শেহতীয়া খবৰ
ধেমাজি টাউন ব্ল’ক কংগ্ৰেছৰ উদ্যোগত "পৰিবেশ প্ৰভাৱ নিৰূপন খচৰা ২০২০"ৰ বিৰুদ্ধে সজাগতামূলক সভা-মানৱ শৃংখল কাৰ্যসূচী...  •  ধেমাজি প্ৰেছ ক্লাৱত বিধায়ক ৰনোজ পেগুৰ সংবাদমেল...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  ৰাজ্যত পুনৰ ২৯০০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬১,৭৩৭জনলৈ বৃদ্ধি...  •  প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন, ৰখা হৈছে ভেন্টিলেটৰ ছাপৰ্টত...  •  দূৰদৰ্শনত ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধৰ দাবী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিছনৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...  •  তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন! হঠাৎ ঢলি পৰি মৃত্যু কোৰোনা ৰোগীৰ...

যি সকলো পৰিস্থিতিত কাষত থাকে ৰৈ, সেয়াই ‘বন্ধুত্ব’ হয়…

187

ৰাজৰ্ষি চহৰীয়া

আজি আন্তঃৰাষ্ট্ৰীয় বন্ধুত্ব দিৱস। বন্ধু সকলৰ বাবে উদযাপন কৰা এটা বিশেষ দিন। প্ৰতিজন ব্যক্তিৰ জীৱনত সকলো সম্পৰ্ক পূৰ্বৰে পৰা নিৰ্ধাৰিত হৈ থাকে। পিতৃ-মাতৃ, খুৰা-খুৰি, মামা-মামী ইত্যাদি। কিন্তু বন্ধু কেৱল নিজে জীৱন বাচি ল’ব পাৰি। যাৰ সৈতে বন্ধুত্বৰ বান্ধুন ডাল চিৰজীৱনৰ বাবে বান্ধ খাই পৰে।

সুখেই হওঁক বা দুখেই হওঁক সকলো সময়তে প্ৰকৃত বন্ধুৱে দিয়ে সঁহাৰি। কোনো এজন লোকে যিবোৰ মনৰ কথা পিতৃ-মাতৃ বা আন সম্পৰ্কীয় কোনো লোকক ক’ব নোৱাৰে, সেই কথাবোৰ ক’ব পাৰে এজন বন্ধুক। যাৰ কাষত ৰৈ মনত থকা ভাৰ বোৰ পাতল কৰিব পাৰি।

বন্ধুত্বৰ আছে হাজাৰটা সংজ্ঞা। কিন্তু সকলোৱে এটাই দিশ বুজাই দিয়ে যে, বন্ধুত্ব বা বন্ধু সেইজনেই যিজনে সকলো পৰিস্থিতিত থিয় হৈ থাকে আপোনাৰ সৈতে। সুখত আপোনাৰ সৈতে হাঁহি দিয়ে আৰু দুখত হয় সমভাগী।

Childhood friends :) clicked by my sister in Bareilly Indi… | Flickr

জীৱনত বুজি পোৱা বয়সৰ পৰা জীৱনৰ শেষৰ সময়লৈকে থাকি যায় বন্ধুত্ব। ল’ৰালি কালত একেলগে খেলা-ধূলা কৰাৰ, হোষ্টেলত একেলগে নিশা পঢ়া আৰু কৰ্ম জীৱন আৰম্ভ কৰাৰ পাছতো এজন বন্ধুৱে আনজনক পাহৰিব নোৱাৰে। কিয়নো বন্ধুত্বৰ এই সম্পৰ্ক ইমানেই শক্তিশালী যে, এজন বন্ধুক পাহৰিব পৰাতো অসম্ভৱ।

বৰ্তমান সময়ত কোৰোনাই সৃষ্টি কৰা পৰিৱেশ-পৰিস্থিতিৰ বাবে ঘৰতে থাকিব লগা হৈছে সকলো। কিন্তু তথ্য-প্ৰযুক্তিৰ সময়তো হোৱাটছএপ বা ফেচবুক তথা আনবোৰ ছ’চিয়েল মিডিয়াত এজন বন্ধুৱে আনজনক নিশ্চিতভাৱে এটা কথা নিশ্চয় মেছেজত কৈছে যে- ‘কোৰোনা আঁতৰিলেই আমি ৰি-ইউনিয়ন হ’ব লাগিব।’

