আদৰ্শ হওঁক মিকাছ মুছাহাৰী, লকডাউনৰ ৪ মাহতে আয় ১.২০ কোটি…

আদৰ্শ হওঁক মিকাছ মুছাহাৰী, লকডাউনৰ ৪ মাহতে আয় ১.২০ কোটি…

মৃদুল কুমাৰ সন্দিকৈ

যুৱকজনৰ নাম মিকাছ মুছাহাৰী। লকডাউনৰ এই সময়চোৱাত তেওঁৰ উপাৰ্জন ১ কোটি ২০ লাখৰো অধিক। কেনেকৈ তেওঁ উপাৰ্জন কৰিলে এই বৃহৎ পৰিমানৰ ধন? এয়া সপোন নহয়। দুহাতৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ ফল।

লটাৰী টিকটত জয়ী হৈ মিকাছ মুছাহাৰী ৰাতি ভিতৰতে কোটি পতি হৈ পৰা নাই। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ বাজুগাঁৱত ঘৰ এইজন পৰিশ্ৰমী তথা কোটিপতি যুৱকৰ। গাঁৱৰ প্ৰাথমিক বিদ্যালয়তে প্ৰাথমিক শিক্ষা শাম কৰাৰ পাছত গাঁৱৰে হাইস্কুলত তেওঁ হাইস্কুল শিক্ষা গ্ৰহণ কৰিছিল।

ঘৰৰ আৰ্থিক দুৰাৱস্থাৰ বাবে মিকাছে পঢ়া-শুনা বেছি কৰিব নোৱাৰিলে। মিকাছৰ ভাষাত- 'আমাৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া আছিল। হায়াৰ ছেকেণ্ডাৰীলৈকে পঢ়িছিলো যদিও পাছ কৰিব নোৱাৰিলো। তাৰপাছতে মই কাম বন বিচাৰি ইটো সিটো কামত হাত দিছিলো।'

শেহতীয়াকৈ মিকাছে লৈছে এখন বিলাসী গাড়ী। ছিয়াজ এই গাড়ীখনৰ বাবে মিকাছে ব্যয় কৰিছে প্ৰায় ১৪ লাখ টকা। পূৰ্বতে এখন চাইকেলৰ বাবে চিন্তা কৰা মিকাছ এতিয়া বিলাসী গাড়ীৰ মালিক। কি যাদুৰ ফলত মিকাছ হঠাৎ এনেদৰে প্ৰতিষ্ঠিত হ'ল?

নতুনকৈ ক্ৰয় কৰা ছিয়াজ খনৰ সৈতে মিকাছ…

মিকাছে ভালদৰে বুজিছিল চাকৰি বিচাৰি আৰু লাভ নাই। সেয়েহে ঘৰৰ ওচৰতে থকা সোণকোষ নদীৰ পাৰত থকা অব্যৱহৃত মাটীবোৰক লৈ কিবা এটা কৰাৰ সপোন দেখিছিল। ১০ বছৰ আগতেই মিকাছে আৰম্ভ কৰিছিল তেনে কিছু মাটিত কলৰ খেতি।

ওচৰৰ এজন লোকৰ পৰা তেওঁ আনিছিল কলগছৰ পুলি। কিন্তু ৰোগীয়া কলগছৰ পুলিবোৰে ভাল ফল নিদিলে। সেয়েহে লাভৰ সলনি লোকচানৰ মুখ দেখিলে এই যুৱকজনে। কিন্তু তেওঁ হাৰ মনা বিধৰ নাছিল। কঠোৰ পৰিশ্ৰম কৰিব পৰা মিকাছে লীজত ল'লে প্ৰায় ২০০ বিঘা মাটি।

মিকাছ মুছাহাৰীৰ কল বাগানখন…

এই মাটিতেই বীৰণ মুছাহাৰী নামৰ আন এজন লোকক লগত লৈ তেওঁ উন্নত প্ৰজাতিৰ কলগছৰ পুলি ৰূলে। এনেকৈ আৰম্ভ কৰিলে মিকাছে এক সেউজ বিপ্লৱৰ। এইবাৰ লকডাউনত মিকাছৰ যথেষ্ট চিন্তা হৈছিল। কিয়নো তেওঁৰ কল বাগানত থকা কলবোৰ ইতিমধ্যে পুৰঠ হৈ উঠিছিল।

