মুখ্যমন্ত্ৰী মহোদয়, গালিয়েই নহয়, ঘৃণা কৰিবও লৈছে আপোনাক ৰাইজে!

মুখ্যমন্ত্ৰী মহোদয়, গালিয়েই নহয়, ঘৃণা কৰিবও লৈছে আপোনাক ৰাইজে!

♦ মৃদুল কুমাৰ সন্দিকৈ

মুখ্যমন্ত্ৰী মহোদয়, আপোনাক ৰাইজে গালি পৰা নাই। অভিশাপ দিছে। অসমৰ ৰাইজক বিশ্বাসঘাতকতা কৰাৰ বাবে গভীৰ দুখত মৰ্মাহত হৈছে। আপুনি আৰু আৱেগিক কৰিলেও অসমীয়া জাতিয়ে আপোনাৰ আৱেগক প্ৰশ্ৰয় নিদিয়ে। আপোনাৰ দৃঢ় স্থিতিৰ বিপৰীতে আৱেগিক ভাষণ এতিয়া ৰাইজে নুশুনে।

অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে ৰাইজ ৰাজপথলৈ ওলাই আহিছে। সকলো শ্ৰেণীৰ লোকেই আপোনাক ধিক্কাৰ দিছে। মেৰুদণ্ডহীন বুলিছে। কিছু কিছুৱে আপোনাক গালি দিছে। সেয়া কাৰোবাৰ ওপৰত ৰখা বিশ্বাস ভংগ হোৱাৰ পাছত মনৰ দুখত দিয়া গালি। আপুনিতো জাতীয় নায়ক আছিল। কিন্তু এতিয়া ৰাইজে ভাবে আপুনি খলনায়ক। আপোনাক গালি দিয়াৰ বাবে ৰাইজ বাধ্য হৈছে।

১৮ জানুৱাৰী, ২০১৯ত আপুনি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি সাব্যস্ত হোৱা প্ৰতিবাদৰ উত্তৰ দিছে এইদৰে- 'এনে আন্দোলন সমাজত নালাগে, যি আন্দোলনে শালীনতাবোধ সম্পূৰ্ণৰূপে চেৰাই যায়। শ্ৰদ্ধা, ভক্তি, গুৰু-গোসাঁই নমনা আন্দোলনে কিন্তু ভৱিষ্যত প্ৰজন্মৰ চৰিত্ৰ নিৰ্মাণ কৰাত সহায় নকৰে।'

হয়, এই আন্দোলনে শালীনতাবোধ চেৰাই গৈছে। শ্ৰদ্ধা-ভক্তি, গুৰু-গোসাঁই নমনা হৈছে। এনে আন্দোলনে ভৱিষ্যৎ প্ৰজন্মৰ চৰিত্ৰ নিৰ্মাণত সহায় নকৰে। আপোনাক সুধিব বিচাৰিছো এটা সৰু প্ৰশ্ন- হিন্দু বাংলাদেশী আনি অসমত সংস্থাপন কৰিলে অসমৰ ভৱিষ্যৎ প্ৰজন্মৰ চৰিত্ৰ নিৰ্মাণ হ'ব নেকি? আৰু শালীনতাবোধৰ সংজ্ঞা কি? জাতিক প্ৰতাৰণা কৰা জনক কি ভাষাৰে সমালোচনা কৰিব লাগে? সেই ভাষা আপুনি জানেনে? এদিন আপুনিও প্ৰতিবাদ কৰিছিল। ৰাজপথত বহিছিল। তেতিয়া আপোনাৰ মুখৰ এই প্ৰতিবাদী ভাষাণ কাৰোবাৰ শালীনতা ভংগ কৰিছিল বুলি চিন্তা কৰা নাছিল নে? এই মুহূৰ্ততো আপুনি কয় শালীনতাৰ কথা। য'ত জাতি-মাটি-ভেটি বিপন্ন হৈছে। তেনে মুহূৰ্তত আপুনি শুই থাকিব পাৰে। কিন্তু সাধাৰণ জনতাই নোৱাৰে।

