লাগে কেৱল আনন্দ-সুখ…

লাগে কেৱল আনন্দ-সুখ…

ৰাজৰ্ষি চহৰীয়া

"ব'হাগ মাথোঁ এটি ঋতু নহয়

নহয় ব'হাগ এটি মাহ,

অসমীয়া জাতিৰ ই আয়ুস ৰেখা

গণ জীৱনৰ ই সাহ।"

সমগ্ৰ অসমতে এতিয়া অতি উলহ-মালহেৰে উদযাপন কৰা হৈছে অসমীয়াৰ বাপতি সাহোন বহাগ বিহুটি। ঢোল-পেঁপা-গগণাৰ শব্দ ৰাজ্যৰ চৌদিশে। ব'হাগ বা ৰঙালী বিহু হৈছে যৌৱনৰ উৎসৱ।বসন্তৰ আগমনত যেতিয়া প্ৰকৃতিয়ে নতুন ৰূপ লৈ জিলিকি উঠে তেতিয়া চহা ৰাইজ জীৱন উপভোগ কৰিবলৈ আহে আগবাঢ়ি।

যৌৱনৰ লগতে খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে কৰে বিশ্বা। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা হয় ৰঙালী বিহু। একেৰাহে সাত দিন ধৰি উদযাপন কৰা হয় ব'হাগ বিহু। চ'তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ কৰি সাত দিন অৰ্থাৎ ৬ ব'হাগলৈ এই উৎসৱ পালন কৰা হয়।

উল্লেখ্য যে, প্ৰত্যেক দিনাৰ বিহুৰে আছে সুকীয়া নাম। ইয়াক সাত বিহু বুলি জনা যায়। সেই কেইটা ক্ৰমে- ১. চ'ত মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু, ২. ব'হাগৰ প্ৰথম দিনা মানুহ বিহু, ৩. ব'হাগৰ দ্বিতীয় দিনা গোঁসাই বিহু বা সাত বিহু, ৪. ব'হাগৰ তৃতীয় দিনা চেনেহী বিহু, ৫. ব'হাগৰ চতুৰ্থ দিনা মাইকী বিহু বা জেং বিহু, ৬. ব'হাগৰ পঞ্চম দিনা ৰঙালী বিহু আৰু ৭. ব'হাগৰ ষষ্ঠ দিনা এৰা বিহু বা চেৰা বিহু।

লক্ষণীয় যে, মাজতে এটা বৰ্ষ অসমীয়া ৰাইজে নাপালে বিহু উদযাপন কৰিবলৈ। কিয়নো ২০২০ বৰ্ষত ব'হাগ বিহুৰ সময়ত কোৰোনাৰ বাবে জাৰি কৰিবলগীয়া হৈছিল ল'কডাউন। সেই সময়ত নাছিল কোভিড ভেকচিন। কেৱল চৰকাৰে সমগ্ৰ বিশ্বজুৰি প্ৰভাৱ পেলোৱা এই ভাইৰাছবিধৰ পৰা ৰক্ষা পৰিবলৈ তথা কোৰোনাৰ সংক্ৰমণ অধিক বৃদ্ধি নোহোৱাৰ চেষ্টাৰে জাৰি কৰিছিল ল'কডাউন।

সেই সময়ত সকলো এক প্ৰকাৰে বন্দী হৈ পৰিছিল নিজৰে ঘৰত। অসমীয়া ৰাইজৰ বাবে সেই সময়খিনি আছিল অতি দুখকৰ। কিয়নো অসমীয়া জাতিৰ আয়ুস ৰেখা স্বৰূপ বিহুটি উদযাপন কৰাৰ পৰা বঞ্চিত হৈছিল ৰাজ্যবাসী। বিহুস্থলীত সাংস্কৃতিক অনুষ্ঠানত যি ধৰণে সকলোৱে আনন্দ-উল্লাস কৰিছিল তাৰ পৰা হৈছিল বঞ্চিত, নিজৰ সম্পৰ্কীয় লোকসকল-বন্ধুৰ পৰা আঁতৰি থাকিব লগা হৈছিল প্ৰতিজন ব্যক্তি।

