মিছা ক’লে কি ডাল হ’ব! বাদ দিয়া হে, চাবা কি হ’ব এইবাৰ ইলেকশ্যন, EXCLUSIVE সাক্ষাৎকাৰ

মিছা ক’লে কি ডাল হ’ব! বাদ দিয়া হে, চাবা কি হ’ব এইবাৰ ইলেকশ্যন, EXCLUSIVE সাক্ষাৎকাৰ

♦ মৃদুল কুমাৰ সন্দিকৈ

বাদ দিয়া হে। মিছা ক'লে কি ডাল হ'ব!- এইদৰেই তেওঁ আৰম্ভ কৰে কথা। বদৰুদ্দিন আজমলক 'হু ইজ বদৰুদ্দিন' বুলি কৈ নস্যাৎ কৰিছিল এদিন। এই বয়সতো তেওঁ সক্ৰিয়। ৩ বাৰকৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল। প্ৰথম ২০০১চনত অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল। ২০১৬চনৰ ৮ মে'লৈকে ১৫ বছৰ তেওঁ এই পদত আছিল।

১৯৩৬চনৰ ১১ অক্টোবৰত জন্ম গ্ৰহণ কৰিছিল শিৱসাগৰৰ ৰঙাজান চাহ বাগানত। তেওঁৰ দেউতাক আছিল এজন চিকিৎসক। পিতৃ ডাঃ কমলেশ্বৰ গগৈ আৰু মাতৃ উষা গগৈ। তেখেতৰ মাতৃ উষা গগৈ আছিল কবি গণেশ গগৈৰ কনিষ্ট ভগ্নী।৬বাৰকৈ তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল। ১৯৭১চনৰ পৰা ১৯৮৫লৈ যোৰহাট লোকসভাৰ সাংসদ আছিল। তাৰপাছত ১৯৯১চনত তেওঁ কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হৈছিল।

কলিয়াবৰ সমষ্টি তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছত ভাতৃ দীপ গগৈ আৰু তাৰপাছত ২০১৪চনত পুত্ৰ গৌৰৱ গগৈ এই সমষ্টিৰ সাংসদ হয়। ১৯৭৬চনত তেওঁ অল ইণ্ডিয়া কংগ্ৰেছ কমিটীৰ যুটীয়া সচিব আছিল। ১৯৮৫চনৰপৰা ১৯৯০চনলৈ আছিল কংগ্ৰেছৰ সাধাৰণ সম্পাদক। ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীৰ আছিল ঘনিষ্ঠ। নৰসিংহ ৰাও প্রধানমন্ত্ৰী হোৱাৰ সময়ত তেওঁ কেন্দ্ৰীয় ৰাজ্যিক খাদ্য মন্ত্ৰীৰ দায়িত্ব চম্ভালিছিল। ১৯৮৬চনৰ পৰা ১৯৯০চনলৈ তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত আছিল। পুনৰ বাৰ ১৯৯৬চনত এই দায়িত্ব গ্ৰহণ কৰে।

মাৰ্ঘেৰিটা সমষ্টিৰপৰা ১৯৯৬চনৰ পৰা ১৯৯৮ চনলৈ তেওঁ প্ৰথমবাৰলৈ বিধায়ক ৰূপে নিৰ্বাচিত হৈছিল অসম বিধানসভালৈ। ২০০১চনত তেওঁ তিতাবৰ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল আৰু বৰ্তমানো সেই সমষ্টিৰ বিধায়ক। কোনোবাই যদি তেওঁক ভাল পায়, আন কোনোবাই তেওঁক বেয়াও পায়। তেওঁক লৈ ভিন্ন জনৰ ভিন্ন মত। কিন্তু তেওঁৰ চিধা কথা।

