জীয়া ফাঁকিঃ কোৰোনা, হিমন্ত বিশ্ব শৰ্মা ইত্যাদি…

জীয়া ফাঁকিঃ কোৰোনা, হিমন্ত বিশ্ব শৰ্মা ইত্যাদি…

মৃদুল কুমাৰ সন্দিকৈ

কোৰোনাৰ যুঁজত বিফল হ'ল নেকি হিমন্ত বিশ্ব শর্মাঃ

কোৰোনা ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব কাৰ্যত নোৱাৰিলে নেকি হিমন্ত বিশ্ব শৰ্মাই? মন্ত্ৰীগৰাকীয়ে ৰাইজক আশ্বস্ত কৰিব বিচাৰিছিল যদিও, পৰিস্থিতি এতিয়া ভবাতকৈ জটিল হৈছে নে কোৰোনা ভাইৰাছক লৈ সংশয় আৰু অস্থিৰতাৰ এক পৰিৱেশ সৃষ্টি কৰা হৈছে?

এজন চিকিৎসকৰ অভিযোগেও এই দিন কেইটাত কোৰোনা ভাইৰাছক লৈ ন ন প্ৰশ্নৰ সৃষ্টি কৰিছে। চিবিআইলৈ পত্ৰ লিখা এই ডাঃ সত্যকাম ফুকন নামৰ চিকিৎসকগৰাকীৰ দাবী- কোৰোনা ভাইৰাছক লৈ চলিছে ফাঁকি।

চিকিৎসকজনৰ মন্তব্যক বিশ্বাস বা অবিশ্বাস কৰাৰ যুক্তিযুক্ততা আছে যদিও, তেওঁৰ সকলোবোৰ কথা মানি ল'ব নোৱাৰিলেও এই কথা সত্য যে, অসমত কোৰোনা ভাইৰাছক লৈ যি ভাষ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত প্ৰদান কৰিছিল, সেয়া আছিল স্ববিৰোধ।

কেতিয়াবা কোৰোনা ভাইৰাছক লৈ শংকিত হ'ব নালাগে, আন কেতিয়াবা কোৰোনা ভাইৰাছৰ পৰিস্থিতি জটিল ইত্যাদি মন্তব্যবোৰ আছিল পৰস্পৰ বিৰোধী। কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ আৰম্ভৰ পৰাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইখনৰ পাছত সিখন সংবাদমেলযোগে এই কথা জনাই আহিছিল যে, কোৰোনা ভাইৰাছৰ সংক্ৰমণ কি পৰ্যায়লৈ গৈছে আৰু চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে।

চিকিৎসক ডাঃ  সত্যকাম ফুকনৰ অভিযোগ যদি সঁচা তেন্তে বিশ্ব স্বাস্থ্য সন্থা নিমাত কিয়? এইটো ঠিক যে অতি সংক্ৰমিত এই ৰোগৰ সন্দৰ্ভত কোনো ঔষধ আৱিষ্কাৰ নোহোৱাৰ বাবে লকডাউন , সামাজিক দূৰত্ব আদি প্ৰতিৰোধমূলক ব্যৱস্থাই ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ আৰু ইয়াক প্ৰতিৰোধ কৰাৰ পথ হৈ পৰিছে।

সেই সময়তে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে ভাতৃ জয়ন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে যে, কিছু কোভিড পজিটিভ ফলাফল মিছাকৈ আহে। সেয়া হ'লেও কোভিড-১৯ক তেওঁ কেতিয়াও অস্বীকাৰ কৰা নাছিল। ইয়াৰ অৰ্থ এয়াই যে, কোভিড আক্ৰান্ত হোৱা বুলি ভবা লোকৰ শ্বাব টেষ্টত মিছা ফলাফলো আহিব পাৰে।

আন এক প্ৰসংগ আছিল- যি ৰোগৰ চিকিৎসা কৰিবলৈ কোনো ঔষধ নাই, তেনে ৰোগৰ ক্ষেত্ৰত ৰোগী আৰোগ্য হোৱা দাবী চিকিৎসক বা স্বাস্থ্য বিভাগে কৰিব নোৱাৰে। সত্যকাম ফুকন আৰু জয়ন্ত বিশ্ব শৰ্মাৰ মতৰ মাজত পাৰ্থক্য আছে। এজনে কোৰোনাক অস্বীকাৰ আৰু আনজনে কোৰোনা কেন্দ্ৰিক বাস্তৱতাক তুলি ধৰিছিল।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্রথম অৱস্থাত অসমৰ কোৰোনাৰ পৰিৱেশ-পৰিস্থিতিক লৈ যি সংবাদমেল দিছিল, সেই সংবাদমেলসমূহত মুলত কিমানজন ৰোগী আক্ৰান্ত হ'ল, চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু পৰিকল্পনা কি এই বিষয়ে সদৰী কৰিছিল।

হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলঃ

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া কেইখনমান উল্লেখযোগ্য সংবাদমেল আছিল ক্ৰমে- ২৬ জুন, ২০২০, ২২ জুন, ২০২০, ১৩ জুন, ২০২০, ৭জুন, ২০২০, ৩১ মে', ২০২০, ২৯ মে, ২০২০, ২৫ মে', ২০২০, ২৪ মে', ২০২০, ২৩ মে', ২০২০, ২১মে', ২০২০, ১৮ মে', ২০২০, ১৪ মে', ২০২০, ১২ মে', ২০২০, ১৮ মে', ২০২০, ৭ মে', ২০২০, ৩ মে', ২০২০, ২৯ এপ্ৰিল, ২০২০, ২৬ এপ্ৰিল, ২০২০, ২৪ এপ্ৰিল, ২০২০, ২২ এপ্ৰিল, ২০২০, ১৮ এপ্ৰিল, ২০২০, ১৩ এপ্ৰিল, ২০২০, ১০ এপ্ৰিল, ২০২০, ৬ এপ্ৰিল, ২০২০, ৪ এপ্ৰিল, ২০২০ আৰু ২ এপ্ৰিল, ২০২০।

এইজন স্বাস্থ্য মন্ত্ৰীয়ে কোৰোনাত আক্ৰান্ত ৰোগীক আৰোগ্য হোৱাৰ পাছত (স্বাস্থ্য মন্ত্ৰীৰ ভাষাত)- বৰ আথে-বেথে কৈ গামোচা পিন্ধাই চিকিৎসালয়ৰ পৰা বিদায় দিছিল। এই সময়চোৱাত তেওঁ মুলত কোৰোনাক লৈয়ে ব্যস্ত আছিল। দুই-এখন সংবাদমেল শিক্ষা বিভাগক লৈ দিয়াৰ বাদে এপ্ৰিলত ১০খন, মে' মাহত ১২খন, জুন মাহত এতিয়ালৈকে ৪খন সংবাদমেল তেওঁ সম্বোধন কৰিছিল।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সংবাদমেলত কোৱা কথাবোৰ অসমৰ ৰাইজে বৰ গুৰুত্বসহকাৰে শুনিছিল। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ২৬ জুন, ২০২০ৰ সংবাদমেলত ঘোষণা কৰিছিল যে, গুৱাহাটী মহানগৰীত সম্পূৰ্ণ লকডাউন দিয়াৰ বিকল্প পথ নাই। গুৱাহাটী খুল্লাম খুল্লা হৈ পৰিছে। গুৱাহাটীৰ দৰে ভাৰতৰ কোনো চহৰত এনে পৰিৱেশ বিৰাজ কৰা নাই। অনিচ্ছা স্বত্তেও গুৱাহাটীত সম্পূৰ্ণ লকডাউন দিব লগা হ'ল।

স্বাস্থ্যমন্ত্ৰীগৰাকীৰ এই লকডাউন ঘোষণাত কোনো আচৰিত হোৱা নাই। যদিও তেওঁ তাৰ তিনি আগত সম্বোধন কৰা সংবাদমেলত কৈছিল যে, সম্পূৰ্ণ লকডাউন কৰাৰ কথা চৰকাৰে ভবা নাই। ৱাৰ্ড অনুসৰি যি স্থানত লকডাউন দিয়া উচিত বুলি ভাবে সেই সিদ্ধান্ত প্ৰশাসনে ল'ব।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰৰ হাত দাঙি দিলে ২৬ জুন, ২০২০ত। ক'বলৈ বাধ্য হ'ল যে, আক্ৰান্ত ৰোগীক থবলৈ এনে পৰিৱেশত চৰকাৰৰ হাতত পৰ্যাপ্ত চিকিৎসালয়ৰ বিচনা নাই। কিন্তু এইজন স্বাস্থ্য মন্ত্ৰীয়েই এনে এখন সংবাদমেল পাতিয়েই এদিন ঘোষণা কৰিছিল যে, একে লগে ৫হাজাৰ ৰোগীক চিকিৎসা কৰিবলৈ ব্যৱস্থা আছে।  যদি স্বাস্থ্য মন্ত্ৰীয়ে সেই কথা পাহিৰছে তেন্তে তেওঁ নিজৰে ২৯ মে', ২০২০ৰ সংবাদমেলৰ ভিডিঅ' চাব পাৰে।

