী পৌৰ সভাই ভূপেন্দ্ৰ সংগীতৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে এটুকুৰা মাটি দান কৰিছিল। ভূপেন হাজৰিকাই সেই কথা গম পাই কৈছিল- এটা খবৰ শুনি মই আচৰিত হৈছো যে পলাশবাৰী মিউনিচিপালিটিয়ে এই ভূপেন্দ্ৰ সংগীত প্ৰচাৰ সমিতিক এটুকুৰা মাটি দিছে। আপোনালোকে হয়তো জানে। তথাপি,মই এই সুযোগতে  ঘোষণা কৰিব খুজিছোঁ, পৌৰসভাক ধন্যবাদ  দিব খুজিছোঁ এই কাৰণে যে এই ডেকা গাভৰুসকলে মোৰ গীতকেইটা বচাই ৰাখিবলৈ আজি এঘাৰ বছৰে অকুণ্ঠ চেষ্টা কৰিছে। কিন্তু গুৱাহাটি মিউনিচিপাল কৰ্প'ৰেছনে কি কৰে নাজানো। ভাৰতবৰ্ষত নোহোৱা কাম এটি পলাশবাৰী মিউনিচিপালিটিয়ে কৰি দেখুৱালে'।

মন কৰিবলগীয়া, এসময়ত অসমৰ বহু লোকে ভূপেন্দ্ৰ সংগীতৰ বিৰুদ্ধে কৈছিল। এই লৈ মনত বৰ বেজাৰ পাইছিল ভূপেন হাজৰিকাই। কিন্তু সময়ৰ শৰ সময়ত এৰিব জানিছিল ভূপেন হাজৰিকাই। ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক ক্ষেত্ৰত তেওঁ যেতিয়া 'ৰুদালি' ছবিৰ সংগীতেৰে উজলি  উঠিছিল ,তেতিয়া তেওঁ এখন বিশেষ পত্ৰ লিখিছিল থানেশ্বৰ কুমাৰলৈ। সেয়া আছিল ১২নৱেম্বৰ, ১৯৯৩চনৰ কথা। 

চিঠিখনত সুধাকন্ঠই লিখিছিল-

'মৰমৰ থানেশ্বৰ

পুৱাতে উদয়পুৰলৈ উৰিম। তোমাৰ দিল্লীত পোৱা চিঠিৰ উত্তৰ দিলোঁৱেই। কথাৰে। নিজৰাপাৰত। তাত ,এটা কথা লিখিছিলো। কথাখিনি এয়া। ভূপেন্দ্ৰ সংগীতৰ সংৰক্ষণ আৰু চৰ্চাৰ বাবে পলাশবাৰীত তুমি, বিভু বৰুৱা(ল'নী) যোৰহাটৰ তাৰজানত যেতিয়া কাম কৰিছিলা তেতিয়া বহুতে এই কামটোৰ বিপক্ষে কৈছিল। তেওঁলোকক এতিয়া উত্তৰ দিব পাৰা এইবুলি 'ৰুদালি'ৰ সংগীতৰ যি অভূতপূৰ্ব পৰীক্ষা আৰু সাফল্য দেশত আৰু আন্তৰ্জাতিক ক্ষেত্ৰত হৈছে-তাৰ মূলতে আছে- সময়ৰ অগ্ৰগতি, স্নেহে আমাৰ শত শ্ৰাৱনৰ, বুকু হম হম কৰে-ৰ সুৰ আৰু অসমীয়া নিচুকনি গীতৰ আধাৰত দিয়া  'বিতে না বিতে না' গীতটো-যত 'আমাৰে মইনা শুব এ' আৰু  'ক'ৰে  কানেখোৱা আহে'ৰ সমন্বয় কৰি ভাৰতীয় আধুনিক গীত এটিৰ সৃষ্টি কৰিছো (সেয়ে এইটোও নিশ্চয় ভূপেন্দ্ৰ সংগীত)। গতিকে ভূপেন্দ্ৰ সংগীতক বেলেগ কিবা এটা বুলি বিশ্বই মানি লৈছেই।

-ভূপেন দা

ujjj
থানেশ্বৰ কুমাৰলৈ লিখা চিঠিখন

হাজাৰ বিৰোধ, সমালোচনাৰ মাজতো ভূপেন হাজৰিকাৰ গীত তথা সৃষ্টিক আগুৱাই লৈ গৈছিল তেওঁ। সেইবাবেই প্ৰতিটো ভাল-বেয়া মূৰ্হুতত থানেশ্বৰ কুমাৰক মনত পেলাইছিল সুধাকন্ঠই। ভূপেন হাজৰিকাক লৈ কৰা কামৰ বাবে কোনোদিনত প্ৰতিদান বিচৰা নাছিল তেওঁ। বিচাৰিছিল কেৱল সুধাকন্ঠৰ গীত-মাতক প্ৰতিটো শ্ৰেণীৰ লোকে আকোঁৱালি লওঁক। আৰু অৱশেষত সেয়াই হৈছিল। পূৰ্ণতা পাইছিল তেওঁৰ সপোনে।

২০০৯চনত থানেশ্বৰ কুমাৰৰ দেহাৱসান ঘটে। সুধাকন্ঠৰ সৃষ্টিৰ একান্ত সাধকগৰাকী আছিল গুৱাহাটী বিশ্ববিদ্যালয় কৰ্মী সন্থাৰ প্ৰাক্তন সভাপতিও।  সাংবাদিকতাও কৰিছিল তেওঁ। দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি  আছিল থানেশ্বৰ কুমাৰ। ১৯৮০চনত দক্ষিণ কামৰূপৰ পৰা প্ৰকাশিত পষেকীয়া 'ন-দিগন্ত'ৰ সম্পাদক আছিল থানেশ্বৰ কুমাৰ। বহুকেইখন বাতৰি কাকতত কাম কৰাৰ লগতে অসমৰ আগশাৰীৰ বাতৰি কাকত সমূহত তেওঁ লিখিছিল নিয়মীয়াকৈ প্ৰবন্ধ।

এয়াই আছিল থানেশ্বৰ কুমাৰ। কি কৰা নাছিল তেওঁ সুধাকন্ঠৰ সৃষ্টিৰাজিক লৈ! সৰ্বস্ব উজাৰি দিছিল। মনৰ পৰা কৰি গৈছিল প্ৰতিটো কাম। ভূপেন হাজৰিকাৰ গীতৰ হেজাৰ হেজাৰ শ্ৰুতা থাকিলেও, থানেশ্বৰ কুমাৰৰ দৰে প্ৰচাৰবিহীন একান্ত সাধক সকলেই আছিল তেওঁৰ প্ৰধান অলংকাৰস্বৰূপ। যিয়ে সুধাকন্ঠৰ সৃষ্টিৰাজিক ধুনীয়া কৰিছিল, আপুৰুগীয়া কৰিছিল যুগ যুগান্তৰৰ বাবে...

ড° ভূপেন হাজৰিকা