উত্তৰ নাই! ফলাফল হ’ব কি…

উত্তৰ নাই! ফলাফল হ’ব কি…

কোৰোনাৰ হাতোৰা পৰিল ছাত্ৰ-ছাত্ৰীৰ ওপৰতো। অসমত কোভিডৰ সংক্ৰমণ আৰু পৰীক্ষাৰ্থীৰ জীৱনৰ প্ৰতি দৃষ্টি ৰাখি বাতিল কৰিব লগীয়া হ'ল পৰীক্ষা। কিন্তু এতিয়া চিন্তাৰ ফলাফলৰ। কি হ'ব ফলাফল? কেনেকৈ নিৰ্ধাৰণ কৰা হ'ব নম্বৰ? দেশৰ ভৱিষ্যতৰ আছে কথা। সকলোবোৰ সামৰি অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ ৰাজৰ্ষি চহৰীয়াৰ এক বিশেষ প্ৰতিবেদন।

'মেধাৱী ছাত্ৰ এজন পিতৃক ক'লে – দেউতা মই ডাক্টৰ হ'ব বিচাৰো। পিতৃয়ে সুধিলে- ডাক্টৰ হৈ তুমি কি কৰিবা? তেতিয়া ছাত্ৰজনে ক'লে- দেউতা মই ডাক্টৰ হৈ কোৰোনাৰ প্ৰতিষেধক বনাম। তেতিয়া পিতৃয়ে কয়- না বাবা, যাৰ বাবে তই আজি পৰীক্ষা পাছ কৰিলি সেই কোৰোনাৰ বাবে এনেকৈ ভাবিব নাপায়।'- এইটো এটা হাস্যকৰ কৌতুক (মিম), যি খুবেই ভাইৰেল হৈছে বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত।

এই ধৰণৰ পোষ্টবোৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ কাৰণো নথকা নহয়। প্রথমে পৰীক্ষা হ'ব বুলি কোৱাৰ পাছত পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লয়। আৰু বৰ্তমান সময়ত উচ্চস্তৰীয় কমিটীৰ বৈঠকত এই পৰীক্ষাৰ বাবে অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীসকলক কি পদ্ধতিত নম্বৰ দিয়া হ'ব সেই সন্দৰ্ভতো আলোচনাৰ অন্ত পৰা নাই।

উল্লেখযোগ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলক কি পদ্ধতিত নম্বৰ দিয়া হ'ব তাৰ মূল্যাংকনৰ বাবে গঠন কৰি দিয়া হৈছে দুখন কমিটী। এই দুয়োখন কমিটীত আছে ৯জনকৈ সদস্য। ২৪ জুন, ২০২১ অৰ্থাৎ বৃহস্পতিবাৰে ছেবাৰ কাৰ্যালয়ত এই কমিটীৰ দ্বিতীয়খন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। পুৱা ১১ বজাৰ পৰা এই বৈঠকখন প্ৰায় ৫ বজাত অন্ত পৰে। কিন্তু এই বৈঠকতো নম্বৰৰ মূল্যাংকনৰ সন্দৰ্ভত সম্পূৰ্ণভাৱে কোনো সিদ্ধান্ত চূড়ান্তকৈ লোৱা হোৱা নাই।

তাৰ মাজতে কেতবোৰ সিদ্ধান্ত লৈছে এই বৈঠকত। জানিব পৰা মতে, বৃহস্পতিবাৰৰ এই বৈঠকত মেট্ৰিক পৰীক্ষাৰ ফলাফলত এইবাৰ কোনো ৰেংক নাথাকিব। নৱম আৰু দশম শ্ৰেণীৰ পূৰ্বৰ নম্বৰৰ ৰেকৰ্ডৰ ভিত্তিতে ফলাফল ঘোষণা কৰা হ'ব। নম্বৰৰ দাতা সমূহ যথেষ্ট আছে আৰু ইতিমধ্যে তৈয়াৰ কৰা হৈছে মডেল। লগতে জনোৱা হৈছে যে এইবাৰ মেট্ৰিক যিসকল যোগ্য পৰীক্ষাৰ্থী, তেওঁলোক বঞ্চিত নহয়। তদুপৰি অন্য ৰাজ্যৰ ব'ৰ্ডৰ মূল্যায়ন আৰ্হি হিচাপে লৈছে এই কমিটীখনে। অৱশ্যে পৰীক্ষাত কোনো ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ কৰিবনে নাই সেয়া কমিটীৰ পলিচীয়ে নিৰ্ধাৰণ কৰিব। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ হাতত বৃহস্পতিবাৰেই এক প্ৰতিবেদন দিব এই কমিটীখনে।

উল্লেখ্য যে,, উচ্চতৰ মাধ্যমিক পৰীক্ষা সন্দৰ্ভত শুকুৰবাৰেহে মূল্যায়নৰ পদ্ধতি চূড়ান্ত কৰা হ'ব। এয়া অৱশ্যে অতি আচৰ্যৰ কথা নহয়, কিয়নো মেট্ৰিকত সকলোৱে একেই বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হয় যদিও, উচ্চতৰ মাধ্যমিকত থাকে তিনিটাকৈ শাখা। কলা, বাণিজ্য আৰু বিজ্ঞান। যাৰ বাবে পৃথকে পৃথকে মূল্যায়ন কৰাৰ ইংগিতো দিয়ে কমিটীখনে।