এটা বছৰ ব'হাগ উদযাপন কৰিবলৈ নোপোৱাৰ পাছত এইবাৰ ৰাজ্য চৰকাৰে ঘোষণা কৰে যে, আমি এই বিহুটি উদযাপন কৰিবলৈ পাম। এয়া যে সঁচাকৈ বহুত আনন্দৰ কথা সকলোৰে বাবে। কিন্তু চৰকাৰে বান্ধি দিলে কিছুমান নিয়ম-নীতি। যাতে বৃদ্ধি নহয় কোৰোনাৰ সংক্ৰমণ।

বিহুৰ প্ৰাকমুহূৰ্তত ৰাজ্য চৰকাৰে প্ৰকাশ কৰে ৰঙালী বিহুৰ গাইডলাইন। সেই গাইডলাইন অনুসৰি- সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ পূৰ্বে ল'ব লাগিব জিলা প্ৰশাসনৰ অনুমতি, অনুষ্ঠানত আনুমানিক কিমান সংখ্যক লোক উপস্থিত থাকিব সেই সম্পৰ্কেও জনাব লাগিব, উদ্যোক্তা সমিতিৰ প্ৰতিগৰাকী কৰ্মীয়ে কৰিব লাগিব কোভিড পৰীক্ষা।

তদুপৰি অনুষ্ঠান অনুষ্ঠিত হোৱাৰ তিনি পাছতো কৰিব লাগিব কোভিড টেষ্ট, সাংস্কৃতিক অনুষ্ঠানৰ সময়ত মানি চলিব লাগিব সামাজিক দূৰত্ব, পৰ্যাপ্ত স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব, মাস্ক পৰিধান আৰু হেণ্ডে চেনিটাইজাৰ ব্যৱহাৰ কৰাতো বাধ্যতামূলক, প্ৰতিটো প্ৰৱেশ-প্ৰস্থানৰ গেটত থাকিব লাগিব হেণ্ড চেনিটাইজাৰ, দুবাৰকৈ ছেনিটাইজ কৰিব লাগিব অনুষ্ঠান আয়োজন কৰা স্থান, সকলো অনুষ্ঠান নিশা ১১ বজাৰ পূৰ্বে সমাপ্ত কৰিব লাগিব আদি।

গুৱাহাটী মহানগৰীত বিভিন্ন স্থানত গায়কসকলে পৰিৱেশন কৰিছে গীতৰ অনুষ্ঠান। লতাশিল, খাৰঘূলি, গীতানগৰ আদি বিহুস্থলীত গীত পৰিৱেশ কৰিছে গায়কসকলে। কিন্তু সামাজিক দূৰত্ব মানি চলা বিশেষ দেখা নগ'ল এই অনুষ্ঠানসমূহত।

কেৱল বিহু উদযাপনেই নহয়, মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত ১৪২৮ ভাস্কৰাব্দৰ পৰাম্পৰাগত বৰ্ষফল গণনা কৰি বৰপেটা সত্ৰৰ দৈব্যজ্ঞ ত্ৰিদিপ শৰ্মা দলৈয়ে ১৫ এপ্ৰিল, ২০২১ত কয়- মংগলে মন্ত্ৰিত্বৰ ভাল লোৱাত ৰাজ্যত বিজেপিয়েই চৰকাৰ গঠন কৰিব। আৰু জন্মফল গণনা অনুসৰি সৰ্বানন্দ সোণোৱালেই পুনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব।

