পলিটিক্স নকৰিবা বন্ধু…

পলিটিক্স নকৰিবা বন্ধু…

♦ মৃদুল কুমাৰ সন্দিকৈ

এটা গান। গানৰ কথাবোৰ কোনো গীতিকাৰৰ, কিন্তু ইয়াৰ ভাষাবোৰ অসমৰ ৰাইজৰ। চুবুৰীয়া ৰাজ্য পশ্চিমবংগত নচিকেতাই প্ৰায়ে গাই এনে গীত। সেই গীতবোৰৰ ভাষাই সাধাৰণ লোকৰ মন-প্ৰাণ চুই যায়। গীতৰ মাজত এনে প্ৰতিবাদৰ সুৰ আকৌ এবাৰ অসমত শুনা পোৱা গ'ল।

ইখনৰ পাছত সিখনকৈ ক'লা পতাকা উৰিছে। মুখ্যমন্ত্ৰী য'লৈ গৈছে, তাতেই ৰাইজ ক'লা পতাকা লৈ ৰৈ আছে। হাতত জুই শিখা লৈ ৰাইজে ৰাজপথত আজিও চিঞৰিছে- 'খবৰদাৰ! নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক'। যিসকলে এই বিধেয়কৰ হৈ ওকালতি কৰিছে, তেওঁলোক ৰাইজৰ ৰোষৰ সন্মুখীন হৈছে। মৰিগাঁৱত মুখ্যমন্ত্ৰীক ১৯ জানুৱাৰী, ২০১৯ত ৰাইজে ক'লা পতাকা দেখুৱাই গ' বেক ধ্বনি দিলে। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ কনভয় আগুচি কলিয়াবৰত ক'লা পতাকা দেখুৱালে।

এইবোৰ কি ৰাইজৰ কম ক্ষোভৰ বহিঃপ্ৰকাশ! অসম আন্দোলনৰ সময়ৰ সেই পৰিৱেশ আজি ঘূৰি আহিছে। সেই সময়ত একেই অৱস্থা হৈছিল কংগ্ৰেছৰ। আজি তেনে অৱস্থা বিজেপিৰ। মৰাণত বিজেপি নেতাক আগুচি ৰাইজে বাট ভেটা দিছে। এয়া ৰাইজে কিয় কৰিছে? সেই কথা আজিও বুজিও নুবুজা ভাও ধৰিছে শাসকীয় বিজেপিৰ নেতৃত্বই।

ইমান প্ৰতিবাদৰ পাছতো ৰাইজৰ কথা নুশুনিলে, কেনেদৰে ক'লে তেওঁলোকে বুজি পোৱা ৰাইজৰ মনৰ কথা। কিয় বুজি পোৱা নাই এয়া যে কোনো নিৰ্দিষ্ট দল-সংগঠনৰ নহয়, ৰাইজৰ কথা- 'নালাগে আমাক নাগৰিকত্ব সংশোধনী বিধেয়ক, নালাগে আমাক বিদেশীৰ বোজা'।

অসম আৰু অসমীয়াক নিঃশেষ কৰাৰ দিল্লীৰ ষড়যন্ত্ৰ এদিন কৰিছিল নেহৰুৱেও। তেতিয়া নেহৰু, পেটেলৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাইছিল গোপীনাথ বৰদলৈয়ে। সেই ইতিহাস এতিয়া ৰাইজে সোঁৱৰে। হিন্দু শৰণাৰ্থীক সংস্থাপন দিবলৈ দিয়া নিৰ্দেশক মানি ল'ব পৰা নাছিল গোপীনাথ বৰদলৈয়ে। ১৯৪৯চনৰ ১৮ মে'ত গোপীনাথ বৰদলৈ লৈ এখন পত্ৰ প্ৰেৰণ কৰি নেহৰুৱে লিখিছিল- অসমত কম বসতি থকা অঞ্চলত হিন্দু শৰণাৰ্থী সংস্থাপন কৰিব লাগে। সেই কথা মানি লোৱা নাছিল গোপীনাথ বৰদলৈয়ে। ইতিমধ্যে বহু লাখ হিন্দু শৰণাৰ্থীৰ বোজা গ্ৰহণ কৰা অসমে আৰু বোজা ল'ব নোৱাৰে জনাই দিছিল দিল্লীক। যুক্তিগতভাৱে সেই কথা দিল্লীক বুজাই এক দৃঢ় স্থিতি লৈছিল বৰদলৈয়ে।

অসম চৰকাৰৰ এই স্থিতিত দিল্লীয়ে হিন্দু শৰণাৰ্থীসকলক চাহ বাগানৰ মাটিত সংস্থাপনৰ চেষ্টা কৰিছিল। বিষ্ণুৰাম মেধিয়ে সেই প্ৰচেষ্টা বিফল কৰিছিল। চাহ বাগানৰ মাটি হিন্দু শৰণাৰ্থীক দিয়া সলনি অসমৰ ভূমিহীন কৃষকক দিবলৈ কৈছিল তেওঁ। যাৰবাবে বিষ্ণুৰাম মেধিক ঠেক মনৰ সংকীৰ্ণ ব্যক্তি বুলি আখ্যা দিছিল বল্লভ ভাই পেটেলে। এই ইতিহাস আকৌ এবাৰ উলিয়াই পঢ়ক আমাৰ এতিয়াৰ মুখ্যমন্ত্ৰীয়ে।

ৰাজপথৰ প্ৰতিবাদেই কেৱল প্ৰতিবাদ নহয়। এইবাৰ গানতো প্ৰতিবাদৰ সুৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জুবিন গাৰ্গে গোৱা এটা গীতক লৈ চৰ্চা হৈছে।

'পলিটিক্স নকৰিবা বন্ধু

পলিটিক্স নকৰিবা বন্ধু

দুবেলাৰ দুসাজ ভাত

খুটি-খাটি খাওঁ

পলিটিক্স নকৰিবা বন্ধু…'

'মন্ত্ৰী-এমএলএ সব পাপৰহে মাত্ৰ

দেখিবলৈ খাদ্য

আচলতে শব্দ…'

এই প্ৰতিবাদ, অন্য এক প্ৰতিবাদ। আৰু আছে এনে প্ৰতিবাদী ভাষাৰে শাসক শ্ৰেণীক জগাই তোলা শব্দ। ক্ষমতাৰ জোঁৱাৰত মুগ্ধ হৈ  জাগ্ৰত জনতাক পথভস্ত নকৰিবলৈ সকীয়াই দিছে গীতটোত। গীতটোত মূল কথা হ'ল অসমৰ ৰাইজক লৈ, অসমক লৈ ৰাজনীতি কৰিব নালাগে।

অসম আৰু অসমীয়াৰ গাত বিপ্লৱৰ তেজ আছে। স্বাধীনতা আন্দোলনৰ কালত তেনে বহু গীত অসমৰ ৰাইজে গাইছিল। জ্যোতি প্ৰসাদৰ সেই গীতবোৰ যেনে-

জাগা জননীৰ সন্তান

জাগা শক্তিমান জাগা মাতৃপ্ৰাণ

মৃত্যুক গচকি আনা জয় জিনি

কৰি দুৰ্জয় অভিযান…

একেদৰে জ্যোতিপ্ৰসাদেই লিখিছিল-

'কোন ক'ত আছ

আহ অ' ডেকা ল'ৰা

তই সন্মুখত হ' থিয়

মাতৃপূজাৰ ভাগ ল'বলৈ

বেলি কৰ কিয়?'

নতুন প্ৰজন্মক সাজু হোৱাৰ আহ্বানেৰে ৰূপ কোঁৱৰে লিখা সেই প্ৰতিবাদী গীতবোৰৰ কথাই আজি মনত পৰিছে। ইমানৰ পাছতো দিল্লীৰ কাণসাৰ নাই। নহ'লে গাব লাগিব- 'সাজু হ' সাজু হ' নৱ জোৱান/তই কৰিব লাগিব অগ্নিস্থান/জীৱন যৌৱন/কৰি প্ৰাণপণ/ৰাঙলী কৰি দে ৰণাঙ্গন…'

প্ৰতিবাদৰ এই ধ্বনি আৰু বজ্ৰৰ কন্ঠ যদি চৰকাৰে নুশুনে, তেন্তে ডবা-শংখ বাজিব। লোহাৰ শিলেৰে বান্ধি লোৱা অসমীয়াৰ মন কোনো শক্তিয়েই দমাব নোৱাৰিব।বজ্ৰ কণ্ঠে অসমীয়াক জাগ্ৰত কৰি বুকুৰ তেজেৰে জাতি-মাটি-ভেটি ৰক্ষা কৰিবলৈ সাজু হোৱা এই প্ৰতিবাদী সত্তাক ৰোধিবলৈ কাৰো শক্তি নাই।

আমাৰ ভৱিষ্যৎ কোনোবাই কাঢ়ি নিব বিচাৰিলে তেওঁক বাধা দিয়াতো কৰ্তব্য বুলিয়েই ৰাইজ ওলাই আহিছে। ৰাজপথৰ লগতে গানৰ জৰিয়তেও প্ৰতিবাদ হৈছে। অসমীয়াৰ মন আৰু প্ৰাণত এতিয়া বিষাদৰ কৰুণ গাঁথা। এই জাগ্ৰত মনত আছে অসম আৰু অসমীয়াৰ প্ৰতি ভালপোৱা। সেয়েহে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ওলাই আহিছে সকলো।