দেশৰ একাংশ ছাত্ৰ-ছাত্ৰী এইবাৰ পৰীক্ষা বাতিল হোৱাত চিন্তিতও হৈ আছে। ২০২০ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱা প্ৰায় ৪২ সহস্ৰাধিক পৰীক্ষাৰ্থীৰ অধিকাংশই ২০২১চনত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা আছিল। কিন্তু তেওঁলোকৰ ফলাফলৰ সন্দৰ্ভত কেনেদৰে লোৱা হ'ব সিদ্ধান্ত? কিন্তু ২৪ জুনত কমিটীখনৰ গুৰুত্বপূৰ্ণ বৈঠকখনৰ পাছত জনোৱা হয় যে – বিগত বৰ্ষত পৰীক্ষাত অনুতীৰ্ণ সকলৰ বাবেও কৰা হ'ব মূল্যায়নৰ ব্যৱস্থা।

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ বাবে গঠন কৰা কমিটীখনৰ অধ্যক্ষ দীপক শৰ্মাই লগতে জনাই যে- অনুতীৰ্ণসকলৰ বাবে কৰা হ'ব পৃথক পদ্ধতিৰে মূল্যায়ন। আৰু সকলোকে ন্যায় প্ৰদানৰ বাবে চেষ্টা কৰা হ'ব। উল্লেখযোগ্য যে, ২৩ জুনত এই কমিটী দুখনৰ প্রথমখন বৈঠক অনুষ্ঠিত হৈছিল। ড০ অলক কুমাৰ বুঢ়াগোঁহাইয়ে বৈঠকখনৰ পাছত কৈছিল যে- বৈজ্ঞানিক আৰু তথ্যভিত্তিক ৰূপ ৰেখাৰে মূল্যাংকন কৰা হ'ব। অহা ৭ দিনৰ ভিতৰত চৰকাৰক দাখিল কৰা হ'ব প্ৰতিবেদন।

প্ৰতি বছৰৰ দৰে এইবাৰ পৰীক্ষাৰ ফলাফল ঘোষণা নহয় সেয়া স্পষ্ট কাৰণ পৰীক্ষা বাতিল হৈছে। কিন্তু এইবাৰ ফলাফলৰ দিনা কিমান শতাংশ লোকে উত্তীৰ্ণ হ'ব সেয়া হ'ব মনকৰিবলগীয়া। বহুতে আশা কৰিছে যে সকলো ছাত্ৰ-ছাত্ৰীকে উত্তীৰ্ণ কৰাই দিয়া হ'ব। কিন্তু এই সন্দৰ্ভত স্পষ্ট কোনো তথ্য বা আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

যদি আমি বিগত বছৰবোৰৰ তথ্য চাওঁক তেন্তে জানিব পাৰিম যে- হাইস্কুল শিক্ষান্ত পৰীক্ষাত ২০১৬ বৰ্ষত ১৮৯৭৩৯জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু সেই বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৭৮.৩৯ শতাংশ। একেদৰে ২০১৭ চনতক ২৭১২৮৪জন অৱতীৰ্ণ হোৱাৰ বিপৰীতে উত্তীৰ্ণৰ হাৰ আছিল ৮১,৭৯ শতাংশ, ২০১৮ বৰ্ষত ৩৭৮৬৭১জন অৱতীৰ্ণ হৈছিল য'ত ৮৪.৭৩ শতাংশ আছিল উত্তীৰ্ণৰ হাৰ। কিন্তু চলিত বৰ্ষত কিধৰণে ফলাফল ঘোষণা কৰিব সেয়া এতিয়াও জনোৱা হোৱা নাই।

আনহাতে, ২০২১ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব ৪৩৯৩৭৯জন ছাত্ৰ-ছাত্ৰী। যি বৰ্তমানলৈ সৰ্বাধিক সংখ্যা। উল্লেখ্য যে, ২০২০ৰ তুলনাত ৮৫ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী এইবাৰ এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। এই কথা জনাই ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই।

এতিয়া সকলোৰে অপেক্ষা ফলাফল ঘোষণা কৰাৰ দিনটোলৈ। কিয়নো কোৰোনাই দেশৰ অৰ্থনীতি, স্বাভাৱিক জীৱন যাপনত কোঙা লগোৱাৰ লগতে শিক্ষাৰ ক্ষেত্ৰতো বহু অসুবিধা আনি দিলে। ছাত্ৰ-ছাত্ৰীক সদায় দেশৰ ভৱিষ্যৎ বুলি গণ্য কৰা হয়। গতিকে এইবাৰ দেশৰ ভৱিষ্যৎ অৰ্থাৎ এই সকল পৰীক্ষাৰ্থী কিধৰণে পৰীক্ষাত উত্তীৰ্ণ হ'ব সেয়া বৰ্তমান সময়ত আটাইতকৈ বেছি চৰ্চিত বিষয় হৈ পৰিছে। যাৰ বাবে চিন্তিত ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা শিক্ষকসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in