দৈৱজ্ঞগৰাকীয়ে কৰা বৰ্ষফল গণনা অনুসৰি অসম প্ৰদেশৰ ৰাশি কৰ্কট ৷ ৰাশিফলমতে, পঞ্চম স্থানত কেতু, সপ্তমস্থানত শনি, অষ্টমস্থানত বৃহস্পতি, দশমস্থানত শুক্ৰ, ৰবি, বুধ, একাদশত মংগল, ৰাহু, চন্দ্ৰ অৱস্থান কৰাত আগন্তুক বছৰটো ৰাজ্যখনৰ বাবে মুঠেই অনুকূল নহয়৷ সংক্ৰান্তি সময়ত কালসৰ্প যোগ আৰু শনিৰ পূৰ্ণদৃষ্টি পৰিছে ৷ শনি ৰজা আৰু মঙ্গল মন্ত্ৰী হোৱাত লগতে সপ্তম স্থানত শনি অৱস্থান কৰাত ৰাজ্যত বছৰটোত আন্দোলন বৃদ্ধি, দুৰ্ঘটনা, হত্যা, অপহৰণ, সন্ত্ৰাসবাদ মূলক কাৰ্য বৃদ্ধি পাব ৷ বহু ঠাইত অশান্তিৰ লগতে আকস্মিক দুৰ্ঘটনা, গুপ্তহত্যাৰ যোগ আৰু প্ৰাকৃতিক দুৰ্যোগে ৰাজ্যখনৰ অঞ্চলভেদে ব্যাপক ক্ষতি সাধন কৰিব ৷

বৰ্ষফল গণনা মতে, এইবেলি শুক্ৰ জলাধিপতি আৰু চন্দ্ৰ শস্যাধিপতি হোৱাত খৰাং বতৰৰ লগতে বানপানীৰ প্ৰভাৱত ৰাজ্যখনৰ শস্য আদিৰ প্ৰভূত ক্ষতিসাধন হব ৷ বৰ্ষফল অনুসৰি ৰাজ্যত ৰাজনৈতিক, অৰ্থনৈতিক সমস্যাৰ লগতে খাদ্য সংকটে দেখা দিব পাৰে বুলিও শৰ্মাদলৈয়ে কয় ৷ আনহাতে কালসৰ্প যোগ আৰু শনিৰ পূৰ্ণদৃষ্টিৰ বাবে সকলো দলৰ ৰাজনৈতিক নেতাসকলে সাৱধান হোৱাটো মঙ্গলজনক বুলি উল্লেখ কৰে ৷ তাৰোপৰি ৰাজ্য শাসনৰ ক্ষেত্ৰত সেনা আৰক্ষীৰ কাৰ্যকলাপ বৃদ্ধিৰ যোগ ৷ইপিনে ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নোহোৱাতেই অধিক শুভ বুলি মন্তব্য কৰে দৈৱজ্ঞ গৰাকীয়ে ৷ ৰাজ্যৰ সকলো ৰাজনৈতিক নেতাৰ ভিতৰত সৰ্বানন্দ সোনোৱালৰ দশাই শ্ৰেষ্ঠ ফল লাভ কৰা বুলিও মন্তব্য ৷

অসমত ইফালে, প্ৰতিদিনাই বৃদ্ধিও পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। বিহু পাৰ হোৱাৰ পাছতে বিভিন্নজনে আশংকা কৰিছে যে, ল'কডাউন নহয়। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে কৈছে যে ল'কডাউন নহয়। কিন্তু কোৰোনাৰ সংক্ৰমণ মহাৰাষ্ট্ৰৰ দৰে যদি বৃদ্ধি পাই তেন্তে কেৱল সান্ধ্য আইনেই সকলো পৰিস্থিতি নিয়ন্ত্রণ কৰিব পাৰিবনে?

সকলো প্ৰশ্নৰ উত্তৰ হয়তো সময়ত জনা যাব। আৰু এইটো নিশ্চিত যে, পৰিস্থিতি সাপেক্ষে কোৰোনা বিৰুদ্ধে যুঁজি থকা এই যুদ্ধখনত ৰুণনীতিও সলনি কৰা হ'ব। মুঠৰওপৰত এটা কথা সকলোৱে অনুভৱ কৰিছে যে, এইবাৰ ২০২০ৰ দৰে নহ'ল বিহু। কিয়নো ৰাজ্যবাসীয়ে উদযাপন কৰিছে ব'হাগ বিহু, ৰাজ্যবাসীয়ে উদযাপন কৰিছে ৰঙালীক। এনেদৰেই থাকক সকলো সময়, পৰিস্থিতি। কিয়নো অসমবাসীক নালাগে ল'কডাউন, নালাগে কোৰোনা, নালাগে দুখ-কষ্ট, লাগে কেৱল ব'হাগ বিহুৰ দৰে সুখ আৰু আনন্দ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in