জয় শ্ৰীৰাম…

জয় শ্ৰীৰাম…

মৃদুল কুমাৰ সন্দিকৈ

আকৌ ৰামৰ বন্দনা। চৌদিশে চলিছে প্ৰস্তুতি। অযোধ্যাত পুনৰ ৰামৰ বাবে নিৰ্মাণ হ'ব ৰাম মন্দিৰ। এটা বিবাদমান বিষয় ন্যায়িক ব্যৱস্থাৰে অন্ত পৰাৰ পাছত ৰামৰ জন্মভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ আনুষ্ঠানিকতা আৰম্ভ হ'ব ৫ আগষ্ট, ২০২০ত।

সেই শুভ ক্ষণত উপস্থিত থাকিব পাৰিব মাত্ৰ ১৭৫জন বিশেষ অতিথি। ইয়াৰে ১৩৩জনেই সাধু-সন্ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি আন সকল অতিথিৰ উপস্থিতিত এই ঐতিহাসিক দিনটোৰ সাক্ষী হ'ব দেশবাসী।

ৰাম মন্দিৰ ট্ৰাষ্টৰ মহা সচিব স্বপন ৰয়ে জানিবলৈ দিয়া মতে, সজাই পৰাই তোলা হৈছে অযোধ্যা। ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ অৰিবহনা আছিল এল কে আদৱাণী, মুৰুলী মনোহৰ যোশীৰ দৰে বিজেপিৰ প্ৰবীণ নেতাসকলৰ। তেওঁলোক দুয়োলে অৱশ্যে প্ৰেৰণ কৰা হোৱা নাই নিমন্ত্ৰণী পত্ৰ।

অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমিপূজন অনুষ্ঠানৰ বাবে প্ৰেৰণ কৰা নিমন্ত্ৰণীপত্ৰ…

ফোনযোগে কথা পাতিছিল ৰাম মন্দিৰ ট্ৰাষ্টৰ অধ্যক্ষগৰাকীয়ে বিজেপিৰ এই দ্বিগ্বজ নেতাৰ সৈতে। তেওঁলোকে দুয়োৱে হেনো ৰাম মন্দিৰ ভূমি পূজন অনুষ্ঠানলৈ শাৰীৰিক প্ৰতিবন্ধকতাৰ বাবে আহিব নোৱাৰাৰ কথা ক'লে।

এই ৰাম মন্দিৰৰ সৈতে আন এটা নাম সাঙোৰ খাই আছিল। তেওঁ আছিল কল্যাণ সিং। উত্তৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়েও এই অনুষ্ঠানলৈ অহাৰ আগ্ৰহ ব্যক্ত নকৰিলে। যিখন নিমন্ত্ৰণী পত্ৰ ইয়াৰ বাবে প্ৰস্তুত কৰা হৈচে সেই নিমন্ত্ৰণী পত্ৰত আছে বিশেষ নিৰাপত্তাৰ ব্যৱস্থা।

এজন লোকে এই পত্ৰৰ জৰিয়তে এবাৰহে উক্ত স্থানত প্ৰৱেশ কৰিব পাৰিব। ৫ আগষ্টৰ ভূমিপূজনৰ এই অনুষ্ঠানত মঞ্চত উপবৃষ্ট হ'ব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, আৰ এছ এছৰ প্ৰধান মহন ভাগৱত, উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ আৰু আনন্দীবেন পেটেল।ইয়াৰোপৰি, এই অনুষ্ঠানত থাকিব সাধু নিত্য গোপাল দাস।

বাৱৰী মছজিত কৰ্তৃপক্ষৰ ফালৰ পৰা এই অনুষ্ঠানত উপস্থিত থাকিব ইকবাল আনছাৰী। উল্লেখ্য যে, আনচাৰী অন্যতম গোচৰীয়া আছিল। তেওঁৱে কেৱল লাভ কৰিছে নিমন্ত্ৰণী পত্ৰ। নিমন্ত্ৰণী পত্ৰত আছে বিশেষ ছিকিউৰিটী ক'ড। ইতিমধ্যে ১৮ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে পূজা-অৰ্চনা।

১০৮দিন ধৰি সেই স্থানত দেৱ পূজা হৈছে। ৩ আগষ্টত অনুষ্ঠিত হৈছিল গণপতি পূজা। ৪ আগষ্টত হ'ব হনুমান পূজা। তাৰপাছত ৰাম মন্দিৰ ভূমিপূজন। ৰাম মন্দিৰ আৰ্হিত প্ৰস্তুত কৰা হৈছে এটা ডাক টিকটো। এই বিশেষ ডাক টিকট ৫ আগষ্টৰ দিনাই মুকলি কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