এই সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কৈছিল- সম্পূৰ্ণ কোভিড হাস্পতাল হিচাপে উত্তৰ পূবৰ প্রথম খন হাস্পতাল আৰম্ভ কৰিছো। কানাডাৰপৰা ইউভি ৰে'ৰ সা-সৰঞ্জাম লৈ অহা হৈছে। এই চিকিৎসালয়খনত ২০০ গুৰুত্বপূৰ্ণ ৰোগীক চিকিৎসা কৰিব পৰা যাব, ৬০টা আইচিইউ আছে, আৰু ১৪০খন বিচনা আছে। সেই প্ৰসংগতে তেওঁ স্বাস্থ্য বিভাগৰ ৫হাজাৰ বিচনাত একেলগে কোভিড ৰোগীৰ চিকিৎসাৰ বাবে থকা বুলি দাবী কৰিছিল। কিন্তু যিদিনা তেওঁ হাত দাঙি দিছিল সেই দিনা অসমত কোভিড ৰোগীৰ সংখ্যা ৩০০০ৰো কম আছিল।

ইয়াৰ পূৰ্বে ২৪ মে', ২০২০ত এক সংবাদমেল সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰীয়ে গভীৰ বিশ্বাসেৰে ঘোষণা কৰিছিল- 'এমএমচিত ৰোগী ভৰ্তি হৈ যোৱাৰ পাছত এতিয়া কি হ'ব বুলি বহুতে মোক প্ৰশ্ন কৰিছিল। কিন্তু এখন দুৱাৰবন্ধ হ'লে আনখন দুৱাৰ খোল খাব। দৰ্জা আছে খুলিবলৈ।' সেইদিনাও তেওঁ দোহাৰিছিল ৫০০০ ৰোগীক একেলগে চিকিৎসা কৰিবলৈ সকলো ব্যৱস্থা আছে।

সংবাদমেলসমূহত তেওঁ কোৱা কথাবোৰ আছিল অসমৰ ৰাইজৰ বাবে আশাপূৰ্ণ। কিন্তু প্ৰথমৰ দৰে সেই আশা এতিয়া আশা হৈ নাথাকিল। তেওঁ কয়- আৰোগ্যৰ হাৰ অধিক, মৃত্যুৰ হাৰ কম। গুৱাহাটীতে ৫০হাজাৰ লোকৰ কোভিড টেষ্ট কৰা হ'ব। ৩১ মে', ২০২০ত ১ লাখ মানুহৰ কোভিড টেষ্ট সম্পূৰ্ণ কৰা হৈছে। ইয়াৰে ৯৬হাজাৰ পৰীক্ষা অসমত আৰু ৪০৩৩টা বাহিৰত কৰা হৈছে।ক'ত কিমান টেষ্ট কৰা হৈছে তাৰো হিচাপ দিছিল স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সেই দিনা।

আজিৰ তাৰিখত কিমান লোকৰ কোভিড টেষ্ট সম্পূৰ্ণ কৰা হ'ল তাৰ সঠিক হিচাপ স্বাস্থ্য মন্ত্ৰীয়ে দিয়া নাই যদিও অনুমান কৰা হৈছে লাখ লাখ লোকৰ টেষ্ট সম্পূৰ্ণ কৰা হ'ল। অতি কম সময়ৰ ভিতৰতে বাহিৰৰ পৰা অহা ২,৪৩৪১৪জন ব্যক্তিৰ কোভিড টেষ্ট সম্পূৰ্ণ কৰা হৈছে বুলিও তেওঁ দাবী কৰিছিল ২২ জুনৰ সংবাদমেলত।

কোভিড পৰীক্ষা কৰা দেশৰ শীৰ্ষ ৰাজ্যৰ ভিতৰত অসমৰ স্থান ৬ নম্বৰ থকা বুলি কৈ আৰু এটা সপ্তাহত আৰু ভাল ফলাফল কৰিব পৰা যাব বুলি স্বাস্থ্য মন্ত্ৰীয়ে দাবী কৰিছে। কিন্তু স্বাস্থ্যমন্ত্ৰীয়ে এই কথা জানে নে নাজানে যে, ২২ জুনত তেওঁ সংবাদমেলত যি কথা কৈছিল সেয়া মিছা নহ'লেও কোভিড টেষ্টৰ বাবে শ্বাব দি তাৰ ফলাফল অহাৰ বাবে মানুহে কি হাহাকাৰ পৰিস্থিতি ভোগ কৰিব লগা হৈছে।

কোভিড-১৯ৰ পৰীক্ষা কৰে, ৰিজাল্টহে নাহেঃ

জিএমচিএইচৰ ভিতৰত কেনে পৰিৱেশে বিৰাজ কৰিছে সেয়া অকল্পনীয়। আনকি সংবাদ মাধ্যমৰ লোকৰো কোভিড পৰীক্ষাৰ বাবে শ্বাব লোৱাৰ এসপ্তাহৰ পাছতো আজিলৈকে সেই ফলাফল অহা নাই। জুৰোডৰ এগৰাকী বাতৰি কাকত বিলনীয়া (হ'কাৰ)ক ৫দিন কোৱাৰেন্টাইনত ৰাখি কোভিড পৰীক্ষাৰ বাবে শ্বাব লৈ আহিবলৈ দিয়া হৈছিল। কিন্তু তেওঁ সেই ফলাফল ইমান দিনে লাভ নকৰিলে।