আপুনি গভীৰ আত্মবিশ্বাস আৰু আত্মপ্ৰত্যয়ৰে মাত্ৰ এবাৰ কওঁক- নাগৰিকত্ব সংশোধনী বিধেয়কে অসমৰ কি উপকাৰ সাধিব? আপোনালোকৰ ৰাজনৈতিক স্বাৰ্থৰ সুৰক্ষা দিয়াৰ বাদে এই বিধেয়কখনে বিদেশী সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনলৈ কি পৰিৱৰ্তন আনিব? আপোনাৰ দৰে বহু নেতাই এই বিধেয়কখনৰ বিৰোধিতা কৰিছে। আপোনাৰ দলৰেই জ্যেষ্ঠ বিধায়ক অতুল বৰাই এই বিধেয়ক লৈ সমৰ্থন আগবঢ়োৱা নাই। পদ্ম হাজৰিকাই ইয়াৰ বিৰোধিতা কৰিছে। সেই সকল আপোনাৰ কাষৰ নেতাক আপুনি কিয় আশ্বস্ত কৰিব পৰা নাই? তেওঁলোককে আশ্বস্ত কৰিব নোৱাৰা আপুনি অসমৰ ৰাইজক আৰু কি আশ্বস্ত কৰিব?

আপুনি অসম আন্দোলনৰ প্ৰসংগ উত্থাপন কৰি কৈছে- 'কংগ্ৰেছে IMDT আইনখন এককভাৱে অসমৰ ৰাইজৰ ওপৰত জাপি দিছিল। তাৰবাবে কোনোধৰণৰ জনমত অথবা সংসদৰ মজিয়াত কোনোধৰণৰ আলোচনা কৰা নাছিল। অবৈধ বিদেশীক সুৰক্ষা দিয়া IMDT আইনখন পিছলৈ কেনেকৈ বাতিল হ'ল, আপোনালোকে সকলোৱে জানে। ঐতিহাসিক অসম আন্দোলনৰ সময়ত কংগ্ৰেছ আৰু বামপন্থীসকলে আন্দোলনটোক সমৰ্থন কৰাহ'লে আমাৰ ৮৫৫ গৰাকী বীৰ-বীৰাঙ্গনাই অকালতে মৃত্যুবৰণ কৰিবলগীয়া নহ'লহেঁতেন!'

যি হৈ গ'ল হৈ গ'ল। এতিয়া অতীত খুচৰি, বালিত মূৰ গুজি আত্মৰক্ষাৰ ব্যৰ্থ চেষ্টা কিয় কৰে? বিদেশী খেদিবলৈ চৰকাৰক হেঁচা দিয়া সকলৰ ভিতৰত আপুনি নিজেও আছিল এজন। আৰু আজি আপুনি অবৈধ বিদেশীৰ পৃষ্ঠপোষক হৈছে। নৰেন্দ্ৰ মোডী চৰকাৰে আনিবলৈ লোৱা হিন্দু বাংলাদেশীৰ চৰ্দাৰ ৰূপত জাতীয় নায়কে ভূমিকা লৈছে। তাতকৈ নিৰ্লজ্জ কথা আমাৰ বাবে একো হ'ব নোৱাৰে। কংগ্ৰেছ, বাওঁপন্থীয়ে কি কৰিলে, ৰাইজে দেখিছে। কিন্তু আপোনালোকে কি কৰি আছে, সেয়াও ৰাইজে প্ৰত্যক্ষ কৰিছে। বিশেষকৈ আপুনি।

একেখন কেছেটকে আৰু কিমান বজাই? একেখিনি কথাকে আৰু আপুনি কিমান কয়? ৰাইজে আপোনাৰ ওপৰত অগাধ বিশ্বাস ৰাখিছিল। কিন্তু এতিয়া সেই বিশ্বাস মাটিত মিহলি হৈ গ'ল। আপোনাক আৰু বিশ্বাস কৰিবলৈ কি বাকী থ'লে? ৰাইজৰ মৰম-চেনেহৰ মূল্য আপুনি নুবুজিলে। মই আপোনালোকক বিশ্বাসঘাতক নকৰো বুলি বাৰে বাৰে আৰু কিমান মিছা মাতে- 'অসমৰ ৰাইজৰ ওপৰত মোৰ অগাধ বিশ্বাস আছে। আপোনালোকে মৰম-চেনেহৰ মাজত মোক তুলি-তালি ডাঙৰ-দীঘল কৰিছে। এই মুখ্যমন্ত্ৰীৰ আসনত বহুৱাইছে। মই আপোনালোকক কেতিয়াও বিশ্বাসঘাতকতা নকৰোঁ।'

ক'লা পতাকা ৰাইজে দেখুৱাইছে। কিমান দুখত দেখুৱাইছে সেই কথা জানো আপুনি বুজিছে? আপোনাৰ দৰে এজন মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে মূৰত তুলি লৈছিল। তৰুণ গগৈৰ ১৫ বছৰীয়া শাসনকালত ৰাইজে যি তিতা-কেঁহা পাইছিল, তাৰ পৰা পৰিত্ৰাণ বিচাৰি আপোনাক মুখ্যমন্ত্ৰী ৰূপে পাই অসমৰ ৰাইজে ভাবিছিল- সকলোৰে আনন্দ সৰ্বানন্দ হ'ব। এতিয়া সৰ্বানন্দ সকলোৰে নিৰানন্দ হৈছে। কিয় হৈছে আপুনিও জানে। কিন্তু আপুনি মূল কথালৈ নগৈ, আৱেগৰ ঢৌ সৃষ্টি কৰি পুনৰ ৰাইজৰ বুকুত সোমাব বিচাৰিলেও আজিৰ পৰিস্থিতিত ৰাইজে আপোনাক আকুৱালি নলয়, গালিয়েই পাৰিব, ক'লা পতাকাই জোকাৰিব। আপুনি কৈছে- 'মোক যিমান গালি দিয়ে, গালি দিয়ক। মোৰ কোনো আপত্তি নাই। কাৰণ মই অন্তৰৰপৰা জানোঁ- মই কোনোধৰণৰ বেয়া কাম কৰা নাই আৰু কেতিয়াও নকৰোঁ।'

ইমান দিনৰ পাছত আপোনালোকে সাৰ পালে। ৫ বছৰীয়া কাৰ্যকাল শেষ হোৱাৰ আগমুহূৰ্তত অসমৰ খিলঞ্জীয়া ৰাজনৈতিক সুৰক্ষাৰ কথালৈ মনত পৰিল। ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি শুভ বুদ্ধি উদয় হ'ল। কিন্তু ইমান দিনে আপোনালোকে কি কৰি আছিল? দিল্লী যদি কুম্ভকৰ্ণৰ নিদ্ৰাত আছিল, আপুনি দিল্লীক জগাই নিদিলে কিয়? মৰা হাঁহক ঢাৰি পাৰি শুৱাই থোৱাৰ দৰে এনে ল'ৰামতীয়া কাৰবাৰেৰে আপোনালোকে আকৌ এবাৰ কাৰোবাক বিশ্বাসঘাতক কৰাৰ পাং পাতিছে নেকি? নে নিৰ্বাচন সন্মুখত, সেয়েহে এইবোৰ টোপ দি সেই নিৰ্বাচনত ভোট সংগ্ৰহৰ বাবে ষড়যন্ত্ৰ ৰচিছে?

আপুনি কোৱাৰ দৰেই- 'অনন্তকালৰ বাবে আমাৰ ভাষা-সংস্কৃতি অসমৰ বুকুত সুৰক্ষিত হোৱাৰ ক্ষেত্ৰত সাংবিধানিক ৰক্ষাকৱচ প্ৰস্তুত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আমাক যি সুযোগ প্ৰদান কৰিছে, সেই সুযোগ আমি গ্ৰহণ কৰা উচিত। নহ'লে দীৰ্ঘদিন ধৰি চলি থকা জাতিৰ সংগ্ৰামখনৰ কেতিয়াও সফল পৰিসমাপ্তি নঘটিব।'

ধৰি ল'লো আপোনাৰ কথায়েই সঁচা। কিন্তু এফালে বিদেশীক আনি আনফালে খিলঞ্জীয়াক ৰাজনৈতিক ৰক্ষা কৱচ দিয়াৰ নামত এনে তৎপৰতাৰ আঁৰত যদি স্বাৰ্থ নাই তেন্তে এটা হ'লেও বিদেশীক অসমলৈ অনাৰ বাবে কিয় ইমান উঠি-পৰি লাগিছে? দিল্লীক আপুনি কৰিব নে এই প্ৰশ্ন? সুধিব পাৰিবনে মোডী, ৰাজনাথ সিঙক- কেতিয়ালৈ ৬ জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা পাব?

ধৰ্মৰ নামত এখন ধৰ্ম নিৰপেক্ষ দেশত বিদেশীক বিভাজনেৰে একাংশক ৰঙা দলিচা পাৰি আদৰণি জনাবৰ বাবে মোডী, অমিত শ্বাহ বা ৰাজনাথ সিঙে কিয় উঠি পৰি লাগিছে, সেই উত্তৰ আছেনে আপোনাৰ হাতত? খিলঞ্জীয়াক সংবিধানিক ৰক্ষা কৱচ দিয়াৰ বাবে মোডী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপত কি নতুনত্ব আছে অসমৰ ৰাইজক আপুনি বুজাই দিয়ক। কাৰণ তেনে এখন কমিটীৰ সদস্যৰূপে আপুনিও আছিল। কিন্তু এতিয়া গঠন কৰা কমিটীখনৰ সৰহ সংখ্যক সদস্যই দায়িত্ব নলওঁ বুলি কৈছে। ইয়াৰ কাৰণ কি আপুনি অনুধাৱন কৰিব পাৰিছেনে?

হয়, আপুনিও এইখন অসমৰে এজন ভূমিপুত্ৰ। আপোনাৰ আৱেগ-অনুভূতি আছে। অসম মাতৃৰ আপুনিও সন্তান। সেই কথা আপুনি অনুধাৱন কৰিছে বাবেই এই কথা ক'ব পাৰিছে- 'ময়ো এই পুণ্যভূমিৰে এগৰাকী ভূমিপুত্ৰ। মোৰো আবেগ-অনুভূতি আছে। ময়োতো কথাবিলাক বিবেচনা কৰিছোঁ। এইখন অসম, এইগৰাকী অসমী আই জানো মোৰো আই নহয় ? এইগৰাকী আই- মোৰ আই। এই আইৰ হৃদয়ত কাকো আঘাত হানিবলৈ নিদিওঁ।'

কিন্তু আপোনাৰ দৰে আন এজন ভূমিপুত্ৰই কি কৰিছে, সেয়া খবৰ ৰাখিছেনে? তেওঁ আপোনাৰ দৰে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী। তেওঁ নিজ মাতৃভূমিক প্ৰাণ ভৰি ভাল পায়। কিন্তু তেওঁ আৰু আপোনাৰ মাজত পাৰ্থক্য আছে। বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তেওঁ কিন্তু সৰৱ। এই বিধেয়কখন বাতিলৰ দাবীত ১৮ জানুৱাৰী, ২০১৯ত দিল্লীত তেওঁ কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰিছিল। লগত আছিল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগায়ো।

৯জন কেবিনেট মন্ত্ৰীক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰি তেওঁ কৈ আহিল- যদি এই বিধেয়ক বাতিল নকৰে, তেন্তে চূড়ান্ত সিদ্ধান্ত ল'বলৈ তেওঁ বাধ্য হ'ব। লগতে ক'লে- এই বিষয়ত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰী সকল এক হ'ব লাগে। ৰাজনৈতিক দলৰ পৰিধি ভাঙি সকলোৱে একেলগে ইয়াৰ বিৰুদ্ধে মাত মাতিব লাগে। আপোনালোকৰ দলৰ সৈতে মিত্ৰতা থকা এটা আঞ্চলিক দলৰ নেতা তেওঁ।

