নাপালে ট্ৰফী…

নাপালে ট্ৰফী…

ৰাজৰ্ষি চহৰীয়া

ভাৰতবাসীৰ সপোন পূৰণ নহ'ল। টি-২০ বিশ্বকাপৰ দৌৰৰ পৰা বাহিৰ হ'বলগীয়া হ'ল কোহলী বাহিনী। বহু আশা কৰা হৈছিল বিশ্বকাপ আৰম্ভ হোৱা পূৰ্বে যে এইবাৰ ভাৰতে টুৰ্নামেন্টৰ ট্ৰফী হাতত লৈ জয়ৰ ধ্বজ্জা উৰুৱাই ঘূৰি আহিব স্বদেশলৈ। কিন্তু তেনে নহ'ল। খেলত জয়-পৰাজয় সকলো থাকেই। এয়া কোনো নতুন কথা নহয়। কিন্তু এইবাৰৰ টি-২০ বিশ্বকাপত প্রথমখন মেচৰ পৰাই ভাৰতীয় ক্ৰিকেট দলটোৱে শক্তিশালী খেল প্ৰদৰ্শন কৰিব পৰা নাই। বিশ্বকাপৰ পৰা ভাৰত বাহিৰ হোৱাৰ পাছৰে পৰা অধিনায়ক বিৰাট কোহলীৰ ওপৰত বহুতে প্ৰশ্ন কৰিছে। লগতে ভাৰতীয় ক্ৰিকেট কন্ট্ৰল বৰ্ড চমুকৈ বিচিচিআইৰ নীতিসমূহৰ ওপৰতো আঙুলি উঠাইছে বহু লোকে।

অধিনায়ক বিৰাট কোহলী আৰু বেটছমেন ৰোহিত শৰ্মাই নিজেই যোৱা ৭ মাহৰ পৰা কোনো আন্তৰাষ্ট্ৰীয় টি-২০ মেচ খেলা নাছিল। তাৰপাছতো তেওঁলোকক দলত অন্তৰ্ভুক্ত কৰা হয়। তাৰোপৰি বিশ্বকাপত প্ৰায় প্ৰতিটো ক্ৰিকেট দলেই লেগ স্পিনাৰক খেলিবলৈ দিয়া হৈছিল, কিন্তু ভাৰতীয় ক্ৰিকেট দলে ৰাহুল চাহৰক লৈ গ'ল যদিও কেৱল পেভেলিয়ন আৰু বেঞ্চত বহুৱাইহে ৰাখিলে। তদুপৰি অতি ভাল ফ'ৰ্মত থকা য়ুজবেন্দ্ৰ চহলকো দলটোৰ ১১জন খেলুৱৈৰ ভিতৰত লোৱা নহ'ল।

বলিঙৰ প্ৰশিক্ষক ভৰত অৰুণে দেওবাৰে কয় যে আইপিএল আৰু বিশ্বকাপৰ মাজৰ সময়চোৱাত খেলুৱৈসকলে ভালদৰে আৰাম অৰ্থাৎ জিৰণি ল'বলৈ সুবিধা নাপালে। আৰু তেওঁৰ কথা সত্যই প্ৰমাণিত হ'ল। হয়তে শাৰীৰিক বিশ্ৰাম লাভ নকৰাৰ বাবেই টুৰ্নামেন্ট আৰম্ভ হোৱাৰে পূৰ্বৰ পৰা তেওঁলোকক ভাগৰুৱা হৈ থকা পৰিলক্ষিত হৈছিল। আৰু প্ৰথমখন মেচ আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় খেলুৱৈসকলৰ দেহৰ ভংগীমা দেখিয়েই সেই কথা স্পষ্ট হৈ পৰিছিল।