কলিয়াবৰ সমষ্টিত পৰিয়াল কেন্দ্ৰিক ৰাজনীতি, ভানুক কংগ্ৰেছলৈ অহাত বাধা, হিমন্ত বিশ্বক ৰক্ষণা-বেক্ষন, আগন্তুক নিৰ্বাচনত কি হ'ব কংগ্ৰেছৰ ফলাফল আৰু ২০২১ত নিৰ্বাচন খেলিবনে ইত্যাদি বিষয় সামৰি তেওঁক সোধা হৈছিল কেইটামান প্ৰশ্ন। সেই বিশেষ সাক্ষাৎকাৰেই আজিৰ 'বিশেষ লেখা'।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ এইবাৰ নিৰ্বাচনত বহু কেইটা বিষয় গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। নাগৰিকত্ব সংশোধনী বিধেয়ক, পুলৱামা আক্ৰমণ, শেহতীয়াকৈ বিজেপিৰ সৈতে অগপৰ মিত্ৰতা ইত্যাদি ইছ্যু সমূহক লৈ ৰাজনৈতিক দলবোৰে নিৰ্বাচনত ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে। ২০১৪ত ৰাহুল গান্ধী ফ্ল'প হ'ল, মোডী হাৱা চলিল। এইবাৰো মোডী হাৱাই চলিব নেকি অসমত?