প্ৰস্তাৱিত ৰাম মন্দিৰ…

অযোধ্যা চহৰত চৌদিশে কেৱল গেৰুৱা! ৰাম মন্দিৰ ট্ৰাষ্টৰ অধ্যক্ষগৰাকীৰ মতে, এই গেৰুৱা বৰণৰ সৈতে ৰাজনীতিৰ কোনো সম্বন্ধ নাই। ভগৱানে গেৰুৱা ৰঙৰ বশন পৰিধান কৰে বাবেই গেৰুৱা ৰঙেৰে সজোৱা হৈছে ভূমিপূজনৰ অনুষ্ঠান।

বনবাসৰ পৰা ৰাম ঘূৰি অহাৰ দৰেই যেন প্ৰস্তুতি চলিছে অযোধ্যাত। ৫ আগষ্টৰ ২ বজাইৰ ভিতৰতে সম্পূৰ্ণ হ'ব এই ভূমিপূজন। ৰাম মন্দিৰ ভূমিপূজনৰ বাবে পৱিত্ৰ নদীৰ পৰা পানী, ২০০ স্থানৰ পৰা ভূমি নিয়া হৈছে অযোধ্যালৈ। কামাখ্যাৰ পৰাও নিয়া হৈছে ভূমি।

ৰাম মন্দিৰ নিৰ্মাণক কেন্দ্ৰ কৰি দীৰ্ঘদিন ধৰি এক অস্থিৰ পৰিৱেশে বিৰাজ কৰিছিল। এই মন্দিৰটোকে কেন্দ্ৰ কৰি সৃষ্টি হৈছিল ৰাজনৈতিক প্ৰেক্ষাপট।উচ্চমত ন্যায়ালয়ে ৰাম মন্দিৰৰ সপক্ষে ৰায় দিয়াত সেয়া এতিয়া বাস্তৱ হোৱা দিশে।

হিন্দুত্ব শ্ল'গান অধিক জোৰদাৰ কৰাৰ চেষ্টাৰে দেশবাসীৰ বুকুত কেঁচা ঘাঁৰ দৰে ৰাম মন্দিৰ প্ৰসংগই দীৰ্ঘদিন ধৰি সাম্প্ৰতিক পৰিৱেশ বিনষ্ট কৰি আহিছে। কোৰোনাৰ সংকটৰ মাজতে ৰাম মন্দিৰ নিৰ্মাণক লৈ বিজেপিৰ নেত্ৰী ইমান উৎসাহিত যে বিশ্বত ত্ৰাস সৃষ্টি কৰা কোৰোনা ভাইৰাছ ৰাম মন্দিৰ নিৰ্মাণৰ পাছতে নিৰ্মূল হ'ব বুলি ঘোষণা কৰিছিল।

পিছে ৰাজস্থানৰ দোছা সমষ্টিৰ সাংসদ জাছপুৰ মিনাৰ সেই ঘোষণা যেন সঁচা নহ'ল। ৰাম মন্দিৰৰ এই পৰ্বত উপস্থিত থাকিব নোৱাৰিব এই ভূমিপূজনৰ প্ৰস্তুতি চলোৱা মুল পূজাৰী গৰাকীও। কিয়নো ৩০ জুলাইত ৰাম মন্দিৰৰ পূজাৰী প্ৰদীপ দাস আৰু মন্দিৰৰ সুৰক্ষাৰ বাবে নিয়োজিত ১৬জনৰ দেহত ধৰা পৰিছিল কোৰোনা ভাইৰাছ।

প্ৰদীপ দাস ৰাম জন্মভূমি মন্দিৰৰ মুখ্য পূজাৰী সত্যেন দাসৰ শিষ্য আছিল। ইয়াৰ উপৰিও হঠাৎ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কোৰোনাত আক্ৰান্ত হোৱাৰ পাছত এই অনুষ্ঠানত তেওঁ অংশ ল'ব নোৱাৰিব। প্ৰস্তাৱিত ৰাম মন্দিৰৰ নক্সা তৈয়াৰ কৰিছে গুজৰাটৰ এটা পৰিয়ালে।

প্ৰখ্যাত স্থাপত্যবিদ চন্দ্ৰকাম সোমপুৰাইৰ পৰিয়ালে ডিজাইন কৰা এই ৰাম মন্দিৰটো হ'ব তিনি মহলীয়া। ১৬১ফুট উচ্চতাৰ লগতে ৫টা গম্ভূজ থাকিব এই মন্দিৰটোত। পূৰ্বৰ নক্সা অনুসৰি ৰাম মন্দিৰটোত ৬৭ একৰ মাটি ৰখা হৈছিল যদিও নতুন ডিজাইন অনুসৰি ইয়াৰ পৰিসৰ বৃদ্ধি কৰা হৈছে।