অতি সাধাৰণভাৱে একাংশ চিকিৎসকে কৈ দিয়ে যে, যদি পজিটিভ ওলাই তেনেহ'লে ফোন যাব, আৰু নিগেটিভ হ'লে কোনো যোগাযোগ নহ'ব পাৰে। এয়াই জানো কোভিড টেষ্টৰপৰীক্ষাৰ নমুনা নহয়। কেৱল সংখ্যা আৰু তথ্যৰ আধাৰত অস্তিত্ব আৰু ভাল কৰাতো প্ৰমাণ কৰিবলৈ যোৱা প্ৰতিযোগিতাৰ ফল এতিয়া গুৱাহাটীত।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কথা মনত আছে নে নাই সেয়া তেওঁ জানিব। কিয়নো ফাঁচী বজাৰৰ আলু গুডামত কাম কৰা শ্ৰমিকৰ দেহত কোভিড-১৯ ধৰা পৰাৰ পাছত সেয়া গণসংক্ৰমণ হ'ব পাৰে নেকি বুলি সোধা হৈছিল। ১৪ মে'ত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ যুক্তি দি কৈছিল- ১০ লাখ মানুহৰ ভিতৰত ৩৫জনৰ হৈছে। আলু গুডামৰ কেছটোক গণ সংক্ৰমণ বুলি ক'ব নোৱাৰো। সেইটো লাইনিং কৰোতে পাইছো।

এয়া স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অত্যাধিক বিশ্বাস আছিল। তেওঁ যিদৰে কাম কৰিছে, অসমত তেনে পৰিস্থিতি অৰ্থাৎ গণ সংক্ৰমণ হ'ব নোৱাৰে বুলি থকা বিশ্বাস বেছি দিনলৈ নাথাকে। কৌশলপূৰ্ণভাৱে হ'লেও তেওঁ লাহে লাহে স্বীকাৰ কৰিবলৈ বাধ্য হ'ল গুৱাহাটীৰ পৰিস্থিতি বেয়া।

১৬ জুন, ২০২০লৈকে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মতে, অসমত ২,২৭,০০০ পৰীক্ষা সম্পূৰ্ণ কৰা হৈছিল। তাৰপাছত ১০ দিনত কিমান পৰীক্ষা কৰিব পাৰে? গুৱাহাটী মহানগৰীত প্ৰায় এসপ্তাহৰ ভিতৰত ৫০হাজাৰ পৰীক্ষা কৰা কথা আছিল যদিও সেয়া সম্ভৱ হৈ উঠা নাই।

১৫ জুন, ২০২০ত এক সংবাদমেল যোগে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল, অসমত কোভিড-১৯ অধিক কাৰ্যকৰী ভাৱে প্ৰতিৰোধ কৰিবলৈ ১৭ জুনৰ পৰা আছাম চাৰ্ভিলিয়েন্স প্ৰগ্ৰেম চমুকৈ এটিএছপি ব্যৱস্থা কৰা হৈছে। এসপ্তাহৰ ভিতৰতে ৫০হাজাৰৰ অধিক লোকৰ কোভিড পৰীক্ষা কৰা হ'ব। জুনৰ ৩০ তাৰিখৰ ভিতৰত গুৱাহাটীত ৫০ হাজাৰ লোকৰ কোভিড টেষ্ট কৰাৰ কথাও ঘোষণা কৰিছিল। কিন্তু আজি তাৰিখলৈকে সেই হিচাপ কিমান?

সেই তথ্য যদি দাঙি ধৰা হয় তেনেহ'লে দেখা পোৱা যায় যে, তথ্যই কোৱা কথা আৰু বাস্তৱৰ মাজত আছে যথেষ্ট পাৰ্থক্য। সংবাদমেলৰ উপৰিও স্বাস্থ্যমন্ত্ৰীয়ে বিভিন্ন অনুষ্ঠানত ঘোষণা কৰিছিল যে, যদি বেয়া হৈছে তাৰ দায়িত্ব নিজেই লওঁক। আৰু যদি ভাল হৈছে সেই দায়িত্ব দলক দিয়ক। এতিয়া স্বাস্থ্যমন্ত্ৰীয়েই কওঁক কোৰোনাৰ পৰিস্থিতি অসমত ভাল নে বেয়া? এতিয়া তেওঁ দায়িত্ব নে কৃতিত্ব ল'ব?

অধিক বিশ্বাসেই কাল হ'ল নেকি!

১৩ জুন, ২০২০ত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এক সংবাদমেল সম্বোধন কৰি অসমে আজিৰ দিনটোত বহু ভাল কাম কৰিছে বুলি ঘোষণা কৰিছিল। কিন্তু সেই ভাল কামৰ ফলাফল কি হ'ল? এয়া তেওঁৰ কেৱল আত্মপ্ৰবোধহে আছিল নেকি? সেই প্ৰশ্ন এতিয়া ৰাইজে কিয় নকৰিব।

যি সময়ত দেশত আনল'ক চলি আছে, সেই সময়ত অসমত পুনৰ লকডাউন দিব লগা পৰিস্থিতি কিয় হ'ল? ইমান দিনে কি কাম কৰা হ'ল? ২৩ মে', ২০২০ত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কৈছিল যে, ১৪ দিনৰ কোৱাৰেন্টাইন কৰাৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব। কিন্তু সেই সিদ্ধান্ত পৰৱৰ্তী সময়ত একে ৰ'লনে?

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১২ মে', ২০২০ত কৈছিল- ১৫ দিন যদি আমি মানুহ হল্ডআপ কৰি ৰখাব পাৰো তেন্তে আমি ছেভ। ৮ মে'তে হিমন্ত বিশ্ব শৰ্মাই জানিছিল গুৱাহাটীৰ ভিতৰত গণ সংক্ৰমণ আছে। তেন্তে ৮ মে'ৰ পৰা ইমান দিন বাট চালে কিয়?

যি সময়ত দেশত মুষ্টিমেয় কেইজনমান কোৰোনা ৰোগী চিনাক্ত হওঁতেই লকডাউন দিয়া হৈছিল, তেনে সময়ত ৰোগীৰ সংখ্যা বাঢ়িবলৈ দি পৰিস্থিতি চাই লকডাউন দিয়া নিদিয়া ক্ষেত্ৰত পাৰ্থক্য কি আছিল? ৮ মে'ৰ সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই কৈছিল- গুৱাহাটী মহানগৰীৰ ভিতৰত সংক্ৰমণ আছে। কোভিডৰ সৈতে যুঁজিবলৈ ৰাইজৰ পৰা দান বৰঙণি লোৱা হৈছিল। এক অৰ্থত এই মহামাৰীৰে যুঁজিবলৈ পানীৰ দৰে ধন ব্যয় কৰা হৈছিল।

চীনৰ পৰা স্বাস্থ্য মন্ত্ৰীৰ তৎপৰতাতে জানো পিপিই কীট অনা হোৱা নাছিল? ১৮ এপ্ৰিল, ২০২০ত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ঘোষণা কৰিছিল যে, অসম চৰকাৰে পিপিই কীট চীনৰ পৰা ক্ৰয় কৰা সিদ্ধান্ত লৈছিল। সেই অনুসৰি বহু সংখ্যক পিপিই কীট কাৰ্গ' বিমানযোগে অনা হৈছিল। কিন্তু একাংশ লোকে প্ৰচাৰ চলালে যে সেই পিপিই কীট সমূহ ডিআৰডিঅ পৰীক্ষাত ৰিজেক্ট হৈছে।

স্বাস্থ্যমন্ত্ৰীৰ ঘোষণা আছিল ডিআৰডিঅ'য়ে কেতিয়াও পিপিই কীট সমূহ ৰিজেক্ট কৰা নাই। অপপ্ৰচাৰ চলোৱাৰ বাবে ডাক্টৰ নাৰ্ছ আদি শংকিত হৈছে। সেয়েহে আমি সেইবোৰ যিসকলে আনিছিল তেওঁলোকৰ লগত ৰখাবলৈ কৈছো। যেতিয়া আমাৰ প্ৰয়োজন হ'ব, সেইবোৰ আমি ব্যৱহাৰ কৰিম।

কিন্তু পিপিই কীটবোৰ এতিয়া ক'ত? যদি সচা অৰ্থত সেইবোৰ ৰিজেক্ট হোৱাই নাছিল, তেনেহ'লে কোন গুডামত পৰি আছে এই পিপিই কীটবোৰ। চীনৰ এই পিপিই কীটবোৰ ৰিজেক্ট কৰা নাছিলনে? পৰৱৰ্তী সময়ত কি ওলাল? কেৱল এয়াই বেমেজালি নহয়। কোভিডৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰকৃতাৰ্থত ৰাজ্যত আছেনে পৰ্যাপ্ত চিকিৎসক-চিকিৎসা কৰ্মী?

