কৃপা কৰা কোৰোনা! হৈ আহিছে তেওঁ নোৱাৰা…

কৃপা কৰা কোৰোনা! হৈ আহিছে তেওঁ নোৱাৰা…

মৃদুল কুমাৰ সন্দিকৈ

হেল্ল মেম্ আপোনাৰ কোভিড পজিটিভিঃ

হঠাৎ মহিলাগৰাকীলৈ এটা ফোন আহিছিল। কোভিড কন্ট্ৰ'ল চেন্টাৰৰ পৰা ফোন কৰা বুলি কৈ এগৰাকী যুৱতীয়ে ফোনত জনাইছিল যে- তেওঁৰ কোভিড পজিটিভি হৈছে। তাৰপাছত তেওঁ ক'লে- আপোনাৰ চিকিৎসাৰ দায়িত্ব অসম চৰকাৰে ল'ব। পেচেন্ট আপুনিয়ে নহয়নে?

সিমূৰত থকা মহিলাগৰাকীয়ে শুনি থাকিল কথাবোৰ। তাৰপাছত সুধিলে- ৰিজাল্ট কেতিয়া পাইছে? সিমূৰৰ পৰা উত্তৰ আহিল- সেই উত্তৰ জনাব নোৱাৰিম। তাৰপাছত ক'লে, ৰিপৰ্ট আহোতে কিছু সময় লাগে।

যদি সমগ্ৰ কাহিনী গম নাপায় তেনেহ'লে এনে লাগিব কোভিড প্ৰতিৰোধ আৰু চিকিৎসাৰ বাবে কি সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। ক'ৰ পৰা ফোন কৰিছে সেই কথা জানিব বিচৰাত ক'লে- তেওঁ হেনো কোভিড-১৯ কন্ট্ৰ'ল ৰূমৰ পৰা ফোন কৰিছে।

যিগৰাকী মহিলালৈ ফোন কৰিছিল তেওঁ পুনৰ সুধিলে- ক'ত আছে এই কন্ট্ৰল ৰূমটো? যুৱতীয়াগৰাকীয়ে উত্তৰ দিলে- সেই কথা জনাব নোৱাৰিম। কোভিড নিয়ন্ত্ৰণৰ বাবে স্থাপন কৰা এই নিয়ন্ত্ৰণ কক্ষটো ক'ত আছে সেই কথা জনাব নোৱাৰা কাৰণ কি হ'ব পাৰে সেয়া হয়তো স্বাস্থ্য বিভাগ তথা তেওঁলোকে নিযুক্তি দিয়া এই কৰ্মচাৰীসকলে গম পাব।

এইটো কথাও মানি ল'ব পাৰি। তাৰপাছত কিছু সময় যুৱতীগৰাকীয়ে ফোনটো হল্ডত ৰখাবলৈ কয় মহিলাগৰাকীৰ ঠিকনাটো ক'লে। সুধিলে- আপুনি অতিথি ল'জ পল্টনবজাৰৰ নহয়নে মেম? এইবাৰ মহিলাগৰাকীৰ খং উঠি আহিল। ক'লে- আপোনালোকে এইবোৰ ইনফৰ্মেশ্যন ক'ত পায়? আপোনালোকে একো ডিটেইলছ নজনাকৈ পেচেন্টক কি ইনফৰ্ম কৰে? আৰু তাৰপাছত কি হ'ল সেই কথোপকথনৰ সম্পূৰ্ণ লিখিত ৰূপ আৰু অডিঅ' এয়া-

কোভিড কন্ট্ৰল চেন্টাৰঃ হেল্ল মেম্, আপুনি শ্বাব টেষ্ট কৰাইছিল?

নৱনীতা কাকতিঃ হয়।

কোভিড কন্ট্ৰল চেন্টাৰঃ মেম্, আমি জানিব পৰা মতে আপোনাৰ কোভিড পজিটিভ ওলাইছে। আপুনি নিশ্চিত থাকিব। আপোনাৰ ট্ৰিটমেন্টৰ (চিকিৎসা) দায়িত্ব অসম চৰকাৰে ল'ব। পেচেন্ট আপুনিয়ে হয়নে মেম্?

নৱনীতা কাকতিঃ হয়, ময়ে হয়। ৰিজাল্টটো কেতিয়া পাইছে?

কোভিড কন্ট্ৰল চেন্টাৰঃ ৰিজাল্টটো পজিটিভ আহিছে।কিন্তু ৰিজাল্টটো কেতিয়া আহিছে সেইটো আমি ক'ব নোৱাৰিম মেম্।

নৱনীতা কাকতিঃ ২৮ তাৰিখেই দিছিলো। আজি ৰিপৰ্টটো ওলাইছে যে, সেই কাৰণে সুধিছো।

কোভিড কন্ট্ৰল চেন্টাৰঃ হয়, অকণমান সময় লাগে মেম্ ৰিপৰ্টটো আহোতে।

নৱনীতা কাকতিঃ ক'ৰ পৰা কৈছে আপুনি?

কোভিড কন্ট্ৰল চেন্টাৰঃ মই অসম চৰকাৰৰ ফালৰ পৰা কৈ আছো মেম্। কোভিড-১৯ কন্ট্ৰল ৰূমৰ পৰা কৈছো।

নৱনীতা কাকতিঃ কোভিড কন্ট্ৰল ৰূমৰ অফিচটো ক'ত হয় বাৰু?

কোভিড কন্ট্ৰল চেন্টাৰঃ মেম্ এইটো ইনফৰ্মেশ্যন আমি দিব নোৱাৰিম মেম্। ক্ষমা কৰিব।

নৱনীতা কাকতিঃ নহয়, অফিচটো কোন ঠাইত সেইটোহে সুধিছো।  এনেই সুধিছো অফিচটো ক'ত কোভিড কন্ট্ৰলৰ।

কোভিড কন্ট্ৰল চেন্টাৰঃ মেম্ চাওঁক আপোনাক ইমানখিনি ইনফৰ্মেশ্যন আমি দিব নোৱাৰিম। আপোনাৰ কোভিডৰ ৰিজাল্টটোৰ ডিটেইলছ ল'ব কাৰণে আপোনাক ফোন কৰা হৈছে মেম্। মেম্ লাইনত থাকিব অলপ।

নৱনীতা কাকতিঃ ঠিক আছে।

কোভিড কন্ট্ৰল চেন্টাৰঃ মেম্ ফোন নম্বৰটো আপোনাৰে হয়?

নৱনীতা কাকতিঃ হয়, মোৰে হয়।

কোভিড কন্ট্ৰল চেন্টাৰঃ মেম্ মই এবাৰ আপোনাৰ ডিটেইলছটো কৈ দিছো। আপুনি কনফাৰ্ম কৰি ল'ব মেম্।

নৱনীতা কাকতিঃ হয়।

কোভিড কন্ট্ৰল চেন্টাৰঃ অতিথি ল'জ, পল্টন বজাৰ। হয়নে মেম্?

নৱনীতা কাকতিঃ হয়।

কোভিড কন্ট্ৰল চেন্টাৰঃ পল্টনবজাৰ পুলিচ ষ্টেচন হয়নে মেম্?

নৱনীতা কাকতিঃ হয়।… এইটো মোক কিহৰ এড্ৰেছ কৈ আছে আপুনি?

কোভিড কন্ট্ৰল চেন্টাৰঃ মেম্ আপোনাৰ যিটো এড্ৰেছ দিয়া হৈছে। আপোনাৰ ফোন নম্বৰৰ লগত এটা এড্ৰেছ আছে মেম্।

নৱনীতা কাকতিঃ আপোনালোকে এইবিলাক ইনফৰ্মেশ্যন ক'ত পাই বাৰু? ক'ত পাই এইবিলাক ইনফৰ্মেশ্যন আপোনালোকে? আপোনালোকে ডিটেইলছ নজনাকে পেচেইন্টক কিয় ইনফৰ্ম কৰে? কওঁক আপুনি। মোৰ ঘৰৰ এড্ৰেছ অলৰেডী লৈ গৈছে। মই পজিটিভ পেচেইন্ট। মোক পৰখীয়ে পজিটিভ বুলি কৈছে ৭টা বজাত। মই কালি নিজে ৰিকুৱেষ্ট কৰি জিএমচিএইচলৈ আহিছো অতিথি ল'জৰ পৰা। মোৰ ঘৰৰ এড্ৰেছ হৈছে ছিক্স মাইল, ভিআইপি ৰ'ড, মেগজিন। আপোনালোকে কিহৰ ইনফৰ্মেশ্যন দি আছে এইবোৰ? কওঁক আপুনি। ক'ব পাৰিব এতিয়া কিবা? আৰু ইমান দেৰিকৈ ইনফৰ্ম কৰে নেকি পজিটিভ পেচেইন্ট এটাক। কওঁক আপুনি, কিবা ক'ব পাৰিব? আজি আপোনাৰ এই ফোনটোলৈ মই যদি ৰখি থাকিলোহেঁতেন বাচি থাকিলোহেঁতেন নে? মোৰ কালি যিটো অৱস্থা হৈছিল। কি ইনফৰ্ম কৰিছে এইবোৰ আপুনি? মোৰ পজিটিভ ৰিজাল্ট দেখাব পাৰিব আপুনি? কিবা ক'বলগীয়া আছে নে? হেল্ল, হেল্ল।

কোভিড কন্ট্ৰল চেন্টাৰঃ মেম্ ইয়াত যিটো ডাটা দিছে আপোনাৰ, সেই ডাটা হিচাপত আমি আপোনাক ইনফৰ্ম কৰিছো মেম্।

নৱনীতা কাকতিঃ ডাটা-ইনফৰ্মেশ্যন কৰা পৰা পাইছে আপোনালোকে তাত কন্টেক্ট কৰক। মোৰ ঘৰ অতিথি ল'জ নহয়,মোৰ ঘৰ ভিআইপি ৰোড, মেগজিনত। আলটো-ফালটো কামৰ কাৰণে ৰখাই ৰখা নাই ন' আপোনালোকক। আমি ডিউটী কৰিয়েই পেচেইন্ট হৈছো। ফোন এটা কৰাৰ আগতে গোটেই ইনফৰ্মেশ্যনখিনি চাই ল'ব। ক'ত কাক কেনেকৈ ফোন কৰিছে। ইমান দিনৰ মূৰত আজি আপুনি মোক কৈছে পজিটিভ বুলি। বাকী পেচেইন্ট চাগে তেনেকৈ কিমান কি হৈ গৈছে ঠিক নাই।

কোভিড কন্ট্ৰল চেন্টাৰঃ ঠিক আছে মেম্ সহযোগ নকৰাৰ বাবে ধন্যবাদ।

এতিয়া আপুনি কাক সুধিব এইবোৰ কথা?

কোভিড নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ নামত কি চলি আছে তাৰ আৰু এটা উদাহৰণ এয়া। স্বাস্থ্য বিভাগত কৰ্মৰত, তাকো জিএমচিএইচত কোৰোনাৰ কৰ্তব্য সম্পাদন কৰি থকা সময়তে নৱনীতা কাকতি নামৰ এগৰাকী কম্পিউটাৰ অপাৰেটৰৰ কোভিড-১৯ ধৰা পৰিছিল।

৭দিন কাম কৰাৰ পাছত তেওঁক পল্টনবজাৰৰ অতিথি ল'জত কোৱাৰেন্টাইনত ৰখোৱা হৈছিল। তেতিয়াই ধৰা পৰিছিল কোৰোনা। প্ৰথমে নিগেটিভ তাৰপাছত পজিটিভি। জ্বৰ হোৱাৰ বাবে মহিলাগৰাকীয়ে কোভিড পজিটিভ বুলি ৪ দিনৰ পূৰ্বেই খবৰ দিয়াৰ পাছত তেওঁক আনি ভৰ্তি কৰা হৈছিল জিএমচিএইচত। বৰ্তমান তেওঁ সুস্থ।

জিএমচিএইচত যোৱা ৩ দিন ধৰি ভৰ্তি হৈ থকা এই মহিলাগৰাকীৰেই কোভিড কন্ট্ৰল চেন্টাৰৰ পৰা ফোন আহিল- তেওঁৰ কোভিড পজিভিট হৈছে বুলি।চৰকাৰী পক্ষই কোভিড নিয়ন্ত্ৰণৰ বাবে কোটি কোটি টকা পানীৰ দৰে ব্যয় কৰিছে।

যি ৰাজহুৱা ধন ব্যয় কৰা হৈছে, সেই ধনেৰে ৰাইজক কোভিডৰ চিকিৎসা, কোৱাৰেন্টাইন আদি কৰাৰ প্ৰক্ৰিয়াবোৰ সম্পন্ন হৈছে। তেনেস্থলত কোভিডক লৈ কোনোবাই প্ৰশ্ন কৰিলেই বা সমালোচনা সহ্য কৰিব নোৱাৰা সকলে এতিয়াও এয়া কি চলিছে বুলি প্ৰশ্ন কৰিলে কব নেকি এয়া এচামে অপপ্ৰচাৰ চলাইছে বুলি?

এগৰাকী স্বামীক হেৰুওৱা মহিলাৰ কৰুণ কাহিনী শুনকঃ

স্বামীক হেৰুওৱা এগৰাকী মহিলাৰ কৰুণ কাহিনী। ২৪ জুনত তেওঁৰ কোভিড পজিটিভ বুলি চিকিৎসকে কৈছিল। তাৰপাছত ২৭ জুনত তেওঁ কোভিড নিগেটিভ ঘোষণা কৰা হৈছিল। কিন্তু ১ জুলাইত শিৱৰাম শৰ্মা নামৰ গুৱাহাটী জাপৰীগোগৰ ব্যক্তিগৰাকীৰ মৃত্যু হৈছিল। তেওঁক লৈ যোৱা হৈছিল জিএমচিএইচলৈ। কিন্তু বিচনা নথকাৰ অজুহাতত তেওঁক ভৰ্তি কৰিব পৰা হোৱা নাছিল বুলি অভিযোগ পৰিয়ালৰ।

অৱশেষত আয়ুৰ্চন্দ্ৰাত এই ব্যক্তিগৰাকীক ভৰ্তি কৰা হৈছিল। তেওঁক চিকিৎসা কৰা সময়ত এই চিকিৎসালয়খনৰ চিকিৎসকে পিপিই কিট পৰিধান কৰা নাছিল। কিন্তু মৃত্যুৰ পাছত তেওঁক কোৰোনাত মৃত্যু হোৱা বুলি ঘোষণা কৰা হৈছিল। অতি শীঘ্ৰেই মৃতদেহ জিএমচিএইচলৈ নিবৰ বাবে কোৱা হৈছিল। এজন দালালৰ জৰিয়তে ১৫হাজাৰ টকাত এম্বুলেন্স ভাড়া কৰি স্বামীৰ মৃত্যুত শোকসন্ত মহিলাগৰাকীয়ে স্বামীৰ মৃতদেহ লৈ গৈছিল জিএমচিএইচলৈ।

মৃত শিৱৰাম শৰ্মাৰ সৈতে পত্নী নমিতা শৰ্মা…

তাতেই শেষ হোৱা নাছিল তেওঁৰ দুখৰ কাহিনী। এইবাৰ ডিচি কৰ্টলৈ যাব লাগে কিছু নিয়ম পূৰণ কৰিবলৈ তেওঁৰ পত্নী নমিতা শৰ্মা। তেতিয়া নিশা প্ৰায় ৩ বাজিছিল। মহিলাগৰাকীয়ে ২০০০ টকা দি এখন গাড়ী ভাড়া কৰি গৈছিল উপায়ুক্তৰ কাৰ্যালয়লৈ।

ইয়াৰ পাছত স্বামীৰ মৃতদেহ জিএমচিএইচৰ শগৃহত থবলৈ ব্যয় কৰিব লগা হৈছিল ৪০০ টকা। এয়া কি নিৰ্যাতন নহয়? তাতোকৈ ডাঙৰ কথা কান্দি কান্দি চকুপানী শুকুৱা এই মহিলাগৰাকীয়ে শনিবাৰ, ৪ জুলাই, ২০২০ পৰ্যন্ত পোৱা নাই স্বামীৰ মৃতদেহ। কোভিডৰ নামত এয়া কেনে ব্যৱস্থাপনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া?

এফালে লকডাউন, আনফালে কোৰোনাৰ অফাৰঃ

গুৱাহাটী মহানগৰীত কোৰোনা সংক্ৰমণে অতি ভয়াৱহ ৰূপ ধাৰণ কৰা বুলি লকডাউন ঘোষণা কৰা হৈছিল। ইমান কঠোৰ লকডাউন ঘোষণা কৰা হৈছিল যে, দুদিনৰ পূৰ্বে মহানগৰবাসীক ১৪ দিনৰ লকডাউনৰ বাবে সাজু হবলৈ সংবাদমেল পাতি ঘোষণা কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

চৰকাৰ বা প্ৰশাসনে কোৱাৰ দৰেই মহানগৰবাসীও ভাবিবলৈ বাধ্য হৈছিল সঁচাই ভয়াৱহ এই কোৰোনা সংক্ৰমণ। তাৰপাছত ৪ জুলাইৰ দিনা ঘোষণা কৰা হল- গুৱাহাটীত ৫জুলাইৰ পৰা ১২ জুলাইলৈকে শিথিল হব লকডাউন।

দোকান খোলাৰ অনুমতি দিয়া হ'ল। পুৱা ১১ বজাৰ পৰা ৪ বজালৈকে খুলিব পাৰিব গেলামালৰ দোকান। অৱশ্যে এই সন্দৰ্ভত কিছু নীতি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ মুখ্য সচিবগৰাকীয়ে। এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে পাইকাৰী দোকান মহানগৰীত ৬ আৰু ৮ জুলাইত খুলিব পাৰিব। অৰ্থাৎ বজাৰ কৰিবলৈ আহিব পাৰিব মহানগৰবাসী।

এফালে লকডাউন, আনফালে শিথিলতা। যদি লকডাউন দিয়া হৈছিল তেন্তে এনে শিথিলতা কিয়? যদি শিথিল কৰিব পাৰি তেন্তে লকডাউন দিয়া হৈছিল কিয়? কোৰোনাৰ নামত শৃংখলিত আৰু পৰিকল্পিত ভাৱে কিয় নিৰ্দিষ্ট সিদ্ধান্ত চৰকাৰে লব পৰা নাই?

গুৱাহাটীত শিথিল হ'ব লকডাউনঃ মুখ্য সচিবৰ নিৰ্দেশ…

ভয়াৱহ ৰূপত মহানগৰীত যদি কোৰোনা সংক্ৰমণ হৈছে, তেনেহলে এই দোকান-বজাৰ খোলাৰ লগে লগে সেইবোৰত ভিৰ কৰা মানুহৰ পৰা চৰকাৰে কোৱাৰ দৰেই এই গণসংক্ৰমণ আৰু অধিক ভয়াৱহ নহবনে? সেয়েহে কোনো কোনোৱে এনে মন্তব্য কৰিছে যে- চৰকাৰে আচলতে এয়া লকডাউনৰ মাজত কোৰোনা বিতৰণৰ অফাৰ দিলে মহানগৰবাসীক।

জিলাই জিলাই নডেল অফিচাৰ, নাই কিন্তু কোৰোনাৰ তথ্যঃ

অসমত কিমান লোকক কোৱাৰেন্টাইন কৰা হল? প্ৰতিখন জিলাত কিমান কোৱাৰেন্টাইন চেন্টাৰ স্থাপন আৰু সেই জিলাসমূহত কোৰোনা প্ৰতিৰোধৰ বাবে কি ব্যৱস্থা লোৱা হৈছে? অসম চৰকাৰে নিযুক্তি দিয়া প্ৰতিখন জিলাৰ নডেল অফিচাৰ সকলৰ সৈতে যোগাযোগৰ চেষ্টা কৰা হৈছিল। সেই অনুসৰি, ৩৩খন জিলাৰ ৩৩গৰাকী নডেল অফিচাৰৰ সৈতে যোগাযোগ কৰা হৈছিল।

লখিমপুৰ, পশ্চিম কাৰ্বিআংলং, ওদালগুৰি, তিনিচুকীয়া, দক্ষিণ শালমাৰা-মানকাচাৰ, শিৱসাগৰ, নলবাৰী, নগাঁও, মৰিগাঁও, মাজুলী, কোকৰাঝাৰ, কৰিমগঞ্জ, কাৰ্বি আংলং, কামৰূপ, যোৰহাট, হোজাই, হাইলাকান্দি, গোলাঘাট, গোৱালপাৰা, ডিমাহাচাও, ডিব্ৰুগড়, ধুবুৰী, বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, ধেমাজি, দৰং আৰু কামৰূপ মহানগৰত কোৰোনাৰ নডেল অফিচাৰ হিচাপে নিযুক্তি দিয়া এই বিষয়াসকলক হাতত কোৰোনা সংক্ৰান্তীয় কি শেহতীয়া তথ্য আছে?

কোৱাৰেন্টাইন চেন্টাৰ আৰু কোৱাৰেন্টাইন কৰা লোকৰ সংখ্যাই ঘৰিষ্ঠ সংখ্য নডেল অফিচাৰৰ হাতত নাই মজুত। কেইখন মান জিলাই বাদ দি কোনোৱে এই সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰাৰ লগতে, কিছু সংখ্যকে বিষযটোৱে এৰাই চলিলে। অৱশ্যে তাৰমাজত কেইবাখনো জিলাৰ নডেল অফিচাৰে দাঙি ধৰিলে জিলা সমূহত থকা কোৱাৰেন্টাইন চেন্টাৰ আৰু কোৱাৰেন্টান কৰা লোকৰ সবিশেষ।

ধেমাজি জিলাৰ বিষয়াই জানিবলৈদিয়া মতে, জিলাখনত মুঠ ১৩টা কোৱাৰেন্টাইন চেন্টাৰ আৰু ২ জুলাইলৈকে কোৱাৰেন্টাইন কৰা লোকৰ সংখ্যা আছিল মুঠ ৪৫১৪জন। ইয়াৰ ভিতৰত ৪২১১গৰাকীক হোম কোৱাৰেন্টাইন, ৩১১৩গৰাকী ইনষ্টিটিউশ্যনেল কোৱাৰেন্টাইনত আছে।

এই জিলাখনত মুঠ কোৱাৰেন্টাইন কৰা লোকৰ সংখ্যা ১০,৩২০গৰাকী। কোভিড-১৯ত মুঠ আক্ৰান্ত হৈছে জিলাখনত ১৯০ জন লোক। ইয়াৰে ১৬২জন সুস্থ আৰু বৰ্তমান কোভিডত আক্ৰান্ত হৈ আছে ৫৪গৰাকী।

কোকৰাঝাৰত ২২টা কোৱাৰেন্টাইন চেন্টাৰ স্থাপন কৰা হৈছিল। এই জিলাখনত ২১হাজাৰৰো অধিক লোকক কোৱাৰেন্টাইন কৰা হৈছে এতিয়ালৈকে। দৰঙত ৫০টা কোৱাৰেন্টাইন চেন্টাৰ স্থাপন কৰাৰ লগতে ১০হাজাৰৰো অধিক লোক কোৱাৰেন্টাইন কৰা হৈছে। ৩ জুলাই, ২০২০লৈকে জিলাখনত আছে ৪৫৪৮গৰাকী লোক আছে কোৱাৰেন্টাইন চেন্টাৰত।

পশ্চিম কাৰ্বিআংলঙত মুঠ ৮টা কোৱাৰেন্টাইন চেন্টাৰ স্থাপন কৰাহৈছে। এই জিলাখনত কোৱাৰেন্টাইন কৰা লোকৰ সংখ্যা ১৪৩৮জন। ইয়াৰে ১২৪৩গৰাকী কোৱাৰেন্টাইন কক্ষৰ পৰা যাবলৈ দিয়া হৈছে। জিলাখনত ২ জুলাইলৈকে ১৩৬জন লোক কোৱাৰেন্টাইন হৈ আছে। জিলা খনত সেই দিনালৈকে কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৫৯জন।

পশ্চিম কাৰ্বিআংলঙত কোৰোনাৰ সবিশেষ…

ওদালগুৰিত মুঠ কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৯৪জন। ইয়াৰে ১৫৭জন আৰোগ্য হৈছে আৰু ৩৭জন বৰ্তমান চিকিৎসাধীন হৈ আছে। জিলাখনৰ হৰিশিঙা ৰাজহ চক্ৰত ৬৩টা, মাজবাটত ৪৩টা, ওদালগুৰিত ১৮০টা শ্বাব সংগ্ৰহ কৰা হৈছিল ১ জুলাই, ২০২০ত। এই তাৰিখলৈকে মুঠ ১২,৪০৯জন লোকৰ শ্বাব সংগ্ৰহ কৰা হৈছে ওদালগুৰিত। ইয়াৰে হৰিশিঙাত ২৭২৬টা, কলাইগাঁৱত ৩২টা, খৈৰাবাৰীত ৪৯৬টা, মাটবাটত১৫৬০টা আৰু ওদালগুৰিত ৮৫৯৬টা শ্বাব সংগ্ৰহ কৰা হৈছে। সেইবোৰৰ ভিতৰত ১০,৫৬৮টা নিগেটিভ আৰু এতিয়াও ১৮২৬টা পৰীক্ষাৰ ফলাফল অহা নাই।

ওদালগুৰিত মুঠ ৩০৫৬গৰাকী লোকক হোম কোৱাৰেন্টাইন কৰা হৈছিল। ইনষ্টিটিউশ্যনেল কোৱাৰেন্টাইনত থকা লোকৰ সংখ্যা ১১৩৫জন। জিলাখনত মুঠ ৮টা কোভিড হেল্প চেন্টাৰত আছে ১২০খন বিচনা। ওদালগুৰিত স্থাপন কৰা হৈছে ৩৭টা কোৱাৰেন্টাইন চেন্টাৰ। ইয়াৰে ৩৫টা বৰ্তমান সক্ৰিয় হৈ আছে।

ওদালগুৰি জিলাৰ কোৰোনাৰ সবিশেষ…

ডিব্ৰুগড়ত মুঠ ৪৮টা কোৱাৰেন্টাইন চেন্টাৰ খোলা হৈছে। জিলাখনত কোৱাৰেন্টাইন কৰা লোকৰ সংখ্যা ৫-৬হাজাৰমান হব। বৰপেটাত ১১হাজাৰ লোকক কোৱাৰেন্টাইন কৰা হৈছে।জিলাখনত মুঠ ৭২টা কোৱাৰেন্টাইন চেন্টাৰ খোলা হৈছিল যদিও, বৰ্তমান ১২টা সক্ৰিয় হৈ আছে। চৰাইদেউত ২০টা কোৱাৰেন্টাইন চেন্টাৰ খোলা হৈছিল বুলি জনালে নডেল অফিচাৰগৰাকীয়ে।

কোভিডৰ নামত কিয় বাৰে বাৰে সলনি হৈছে ভাষ্যঃ

কোভিডৰ নামত কিমান ভাষ্য সলনি হৈছে? সঁচাকৈ ই ভয়াৱহনে? যদি ভয়াৱহ তেনেহলে কিয় কিছু কিছু ক্ষেত্ৰত এৰা ধৰা কৰি পৰিস্থিতি অনুসৰি চৰকাৰে নিয়ম সলনি কৰিব লগা হৈছে? গুৱাহাটীত এইবাৰ লকডাউন দিয়াৰ পূৰ্বেই কোৱা হৈছিল- যিসকল লোকে গুৱাহাটী এৰি যাব খোজে তেওঁলোক যাব পাৰিব। আৰু এতিয়া এনে কথাও ওলাইছে যে, গুৱাহাটীৰ পৰা কোনো লোক বাহিৰত গলে তেওঁলোকক কোৱাৰেন্টাইন কৰা হব।

এই নিয়ম পূৰ্বতে কিয় কৰা নহ'ল? কিয়নো গুৱাহাটীত যদি সঁচাকৈ গণ সংক্ৰমণ হৈছে তেনেহলে গুৱাহাটীৰ পৰা আন চহৰ বা গাঁও অভিমুখে যোৱা মানুহে জানো কোভিডৰ বাহক ৰূপত সেই অঞ্চললৈ কোভিড কঢ়িয়াই নিনিব?

হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য মন্ত্ৰী হিচাপে কোভিডৰ সমগ্ৰ কাম-কাজ তদাৰক কৰি আছে। ইয়াৰ তুলনাত মুখ্য মন্ত্ৰী এতিয়া তেনেতেই নিষ্প্ৰভ হৈ পৰিছে। কেতিয়াবা এনে লাগে যেন এই দুই নেতাৰ মাজত কোনে বেছি কাম কৰিছে তাক দেখুৱাবলৈ প্ৰতিযোগিতা চলে। কোৰোনাতকৈ তেওঁলোকৰ কামৰ পাৰদৰ্শিতা আৰু অনাৱশ্যকভাৱে কিছু পৰিদৰ্শন আৰু তৎপৰতাই ৰাইজক ভাবিবলৈ বাধ্য কৰে- কোৰোনা নামৰ এই পৰিস্থিতিৰ মাজতে এখন ক্ষমতা কেন্দ্ৰিক নাটকো চলি আছে।

সকলো কথাই অপপ্ৰচাৰ নহয়ঃ

সকলো কথাই অপপ্ৰচাৰ নহয়। এজন-দুজনৰ নহয়, কিমান লোকৰ কোভিড-১৯ৰ ফলাফল ওলট-পালট হৈছে তাৰ হিচাপ নাই। আগবেলা কোভিড নিগেটিভ বুলি কোৱা আৰু মেছেজ অহা ৰোগীক পিছবেলা আৰক্ষীয়ে উঠাই নিয়াৰ দৰে ঘটনা পোহৰলৈ আহিছে।

বিয়া-সবাহৰ দৰে সা সুবিধা নিবিচাৰিলেও এজন ৰোগীয়ে ন্যূনতম সুবিধা বিচাৰে। এজন ৰোগীৰ সেয়া প্ৰাপ্য অধিকাৰ। আন ৰাজ্যৰ তুলনাত কোৰোনা প্ৰতিৰোধ আৰু সংক্ৰমণৰ ক্ষেত্ৰত অসমে ভাল কাম কৰা বুলি চাব্বাছ লোৱা মন্ত্ৰীক নিশ্চয় ৰোগীয়ে অসুবিধা পালে কিবা এটা কব। তাক অপপ্ৰচাৰ আখ্যা দিলে সেই সমস্যাবোৰ সমাধান নহয়।

কোৰোনা এতিয়া সৰ্বত্ৰে। কোৰোনাৰ ৰোগীসকলক ধৰি-বান্ধি যি ধৰণে চিকিৎসালয়লৈ নিয়া হৈছে আৰু কোৰোনাৰ নামত যি যি কাণ্ড সংঘটিত হৈছে বুলি চৰ্চা হৈছে, সেই কাহিনীবোৰ আজি নহলেও এদিন পোহৰলৈ আহিব।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে অতি ভাল কাম কৰিছে বুলিও কৈও এই কথা জানো কব নোৱাৰি- ভাল কামৰ মাজতে আসোৱাহ ৰৈ গৈছে, দুৰ্নীতি হৈছে। কাৰোবাৰ চকুত সেইবোৰ পৰাৰ পাছতো অন্ততঃ সমালোচনা কৰিবলৈ বহু চিন্তা কৰিছে। কিয়নো এয়া সংকটৰ সময়। কোৰোনাৰ মহাসংকটৰ মাজতে লুণ্ঠনৰাজ চলিলে, স্বেচ্ছাচাৰী হৈ উঠিলে , সুবিধা অনুযায়ী নিয়ম সলালে ৰাইজেতো সন্দেহ কৰিবই।

তথাপিও কওঁ- কোৰোনা প্ৰতিৰোধ আৰু চিকিৎসাৰ নামত সন্ত্ৰাস সৃষ্টি কৰাৰ প্ৰয়োজন নাই। আত্মসন্তুষ্টিৰে নিজৰ জয় ঢোল নিজেই কোবাই থকাতকৈ সেই জয় ঢোল ৰাইজক এৰি দিলে ৰাইজে নিজেই সেই ঢোল কোবাই ক'ব- হিমন্ত বিশ্ব শৰ্মাই কোৰোনাক লৈ বৰ ভাল কাম কৰিলে। সেই দিনটোলৈ এতিয়া অপেক্ষা। কিন্তু এতিয়া ৰাইজ লাহে লাহে হৈ পৰিছে নিৰাশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in