এই ৰাম মন্দিৰ নিৰ্মাণ কৰিব লাছ'ন এণ্ড ট্ৰাবু নামৰ কোম্পানীটোৱে। ইতিমধ্যে ভূমি পৰীক্ষা কৰি ৬০ ফুট তলৰপৰা ইয়াৰ ভেটি নিৰ্মাণ কৰা হ'ব বুলি সদৰী কৰিছে।

অযোধ্যাত ৰাম মন্দিৰ আৰু বাবৰী মছজিদৰ বিবাদৰ পমখেদিঃ

হিন্দু সকলে বিশ্বাস কৰে, তেওঁলোকৰ আৰোধ্য দেৱতা ৰামৰ জন্ম হৈছিল অযোধ্যাত। ৰামায়ণত এই বিষয়ে সবিশেষ আছে। যুগ যুগ ধৰি চলি অহা সেই বিশ্বাসৰ বাবেই অযোধ্যা হিন্দু সকলৰ বাবে এক পবিত্ৰ ভূমি। ইতিহাসত উল্লেখ থকা মতে, ১৫২৭ চনত ৰামকোটত এটা মছজিদ নিৰ্মাণৰ বাবে নিৰ্দেশ দিছিল তেতিয়াৰ মোগল সম্ৰাট বাবৰে। সেই মছজিদটোকে পৰৱৰ্তী সময়ত মীৰ বাল্কীয়ে বাবৰি মছজিদ আখ্যা দিছিল।

এইবোৰ এতিয়া অতীত…

১৮৫৩ চনত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণক লৈ প্ৰথমটো সংঘাতৰ সৃষ্টি হৈছিল। মুছলমান আৰু হিন্দু পক্ষৰ মাজত সৃষ্টি হোৱা সেই সংঘাতৰ পাছতেই তেতিয়া ইংৰাজ চৰকাৰে ৰাম মন্দিৰ বেৰ তাঁৰেৰে বেঢ়ি দিছিল।

১৮৮৫ চনত মহন্ত ৰঘুবীৰ দাসে ইংৰাজ চৰকাৰক আবেদন জনাইছিল। ফৈজাবাদ জিলা আদালতত হিন্দু ভক্ত সকলৰ পূজাৰ বাবে মন্দিৰৰ বাহিৰত চাদ নিৰ্মাণৰ বাবে জনোৱা আবেদন ইংৰাজ চৰকাৰে মানি লোৱা নাছিল। পৰৱৰ্তী সময়ত ইংৰাজৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰাত ৰাম জন্মভূমিত বাবৰি মছজিদ আৰু ৰাম মন্দিৰ বিতৰ্ক তল পৰে।

১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত হিন্দু ভক্ত সকলে ভাৱিছিল- স্বাধীন দেশৰ চৰকাৰে উক্ত স্থানত ৰাম মন্দিৰ নিৰ্মাণ কৰিব। ১৯৪৯ চনত বাবৰি মছজিদৰ ভিতৰত ৰাম আৰু সীতাৰ মূৰ্তি উদ্ধাৰ হোৱাৰ ঘটনাই এই বিতৰ্কটোক নতুন মাত্ৰা প্ৰদান কৰে। কোনেও জনা নাছিল মছজিদৰ ভিতৰত আচলতে কোনে ৰামৰ মূৰ্তি থৈছিল।

১৯৫০ চনৰ ৫ জানুৱাৰীত এই বিবাদক লৈ অযোধ্যাত অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হয়। তাৰ পাছত চৰকাৰে বাবৰি মছজিদ বন্ধ কৰি দিয়ে। সেই বছৰে গোপাল ছিমলা বিশাৰদে ফৈজাবাদ আদালতত এক আবেদন দাখিল কৰে। পৰমহংস ৰামচন্দ্ৰ দাসেও উক্ত স্থানত মন্দিৰ নিৰ্মাণৰ বাবে আবেদন দাখিল কৰে।

অযোধ্যাত মন্দিৰ নে মছজিদ? তাক লৈ চলিছিল বহু বিতৰ্ক… সাক্ষী এইবোৰ দৃশ্য

১৯৫৯ চনত নিৰ্মোহী আখৰাই উক্ত বিবাদমান স্থানত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দাবী জনাই তেওঁলোকক ভূমি আৱন্টন দিবৰ বাবে আদালতৰ কাষ চাপে। ১৯৮১ চনত উত্তৰ প্ৰদেশৰ চুন্নী চেন্ট্ৰেল ৱাকফ বোৰ্ডেও সেই ভূমিৰ অধিকাৰ বিচাৰি আদালতৰ কাষ চাপিছিল।

