/asomiyapratidin/media/media_files/2025/08/19/new-bikhekh-protibedon-2024-2-2025-08-19-12-06-54.jpg)
আনক দেখুৱাই কেটেৰাই মাতিবা, ভিতৰি নেৰিবা বেথা- ঠিক যেন এনেকুৱাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ সম্পৰ্ক। মুকলিকৈ কোনো কথা কব নোৱাৰিলেও কামে-কাজে মিত্ৰতাৰ ধৰ্ম পালন কৰিবলৈ কৃপনালি কৰা নাই কংগ্ৰেছে। শেহতীয়াকৈ ধুবুৰীত এই কথাৰৰ যেন প্ৰমাণ হ'ল। অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
সন্মুখত ২০২৬ৰ বিধানসভা নিৰ্বাচন। শাসকীয় বিজেপিৰ বিৰুদ্ধে এই নিৰ্বাচনত কংগ্ৰেছে আন বিৰোধী দলৰে
মিত্ৰতা কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হব বুলি ভৱা হৈছিল যদিও, এতিয়ালৈকে ৰাজ্যৰ ৰাজনীতিত তেনে
কোনো সম্ভাৱনা দেখিবলৈ পোৱা হোৱা নাই।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব লৈ গৌৰৱ গগৈয়ে অসম জাতীয় পৰিষদক কিছু গুৰুত্ব দিলেও এতিয়া লৈকে মিত্ৰতাৰ ক্ষেত্ৰত অখিল গগৈ বা ৰাইজৰ দলক কোনো সেউজ সংকেত প্ৰদান কৰা নাই। বৰঞ্চ হু ইজ বদৰুদ্দিন বুলি পিতৃ তৰুণ গগৈয়ে এ আই ইউ ডি এফক নসাৎ কৰাৰ বিপৰীতে গৌৰৱ গগৈয়ে অতি সংগোপনে কংগ্ৰেছ- এ আই ইউ ডি এফৰে মিত্ৰতাৰ এক প্ৰেক্ষাপট ৰচনা কৰা বুলিও অভিযোগ উঠিছে।
গৌৰৱ গগৈৰ পূৰ্বে এ পি চি চিৰ সভাপতিৰ দায়িত্বত থকা ভূপেন বৰাইও এ আই ইউ ডি এফক মাইনাছ কৰিহে বিৰোধী মিত্ৰতাক আগুৱাই লৈ গৈছিল। সেই প্ৰক্ৰিয়াক গৌৰৱ গগৈয়ে তুৰাম্বিত কৰিব বুলি ভৱা হৈছিল যদিও শেহতীয়াকৈ ধুবুৰী জিলা পৰিষদত সংঘটিত ৰাজনৈতিক ততপৰতাই কংগ্ৰেছ- এ আই ইউ ডি এফৰ মিত্ৰতাৰে ইংগিত বহন কৰিছে।
উল্লেখযোগ্য যে, বদৰুদ্দিন আজমলক বিদায় দি ধুবুৰীৰ ভোটাৰে কংগ্ৰেছৰ প্ৰাথী ৰকিবুল হুছেইনক লোকসভালৈ নিৰ্বাচন কৰি পঠাইছিল। সেই ধুবুৰীতেই শেহতীয়াকৈ মাত্ৰ ৩টা জিলা পৰিষদৰ সমষ্টি দখল কৰি এ আই ইউ ডি এফে কেনেকৈ তেওঁলোকৰ নেতৃত্বত জিলা পৰিষদখন গঠন কৰিলে তাক লৈয়ে সৰৱ চৰ্চা চলিছে।
২০টা জিলা পৰিষদৰ সমষ্টি আছিল ধুবুৰীত। এই ২০টা সমষ্টিৰ ভিতৰত ১০টা জিলা পৰিষদত শেহতীয়া পঞ্চায়তৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হৈছিল। বিজেপিয়ে ৫টা, ৰাইজৰ দলে এটা, নিৰ্দলীয় এটা আৰু এ আই ইউ ডি এফে ৩টা সমষ্টি দখল কৰিছিল।
১৮আগষ্ট, ২০২৫ত ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথৰ উপস্থিতিত ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হৈছিল বৈঠক। এই বৈঠকতে ধুবুৰী জিলা পৰিষদ গঠনৰ বাবে বিজেপিৰ ৫গৰাকী প্ৰাৰ্থীক বাদ দি বাকী ১৫জন সদস্য উপস্থিত আছিল।