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈঃ এইবাৰ আমাৰ ফলাফল ভাল হ'ব। কোনটো কাম কৰিব পাৰিছে মোডী চৰকাৰে? বিজেপিয়ে  টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা দূৰৈৰে কথা, আজি হাজাৰ টেট শিক্ষকে চাকৰিৰ পৰা অব্যাহতি দিয়াৰ কথাহে শুনিছো। আশা কৰ্মীয়ে হওঁক, অংগনবাড়ী কৰ্মীয়ে হওঁক, হোমগাৰ্ডেই হওঁক, বিভিন্ন ধৰণৰ মানুহক আশ্বাস দিছিল পৰিৱৰ্তনৰ। আজি ক'ত পৰিৱৰ্তন হৈছে? বাগানৰ শ্ৰমিকসকলক কৈছিল ৩৫০টাকৈ মজুৰী দিব, ক'ত দিলে? ক'ৰবাত সৰু-সুৰাকৈ দুই-এজনে পাইছে… যদি ৩৫০ টকাকৈ যদি আগতেই দিলে হয়, তেন্তে আজি বিজেপিৰ অৱস্থা এনে নহ'লহেঁতেন। তেওঁলোকে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কথা কৈছিল, কিন্তু আজিলৈ একো নাই। গতিকে কিমান প্ৰবঞ্চনা। বানপানীয়ে হওঁক, গৰাখহনীয়াই হওঁক আজি অসমৰ ৰাস্তা, ঘাইপথবোৰ চাব নোৱাৰে। এতিয়া সকলো ক্ষেত্ৰ যেনে স্বাস্থ্য ক্ষেত্ৰতেই হওঁক বা বিভিন্ন দিশতেই হওঁক কি পৰিৱৰ্তন কৰিছে? আৰু সেয়ে আজি মোডীৰ জনপ্ৰিয়তা কমি গৈছে। আজি কংগ্ৰেছৰ ৰাহুল গান্ধীৰ জনপ্ৰিয়তা বাঢ়িছে। গুৱাহাটীত বৈঠকলৈ আহোতে সেয়া দেখিছো, যোৱা কালি তামিলনাডুতো দেখিছিলো…। এইটোও ঠিক, মোডীৰ দিনত বিভিন্ন দিশত ৰাইজৰ মাজত বিভেদ সৃষ্টি কৰিছে, সংঘাত সৃষ্টি কৰিছে। অসমতে এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কখন আনি আমাক ভাগ ভাগ কৰিব বিচাৰিছে। হিন্দু বাংলাদেশীৰ ওপৰত ক'ত অত্যাচাৰ চলিছে? কিন্তু তাৰপাছতো এই বিধেয়কখন আনি ৰাইজৰ মাজত বিভেদ কৰিছে। আমি সেয়েহে কৈছো- নিৰ্বাচনত আমাৰ ইছ্যু বহু আছে। তেওঁলোকে নকয় কিয় যে- এই খিনি আমি প্ৰতিশ্ৰুতি দিছিলো, এইখিনি আমি কাম কৰিলো। অসমত নিবনুৱা সকলৰ সংস্থাপনৰ বাবে ইণ্ডাষ্ট্ৰিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল, যাৰ কাৰণে স্পেছিয়েল ইনছেনটিভ দিয়া হৈছিল। আজি তাকো বন্ধ কৰিছে…। অসমৰ আজি ক'ত পৰিৱৰ্তন হ'ল। অসম ধ্বংসৰ মুখলৈহে লৈ গৈছে, ভেদাভেদ সৃষ্টি কৰিছে…। আজি বালি ছিণ্ডিকেটেই হওঁক, মাছৰ ছিণ্ডিকেটেই হওঁক, অসমতো সকলোতে ছিণ্ডিকেটৰাজ হ'ল। অসমত বাগানীয়া মানুহক চুলাই খোৱায়। ১৬০জনতকৈ বেছি মানুহৰ মৃত্যু হ'ল। এই ক্ষেত্ৰত চি বি আই দিবলৈ ভয় কৰে। এক্সাইছ ডিপাৰ্টমেন্টৰ পৰা কোটি কোটি টকা আয় কৰিছিল। আজি চিমেন্টৰেই হওঁক, ষ্টীলৰ দাম যেনেধৰণে বঢ়াই গৈছে। কাৰ লগত তেওঁলোকৰ সম্বন্ধ। বৰঞ্চ এডভান্টেজ আছামৰ কথা কৈছিল। সেই এডভাণ্টেজ আছামৰ সময়ত অসমৰ দুয়োটা কাগজ কল বন্ধ হৈ গ'ল…। বিজেপিয়ে তেওঁলোকৰ ব্যৰ্থতা ঢাকিবলৈ চেষ্টা কৰিছে। পুলৱামা ঘটনাত আমাৰ জোৱান শ্বহীদ হ'ল, জোৱানসকলে বীৰত্ব দেখুৱালে, সেই বীৰত্বৰ কথা কৈ তেওঁলোকৰ ব্যৰ্থতা ঢাকিব বিচাৰিছে। দেশবাসীৰ যি নুবনুৱা সমস্যা বা আনবোৰ গুৰুত্বপূৰ্ণ সমস্যাক ম্লান পেলাই জোৱানসকলৰ বীৰত্বৰ সুবিধা লৈ তেওঁলোকে নিৰ্বাচন খেলিব বিচাৰিছে। কিন্তু ভাৰতৰ ৰাইজে ৰাজনৈতিকভাৱে সদায় সজাগ। সমগ্ৰ দেশৰ লগতে আমিও গৌৰৱান্বিত দেশৰ জোৱানসকলক লৈ। মনমোহন সিং যেতিয়া প্ৰধানমন্ত্ৰী আছিল তেতিয়া ভাৰত-অসমৰ যিমানখিনি উন্নতি হৈছিল, তাতকৈ এওঁলোকৰ উন্নতি বহু কম। নতুন চাকৰিতো বাদেই, ১ কোটি চাকৰিহে কমিছে। এইটোৱে তেওঁলোকৰ কামৰ নমুনা। যিবোৰ ইছ্যু লৈ আমি ৰাইজৰ মাজত যাম। অগপ-বিজেপিয়ে আজি এক হৈছে। এক কিয় হ'বলগীয়া হ'ল? তাৰমানে বিজেপিৰ আজি জনপ্ৰিয়তা বঢ়া নাই। অকলে নিৰ্বাচন খেলিলে জয়ী নহয়, গতিকে বিজেপিয়ে আজি তেওঁলোকক নিমন্ত্ৰণ জনাইছে। অগপয়ো ক্ষমতা লোভত বিজেপিত যোগদান কৰি আজি ৰাইজৰ আগত প্ৰকৃত স্বৰূপ উদঙাই দিছে। এওঁলোক আজি জাতি-সংস্কৃতি ৰক্ষাৰ বাবে নাই, নিজক ৰক্ষাৰ বাবে, ক্ষমতাৰ লোভত দেশখনক বিক্ৰী কৰিবলৈ ওলাইছে। কংগ্ৰেছে যি আশ্বাস দিছিল সেয়া আখৰে আখৰে পালন কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছিলো, ভৱিষ্যতলৈও কৰিম। আমাৰ দুমুখীয়া নহয়, একমুখীয়া নীতি…। আজি যদি কামৰ তুলনা কৰো তেতিয়া দেখিম তেওঁলোকে কেৱল পাব্লিছিটি কৰিছে, মিছা কথা কৈছে, বহু আশ্বাস দিছে। তাৰ বাদে তেওঁলোকৰ কামৰ কথা নকয়। প্ৰধানমন্ত্ৰীয়ে মন কী বাতৰ কথা কয়, আমি কাম কী বাতৰ কথা কৈছো। সন্ত্ৰাসবাদী মাছুদ আজাহাৰক আমি জেললৈ পঠিয়াইছিলো, তেওঁলোকে উলিয়াই আনিছে…। এইজন প্ৰধানমন্ত্ৰীয়ে কয় এটা, কৰে এটা। দেশখনক ভাগ ভাগ কৰিব বিচাৰিছে। দেশখন ধৰ্মৰ নামত, জাতিৰ নামত ভাগ কৰিবলৈ বিচাৰিছে। গতিকে আমাৰ তাত ইছ্যু বহু আছে। সেই ইছ্যু লৈ আমি ৰাইজৰ মাজত যাম। আজি ৰাহুল গান্ধীৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। অসমৰ ৰাইজে বিজেপিৰ স্বৰূপ বুজি পাইছে। শংকৰদেৱৰ যি সমন্বয়ৰ বাণী, তাৰ বিপৰীতে সংঘাতৰ বাণী, বিদ্বেষৰ বাণী তেওঁলোকে প্ৰচাৰ কৰিব বিচাৰিছে। তেওঁলোকে অসমত যিমানেই প্ৰেচাৰ কৰক, কিন্তু টেঙা আম এবাৰহে বিক্ৰী কৰিব পাৰে, বাৰে বাৰে নোৱাৰে। সেয়েহে মোৰ বিশ্বাস আমাৰ নিৰ্বাচনী ফলাফল, যোৱা বাৰতকৈ বহু ভাল হ'ব।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম। কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ তালিকা কেতিয়া প্ৰকাশ হ'ব? যিহেতু আপুনি কংগ্ৰেছৰ এগৰাকী শীৰ্ষ নেতা। তদুপৰি অসমৰ বিভিন্ন সমস্যাক লৈ আপুনি মাত মাতি আহিছে, আন নেতাসকলৰ তুলনাত এই বয়সতো আপুনি যথেষ্ট সক্ৰিয় হৈ আছে। কিন্তু তাৰ মাজতে জানিব বিচাৰিছো- কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ তালিকা কেতিয়া প্ৰকাশ কৰিব? আৰু কিমানখন আসন লাভ কৰাৰ সম্ভাৱনা আছে?