১৯৮৬ চনৰ ১ ফেব্ৰুৱাৰীত জিলা আদালতে বন্ধ কৰি থোৱা বিবাদমান স্থানৰ তলা খুলিবলৈ দি হিন্দু ভক্তসকলক পূজা কৰাৰ সুবিধা দিবলৈ নিৰ্দেশ দিয়ে। তাৰ মাজতেই মন্দিৰ নিৰ্মাণৰ প্ৰসংগ আৰু অন্যন্য বিষয়বোৰে অযোধ্যা উত্তপ্ত কৰি ৰাখিছিল।

১৯৬১ চনত এই বিবাদত সোমাই পৰে মুছলমান পক্ষ। তেওঁলোকে অযোধ্যাত বাবৰি মছজিদ নিৰ্মাণৰ দাবী তুলিলে। ১৯৮৪ চনত বিশ্ব হিন্দু পৰিষদে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কথা ঘোষণা কৰি তাৰ দায়িত্ব গ্ৰহণ কৰিলে। এক গণসমাৱেশত এই ঘোষণা কৰিলে বিশ্ব হিন্দু পৰিষদে।

১৯৮৬ চনত হিন্দু সকলক পূজাৰ অনুমতি দিয়াত মুছলমানসকল ক্ষুণ্ণ হয়। তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ মুছলমান পক্ষই গঠন কৰিলে বাবৰি মছজিদ একশ্যন কমিটী। ৰাম মন্দিৰ নিৰ্মাণক লৈ দুই পক্ষৰ মাজত চলা এই বাক বিতণ্ডাৰ সুযোগ ল'লে ৰাজনৈতিক পক্ষই।

১৯৮৯ চন! পালনপুৰত অনুষ্ঠিত হৈছিল বিজেপিৰ ৰাষ্ট্ৰীয় অধিবেশন। সেই অধিবেশনতে দলটোৱে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিব বুলি এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। লগতে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বিশ্ব হিন্দু পৰিষদক সমৰ্থন কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে বিজেপিয়ে। সেই সময়তে উক্ত স্থানত মন্দিৰ স্থাপনৰ অনুমতি দিছিল ৰাজীৱ গান্ধীয়ে। তেতিয়া আছিল তেওঁ দেশৰ প্ৰধানমন্ত্ৰী।

প্ৰধানমন্ত্ৰীৰ এই অনুমতিৰ পাছতেই হিন্দু-মুছলমান পক্ষৰ মাজত অযোধ্যাত ৰাম মন্দিৰ আৰু বাবৰি মছজিদ নিৰ্মাণৰ প্ৰসংগক লৈ হোৱা মতবিৰোধ তুংগত উঠে। ১৯৯০ চনত বিজেপিৰ তেতিয়াৰ সভাপতি লালকৃষ্ণ আদৱানী প্ৰত্যক্ষভাৱে ৰাম মন্দিৰ নিৰ্মাণক লৈ সক্ৰিয় হৈ পৰে। সোমনাথৰ পৰা অযোধ্যালৈ আদৱানীয়ে উলিয়ালে ৰথযাত্ৰা। ১৯৯০ চনৰ ২৫ ছেপ্তেম্বৰত আৰম্ভ হৈছিল আদৱানীৰ এই ৰথযাত্ৰা।

ৰাম মন্দিৰৰবাবেই এদিন লালকৃষ্ণ আদৱাণীয়ে আৰম্ভ কৰিছিল ৰথযাত্ৰা। সূচনা হৈছিল ৰাজনৈতিক নতুন সমীকৰণ…

এই ৰথযাত্ৰাই ৰাম মন্দিৰ নিৰ্মাণৰ আন্দোলনক তীব্ৰতৰ কৰি তুলিলে। গুজৰাট, ৰাজস্থান, দিল্লী হৈ এই ৰথযাত্ৰা আগবাঢ়ি যাওতে দেশৰ কেইবাখনো ৰাজ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। আনকি সেই সময়ত গুজৰাট, কৰ্ণাটক, উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ আদি ৰাজ্যৰ বিভিন্ন স্থানত সান্ধ্য আইন জাৰি কৰিবলগা হৈছিল। বিহাৰত গ্ৰেপ্তাৰ কৰা হৈছিল আদৱানীক। তেতিয়া বিহাৰৰ মুখ্যমন্ত্ৰী আছিল লালুপ্ৰসাদ যাদৱ। বিহাৰৰ সমষ্টিপুৰত গ্ৰেপ্তাৰ কৰা হৈছিল লালকৃষ্ণ আদৱানীক।

আদৱানীক গ্ৰেপ্তাৰ কৰাৰ পাছতেই বিজেপিয়ে তেতিয়া ভি পি সিঙৰ চৰকাৰক দিয়া সমৰ্থন প্ৰত্যাহাৰ কৰিছিল। পতন ঘটিছিল সিঙৰ চৰকাৰৰ। ইয়াৰ পাছতেই অযোধ্যা প্ৰতিবাদমুখৰ হৈ পৰিছিল। সেই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ তেতিয়াৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী মুলায়েম সিঙে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰিবলৈ নিৰ্দেশ দিছিল। এই ঘটনাত বহু লোকৰ মৃত্যু হৈছিল। ১৯৯১ চনত উত্তৰ প্ৰদেশত মুলায়েম সিঙৰ চৰকাৰৰ পতন ঘটাত শাসনলৈ আহে বিজেপি। কল্যান সিং হৈছিল ৰাজ্যখনৰ বিজেপি মুখ্যমন্ত্ৰী।

হঠাৎ অযোধ্যাত এনেদৰেই চলিছিল আক্ৰমণ…

বিশ্ব হিন্দু পৰিষদে মন্দিৰ নিৰ্মাণৰ বাবে কৰ সংগ্ৰহৰ ব্যৱস্থা কৰে। ন্যায়ালয়ক কল্যান সিঙে আশ্বাস দিছিল যে অযোধ্যাৰ নিৰাপত্তাৰ দায়িত্ব তেওঁ ল'ব। বিশ্ব হিন্দু পৰিষদৰ আহ্বানতে অযোধ্যালৈ আগবাঢ়ি গৈছিল কৰ সেৱকসকল।

কংগ্ৰেছৰ শাসন চলিছিল কেন্দ্ৰত। প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৱে কৰ সেৱকসকলৰ এই আগ্ৰাসনক লৈ শংকিত হৈ পৰে। কেন্দ্ৰই উত্তৰ প্ৰদেশত বিজেপি চৰকাৰ ভংগ কৰি ৰাষ্ট্ৰপতি শাসনৰ চিন্তা চৰ্চা কৰিছিল। উচ্চতম ন্যায়ালয়ৰ শৰণাপন্ন হৈ কল্যান সিঙে অযোধ্যাত মন্দিৰ নিৰ্মাণৰ কোনো অনুমতি দিয়া হোৱা নাই বুলি ন্যায়ালয়ক জনায়।

১৯৯২ চনৰ ৫ নৱেম্বৰত কল্যান সিঙৰ শপত নামাৰ পাছতে ন্যায়ালয়ে অযোধ্যালৈ কৰ সেৱকসকলক যাবলৈ অনুমতি দিছিল। ৫ ডিচেম্বৰ, ১৯৯২ চন। কৰ সেৱকসকলে সমবেত হৈছিলগৈ অযোধ্যাত। লাখ লাখ কৰ সেৱক গৈ ভৰি পৰিছিল অযোধ্যা। আৰক্ষী, প্ৰশাসনৰ নিৰাপত্তা বেহু ফালি অযোধ্যা বিবাদমান স্থানলৈ আগবাঢ়ি যোৱা কৰ সেৱকসকলে ৬ ডিচেম্বৰ, ১৯৯২ চনৰ পুৱা ১১.৫০ বজাত ধ্বংসলীলা চলায় বাবৰি মছজিদত। ভাঙি পেলালে কৰ সেৱকসকলে বাবৰি মছজিদৰ মীনাৰ।

সেইবোৰ এতিয়া পাহৰণিৰ গৰ্ভত। আৰম্ভ হ'ব নতুন সময়…

ইয়াৰ পাছতেই পদত্যাগ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কল্যাণ সিঙে। কেৱল উত্তৰ প্ৰদেশতে নহয়, আন ৩ খন ৰাজ্যতো বিজেপি চৰকাৰ ভংগ কৰি দিয়ে কেন্দ্ৰই। তাৰ পাছতেই ৰাম মন্দিৰ নিৰ্মাণক এক ৰাজনৈতিক বিষয় হিচাপে লৈ আগবাঢ়িছিল। কিন্তু এই অনাকাংক্ষিত পৰিস্থিতিৰ বাবে বিভিন্ন পক্ষৰ মজাত ভুল বুজাবুজিৰ সৃষ্টি হৈছিল।

ন্যায়ালয়ৰ কাষ চাপিছিল এই বিষয়টো। ১৯৯৩ চনত কেন্দ্ৰই ৬৭ একৰ মাটি নিজৰ অধীনলৈ আনি উক্ত স্থানত ৰাম মন্দিৰ আছিল নে নাই সেই সন্দৰ্ভত মতামত বিচাৰিলে। ইয়াৰ বিৰুদ্ধে বহু কেইখন আবেদন দাখিল কৰিলে বিভিন্নজনে।

২০০২ চনৰ এপ্ৰিলত এলাহাবাদ উচ্চ ন্যায়ালয়ত আৰম্ভ হ'ল এই বিবাদমান স্থানক লৈ গোচৰৰ শুনানি। ২০০৩ চনৰ ১৩ মাৰ্চত এক গোচৰৰ আধাৰত উক্ত বিবাদিত স্থানত কোনো ধৰণৰ ধৰ্মীয় কৰ্মসূচী অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰে। ২০১০ চনৰ ৩০ ছেপ্তেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠে ৰায়দান কৰি এই বিবাদমান ভূমি ৩ ভাগত বিভক্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰে।