জিলা পৰিষদৰ সভাপতি পদৰ বাবে মহিলা প্ৰাৰ্থী সংৰক্ষিত হোৱা হেতু এ আই ইউ ডি এফে উক্ত পদৰ বাবে নায়েৰ এলেকাৰ- টিলাপাৰা জিলা পৰিষদৰ পৰা নিৰ্বাচিত তেওঁলোকৰ প্ৰাৰ্থী ফৰিদা য়াচমিন মিঞাৰ নামৰ প্ৰস্তাৱ কৰিছিল।
তাৰ বিপৰীতে কংগ্ৰেছে এই পদৰ বাবে ফলিমাৰী জিলা পৰিষদ সমষ্টিৰ পৰা নিৰ্বাচিত ৰেজিনা আহমেদৰ নাম প্ৰস্তাৱ কৰে। উক্ত পদৰ বাবে হোৱা নিৰ্বাচনত এ আই ইউ ডি এফ প্ৰাৰ্থী ফৰিদা য়াচমিন মিঞাই ৮টা ভোট লাভ কৰে। আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী ৰেজিনাই লাভ কৰে ৭টা ভোট।
ফলত ৩গৰাকী প্ৰাৰ্থীক লৈ ধুবুৰী জিলা পৰিষদ গঠন কৰিবলৈ সক্ষম হয় এ আই ইউ ডি এফ প্ৰাৰ্থীগৰাকী। উপ সভাপতি প্ৰাৰ্থীৰ পদত কংগ্ৰেছৰ শ্বাহনাজ বেগমে ১০টা ভোট লাভ কৰে। এই সমগ্ৰ ঘটনা প্ৰৱাহে উদঙাই দিয়ে যে, এ আই ইউ ডি এফৰ প্ৰাৰ্থীগৰাকীক বুজা-পৰাৰ মাজেৰে কংগ্ৰেছ প্ৰাৰ্থীসকলে ভোটদান কৰিছিল।
তাৰ পাছতেই ধুবুৰী ৰাজীৱ ভৱনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কংগ্ৰেছ সমৰ্থকসকলে জিলা পৰিষদখনক কংগ্ৰেছৰ ১০জন নিৰ্বাচিত প্ৰাৰ্থী থকা পাছতো কেনেকৈ এ আই ইউ ডি এফৰ প্ৰাৰ্থী জয়ী হ’ল বুলি প্ৰশ্ন কৰি ৰাজীৱ ভৱনত তলা মাৰি দিয়ে।
তেওঁলোকে দাবী জনাই, গৌৰৱ গগৈ ধুবুৰীৰ ৰাজীৱ ভৱনলৈ নহালৈকে ৰাজীৱ ভৱনৰ তলা খোলা নহয়। দলটোৰ স্থানীয় নেতাই অভিযোগ কৰা মতে, ওপৰৰ পৰা অহা নিৰ্দেশ অনুযায়ী এ আই ইউ ডি এফৰ সৈতে কংগ্ৰেছে এই গোপন মিত্ৰতা কৰিছে।
উত্তেজিত কংগ্ৰেছ সমৰ্থকসকলে সাংসদ ৰকিবুল হুছেইনৰো তীব্ৰ সমালোচনা কৰি অভিযোগ কৰে যে, আগন্তুক ২০২৬চনৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ নেতৃত্বই সংখ্যালঘু ভোটৰ স্বাৰ্থত এই ধৰণৰ ৰাজনৈতিক সমীকৰণ কৰাত ব্যস্ত হৈ পৰিছে। যাৰ ফলশ্ৰুতিত ৰাইজে নিবিচাৰিলেও এ আই ইউ ডি এফৰ সৈতে কংগ্ৰেছে ভিন্ন সমষ্টিত পূৰ্বৰ দৰেই এনে বুজাপৰা নীতিৰে আগবঢ়াৰ চেষ্টা চলাইছে।
প্ৰণিধানযোগ্য যে, কলিয়াবৰ সমষ্টিৰ পৰা পূৰ্বতে গৌৰৱ গগৈয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত লক্ষ্যণীয়ভাৱে এ আই ইউ ডি এফে দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। পূৰ্বৰ এই বুজাপৰা নীতিৰেই ফল ধুবুৰীৰ জিলা পৰিষদত দেখিবলৈ পোৱা গ’ল বুলি ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা হৈছে…