গধূলি ঘৰৰ পৰা ওলাই গৈ নিজৰ এলেকাৰ বন্ধু কেইটাৰ সৈতে ডাঙৰ বা সৰু সকলো বয়সৰ লোকে এবাৰ দিয়ে আড্ডা। দিনটো বিদ্যালয়-মহাবিদ্যালয়ৰ পঢ়া-শুনাৰ বোজা বা কাৰ্যালয়ৰ বোজাবোৰ পাহৰিবলৈ তথা মানসিক কষ্টবোৰ আঁতৰাবলৈ বন্ধুৰ সৈতে গধূলি একেলগে সময় পাৰ কৰাৰো আছে এক আমেজ।

Friendship Day story of an NRI & his friend in India | IndianEagle.com

বন্ধুত্বৰ এই মধূৰ সম্পৰ্কক লৈ বহু গ্ৰন্থ, চিনেমাও নিৰ্মাণ কৰা হৈছে। ১৯৭৫চনত মুক্তি পাইছিল এখন ছুপাৰহিট ছবি ‘শ্বোলে’। এই ছবিখনত ‘জয়’ আৰু ‘বীৰু’ৰ চৰিত্ৰত অভিনেতা অমিতাভ বচ্চন আৰু ধৰ্মেন্দ্ৰই চিৰজীৱনৰ বাবে সকলোৰে মনত এক সুকীয়া স্থান দখল কৰিছে।

এতিয়াও ‘জয়-বীৰু’ বুলিয়েই বন্ধুত্বৰ উদাহৰণ দিয়া হয়। আৰু শ্বোলে ছবিখনৰ এটা গীত চিৰযুগমীয়া হৈ ৰ’ল- ‘য়ে ড’ষ্টী হম নহী চ’ৰেংগে’। অৰ্থাৎ এই বন্ধুত্ব আমি কেতিয়াও এৰি নিদিও। অৱশ্যে এটা কথা সঁচা যে, বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু। আপুনি বিপদত পৰা সময়ত যিজন বন্ধুৱে আপোনাৰ কাষত থাকিব, আপোনাক এৰি নাযায় সেইজনেই প্ৰকৃত বন্ধু।

যদিহে বিপদৰ বন্ধুজনহে আচল বন্ধু তেন্তে এটা কথা স্বীকাৰ কৰিবই লাগিব যে আমি এজনে আনজনৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক বৰ্তাই ৰখাত আমাৰ অজ্ঞাতে হ’লেও এটা স্বাৰ্থ ৰৈ যায়। সেয়া হৈছে এদিন মোৰ বিপদ হ’লে বন্ধুজনে মোক সহায় কৰিব। তেনেকৈ বন্ধুজনেও বিপদৰ সময়ত মোৰ পৰা সেই একেটা আশাকে কৰিব, কৰাটোও স্বাভাৱিক। সেয়েহে কেৱল বন্ধুত্ব বুলিয়েই নহয় জীৱনৰ প্ৰতিটো সম্পৰ্কতে নিহিত হৈ থাকে স্বাৰ্থ। কিন্তু এই স্বাৰ্থবোৰ হ’ব লাগে জীৱনমুখী আৰু ইতিবাচক।

উল্লেখযোগ্য যে, বন্ধুত্ব দিৱস আৰম্ভ হৈছিল ১৯১৯চনত। হলমাৰ্ক কাৰ্ডৰ প্ৰতিষ্ঠাতা জয়েছ হলে ১৯১৯চনত আৰম্ভ কৰিছিল বন্ধুত্ব দিৱস। তাৰপাছত প্ৰতি বছৰে সকলোৱে প্ৰতিটো বছৰে আগষ্ট মাহৰ প্ৰতিটো দেওবাৰে নিজৰ বন্ধুসকললৈ পঠাইছিল একোখনকৈ কাৰ্ড। কিন্তু বন্ধুত্ব দিৱসৰ ইতিহাস মাৰ্কিন যুক্তৰাষ্টৰ পৰা হৈছিল আৰম্ভ।