ৰাম মন্দিৰ বিবাদমান ভূমিৰ এক নক্সা…

ৰাম মন্দিৰ বনাম বাবৰি মছজিদৰ ঘটনাক্ৰমঃ

১৫২৮ চনঃ মোগল সম্ৰাট বাবৰে ১৫২৭ চনত দিছিল নিৰ্দেশ। ৰামকোট পাহাৰত নিৰ্মাণ কৰিব লাগে বাবৰি মছজিদ। সেই নিৰ্দেশ মানি উত্তৰ প্ৰদেশৰ ফৈজাবাদৰ অযোধ্যাত নিৰ্মাণ কৰা হৈছিল মছজিদ। বাবৰে নিৰ্মাণ কৰা বাবেই এই মছজিদৰ নাম দিয়া হৈছিল বাবৰি মছজিদ।

মছজিদ স্থাপন হোৱা প্ৰায় ডেৰশ বছৰৰ পাছত অৰ্থাৎ মন্দিৰ-মছজিদক লৈ বিৰ্তকৰ সূত্ৰপাত হোৱাৰ পূৰ্বেই উক্ত স্থানত বৈৰাগী তথা সন্যাসীয়ে স্থাপন কৰিছিল এটা প্ৰাৰ্থনাৰ বাবে মন্দিৰ সদৃশ এটা স্তূপ।

১৮৮৫ চনত ৰঘুবৰ দাসে অযোধ্যাত মন্দিৰ স্থাপনৰ বাবে আবেদন জনাইছিল। কিন্তু সেই আবেদন নাকচ কৰিছিল ইংৰাজ চৰকাৰে।

১৯৪৯ চনৰ জুলাইত সেই সময়ৰ ৰাজ্য চৰকাৰে মছজিদৰ সন্মুখভাগত ৰামৰ প্ৰতিমূৰ্তিৰ লগতে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সিদ্ধান্ত লৈছিল যদিও সফল হ'ব পৰা নাছিল।

১৯৪৯ চনৰ ২২-২৩ ডিচেম্বৰত বাবৰি মছজিদৰ বাহিৰত কিছু লোকে ৰাম-সীতাৰ প্ৰতিমূৰ্তি আনি স্থাপনৰ চেষ্টা চলাইছিল।

১৯৪৯ চনৰ ২৯ ডিচেম্বৰত প্ৰশাসনে মছজিদৰ বাহিৰত থকা প্ৰতিমূৰ্তিসমূহ জব্দ কৰি আৰক্ষীক চমজাই দিছিল।

সেৱকসকলে বিচাৰিছিল ৰাম মন্দিৰ। অযোধ্যা কেৱল ৰামৰ…

১৯৫০ চনত গোপাল ছিমলা বিশাৰদ নামৰ এজন ব্যক্তিয়ে মছজিদৰ বাহিৰত ৰামৰ প্ৰতিমূৰ্তিত পূজা কৰাৰ বাবে অনুমতি বিচাৰি ফৈজাবাদ জিলা আদালতত কৰিছিল আবেদন।

আদালতে ৰায় প্ৰদান কৰিছিল যে, মূৰ্তি সেই স্থানৰ পৰা আঁতৰ কৰা নহয় যদিও কোনো লোকে পূজাৰ বাবে তাত প্ৰৱেশ কৰিব নোৱাৰিব।

১৯৫৯ চনত নিৰমৌহী অখাড়াই এই ভূমি দখল কৰাৰ আহ্বান কৰে।

১৯৮১ চনত UP Sunni Central Waqf Board য়ে আদালত মছজিদৰ সপক্ষে এক আবেদন দাখিল কৰে।

১৯৮৬ চনৰ ১ ফেব্ৰুৱাৰীত ফৌজাবাদ জিলা আদালতে মছজিদৰ বাহিৰত থকা ৰামৰ প্ৰতিমূৰ্তিত ৰাইজে পূজা কৰিব পাৰিব বুলি ৰায় প্ৰদান কৰে। ন্যায়ালয়ৰ এই নিৰ্দেশৰ বিৰুদ্ধে ১৯৮৬ চনত বাবৰি মছজিদ একশ্যন কমিটী গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

১৯৮৯ চনত বি এছ পি নেতা দৈবকীনন্দন আগৰৱালে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ হৈ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আদালতত মোকদৰ্মা তৰিছিল।

১৮৮৯ চনৰ ৯ নৱেম্বৰত মছজিদৰ সমীপতে স্থাপন কৰা হৈছিল ৰাম মন্দিৰৰ আধাৰশিলা।

১৯৯০ চনৰ ২৫ ছেপ্তেম্বৰত বিজেপি নেতা লালকৃষ্ণ আদৱাণিয়ে সোমনাথত আৰম্ভ কৰিছিল এক ৰথ যাত্ৰা। এই যাত্ৰা অযোধ্যাৰ লৈকে যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই ৰথযাত্ৰাক লৈ সমগ্ৰ দেশত ৰাম মন্দিৰৰ নিৰ্মাণৰ বাবে এই যো জা কৰা হৈছে বুলি চৰ্চা হৈছিল। এই ৰথযাত্ৰাক লৈ গুজৰাট, কৰ্ণাটক, উত্তৰ প্ৰদেশ আৰু অন্ধ্ৰ প্ৰদেশত অতি উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। বহু ঠাইত সান্ধ্য আইন জাৰি কৰা হয়। এই ৰথযাত্ৰাৰ মাজতে বিহাৰত লালকৃষ্ণ আদৱাণিক গ্ৰেপ্তাৰ কৰোৱায় লালু প্ৰসাদ যাদৱে।

ৰথযাত্ৰা কৰি গ্ৰেপ্তাৰো হৈছিল লালকৃষ্ণ আদৱাণী…

১৯৯০ চনত পৰিস্থিত অধিক উত্তপ্ত হৈ পৰে। মছজিদ ধ্বংসৰ বাবে একাংশ লোক উত্তাৱল হৈ পৰে। মছজিদৰ কিছু অংশ ধ্বংস কৰাৰ লগতে মছজিদৰ ওপৰত তেওঁলোকে উৰুৱায় ৰঙা পতাকা।

১৯৯১ চনত উত্তৰ প্ৰদেশৰ বিধান সভা নিৰ্বাচনত চৰকাৰ গঠন কৰে বিজেপিয়ে। তাৰ পিছতে ১৯৯২ চনত বিজেপি মুখ্যমন্ত্ৰী কল্যাণ সিঙে মছজিদ ৰক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আদালতক আবেদন জনায়।

১৯৯২ চনৰ ৬ ডিচেম্বৰত কৰ সেৱকে বাবৰি মছজিদ ধ্বংস কৰে। মছজিদৰ সুৰক্ষাৰ দায়িত্ব লোৱা মুখ্যমন্ত্ৰী কল্যাণ সিঙে এই ঘটনাৰ পাছতে পদত্যাগ কৰে।

২০০৩ চনত অযোধ্যাৰ সেই স্থানত ন্যায়ালয়ৰ নিৰ্দেশত চলিছিল খনন কাৰ্য। এই খননৰ জৰিয়তে উক্ত স্থানত ৰাম মন্দিৰ আছিল নে নাই সন্দৰ্ভত কৰে পৰীক্ষা।

২০০৫ চনত সেই স্থানত সন্ত্ৰাসবাদীৰ আক্ৰমণ। কোনো ক্ষয়ক্ষতি কৰিব নোৱাৰিলে সন্ত্ৰাসবাদীয়ে।

২০১০ চনৰ ৩০ ছেপ্তেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে অযোধ্যাৰ বিবাদিত ভূমি ৰাম মন্দিৰ, নিৰমৌহী অখাড়া আৰু UP Sunni Central Waqf Boardৰ মাজত সমানে ভগাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও সকলোৱে ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰে।

২০১৬ চনৰ ২৬ ফেব্ৰুৱাৰীত সুব্ৰমণিয়াম স্বামীয়ে উচ্চতম ন্যায়ালত বিবাদিত ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুৰোধ জনাই আবেদন দাখিল কৰে।

২০১৭ চনৰ ২১ মাৰ্চত দেশৰ মুখ্য ন্যায়াধীশে দুয়োটা পক্ষকে আউট-অফ-কৰ্ট বুজাবুজি কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে।

২০১৭ চনৰ ৭ আগষ্টত উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ২০১০ চনৰ সিদ্ধান্তক বিৰোধিতা কৰি কৰা আবেদন সমূহৰ শুনানিৰ বাবে ৩ জনীয়া বিচাৰপীঠ গঠন কৰে।

লাখ লাখ কৰ সেৱক আগবাঢ়িছিল অযোধ্যাৰ দিশে…

২০১৮ চনৰ ৮ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে আবেদন সমূহৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ কৰে।

২০১৮ চনৰে ২০ জুলাইত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি ৰায় স্থগিত ৰাখে।

২০১৮ চনৰ ২৭ ছেপ্তেম্বৰত সমগ্ৰ বিষয়ৰ দায়িত্ব অৰ্পণ কৰে উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠৰ ওপৰত।

অযোধ্যা বিবাদমান গোচৰত প্ৰাক্তন মুখd\ ন্যায়াধীশ ৰঞ্জন গগৈয়ে দিয়া ঐতিহাসিক ৰায়দান…

