সহস্ৰাধিক যুৱকৰ হাতত হেনদাং! জয় আই অসম ধ্বনিৰে কঁপিল জামুগুৰিহাট...

নদুৱাৰ সমষ্টিৰ জামুগুৰিহাটত এক অভিনৱ কাৰ্যসুচীৰে উদযাপন কৰা হয়  লাচিত দিৱস ৷ এই উদ্দেশ্যৰে পূৱাই জয় আই অসম,আছে হেংদান লোৱা নাই,ললে হেংদান ৰক্ষা নাই

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ নদুৱাৰ সমষ্টিৰ জামুগুৰিহাটত এক অভিনৱ কাৰ্যসুচীৰে উদযাপন কৰা হয়  লাচিত দিৱস ৷ এই উদ্দেশ্যৰে পূৱাই জয় আই অসম,আছে হেংদান লোৱা নাই,ললে হেংদান ৰক্ষা নাই ধ্বনিৰে জামুগুৰিহাটৰ  আকাশ-বতাহ কপাই তোলে নদুৱাৰ সমষ্টিৰ একহেজাৰ তিনিশ পাহোৱাল অসমীয়াই ডেকাই ৷

0354e17b-7a8b-497f-a414-f54d0e1c73db

চতিয়াৰ ভুমিধৰ বৰদলৈ ষ্টেডিয়ামৰ পৰা এক বিশাল সু-সজ্জিত প্ৰতিকী নাঁও আৰু দুইশ খন ট্ৰেক্টৰত উঠি তেৰশ যুৱকে হাতত হেংদাঙ লৈ   প্ৰায় ১০ কি:মি: ৰৰো অধিক  পথ অতিক্ৰম কৰি জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ স্হলী পকামুৰা পথাৰত সমবেত হয় ৷

2273d190-e63b-455f-80aa-8e672dd08874

এই বিশাল শোভাযাত্ৰাত গোৰ্খা ডেকা সকলে খুকুৰি মিচিং ডেকা  সকলে অক্সা, বড়ো সকলে দাও আৰু আদিৱাসী ডেকা সকলে হাতত ধনু কাড়লৈ  জাতীয় সাজপাৰ পিন্ধি অংশগ্ৰহণ কৰে ৷ এই লাচিত দিবসৰ কাৰ্যসুচীত শৰীৰ চৰ্চাবিদ মহাদেব ডেকা,বিজিত গগৈ,পংকজ বৰা আৰু মহিলা ক্ৰিকেট খেলুৱৈ উমা ছেত্ৰীক উষ্ম অভিনন্দন জ্ঞাপন কৰে কন্যকা পৰিয়ালে ৷

9e03eb4f-acf4-48e8-a750-dfb69fc1d04b

ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ উদ্যোগত আৰু নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম  হাজৰিকাৰ সুপুত্ৰ নিৰজ নিশিম হাজৰিকাৰ বিশেষ তৎপৰতাত অনুষ্ঠিত এই লাচিত দিৱসৰ কাৰ্যসুচীয়ে অসম বুক অৱ ৰেকৰ্ডচত স্থান পোৱা বুলি মন্তব্য কৰে অসম বুকচ অৱ ৰেকৰ্ড কতৃপক্ষই ৷

a29288e6-5971-4ad1-971b-10b5883b0d00

উক্ত অনুষ্ঠানতে খেলুৱৈ উমা ছেত্ৰীক কন্যকা তৰফৰ পৰা বিধায়ক পদ্ম হাজৰিকাই বিপুল সম্বৰ্দ্ধনা জ্ঞাপন কৰি  নগদ পাচঁলাখ টকাৰ চেক উপহাৰ প্ৰদান কৰে৷ ৷

জামুগুৰিহাট