১৯৩৫চনত মাৰ্কিন কংগ্ৰেছে প্ৰতি বছৰৰ আগষ্ট মাহৰ প্ৰথমটো দেওবাৰে বন্ধুত্ব দিৱস হিচাপে পালন কৰা হ’ব বুলি ঘোষণা কৰে। সেই দিনাৰ পৰাই বন্ধুত্ব দিৱসটো জাতীয় উদযাপিত দিনবোৰৰ ভিতৰৰ অন্যতম ৰূপে স্বীকৃতি লাভ কৰে।

Image result for childhood friendship assam village

জনপ্ৰিয়তা বৃদ্ধিৰ লগে লগে ই আন্তৰ্জাতিক বন্ধুত্ব দিৱসৰ ৰূপ লাভ কৰে। উল্লেখ্য যে, আন্তৰ্জাতিক বন্ধুত্ব দিৱসৰ ধাৰণা ১৯৫৮চনৰ ২০ জুলাইত ডঃ আৰ্টেমিঅ’ ব্ৰাচ’ৰ দ্বাৰা প্ৰস্তাৱিত হয়। তেওঁ তেতিয়া বন্ধুসকলৰ সৈতে পাৰাগুৱেৰ আচোনচিয়ানৰ পৰা প্ৰায় ২০০ মাইল দূৰত নদীৰ পাৰত অৱস্থিত এখন চহৰ পুয়েৰ্তো পিনাক্স’ত নিশাৰ আহাৰ খাই আছিল। অৱশ্যে বন্ধুত্ব দিৱস বিভিন্ন দেশত বিভিন্ন তাৰিখে পালন কৰা হয় যদিও ভাৰতকে ধৰি কিছু দেশত আগষ্ট মাহৰ প্ৰথমটো দেওবাৰৰ দিনত উদযাপন কৰা হয়।

ইফালে, দেওবাৰে ইজৰাইলৰ ৰাষ্ট্ৰপতি ৰেউভেন ৰিভলিনে টুইটাৰযোগে প্রধানমন্ত্ৰী মোডী আৰু ভাৰতবাসীক বন্ধু দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। টুইটাৰত ইজৰাইলৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইংৰাজী আৰু হিন্দীত শুভেচ্ছা দিয়ে বন্ধু দিৱসৰ।

তেওঁ টুইটাৰত লিখে- ‘Happy #FriendshipDay to our dear friends in #India! मित्रता दिवस पर मेरी ओर से आपको व भारत की जनता को बहुत बहुत बधाई।’

আনহাতে, নিউ দিল্লীস্থিত ইজৰাইল এম্বেছীয়ে এটা ভিডিঅ সংযোগ কৰি বলিউডৰ ছবি ‘য়াৰানা’ৰ জনপ্ৰিয় গীত ‘তেৰে যেচা য়াৰ কাহা, কাহা এছা য়াৰানা’ বুলি লিখি ইজৰাইল আৰু ভাৰতৰ বন্ধুত্বৰ বাবে কৰে টুইট।

বন্ধুত্বই কোনো জাতি-ধৰ্ম-বৰ্ণ নাচায়। এই সম্পৰ্ক কেৱল মনৰ। দুজন ব্যক্তিৰ মাজত মনৰ মিল আৰু গঢ়ি উঠা আপোন ভাৱেই বন্ধুত্বৰ চিনাকি। বন্ধুত্ব ল’ৰা-ছোৱালী, হিন্দু-মুছলাম বা খ্ৰীষ্টান, শিখ যিকোনো ধৰ্মৰ লোকৰ সৈতে হ’ব পাৰে। কোৰোনাৰ বাবে বৰ্তমান সময়ত এজন বন্ধু আনজন বন্ধুৰ পৰা আঁতৰত থাকিব লগা হৈছে যদিও, কোৰোনাৰ দৰে কোনো মহামাৰীয়ে বন্ধুত্বত পেলাব নোৱাৰে প্ৰভাৱ। ই চিৰযুগমীয়া আৰু এক বুজাব নোৱাৰা সম্পৰ্ক। বন্ধু লগত থাকিলেই সহজ হৈ পৰে জীৱনৰ জটিল সময়, আৰু সমস্যাবোৰো…

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি