নোৱাৰো পঢ়িব মই এনে খবৰ…

নোৱাৰো পঢ়িব মই এনে খবৰ…

মৃদুল কুমাৰ সন্দিকৈ

এক অস্থিৰ সময়। চৌদিশৰ পৰা কেৱল বেয়া খবৰ। ছচিয়েল মিডিয়াত কাৰোবাৰ ফটো ভাহি উঠিলেই উচপ খাই উঠিব লগা সময় এয়া। আকৌ কাঢ়ি নিলে নেকি কোৰোনাই কাৰোবাক? সৌ সইদিনালৈকে 'আজটক' নামৰ চেনেলটোত কোভিডৰ বিৰুদ্ধে যুঁজ দিছিল এজন সাংবাদিকে।

সমগ্ৰ দেশবাসীক কোভিডৰ বাবে কি নীতি-নিয়ম মানি চলিব লাগিব সেয়া সংবাদমাধ্যমৰ জৰিয়তে তেওঁ জনাই গৈছিল। আহ্বান জনাইছিল দেশবাসীক ঘৰৰ পৰা বিনা কাৰণ বাহিৰত নোলাবলৈ। কোৰোনাই বিধ্বস্ত কৰা সময়ৰ কাহিনী আছিল এয়া।

৩০ এপ্ৰিল, ২০২১। আজটক নামৰ চেনেলটোৰ ষ্টুডিঅ'ত কান্দি কান্দি এগৰাকী এংকৰে খবৰ পঢ়িছে। দুখেৰে , আৱেগেৰে আৰু অতি শোকেৰে খবৰ দিছে সেই চেনেলটোৰে অতিকৈ জনপ্ৰিয় সাংবাদিক তথা এংকৰ ৰোহিত ছাৰ্ডানা আৰু নাই।

ৰাজনাথ সিঙৰ পৰা আৰম্ভ কৰি অমিত শ্বাহলৈকে বহু জ্যেষ্ঠ ৰাজনীতিবিদৰ সাক্ষাৎকাৰ লৈছিল ৰোহিতে। টেলিভিছনৰ পৰ্দাৰ এজন জনপ্ৰিয় এংকৰ আছিল তেওঁ। কোৰোনাই তেওঁক কাঢ়ি নিয়াৰ পাছত আকৌ এবাৰ মানুহৰ মনত কেন্দ্ৰিভূত হৈছে এই মহামাৰীয়ে কি দৰে ধ্বংসলীলা চলাইছে।

'টাল ঢৌক কে' আছিল তেওঁৰ এটা জনপ্ৰিয় অনুষ্ঠানৰ নাম। সেয়া অৱশ্যে তেওঁ 'জি নিউজ' নামৰ চেনেলটোত পৰিচালনা কৰিছিল। পূৰ্বতে জি নিউজত কৰ্মৰত ছাৰ্ডানাই ২০১৭ত আজটকত যোগদান কৰিছিল।

সংবাদক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁ বহু সন্মান লাভ কৰিছিল। এখন চিনাকি মুখ এইদৰে হেৰাই গ'ল। খবৰ কেৱল এয়াই নহয়, আন বহু খবৰ আহিছে চাৰিও দিশৰ পৰা। দিল্লীত কৰ্মৰত অসমৰ সাংবাদিক নীলাক্ষী ভট্টাচাৰ্যও হেৰাই গ'ল হঠাৎ।

টাইমছ অৱ ইণ্ডিয়াত কৰ্মৰত নীলাক্ষী ভট্টাচাৰ্যৰ স্বামীও গুৰুতৰভাৱে আক্ৰান্ত হৈ আইচিইউত ভৰ্তি হৈ আছে। ৰাজধানী দিল্লীত অতি ভয়াৱহ পৰিস্থিতি। কোৰোনাক নিয়ন্ত্ৰণ কৰা বুলি গৰ্ব কৰা সকলৰ অহংকাৰক ধূলিত মিহলাই দিছে ।

দিল্লীতেই অসমৰ ক'তজন লোকে প্ৰাণ হেৰুৱালে তাৰ হিচাপ ৰাখিছে কোনে? দিল্লী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপকে চিকিৎসাৰ অভাৱত চটফটাই মৃত্যুক সাৱটি ল'লে বিনা চিকিৎসাই। বহিঃৰাষ্ট্ৰত কৰ্মৰত প্ৰাক্তন ৰাষ্ট্ৰদূতৰো একেই দশা।

দিল্লীৰ অসমীয়া সমাজক একত্ৰিত কৰি ৰখা অভিযন্তা মৃদুল ভূঞাও এতিয়া কোৰোনাৰ হাতত পৰাস্ত হৈ অজান দেশৰ আলহী হ'লগৈ। সেই পৰিৱেশৰ অন্ত পৰিব কেতিয়া? দিল্লীত থকা অসমীয়া লোকসকলৰ পৰিয়াল চিন্তিত।