গানে কি আনে? গানে সকলো আনিব পাৰে। গানে যেনেকৈ কাৰোবাক মনোৰঞ্জন কৰিব পাৰে, একেদৰে গানে মানুহৰ মন বজ্ৰ কঠোৰ কৰিব তুলিব পাৰে। ফেচিবাদী সকলৰ বিৰুদ্ধে গানে হাতুৰিৰে ভাঙিব নোৱাৰা দেৱাল সৃষ্টি কৰিব পাৰে। কাৰোবাৰ কণ্ঠত যদি গানে প্ৰতিবাদ জাগি তোলে, তেন্তে সেই প্ৰতিবাদৰ জুই সহজতে নিৰ্বাপিত নহয়। এইবোৰ কথা এতিয়া বুজিবৰ হ'ল।

সেয়েহে 'পলিটিক্স নকৰিবা বন্ধু' গীতটিত লিখা কথাখিনি বহুজনে উপলব্ধি কৰিছে-

'জাতি-মাটি-ভেটি আৰু প্ৰগতি

জাতি-জনগোষ্ঠীক আছ' লুটি-পুতি

মন্দিৰ-মছজিদ সেৱা কৰি লাভ নাই

সেইজন সন্মুখতে হাঁহি মাৰি হাৰি যায়…

পলিটিক্স নকৰিবা বন্ধু

পলিটিক্স নকৰিবা বন্ধু'

নিজ জাতি আৰু মাটিক লৈ কিয় ৰাজনীতি? কিয় বিভ্ৰান্তিত পেলোৱা হৈছে ৰাজ্যক। কি হ'ব ইয়াৰ পৰা? হে জনতা তুমি প্ৰথম, কিন্তু এতিয়া হে নেতা তুমি জনতাক নহয়, হিন্দু বাংলাদেশীক কিয় প্ৰথম বুলি ধৰি লৈছা। কি অপশক্তিয়ে তোমালোকক নিজ জাতিৰ প্ৰতি বিশ্বাসঘাটক কৰিবলৈ উৎসাহিত কৰিছে? ক'ত হেৰাল সততা আৰু পবিত্ৰতাৰে নিজ মাতৃক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি?

তোমালোকৰ এই দুষ্কৃতিকাৰী মনোভাৱ দেখি কিয় জাগি নুঠিব ৰাইজ? ৰাইজৰ হাতত আছে মুঠি। এনে সহস্ৰ ৰাইজৰ সেই মুঠিয়েই এতিয়া প্ৰবল শক্তি। এই মুঠিৰেই জগত জিনিব পাৰি। কুট-কৌশল আঁতৰাই পেলাব পাৰি। সেয়েতো ৰাইজে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। ধুবুৰীৰ পৰা শদিয়ালৈকে ৰাইজ ওলাই আহিছে।

অসমীয়া জাতি আৰু অসমক ৰক্ষা কৰাৰ বাবে হিন্দু বাংলাদেশী অনাৰ যুক্তি ৰাইজে বিচাৰি পোৱা নাই। ৰাইজে এই যুক্তিত কেৱল বিশ্বাসঘাটকতাৰ স্বৰূপ দেখিছে। সেয়েহে সকলোৱে নিজ নিজ ধৰণে প্ৰতিবাদ কৰিছে।জীৱনত বহু গীত গোৱা গায়কজনেও হঠাৎ এই গীতৰ মাধ্যমক প্ৰতিবাদৰ মঞ্চ কৰি লৈছে। কাৰণ সন্মুখত আন্ধাৰ দেখিছে।

এতিয়া নৰকৰ জুই জ্বলিছে। দিনে-ৰাতিয়ে ৰাইজে কোনোবাই জ্বলাই দিয়া সেই নৰকৰ জুই দেখি উচুপি উঠিছে। আৰু তাত উজ্বলি উঠিছে এচাম ৰাজনীতিবিদ। তেওঁলোকৰ বাবে হেনো সেয়া ভৱিষ্যতৰ জোনৰ পোহৰ। কিন্তু অসমীয়া ৰাইজে কৈছে এই জুয়ে পোহৰ দিব নোৱাৰে, এই জুয়ে আমাক পুৰি চাৰখাৰ কৰিব। এই জুই নৰকৰ জুই। আৰু সেয়ে আজি গাইছে 'পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু…'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in