কলবোৰ ক'ত বিক্ৰী কৰিব তাক লৈ চিন্তা হৈছিল মিকাছৰ। তেওঁ কৈছিল- 'লকডাউন দিয়াৰ লগে লগে কলবোৰ ক'ত বিক্ৰী কৰিম তাক লৈ বৰ সমস্যাত পৰিছিলো। কল নিয়া গাড়ীবোৰো যাব নোখোজে কল লৈ। কিবা কিবিকৈ মেনেজ কৰিছিলো গাড়ী।'

দিনটোৰ অধিক সময় ব্যস্ত থাকে কল বাগানতে…

ৰমজানৰ পূৰ্বে কলৰ এখন ভাল বজাৰ হয়। বজাৰত কলৰ বিক্ৰী বৃদ্ধি পায় । সেই সুযোগ মিকাছে এৰি দিব নোখোজিলে। প্ৰতিদিনাই নতুন নতুন গাড়ীৰ সন্ধান কৰি গুৱাহাটী, গোৱালপাৰা, ধুবুৰী আৰু পশ্চিমবংগলৈ কল সমূহ নিয়াৰ ব্যৱস্থা কৰিলে। সন্ধিয়া ৭ বজাত কলৰ গাড়ী লৈ ঘৰৰ পৰা ওলোৱা মিকাছ ঘূৰি আহে পিছদিনা পুৱা বা দুপৰীয়া।

মিকাছে জানিবলৈ দিয়া মতে, এই লকডাউনৰ সময়তে তেওঁ প্ৰায় ৪৫ হাজাৰ থোক কল বিক্ৰী কৰিলে তেওঁৰ কল বাগানৰ পৰা। মুলতঃ মালভোগ আৰু জাহাজী কলেই আছিল তেওঁৰ বাগানখনত। এতিয়া অৱশ্যে তেওঁৰ কলবাগানত কল নাই।

উৎপাদন হোৱা প্ৰতি থোপা কল তেওঁ অতি কষ্ট কৰি বিক্ৰী কৰিবলৈ সক্ষম হৈছে। অৱশ্যে বাটত কল পৰিবহন কৰোতে বহু সমস্যাৰে সন্মুখীন হৈছিল। সেই প্ৰত্যাহ্বানবোৰ তেওঁ গ্ৰহণ কৰি যিকোনো প্ৰকাৰে কল সমূহ বিক্ৰী কৰিবলৈ লকডাউনৰ সময়চোৱাত ভাবিব নোৱাৰা ধৰণে সতীৰ্থ জনৰ সৈতে কষ্ট কৰিব লগা হৈছিল।

এনেদৰে দৈনিক কেইবাখনো গাড়ীৰে বজাৰলৈ কঢ়িয়াইছিল কল…

সৰুকৈ এটা ব্যৱসায়ৰে কৰ্ম জীৱন আৰম্ভ কৰা মিকাছ এতিয়া সেই অঞ্চলটোৰে নহয়, ৰাজ্যৰ এজন আদৰ্শ কল খেতিয়ক। তেওঁৰ পিতৃ আছিল সাধাৰণ এজন ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰী। তাৰ পৰা জীৱনত উন্নতিৰ বাট কাটিলে এই যুৱকজনে।

নিজৰ একাগ্ৰতাৰ বলতে এতিয়া নতুনকৈ মিকাছে আৰু ১০০ বিঘা মাটিত কল লগাইছে। ২০জনকৈ কৰ্মচাৰীয়ে প্ৰতিদিনাই তেওঁৰ কল বাগানত কাম কৰে। দৈনিক এই কৰ্মচাৰীসকলক দিব লগা হয় আঢ়ৈশৰ পৰা তিনিশ টকাকৈ হাজিৰা।

লকডাউনৰ সময়চোৱাত প্ৰতি থোক কলত ২৫০-৩০০ টকা দৰত উৎপাদিত কল বিক্ৰী কৰিছিল মিকাছে। সেই হিচাবত এই সময়চোৱাত অৰ্থাৎ ৪ মাহত মিকাছে আয় কৰিছিল ৩০০x৪৫,০০০= ১,৩৫,০০,০০০ টকা। অৰ্থাৎ ১ কোটি ৩৫ লাখ টকা উপাৰ্জন কৰিলে এই খেতিয়কগৰাকীয়ে।

অমায়িক আৰু পৰিশ্ৰমী মিকাছে ক'লে- এই সময়চোৱাত তেওঁ কল বিক্ৰী কৰি ৬০ লাখ মান টকা হাতত ৰ'ল। কিয়নো পৰিবহন, শ্ৰমিকৰ ব্যয় যথেষ্ট হ'ল । কৃষি বিভাগৰ পৰা এই কল খেতিয়কজনে পাব লগা সহায়-সহযোগ পোৱা নাছিল।

তেওঁৰ ভাষাত- 'কৃষি বিভাগৰ মানুহ আহে। পানীৰ বাবে দুই এক ব্যৱস্থা কৰি দিছিল। ইয়াৰ বাহিৰে বেলেগ সহায় প্ৰয়োজনো হোৱা নাছিল। কেতিয়াবা কল নিবলৈ গাড়ীৰ অভাৱত বৰ চিন্তাত পৰিব লগা হৈছিল। লকডাউনৰ বাবেই কল পৰিবহন কৰা ডি আই বাহনবোৰ নোযোৱাত উচ্চ হাৰত ভাড়া দি এই গাড়ীবোৰ নিব লগা হৈছিল।'

https://youtu.be/bD-TBEKkbZY

পশ্চিমবংগলৈকেও নিছিল তেওঁৰ কল । ৰমজানৰ সময়চোৱাত বৰ ভাল বজাৰ আছিল। তেতিয়া ট্ৰাকতো নিব লগা হৈছিল কল। এখন ট্ৰাকত ১০০০ থোকলৈকে কল নিব পাৰি। সৰু সৰু বাহনবোৰতো ৩০০-৪০০ থোক যায়। দিনটোত ৪-৫ বাৰলৈকে তেওঁৰ কল বাগানৰ পৰা কল নিব লগা হৈছিল এই সময়চোৱাত।

কল পৰিবহন কৰা সময়ত বাটত আন বহু প্ৰত্যাহ্বান আহিছিল। সেইবোৰ কথা এতিয়া মিকাছে মনত পেলাব নোখোজে। কৃষক ৰূপে তেওঁ প্ৰতিষ্ঠা হোৱাৰ মুল মন্ত্ৰ পৰিশ্ৰম আৰু একাগ্ৰতাই বুলি ভাবে। নতুনকৈ তেওঁ ১০০ বিঘা মাটিত আকৌ কল খেতি কৰিছে।

পঞ্জাৱৰ খেতিয়কসকলে খেতি কৰি বিলাসী বাহন চলোৱাৰ লগতে সমাজত প্ৰতিষ্ঠিত হয় বুলি মানুহৰ মনত এক ধাৰণা আছে। সেয়া অসমতো যে সম্ভৱ এই কথা মিকাছ আৰু বীৰণে প্ৰমাণ কৰিলে। কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ মাজতে ৰাজ্যবাসীৰ বাবে এয়া এক সুখবৰ। আৰু মিকাছ আন নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আদৰ্শৰ প্ৰতীক হৈ পৰিছে।

কল খেতিয়ৰ জৰিয়তে আন ২০জনকো দিছে কৰ্মসংস্থাপন…

কল খেতি কৰি কোটি পতি হোৱা মিকাছে এবাৰেই কৃষি বিষয়ক প্রশিক্ষণত যোগ দিছিল। সেয়া আছিল মাকৈ খেতি কেনেদৰে কৰিব লাগে। কিন্তু পানীৰ বাবে মাকৈ খেতি কৰাত অসুবিধা হোৱাত মিকাছে কল খেতিতেই মনোনিবেশ কৰিলে। আৰু আজি মিকাছৰ সেই পৰিশ্ৰম সাৰ্থক হৈছে।

ৰাজ্যত আছে কলৰ এক বৃহৎ বজাৰ। সেই কথা জানে মিকাছে। নিজৰ লগতে আন ২০জনকো কৰ্মসংস্থাপনৰ সুবিধা দিছে এইজন আদৰ্শ খেতিয়কে। প্ৰতি বিঘা মাটিত ৩০০-৩৫০ কল গছ লগাইছিল এই কৃষকগৰাকীয়ে। দিনটোৰ অধিক সময় তেওঁ কল খেতিতে ব্যয় কৰে। ঘৰত তেওঁৰ মাক-দেউতাকৰ লগতে আছে এজন ককায়েক। এদিন কৰ্মহীন হৈ থকা এইজন যুৱকে এতিয়া পৰিশ্ৰমৰ জৰিয়তে নিজেই লিখিলে নিজৰ ভাগ্য আৰু সকলোৰে বাবে হৈ পৰিছে আদৰ্শ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in