টি-২০ বিশ্বকাপত আফগানিস্তান আৰু স্ক'টলেণ্ডৰ বাহিৰে বাকী কেইখন মেচত ভাৰতীয় বলাৰসকলক উপায়হীন যেন লাগিল। ইফালে, প্ৰশ্ন হৈছে যে লেগ স্পিনাৰক কিয় খেলিবলৈ দিয়া নহ'ল? আইপিএল আৰম্ভ হোৱাৰ পূৰ্বে য়ুজবেন্দ্ৰ চহল ফৰ্মত নাছিল। অৱশ্যে আইপিএলত তেওঁ খেল বহুত ভাল খেল খেলে। তাৰপাছতো ভাৰতীয় ক্ৰিকেট দলৰ ১১জন খেলুৱৈৰ তালিকাত তেওঁক অন্তৰ্ভুক্ত কৰা নহ'ল।

উল্লেখযোগ্য যে, শ্ৰীলংকাৰ বানিন্দু হছাৰংগা (১৬ টা উইকেট) আৰু বাংলাদেশৰ ছকিব অল হাছন (১১টা উইকেট)ক যদি বাদ দিয়া যায় তেন্তে বাকী বেছিভাগ উইকেট লৈছে যদি সেয়া হৈছে স্পিনাৰ্ছ।  অষ্ট্ৰেলিয়াৰ লেগ স্পিনাৰ এডম জাম্পাই ১১টা উইকেট, ইংলেণ্ডৰ আদিল ৰছিদে ৮টা উইকেট আৰু আফগানিস্তানৰ ৰাশ্বিদ খানে ৮টা উইকেট লৈ শীৰ্ষ স্পিনাৰৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে।

বিশ্বকাপৰ পূৰ্বে মাত্ৰ তিনিটা টি-২০ ছিৰিজ খেলিছিল টীম ইণ্ডিয়াই। আইপিএলক যদি বাদ দিয়া যায় তেন্তে চলিত বৰ্ষত ভাৰতীয় ক্ৰিকেট দলে মাত্ৰ তিনিখন টি-২০ ছিৰিজ খেলিছে। গতিকে বহুতে প্ৰশ্ন কৰিছে যে ভাৰতীয় খেলুৱৈসকলৰ এই বিশ্বকাপৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছিলনে? তদুপৰি ৱাৰ্মআপ মেচৰ দ্বাৰা কোহলীয়ে বুজিব নোৱাৰিলে যে তেওঁৰ দলটো শক্তিশালী হয় নে নহয়।

কোহলী আৰু বিচিচিআইয়ে যদি নিজৰ দলটো শক্তিশালী হয় নে নহয় অথবা ফ'ৰ্মত আছে নে নাই নাজানেই তেন্তে বিশ্বকাপত ভাল খেল খেলিব নে নেখেলে এই কথা কেনেকৈ জানিব? বিশ্বকাপৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰস্তুতি সম্পূৰ্ণ নাছিল যে সেই কথা বুজি পায়। যাৰ বাবে এম এছ ধোনীক মেন্টৰ হিচাপে দলটোত অন্তৰ্ভুক্ত কৰিবলগীয়াত পৰে বিচিচিআইয়ে।

ভাৰতীয় ক্ৰিকেট দলটোক ছ'চিয়েল মিডিয়াত বহু লোকে সমালোচনাও কৰিছে এই বিষয়ত। কিয়নো আফগানিস্তানে নিউজিলেণ্ডৰ খেলা মেচখনত যদি জয়ী হ'লহেঁতেন তেন্তে ভাৰতে বিশ্বকাপত খেলি থকাৰ এক আশা আছিল। যাৰ বাবে ছ'চিয়েল মিডিয়াত মিম বনোৱা দেখা গৈছিল যে ভাৰতে আফগানিস্তানক ভালকৈ খেলিবলৈ অনুৰোধ জনাইছে। কিন্তু সেইখন মেচতো আফগানিস্তান পৰাস্ত হ'ল। যাৰ বাবে টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ'বলগীয়া হ'ল ভাৰত। ভাৰতে এইবাৰৰ বিশ্বকাপৰ হয়তো বহু কথা বুজিলে। আৰু আগন্তুক মেচসমূহত এনে ভুলৰ পৰা শিক্ষা লৈ নিজক অধিক শক্তিশালী কৰি জয়ী হোৱাৰ পথত আগবাঢ়িব বুলি আশা কৰিছে প্ৰতিগৰাকী ভাৰতীয়ই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in