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈঃ মোৰ অনুমান অনুসৰি ১৫ মাৰ্চত চি ই চিৰ বহিব। তাৰ পিছৰ দিনাই ঘোষণা কৰা হ'ব। আমি ১৪খন আসনৰ বাবেই প্ৰাৰ্থী দিম। মোৰ হিচাপত আমি ১৪খনৰ ১০খন আসনে লাভ কৰিম।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ আপুনি অসমৰ ৰাজনীতিত আটাইতকৈ অভিজ্ঞ ৰাজনীতিবিদ বুলি এই সময়ত সকলোৱে কয়। আপুনিয়ে হয়তো একমাত্ৰ ৰাজনীতিবিদ, যিজনে 'হু ইজ বদৰুদ্দিন' বুলি প্ৰশ্ন কৰি নিৰ্বাচনত জয়ী হৈছিল। ১৯৭১চনত আপুনি যোৰহাটৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। আৰু পৰৱৰ্তী সময়ত ১৯৯১চনত আপুনি কলিয়াবৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। তাৰ পৰৱৰ্তী সময়ত আপুনি মুখ্যমন্ত্ৰী হয়। তাৰপাছত আপোনাৰ ভাতৃ দীপ গগৈয়ে সেই সমষ্টিৰ সাংসদ হৈছিল। আৰু বৰ্তমান আপোনাৰ পুত্ৰ গৌৰৱ গগৈয়ে সেই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। তাৰ মাজতে অভিযোগ উঠে যে- কলিয়াবৰ সমষ্টিত তৰুণ গগৈৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলিছে। এই সন্দৰ্ভত আপুনি কি ক'ব?