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত এই ৫ জনীয়া বিচাৰপীঠত থকা আন ন্যায়াধীশসকল হ'ল- এছ এ বোবড়ে, ডি ৱাই চন্দ্ৰচূড়, অশোক ভূষণ আৰু আব্দুল নাজিৰ।

২০১৯ৰ ফেব্ৰুৱাৰীত এক পত্ৰৰ যোগে জনোৱা হৈছিল যে ২৬ ফেব্ৰুৱাৰীত অযোধ্যা পীঠত সকলো পক্ষক একলগ কৰা হব।

২০১৯ৰ ২৬ ফেব্ৰুৱাৰীত হিন্দু আৰু মুছলমান পক্ষক আদালতৰ দ্বাৰা মধ্যস্থতাৰে বিষয়টো সমাধান কৰাৰ প্ৰস্তাৱ ৰখা হয়।

২০১৯ৰ ৮ মাৰ্চত উচ্চতম ন্যায়ালয়ৰ মধ্যস্থতাকাৰী দলটোত থকা লোকসকল যায় অযোধ্যালৈ। এই দলটোত প্ৰাক্তন ন্যায়াধীশ, অধিবক্তাৰ লগতে আছিল আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবিশংকৰ।

২০১৯ৰ ২ আগষ্টত অযোধ্যা বিবাদৰ সন্দৰ্ভত দুয়ো পক্ষৰ মাজত বুজাবুজি প্ৰক্ৰিয়া বিফল হয়।

২০১৯ৰ ১৩ আগষ্টত উচ্চতম ন্যায়ালয়ে কয় যে- অযোধ্যা বিবাদক লৈ কোনো খৰখেদা নকৰে ন্যায়ালয়ে।

২০১৯ৰ ১৪ আগষ্টত হিন্দু পক্ষৰ অধিবক্তাক সোধপোচ কৰে উচ্চতম ন্যায়ালয়ে।

২০১৯ৰ ১৪ ছেপ্তেম্বৰত উচ্চতম ন্যায়ালয়ে কয় যে, ভক্তৰ আস্থাক লৈ কোনেও প্ৰশ্ন তুলিব নোৱাৰে।

২০১৯ৰ ১৬ ছেপ্তেম্বৰত এই বিষয়ৰ সন্দৰ্ভত দুয়োপক্ষৰ সৈতে আলোচনা কৰাৰ পোষকতা কৰে উচ্চতম ন্যায়ালয়ে।

২০১৯ৰ ১৫ অক্টোবৰত ৪০ দিনৰ মাৰাথান শুনানিৰ পাছত অযোধ্যা বিবাদৰ ৰায় সংৰক্ষিত ৰাখে। মধ্যস্থতা পেনেলে দাখিল কৰে প্ৰতিবেদন।

২০১৯ৰ ৮ নৱেম্বৰত অযোধ্যা বিবাদৰ গোচৰৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ টুইট। সকলো পক্ষকে শান্তি শৃংখলা বজাই ৰখাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ।

'চিয়েল মিডিয়াৰ যোগে যাতে কোনেও এই বিবাদমান গোচৰ সন্দৰ্ভত অপপ্ৰচাৰ চলাব নোৱাৰে তাৰ বাবে দৃষ্টি দিবলৈও ১৬ হাজাৰ লোকক নিয়োজিত কৰাৰ লগতে সমগ্ৰ দেশতে জাৰি কৰা হয় হাই এলাৰ্ট

২০১৯ ৰ ৯ নৱেম্বৰত (শনিবাৰ) পুৱা ১০.৩০ বজাত অন্ত পৰে দীৰ্ঘ দিনৰ অপেক্ষাৰ। দীঘলীয়া শুনানিৰ অন্তত উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া বিচাৰপীঠে ৰায়দান কৰে অযোধ্যা বিবাদ গোচৰৰ। পুৱা প্ৰায় ১০.২৫ মিনিটত উচ্চতম ন্যায়ালয়ত প্ৰৱেশ কৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ১০.৩০ বজাৰ পৰা এই ঐতিহাসিক লিখিত ৰায়দান পাঠ কৰিছিল মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।

সেই ঐতিহাসিক ৰায়দানৰ পাছতেই ৰাম মন্দিৰ নিৰ্মাণৰ এই পথ প্ৰগস্ত হয়। গঠন কৰা হৈছিল ৰাম মন্দিৰ নিৰ্মাণ ন্যাস। তাৰপাছতে ৫ আগষ্ট, ২০২০ত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ প্রথমটো আনুষ্ঠানিক ভূমিপূজন । আৰু চৌদিশে এতিয়া 'জয় শ্ৰীৰাম' ধ্বনি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in