জিএমচিএইচত আজিও খালী হেড এছিছটেন্টৰ পদঃ

যিসময়ত কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিবলৈ গুৱাহাটী মহানগৰত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে, সেই সময়ত এই যুঁজৰ অভিকেন্দ্ৰ জিএমচিএইচৰ আন্তঃগাঁথনি আৰু ইয়াৰ ভিতৰৰ কাহিনী শুনিলে আপোনাৰ চকু কপালত উঠিব। গুৱাহাটীৰেই নহয়, অসমৰে চিকিৎসাৰ ক্ষেত্ৰত প্ৰাণকেন্দ্ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কাম-কাজ পৰিচালিত কৰিবলৈ নাই পৰ্যাপ্ত কৰ্মচাৰী।

২০২০ৰ জানুৱাৰীতে অৱসৰ ল'লে জিএমচিএইচৰ হেড এছিছটেন্ট হিতেশ্বৰ দাস। কিন্তু আজি পৰ্যন্ত খালী হৈ আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এই গুৰুত্বপূৰ্ণ পদটো। হেড এছিছটেন্টৰ অবিহনেই এতিয়া পৰিচালিত হৈছে জিএমচিএইচৰ প্রশাসনীয় কাম-কাজ। এনে এটা গুৰুত্বপূৰ্ণ পদবী খালী হৈ থকাৰ বাবে জিএমচিএইচৰ প্রশাসনিক কাম কাজত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে যদিও সেই পদটো আজি পৰ্যন্ত পূৰণ কৰিবলৈ লোৱা নাই কোনো উদ্যোগ।

জিএমচিএইচৰ কৰ্মচাৰী অহা-যোৱা কৰিবলৈ নাই বাছঃ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৰ্মচাৰী অহা যোৱা কৰিবলৈও নাই কোনো নিজা পৰিবহন ব্যৱস্থা। প্ৰায় তিনি বছৰ পূৰ্বেই কৰ্মচাৰীক অনা নিয়া কৰিবলৈ যি দুখন পুৰণি বাছ আছিল সেই বাছ দুখন কামৰূপ মহানগৰ পৰিবহন বিষয়া কাৰ্যালয়ে বন্ধ কৰি দিয়াৰ নিৰ্দেশ দিছিল। তাৰপাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই দুখন বাছ ভাড়াত লৈছিল এএছটিচিৰ পৰা ।

প্ৰতিদিনাই অসম ৰাজ্যিক পৰিবহন নিগমক এখন বাছৰ ভাড়াৰ বাবদত জিএমচিএইচে আদায় দিব লাগে ৩হাজাৰকৈ টকা। অৰ্থাৎ মাহে ৯০ হাজাৰ টকাকৈ কৰ্মচাৰীক অনা নিয়াৰ বাবে একোখন বাছৰ ভাড়া ব্যয় কৰি আছে জিএমচিএইচে। অথচ জিএমচিএইচৰ কৰ্মচাৰীয়ে তেওঁলোকক স্থায়ী বাছৰ ব্যৱস্থা কৰিবলৈ দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে যদিও সেই দাবীৰ প্ৰতি নাই স্বাস্থ্য মন্ত্ৰী বা আন কৰ্তৃপক্ষৰ দৃষ্টি।

কোভিড-১৯ৰ সংক্ৰমণৰ সময়ত আৰু তিনিখন বাছ অসম ৰাজ্যিক পৰিবহন নিগমৰ পৰা ভাড়াত লয় জিএমচিএইচে। এতিয়া মুঠ ৫খন এএছটিচিৰ বাছে জিএমচিএইচৰ কৰ্মচাৰীক অনা নিয়া কৰে। গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা লকডাউনৰ সময়চোৱাত এই ৫খন বাছে যাত্ৰীক অনা নিয়া কৰাৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাই দেখা দি আহিছে।

মন কৰিব লগা যে এনে একোখন বাছত ১৯-২০জন যাত্ৰীহে সামাজিক দূৰত্ব ৰক্ষা কৰি উঠিব পাৰে যদিও জিএমচিএইচত কৰ্মৰত চিকিৎসা কৰ্মীসকলে সেই নিয়ম মানি চলাত অসুবিধা হয়। কিয়নো কৰ্মচাৰী অনুপাতে বাছৰ সংখ্যা কম হোৱা হেতু সেই বাছতে উঠি জিএমচিএইচ মুখী হ'ব লগা হয় কৰ্মচাৰী।

প্ৰতি মাহত এই বাছ কেইখনৰ বাবদ এতিয়া জিএমচিএইচৰ অতিৰিক্ত ব্যয় হয় ১.৫ লাখকৈ টকা। লংকেশ্বৰৰ পৰা আৰম্ভ কৰি সমগ্ৰ গুৱাহাটী মহানগৰীৰ পৰাই এই বাছসমূহত অনা নিয়া কৰিব লাগে কৰ্মচাৰীসকলক।

কোৰোনাত নিজেই আক্ৰান্ত জিএমচিএইচ!