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈঃ মই টিকট দিলোৱেই যেনিবা। কিন্তু আজি ৰাইজে কিয় ভোট দিছে? মইয়ো হাৰিছো তাত। বৰঞ্চ দীপ গগৈহে জয়ী হৈ থাকিলে সদায়। মই সেই সময়ত কলিয়াবৰ সমষ্টিত দুবাৰ হাৰিলো। দীপ গগৈয়ে কিন্তু এবাৰো হৰা নাই। ৰাইজে তাৰমানে মোৰ কামো ভাল পালে বা তেওঁৰ কামো ভাল পালে। পৰিয়াল কেন্দ্ৰিক ৰাজনীতি এবাৰ হ'ব পাৰে। কিন্তু দ্বিতীয়বাৰ বা তৃতীয়বাৰ হ'ব নোৱাৰে নহয়। হয়, এ আই ইউ ডি এফ ২ লাখ ৩২ হাজাৰ ভোট লৈ গ'ল। তথাপি ক'ত জয়ী হ'ল? তাৰ পূৰ্বেও দীপ গগৈৰ বিপৰীতে ২ লাখ ভোট ছিৰাজুদ্দিনে লৈ গ'ল। কিন্তু জয়ী হ'ল কেনেকৈ তেওঁ? তাৰমানে ৰাইজৰ তেওঁৰ ওপৰত আস্থা আছে। মই হয় প্ৰথমবাৰ টিকট দিব পাৰো। সেইটো এডভান্টেজ নাই বুলি মই নকওঁ। গৌৰৱ গগৈয়ে মোৰ ল'ৰা হিচাবে নহয়, নিজৰ গুণ বা পাৰদৰ্শিতাৰ বাবে এক স্থান লাভ কৰিছে। গৌৰৱ গগৈয়ে চাকৰি কৰি আৰামত খাই থাকিব পাৰিলে হেঁতেন। তেওঁনো কিয় দৌৰি ফুৰিছে? ৰাইজৰ সেৱাৰ কাৰণে সেয়া কৰিছে। গতিকে তেনে ল'ৰা-ছোৱালীয়ে বাহিৰৰ পৰা পঢ়া-শুনা কৰি আহি নিজৰ ৰাইজৰ সেৱা কৰিলে উচতনি দিব নালাগে।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ তেজপুৰ সমষ্টিৰ কথা আপোনাৰ পৰা জানিব বিচাৰিছো। তেজপুৰ সমষ্টিত কংগ্ৰেছৰ হৈ প্ৰাৰ্থিত্ব কোনে পাব তাক লৈ যথেষ্ট চৰ্চা হৈছে। বিজেপিৰ পৰা হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থিত্ব লাভ কৰিব বুলি নিশ্চিত হৈছে। তাৰ বিপৰীতে এম জি ভি কে ভানুৱে কংগ্ৰেছৰ পৰা তেজপুৰত টিকট পাব বুলি চৰ্চা হৈছে। আৰু এনে খবৰো উলাইছে যে- ভানুক টিকট পোৱাত বাধা দিছে আপুনি। সেয়া সঁচা নেকি?

