হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী!

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী!

মৃদুল কুমাৰ সন্দিকৈ

ফলাফল ওলাল। দুই-এদিনতে নিশ্চিত হ'ব কোন হ'ব অসমৰ মুখ্যমন্ত্ৰী। বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব পৰাকৈ জনাদেশ লাভ কৰিলে। কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট বহু দূৰতে ৰৈ গ'ল। কিন্তু এইবাৰ কোন হ'ব মুখ্যমন্ত্ৰী?

২০১৬চনত মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব লোৱা সৰ্বানন্দ সোণোৱালৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ্ প্ৰাৰ্থী ৰূপে চৰ্চালৈ আহিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম। শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপট কিছু সলনি হৈছে। নৱ নিৰ্বাচিত বিধায়কসকলৰ কুচকাৱাজ লক্ষ্য কৰিলে দেখা যায় যে – এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষতে গৰিষ্ঠ সংখ্যক বিজেপি আৰু মিত্ৰজোঁটৰ নৱনিৰ্বাচিত বিধায়ক আছে।

সেয়েহে মুখ্যমন্ত্ৰী ৰূপে হিমন্ত বিশ্ব শৰ্মাৰ নাম বিজেপি মিত্ৰজোঁটৰ বিধায়কসকলে নিৰ্বাচিত কৰিলে আচৰিত হ'ব লগা একো নাথাকিব। ৪ মে', ২০২১ত দিল্লীৰ পৰা বিশেষ বাৰ্তা লৈ গুৱাহাটীত উপস্থিত হ'বহি কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰ।

এই নেতাগৰাকীয়ে বিজেপিৰ মিত্ৰজোঁটৰ নৱনিৰ্বাচিত বিধায়কসকলৰ মতামতৰ আধাৰত নতুন নেতাৰ নাম বিজেপি সংসদীয় কমিটীলৈ প্ৰেৰণ কৰিব। অৱশ্যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই নিজাকৈ বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰি নতুন বিধায়কসকলৰ মতামত গ্ৰহণ কৰিবও পাৰে।

ৰাজনীতিৰ খবৰ ৰখা সকলৰ মতে হিমন্ত বিশ্ব শৰ্মাই অতি পৰিকল্পিতভাৱে মুখ্যমন্ত্ৰী ৰূপে তেওঁক নিৰ্বাচনৰ পূৰ্বৰে পৰা প্ৰক্ষেপিত কৰি আহিছে। এই কথা স্বীকাৰ নকৰি নোৱাৰি যে বিজেপিৰ আজিৰ উত্থান আৰু ৰণনীতি প্ৰস্তুত কৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা আছিল।

এই ভূমিকা আৰু নৱনিৰ্বাচিত বিধায়কসকলৰ মতামত কেন্দ্ৰীয় নেতৃত্বৰ আস্থা , সহযোগী দলৰ মতামতে এইবাৰ মুখ্যমন্ত্ৰী কোন হ'ব সেইটো নিৰ্ধাৰণ কৰিব। দেখা পোৱা গৈছিল বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠসকলে বিশেষ অগ্ৰাধিকাৰ লাভ কৰিছিল।

মুখ খুলি একো নক'লেও অসমত পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য অতি তাৎপৰ্যপূৰ্ণ। এজন অসমীয়াই মুখ্যমন্ত্ৰী হ'ব বুলি সংবাদমাধ্যমত ইতিমধ্যে মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই।

লক্ষণীয়ভাৱে ক্ষমতাত থকা দলটোৱে পূৰ্বৰ দৰে এইবাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল। দলটোৰ নেতৃত্বই এই সন্দৰ্ভত প্রশ্ন সন্মুখীন হ'লেই এৰাই চলিছিল। আনকি ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ সন্মুখত অমিত শ্বাহেও এই প্ৰশ্নৰ স্পষ্ট উত্তৰ দিব পৰা নাছিল।

তেনে এক পৰিৱেশ আৰু প্ৰেক্ষাপটলৈ চালে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা অধিক। ৰাজনীতিত সিদ্ধান্ত যিকোনো মুহূৰ্ততে সলনি হ'ব পাৰে । বিজেপিৰ শীৰ্ষ মহলৰ এক সূত্ৰ অনুসৰি দলটোৰ নেতৃত্ব তথা নৱনিৰ্বাচিত গৰিষ্ঠ সংখ্যক বিধায়কে মুখ্যমন্ত্ৰী ৰূপে হিমন্ত বিশ্ব শৰ্মাকে বিচাৰিছে।