এনে খবৰো আহিছে- ব্যক্তিগত কোম্পানীত কৰ্মৰত জ্যেষ্ঠ অসমীয়া বিষয়া কোভিডত প্ৰাণ হেৰুওৱাৰ পাছত তেওঁৰ নাবালক পুত্ৰক অসমলৈ ঘূৰাই পঠাব লগা হৈছে দিল্লী আৰক্ষীয়ে। পত্নী, দুই সন্তান আক্ৰান্ত হৈছিল কোৰোনাত। একেখন হাস্পতালতে ৰখোৱা হৈছিল তেওঁলোকক। অক্সিজেনৰ অভাৱত ভূগিছিল।

সঞ্জীৱ ফুকনৰ মৃত্যুৰ খবৰ এয়া। তেওঁৰ দুই সন্তানক শুকুৰবাৰে দিল্লী আৰক্ষীয়ে গুৱাহাটীলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছিল। কোৰোনাই কাকো দয়া কৰা নাই। অসমতো কোৰোনাৰ সংহাৰ লাহে লাহে তীব্ৰতৰ হ'ব ধৰিছে।

নিৰ্বাচনী ফলাফলৰ বাবে হয়তো বহু কথা থাপিথুপি থোৱা হৈছে। ন্যায়ালয়ে দিল্লী চৰকাৰক কোৰোনাত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সঠিক তথ্য দিবলৈ নিৰ্দেশ দিছে। ভেকচিনেশ্যনৰ কাম চলি আছে। মানুহে কোৰোনাৰ পৰা হাত সাৰিবলৈ ভেকচিন ল'বলৈ হেতাওপৰা কৰিছে।

সেই ধূসৰ সময়ৰ ইতিহাস এতিয়াও লিখি থকা হৈছে। মৃত্যু এতিয়া সহজ হৈ পৰিছে চৌদিশে। দুদিনৰ পূৰ্বলৈকে সুস্থ আৰু সবল হৈ থকা মানুহজন কোৰোনাৰ কৱলত পৰি অতীত হৈ গৈছে। কেতিয়া শেষ হ'ব এই মহামাৰী?

সাধাৰণতে কোৱা হয়- আৰক্ষী, সংবাদমাধ্যমৰ লোকসকল যথেষ্ট সাহসী। তেওঁলোকে যিকোনো পৰিস্থিতি চম্ভালিব পাৰে। কিন্তু আজটকৰ সেই দৃশ্য চাই কোনে চকুলো নোটোকাকৈ থাকিব পাৰে। বাতৰিৰ বাবে সাজু হৈছে এংকৰ।

কোনো মতেই নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাই এংকৰগৰাকীয়ে। এগৰাকীয়ে মুখেৰে একো কোৱা নাই। তিনিটা উইণ্ডত এফালে তেওঁলোকৰ একালৰ সহযোগী ৰোহিত ছাৰ্ডানাৰ এখন ফটো, আনফালে দুগৰাকী এংকৰ।

কেৱল হুকহুকাই কান্দিছে এংকৰগৰাকীয়ে। এগৰাকীয়ে কৈছে- আজিৰ দৰে বুলেটিন মই কেতিয়াও পঢ়িব নিবিচাৰো। মোক হেডলাইন দিলেও মই পঢ়িব নোৱাৰো। এংকৰগৰাকীয়ে কৈছে- মোৰ এনে লাগিছে ৰোহিত যেন আহি যাব। সেই দৃশ্য এয়া-

অসমৰ বহু শিল্পী, প্ৰতিষ্ঠিত লোক, সাধাৰণ ব্যক্তিক কোৰোনাই কাঢ়ি নিছে। ঘৰবোৰ উকা হৈ পৰিছে। অভূতপূৰ্ব পৰিৱেশ। ভেকচিন, অক্সিজেন, চিকিৎসালয়ত চিকিৎসাৰ বাবে বিচনাৰ নাটনি। ৰাজধানী দিল্লীত সেই অৱস্থা আৰু দুখ লগা। অসমৰ পৰা কোৰিয়াৰত পঠাব লগা হৈছে ঔষধ।

কোৰোনা ক'ত বুলি প্ৰশ্ন কৰা সকলে এতিয়া দেখিছেনে কোৰোনা? কোৰোনা যুঁজত জয়ী হোৱা বুলি আত্মপ্ৰত্যয়েৰে গৰ্ব-অহংকাৰত মচগুল হোৱা সকল নিমাত। এই সময়ৰ অন্ত পৰক। দুখৰ খবৰবোৰৰ ধাৰাবাহিকতা যতি পৰিবলৈ নিজেই নিজৰ বাবে সতৰ্ক হোৱাৰ গত্যন্ত নাই।

সংক্ৰমণৰ সংখ্যা বাঢ়ি গৈ আছে। ৩ লাখ ৮৬ হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে। ৪ লাখ সংক্ৰমণ এদিনতে দেশত হওঁ হওঁ। ভয়ানক পৰিস্থিতিৰ মাজতে ন্যায়ালয়ে প্ৰশ্ন কৰিব লগা হৈছে। কোভিড বহুতৰ বাবে ব্যৱসায়, ৰাজনীতি হৈ পৰিছে।

কোৰোনাই সাধাৰণ মানুহৰ জীৱন-জীৱিকাৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে। কোৰোনাই যিবোৰ খবৰ কঢ়িয়াই আনিছে সেয়া সঁচাই বেদনাদায়ক, ভয়লগা। সকলোকে পৰিত্ৰাণ লাগে কোৰোনা পৰা…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in