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈঃ এইটো ঠিক। মই পুৰণা মানুহক টিকট দিয়াটো বিচাৰো। মই ভানু অহাৰ বাবে আপত্তি কৰা নাই। আহিছে ভাল হৈছে। কাম কৰক। কিন্তু পুৰণা মানুহ এজনে টিকট পালে মই ভাল পাম।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ আপুনি এম জি ভি কে ভানুক কংগ্ৰেছত যোগদান কৰাকলৈও যথেষ্ট অসন্তুষ্ট আছিল। সেইটো কিমান সঁচা?

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈঃ নাই নাই যোগদান কৰাত আপত্তি নাই। সেইটো মিছা কথা। যোগ দিয়ক, কাম কৰক। ভৱিষ্যতে কিবা হ'ব হওঁক। কিন্তু মই ভাবো যিসকল পুৰণা সকলো ঠাইতে কাম কৰি আছে তেওঁলোকক গুৰুত্ব দিয়াটো বিচাৰো।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ ৫ বছৰত সাংসদ সকলৰ যি পুঁজি থাকে, সেই পুঁজিৰ ধন অসমৰ সাংসদসকলে কিমান শতাংশ ব্যয় কৰিছে তাৰ তালিকাখনত যদি আমি লক্ষ্য কৰো তেতিয়া দেখা পোৱা যায় যে গৰিষ্ঠ সংখ্যক সাংসদে তেওঁলোকৰ ধন ব্যৱহাৰ কৰিব পৰা নাই। আমাৰ ৰাজ্যখনত যথেষ্ট পিছ পৰা। উন্নয়নৰ বাবে এই পুঁজিৰ ধন ব্যৱহাৰ কৰাৰ যথেষ্ট থল আছিল। এই ক্ষেত্ৰত বিজেপি সাংসদসকলো ব্যৰ্থ হৈছে। ঠিক তেনেকৈ আপোনাৰ পুত্ৰ অৰ্থাৎ কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়েও ২৫ কোটিৰ ভিতৰত কেৱল ১৩.৭৯ কোটি টকা পুঁজিৰ ধনহে সমষ্টিটোৰ উন্নয়নৰ নামত ব্যয় কৰিব পাৰিলে। এয়া কিয় হ'বলৈ পালে?

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈঃ মই সেইটো বিশেষ নাজানো। ৰাজ্য চৰকাৰে আঁচনিবোৰ দিয়ে। কিয় নাই কৰা তেওঁক সুধিলে গম পাব…। অৰ্থাৎ বুজিব অসম চৰকাৰে যি ধৰণে কাম কৰিব লাগিছিল, সেই ধৰণে কৰা নাই।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ আপোনাৰ চৰকাৰৰ আমোলত এগৰাকী মন্ত্ৰীও আছিল তেতিয়া হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ বিৰুদ্ধে লুইছ বাৰ্জাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছিল। এনে অভিযোগো উঠিছিল যে- তেওঁক ৰক্ষণা-বেক্ষন দিয়াত আপোনাৰো ভূমিকা আছে। এতিয়া যদিও আপুনি তেওঁৰ বিৰুদ্ধে সৰৱ হৈছে, কিন্তু তেতিয়া তেওঁক ৰক্ষণা-বেক্ষন দিছিল কিয়?