এই সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্বয়ো সেউজ সংকেট দিয়াৰ সম্ভাৱনা আছে। কিন্তু অসমৰ ৰাজনীতিত মুখ্যমন্ত্ৰীৰ আসনখনক লৈ বিভিন্ন কাৰকে ক্ৰিয়া কৰে। দেখা পোৱা যায় যে উজনি অসমৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰা হয়। এইবাৰো বিজেপিয়ে উজনি অসমত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে।

প্রথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৪৭খন আসনৰ ভিতৰত বিজেপিয়ে ৩০খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। ৭খন আসনত অসম গণ পৰিষদ, ৯খন আসনত কংগ্ৰেছ, এখনত এআইইউডিএফ আৰু এখনত ৰাইজৰ দল জয়ী হৈছিল। অৰ্থাৎ উজনি অসমত বিজেপিয়ে ভবাতকৈ বেছি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয় এইবাৰ নিৰ্বাচনত।

দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৩৯খন আসনৰ ভিতৰত ২২খন আসমতে বিজেপি প্ৰাৰ্থী জয়ী হয়। আন আসনবোৰৰ ভিতৰত এখনত ইউপিপিএল, ৭খনত কংগ্ৰেছ, ৭খনত এআইইউডিএফ আৰু দুখনত বিপিএফৰ প্ৰাৰ্থী জয়ী হয়।…

তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৪০খন আসনৰ ভিতৰত বিজেপিয়ে ৮খনত , অগপই দুখনত, ইউপিপিএলে ৫খনত, কংগ্ৰেছে ১৪খনত ,এআইইউডিএফে ৮খনত , বিপিএফে ২খনত , চিপিএম এখনত জয়লাভ কৰিলে।

এইবাৰ দেখা পোৱা যায় যে, উজনি অসমত বিজেপিৰ ফলাফল পূৰ্বতকৈ ভাল। সৰ্বমুঠ ৬০খন আসন লাভ কৰিলেও উজনি অসমত পূৰ্বৰ নিৰ্বাচনতকৈ বিজেপিয়ে এইবাৰ অধিক আসন লাভ কৰিছে। ২০১৬চনৰ তুলনাত অসম গণ পৰিষদে ৫খন আসন কমকৈ, কংগ্ৰেছে ৩খন আসন বেছিকৈ লাভ কৰে।

২০১৬চনত কংগ্ৰেছে ২৯খন আসন লাভ কৰাৰ বিপৰীতে এইবাৰৰ নিৰ্বাচনত ৩২খন আসন লাভ কৰিবলৈ সক্ষম হয়। এআইইউডিএফে ২০১৬চনত ১৩খন আসন লাভ কৰাৰ বিপৰীতে তিনিখন আসন বেছিকৈ অৰ্থাৎ ১৬খন আসন লাভ কৰে।

শেহতীয়া নিৰ্বাচনত আটাইতকৈ বেছি লোকচানৰ সন্মুখীন হৈছে বিপিএফ। দলটোৱে ২০১৬চনত ১২খন আসন লাভ কৰিছিল যদিও, এইবাৰ ৮খন আসন তেওঁলোকৰ হাতৰ পৰা ওলাই যায়। নৱগঠিত ইউপিপিএলে প্রথমটো বিধানসভা নিৰ্বাচনতে ৬খন আসন লাভ কৰে।

আনহাতে, চিপিএম ২০১৬চনত এখনো আসন লাভ কৰা নাছিল যদিও, ২০২১চনত ১খন আসন লাভ কৰিবলৈ সক্ষম হয়। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে ৩৮টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি শিৱসাগৰ সমষ্টিত দলটোৰ সভাপতি অখিল গগৈক জয়ী কৰিবলৈ সফল হয়।

কা আৰু আন জাতীয় সমস্যাত সৰৱ হৈ আঞ্চলিকতাবাদৰ পক্ষত ঠিয় হোৱাৰ শ্ল'গানেৰে নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদে ৮২খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিলেও দলটোৰ এগৰাকীও প্ৰাৰ্থী জয়ী নহ'ল।

অসম জাতীয় পৰিষদৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে শক্তিশালী ৰূপত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। নাহৰকটীয়া আৰু দুলীয়াজানত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু তেওঁ দ্বিতীয় স্থানতে স্তব্ধ হৈ ৰয়।

যি সময়ত আঞ্চলিক শক্তি প্ৰাসংগিকতা আৰু জাতীয় জীৱনৰ লগতে খিলঞ্জীয়া স্বাৰ্থৰ হকে মাত মতাৰ বাবে আঞ্চলিক শক্তিৰ পোষকতা কৰা হৈছিল, সেই সময়ত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ ফলাফলে সংসদীয় ৰাজনীতিত ৰণনীতি প্ৰস্তুতৰ ক্ষেত্ৰত দল দুটাৰ নেতৃত্বই ক'ত বিফল হ'ল সেয়া বিশ্লেষণ কৰাৰ প্ৰয়োজন হৈ পৰিছে।

৫টা গেৰান্টীৰে নিৰ্বাচনত কংগ্ৰেছে মহাজোঁট গঠন কৰিলেও বদৰুদ্দিন আজমলে তেওঁলোকৰ বাবে বিফলতাৰ অন্যতম কাৰণ ৰূপে বিবেচিত হৈছে। হু ইজ বদৰুদ্দিন বুলি কোৱা একালৰ কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বদৰুদ্দিন আজমল ভাই ভাই বুলি কোৱা ৰিপুন বৰাই অসমৰ জাতীয় চেতনাৰ আধাৰত নিৰ্বাচনী ৰাজনীতিৰ ৰণনীতি প্ৰস্তুত কৰাত বিফল হোৱাতোৱে স্বাভাৱিক।

বিৰোধী ঐক্যক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা অজিত ভূঞাৰ দৰে ব্যক্তিসকলে লোৱা ভূমিকাত ৰহস্যৰ যি অভিযোগ উঠিছিল সেই অভিযোগ অধিক গাঢ় হৈ পৰিছে। এসময়ত জাতীয়তাবাদৰ প্ৰবক্তা ৰূপত আঞ্চলিকতাৰ পক্ষত থিয় দিয়া অজিত ভূঞাই এই নিৰ্বাচনৰ ফলাফলৰ পাছত বিজেপি জয়ী হোৱাত কিবা ভূমিকা পালন কৰিলে নেকি সেয়াও বিচাৰ্যৰ বিষয় হৈ পৰিছে।

ৰাজনীতি সংখ্যাৰ খেল। ৫ বছৰৰ বাবে আকৌ দিছপুৰ বিজেপিৰ দখলত।নিৰ্বাচনী ফলাফলৰ পাছত সফলতা-বিফলতাৰ পোষ্টমৰ্টেম নিশ্চয় হ'ব। কোৰোনা, কা, ৰাজ্যৰ দুৰ্বল আৰ্থিক অৱস্থা, নিবনুৱা সমস্যা আদিৰে ভাৰাক্ৰান্ত অসমৰ নেতৃত্ব এজন সঠিক লোকৰ হাতত অৰ্পণ কৰাতো অসমৰ ৰাইজে বিচাৰে।

মুখ্যমন্ত্ৰী ৰূপে চৰ্চা হৈ থকা হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিৰ এজন দক্ষ আৰু চতুৰ নেতা। কিছু গুণ বাদ দি এই তৎপৰ আৰু দক্ষ নেতাগৰাকীৰ হাতত মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰাতো তেওঁৰ দলীয় সতীৰ্থই বিচাৰিছে।

এগজিট প'লতো অসমৰ সাধাৰণ ৰাইজে হিমন্ত বিশ্ব শৰ্মাকে মুখ্যমন্ত্ৰী ৰূপে বিচৰা কথাতো পোহৰলৈ আহিছিল। কিন্তু সাম্প্ৰতিক পৰিস্থিতিত এক সুস্থ পৰিৱেশ আৰু বাতাবৰণ ৰক্ষা কৰাৰ বাবে আমি এজন ব্যক্তিৰ ওচৰত আস্থা আৰু ভৰসা ৰাখিব লগা হয়, যিয়ে সামগ্ৰিকভাৱে এক নিকা ভাৱমূৰ্তি আৰু পক্ষপাতবিহীন ভূমিকা পালন কৰিব পাৰে।

এইখিনিতে এই কথাও প্ৰণিধানযোগ্য যে, বিজেপিৰ নেতৃত্বৰ হিন্দুত্ববাদী চেতনা আৰু ব্যক্তিগতভাৱে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতা একাকাৰ কৰি সেই দায়িত্ব শেষ মুহূৰ্তত চৰ্চিত হোৱা ধৰণেই তেওঁৰ হাতত অৰ্পণ কৰিলেও আচৰিত হ'ব লগা একো নাথাকিব।

এইবাৰ নিৰ্বাচনত দেখা পোৱা গৈছিল যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতাৰ মাজলৈ অতি সাধাৰণভাৱে গৈছিল। বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলাই জনতাৰ সৈতে তেওঁ একাকাৰ হৈ পৰিছিল। আনকি 'মামা' বুলি তেওঁক কৰা তুলুঙা মন্তব্যকো মন্ত্ৰীগৰাকীয়ে অতি চতুৰতাৰে ইয়াক তেওঁৰ এক মানুহৰ প্ৰতি থকা আন্তৰিকতালৈ সলনি কৰিবলৈ সক্ষম হৈছিল।

ভিতৰি তেওঁ ৰাজনৈতিক কুটকৌশলতাৰ বিপৰীতে জনমানসত এই নিৰ্বাচনী প্ৰচাৰত অংশ লৈ পৰিস্থিতি অনুসৰি বেশ ধৰি হিমন্ত বিশ্ব শৰ্মাি জনসাধাৰণৰ মন জয় কৰিবলৈও সক্ষম হৈছিল। কোৰোনাৰ কালত প্রথম অৱস্থাত তেওঁৰ ভূমিকা দিন-ৰাতি কষ্ট কৰি পৰিশ্ৰম কৰিব পৰা প্ৰৱণতা, সাধাৰণ লোকৰ পৰা শীৰ্ষজনলৈকে , ছাত্ৰ-ছাত্ৰীৰ পৰা বৃদ্ধলৈকে , কিশোৰৰ পৰা যুৱক-যুৱতীলৈকে সকলোৰে সৈতে তেওঁ সুসম্পৰ্ক ৰক্ষা কৰিব জানে।

অসমৰ ৰাজনীতিত শাসক-বিৰোধীৰ মাজত এনে সুসম্পৰ্ক ৰক্ষা কৰিব পৰা নেতা বিৰল। সেয়েহে সমালোচনা কৰিলেও অসমৰ ৰাজনীতিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প নাই বুলি বহুতে ক'ব বিচাৰে। কোন মুখ্যমন্ত্ৰী হয় সেয়া বিজেপি নেতৃত্ব আৰু নৱনিৰ্বাচিত বিধায়কসকলে ঠিক কৰিব। কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব লাগে বুলি যি প্ৰচাৰ আৰু চৰ্চা চলিছে , সেই প্ৰচাৰে হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা আৰু মুখ্যমন্ত্ৰী হ'ব পৰাকৈ তেওঁ যে জনসমৰ্থনৰ গৰাকী হৈছে তাক প্ৰমাণ কৰিলে।

নিৰ্বাচনৰ ৰেলীসমূহত অংশ লৈ দলৰ লগতে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ এক নিজৰ ভাৱমূৰ্তিও গঢ়ি পেলালে। সেয়েহে আজি সৰ্বানন্দ সোণোৱালৰ বিপৰীতে মুখ্যমন্ত্ৰী ৰূপে তেওঁৰ নামৰো চৰ্চা হৈছে। অসমৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ দিনৰ পৰাই প্ৰাসংগিক হৈ আহিছিল।সেই প্ৰাসংগকিতাৰ ধাৰাবাহিকতা তেওঁ এতিয়াও অটুট ৰাখিছে।

এইটো ঠিক যে বিজেপিৰ ভিতৰচৰাত সুসংগঠিত ৰূপত পূৰ্বৰ পৰাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী ৰূপে প্ৰক্ষেপ কৰাৰ এক ডিজাইন আছিল। সেয়েহে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'লেও আচৰিত হ'ব লগা একো নাথাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in