ইফালে, কোৰোনা ভাইৰাছৰ চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত কৰ্মৰত বহু চিকিৎসক, নাৰ্ছ, চিকিৎসা কৰ্মী, চাফাই কৰ্মী আক্ৰান্ত হৈছে কোভিড-১৯ত। জিএমচিএইচ প্ৰশাসনে সেই তথ্য লুকুৱাবলৈ চেষ্টা কৰিছে যদিও, জিএমচিএইচৰ এক সূত্ৰ অনুসৰি ৫জনৰো অধিক চিকিৎসক আক্ৰান্ত হৈছে কোভিড-১৯ত।

এই সংখ্যা অধিক হ'ব পাৰে বুলিও সূত্ৰটোৱে সদৰী কৰিছে। মন কৰিব লগা যে, জিএমচিএইচত থকা ফাৰ্মাচীৰ মুখ্য ফাৰ্মাচিষ্ট অনিমা গগৈও কোভিড-১৯ত আক্ৰান্ত হৈ বৰ্তমান জিএমচিএইচত স্থাপন কৰা কোৰোনা হাস্পতালত চিকিৎসাধীন হৈ আছে। তেওঁৰ লগতে আন এগৰাকী ফাৰ্মাচিষ্ট সুনীল দাসো কোভিড-১৯ত আক্ৰান্ত হৈছে।

ইফালে, ৱাৰ্ড বয় হিচাপে কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শ্বাহ মহম্মদ আক্ৰান্ত হৈছে কোভিড-১৯ত । জিএমচিএইচৰ এগৰাকী নাৰ্ছ দেওবাৰে কোভিড-১৯ত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে। সূত্ৰটোৰ মতে, দুগৰাকী নাৰ্ছ ইতিমধ্যে কোভিড-১৯ত আক্ৰান্ত হোৱাতো নিশ্চিত।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত জিতু সাউদ নামৰ লেবৰেটৰী টেকনিচিয়ানজন চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী যদিও কৰ্মচাৰীৰ অভাৱৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কাম কৰিবলৈ দিয়া হৈছিল। ইফালে, চাৰিজন চাফাই কৰ্মীও আক্ৰান্ত হৈছে কোৰোনাত।

খালী আছে বহু পদঃ

উল্লেখযোগ্য যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ডেৰশৰো অধিক চাফাই কৰ্মীৰ পদ খালী আছে। পূৰ্বতে এটা এজেঞ্চীৰ জৰিয়তে অতি কম টকাৰ মাননীত ২০০ৰো অধিক চাফাই কৰ্মীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নিয়োগ কৰা হৈছিল। অস্থায়ীভাৱে নিয়োগ কৰা এই চাফাই কৰ্মীসকলে কোৰোনা ভাইৰাছৰ সময়ত কাম বাদ দিয়াত স্বাস্থ্য বিভাগে ২শতাধিক চাফাই কৰ্মীক ঠিকাভিত্তিক নিযুক্তি দিছিল।

৮,২২০ টকা মাহিলী দৰমহাত অস্থায়ী ভাৱে নিযুক্তি দিয়া হৈছে এই চাফাই কৰ্মীসকলক। তেওঁলোকৰ মাজতেই কোভিড-১৯ ধৰা পৰাৰ পাছত একাংশ চাফাই কৰ্মীও শংকিত হৈ পৰিছে। কোৰোনাৰ মহাসংকটৰ মাজতেই ৰাজ্যবাসীৰ বাবে আশাৰ থল হৈ পৰা জিএমচিএইচ চলি আছে এতিয়া এনেদৰে।

ৰিচিপশ্বন বা আন কামত সাধাৰণতে তৃতীয় শ্ৰেণীৰ কৰ্মচাৰী থাকিব লাগে যদিও, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীৰ অভাৱত সেই দায়িত্ব পালন কৰিব লগা হয় পঢ়া শুনা জনা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে। ইফালে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আছিল ১২৬জন মাষ্টাৰৰোলৰ কৰ্মচাৰী। এই কৰ্মচাৰীসকলে ১৮-২০ বছৰ ধৰি অতি ন্যূনতম বেতনত কাম কৰাৰ পাছত ২০১৭ চনত ১৯ হাজাৰ টকা দৰমহাত ১০০জনৰ পদ স্থায়ী কৰা হ'ল যদিও, বাকী ২৬জন কৰ্মচাৰী এতিয়াও মাহে ১২,৬০০ টকা দৰমহাত কাম কৰি থাকিব লগা হৈছে।

চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত ৭০০ৰো অধিক চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে। সেই কৰ্মচাৰীসকলৰ বাবে নাই প্ৰয়োজনীয় আবাসগৃহও। বহু দিনৰ পূৰ্বে গড়কাপ্টানী বিভাগে কেইবা কোটি টকা খৰচ কৰি চিকিৎসা মহাবিদ্যালয়ৰ পৰা কিছু দূৰত আৰচিচি বিল্ডিং নিৰ্মাণ কৰিছিল। চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ আবাসগৃহৰ বাবে নিৰ্মাণ কৰা সেই আৰচিচি বিল্ডিং কেইটা আজি পৰ্যন্ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক হস্তান্তৰ কৰা নাই গড়কাপ্টানী বিভাগে।