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈঃ আমি ৰক্ষণা-বেক্ষন দিয়া নাই। মোৰ দিনতেই তেওঁৰ ঘৰত অভিযান চলাইছিলে। সাৰদা কেলেংকাৰীক লৈ মোৰ দিনতেইটো কৰিছে। মই তেতিয়া কেনেকৈ ৰক্ষণা-বেক্ষন দিছো? দিবও নোৱাৰো। মই কথা এটা কৈছো- তাৰপাছত লুইছ বাৰ্জাৰক লৈ তেতিয়া চি বি আইৰ তদন্ত বিচাৰিছিলো, এতিয়াও বিচাৰো। আৰু যদি ৰক্ষণা-বেক্ষন দিছো, তেন্তে ওলাই পৰিব নহয়…। যিজনক দুৰ্নীতি পৰায়ন বুলি অভিযোগ কৰিছিল, এতিয়া সেইজনে দেখোন তেওঁৰ সোঁহাত-বাওঁহাত। আনকি মোডী চকীদাৰে আজি কাক ল'লে? মোডী চকীদাৰে যিসকলৰ বিৰুদ্ধে অভিযোগ আনিছিল, যিসকলক চোৰ-ডকাইত বুলি কৈছিল, সেইসকলকে আকোৱালি লৈছে। আজি দলটো আজি ইমান ধনী ক'ত হ'ল? এই চোৰ-ডকাইতবোৰে টকা যদি তেওঁলোকক নিদিলে হেঁতেন ইমান পাৰ্টী ফাণ্ড ক'ৰ পৰা আহিলে হয়। আজি টকা-পইচাৰ ফালৰ পৰা ধনী কোন? সেয়েহে কৈছো- এইটো হ'ল ধনীৰ দালাল।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ  মই পূৰ্বেও কৈছিলো যে আপুনিয়ে একমাত্ৰ মানুহ যিজন মানুহে হু ইজ বদৰুদ্দিন বুলি কৈছিল। কিন্তু এতিয়া চৰ্চা হৈছে যে ভিতৰি ভিতৰি কংগ্ৰেছে এ আই ইউ ডি এফৰ লগত মিত্ৰতা কৰিব পাৰে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈঃ এতিয়ালৈকে এই কথাটো মোক কোনো লোকেই কোৱা নাই। আৰু মিত্ৰতা হ'ব বুলি মই নাভাবো এতিয়ালৈকে। মই যে সদায় ইয়াৰ বিৰোধী জানেই। তেওঁৰ আৰু বিজেপিৰ নীতিৰ মাজত কি পাৰ্থক্য আছে? বিজেপিয়ে হিন্দুত্বক লৈ ৰাজনীতি কৰিছে আৰু তেওঁলোকে মুছলমানক লৈ ৰাজনীতি কৰিছিল। সেয়েহে মই তেওঁৰ নীতিৰ বিৰুদ্ধে।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ আপুনি এগৰাকী প্ৰবীণ ৰাজনীতিবিদ। আপুনি এতিয়াও ইমান সক্ৰিয়। আপোনাৰ এই সক্ৰিয়তাৰ আঁৰত কোন? নাগৰিকত্ব সংশোধনী বিধেয়কে হওঁক বা ৰাজ্য আন সমস্যা হওঁক, প্ৰথম মাত মতা মানুহজন আপুনিয়ে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈঃ ইয়াৰ মূলৰ কৰা হৈছে, যেতিয়া কমিটমেন্ট ৰাইজৰ বাবে থাকে, ৰাইজক সেৱা কৰিবলৈ যেতিয়া মানুহ এজন প্ৰতিজ্ঞাবদ্ধ হয়, সেইটোৱে যেতিয়া তেওঁৰ মূলমন্ত্ৰ হয়, সেই মূলমন্ত্ৰটোৱে মোক শক্তি দিয়ে। সেই মূল মন্ত্ৰটোৱে মোক ডেকা কৰি ৰাখে। যেতিয়া ৰাইজৰ প্ৰতি কমিটমেন্ট হ'ব, ৰাইজক সেৱা কৰাটোৱে মূল মন্ত্ৰ হ'ব তেতিয়া ভগৱানেও আশীবাৰ্দ কৰিব বুলি মই ভাবো।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ বয়স হ'লে মানুহে অৱসৰ লয়। কিন্তু আপুনি ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ কোনো চিন ফুটি উঠা নাই।  ২০২১চনৰ নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা কৰাৰ কিবা সম্ভাৱনা আছে নেকি?

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈঃ হয় মই প্ৰতিদ্বন্দ্বিতা কৰিম। এতিয়াই মই অৱসৰ লোৱাৰ কথা ভবা নাই। এতিয়া মই আৰু সক্ৰিয় হ'বৰ বাবে চিন্তা কৰি আছো…।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ ধন্যবাদ গগৈ ডাঙৰীয়া।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈঃ ধন্যবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in