যিবোৰ কোৱাৰ্টাৰ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ বাবে আছে, সেইবোৰো জহি খহি অৱস্থা নাইকিয়া হৈছে। সেই কোৱাৰ্টাৰসমূহ মেৰামতিৰ বাবে ৮ কোটি টকা আৱন্টন দিয়া হৈছিল । কিন্তু সেই ধন ক'ত কেনেকৈ ব্যয় হ'ল সেয়া চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে গম নাপায়। কিন্তু তেওঁলোকৰ কোৱাৰ্টাৰসমূহ একেই থাকিল পূৰ্বৰ দৰে।

এইদৰে এতিয়া চলি আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়। বাহিৰত ৰং-চঙীয়া হ'লেও ভিতৰত এনে অভাৱ অনাটনৰ মাজেৰে পৰিচালিত হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত খালী আছে বহু চিকিৎসক, অধ্যাপকৰ পদ। বহু সংখ্যক নাৰ্ছৰ পদো খালী আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। দেওবাৰে ৩০০ নাৰ্ছ নিযুক্তি দিয়া হয় যদিও ইয়াৰে ১০০ নাৰ্ছহে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত থাকিব।

নৱনিযুক্ত ১০০ গৰাকী নাৰ্ছক খানাপাৰাত অস্থায়ীভাৱে নিৰ্মাণ কৰা কোভিড চিকিৎসালয়লৈ আৰু বাকী ৫০গৰাকীক মিৰ্জাত ৰামদেৱে স্থাপন কৰা এখন কোভিড হাস্পতালত কৰ্তব্যৰ বাবে নিয়োগ কৰা হ'ব বুলি জানিব পৰা গৈছে। কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ গুৱাহাটী চিকিৎসা মহাবদ্যালয়ৰ আন্তঃগাঁথনি, মানৱ সম্পদ আৰু চিকিৎসালয়খনৰ অভাৱ অভিযোগৰ সন্দৰ্ভত নীৰৱ স্বাস্থ্য মন্ত্ৰী।

স্বাস্থ্য মন্ত্ৰীয়ে জানেনে এইবোৰ কথা?

কৰ্মচাৰীসকল অহা যোৱা কৰিবলৈ যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এখনো বাছ নাই সেই কথা হয়তো নাজানে স্বাস্থ্য মন্ত্ৰীয়ে। যোৱা ৬ মাহ ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হেড এছিছটেন্ট পদটো খালী থকা কথাও হয়তো গম নাপাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া যেন কোভিডৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি নাই জিএমচিএইচৰ। কিয়নো জিএমচিএইচৰ ভিতৰতে ভয়াৱহ ৰূপত সংক্ৰমণ হৈছে কোৰোনা। সেই তথ্য লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিলেও চিকিৎসা মহাবিদ্যালয়খনৰ এক সূত্ৰেই নিজ মুখে স্বীকাৰ কৰিলে কিমান ভয় আৰু শংকাৰ মাজত কৰ্মচাৰীসকলে দায়িত্ব পালন কৰিব লগা হৈছে।

এয়া অৱশ্যে অতি দুখৰ খবৰ। সংবাদমেল পাতি বা ৰাইজক তথ্য দাঙি ধৰি আশ্বস্ত কৰাৰ সময় নহয় এয়া। এজন চিকিৎসকে উত্থাপন কৰা অভিযোগক লৈও চৰ্চা হৈছে। এই চিকিৎসকজনৰ অভিযোগৰ দৰেই বহুতৰ মনত এনে ধাৰণাও আহিছে যে কোৰোনা কেন্দ্ৰিক এই শংকাপূৰ্ণ পৰিৱেশে সকলো সমস্যাৰ পৰা চৰকাৰক আঁতৰি থকাত সহায়ক হোৱাৰ বাবে লকডাউন, সামাজিক দূৰত্ব আদি বিষয়বোৰক লৈ চৰকাৰে অধিক গুৰুত্ব দিছে নেকি? এই সময়চোৱাত সাধাৰণ লোকৰ অৱস্থা কি হ'ব সেই কথা কোনেও অনুভৱ কৰাৰ অৱকাশ হোৱা নাই।  

এফালে কোৰোনাৰ ভয়, আনফালে চৰম অনিশ্চয়তাৰ মাজত ৰাজ্যবাসী। কোৰোনাতকৈ কোৰোনাৰ পাছৰ পৰিৱেশ-পৰিস্থিতি আমাৰ বাবে হৈ পৰিব অধিক ভয়াৱহ। সেই উপলব্ধি সাধাৰণ লোকে কৰিছে যদিও, দায়িত্বশীল লোকসকল এই ক্ষেত্ৰত নিমাত। তেওঁলোকে কেৱল লকডাউনেৰেই সকলো সমস্যা সমাধান কৰিব খোজে। আৰু ইয়াৰ ক্ৰিয়া-পাৰ্শ্বক্ৰিয়া কি হ'ব সেই প্রশ্নৰ উত্তৰ কোনে দিব?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in