সেই জনেই আছিল মেঘালয়ৰ মুখ্যমন্ত্ৰী কোনৰাড চাংমাই। আপুনি যেনেকৈ অসমৰ ভূমিপুত্ৰ, তেওঁ মেঘালয়ৰ। আপুনি যেনেকৈ অসমৰ মুখ্যমন্ত্ৰী, তেনেকৈ তেওঁ মেঘালয়ৰ মুখ্যমন্ত্ৰী। আপোনাৰ দৰে তেওঁ জাতি-মাটিক ভাল পায়। কিন্তু পাৰ্থক্য ক'ত জানে- আপুনি সভাই-সমিতিয়ে আন্দোলনকাৰীক গালি পাৰি ফুৰিছে। মোক কোনে কিমান গালি পাৰে পাৰক বুলি গা এৰা দিছে। অতীত টানি আনি ৰাইজক আৱেগিক কৰাৰ চেষ্টা কৰিছে। কিন্তু মাত মতা নাই এই জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে। সেই সময়তে আপোনাৰ দৰে আন এজন ভূমিপুত্ৰই এই বিধেয়কৰ বিৰুদ্ধে দিল্লীত গৰজি উঠিছে।

এতিয়া মুখ্যমন্ত্ৰী মহোদয় আপুনিয়েই কওঁক- আপোনাক বিশ্বাস কৰিব পাৰিনে? আপুনি নে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীৰ আছে বেছি দায়ৱদ্ধতা? সেই প্ৰশ্নৰ উত্তৰ আপুনি নিজৰ বিবেকক সোধক। ৰাইজে যে কিয় ক'লা পতাকা প্ৰদৰ্শন কৰিছে, তাক জানিবলৈ ৰাইজৰ প্ৰতিবাদী শ্ল'গান শুনক। মিছাতে নিজকে বিশ্বাসঘাতক নহয় বুলি হাজাৰ বাৰ চিঞৰিলেও ৰাইজে কিন্তু আজি আপোনাক বিশ্বাসঘাতক বুলিয়েই চিঞৰিছে। আশাহত ৰাইজে আপোনাক গালি পাৰিছে। আপুনি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে। আপুনি 'মোক ৰাইজে যিমান গালি পাৰে, পাৰক' বুলি নিজেই সান্তনা লভিবহে পাৰিব। ৰাইজে আপোনাক গালি দিয়েই থাকিব। কিয়নো চিৰকালৰ বাবে আপুনি ৰাইজৰ বিশ্বাসঘাতক মুখ্যমন্ত্ৰী হৈ বুৰঞ্জীৰ পাতত জিলিকি ৰ'ব।

মুখ্যমন্ত্ৰী মহোদয়, গালি পাৰিয়েই ক্ষান্ত থকা নাই অসমৰ ৰাইজ। আপোনাক কোনোদিনে কোনোৱে এনে মন্তব্য কৰা নাছিল। কিন্তু আজিৰ পৰিস্থিতিত আপোনাক কেৱল গালিয়েই নহয়, ঘৃণাও কৰিব লৈছে। মিজোৰাম, মেঘালয়, মণিপুৰৰ দৰে ৰাজ্যত কোনো অজনজাতি বা বাহিৰৰ লোকে ভূমিৰ অধিকাৰ পাব নোৱাৰে, তাতেই এই বিধেয়কৰ বিৰুদ্ধে ঘোৰ প্ৰতিবাদ হৈছে। খোদ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীয়ে উদ্বেগ ব্যক্ত কৰিছে, শংকিত হৈ পৰিছে, প্ৰতিবাদ কৰিছে। কিন্তু আপুনি এই বিধেয়কখনৰ পক্ষত থাকি অসমৰ ৰাইজক আশ্বস্ত কৰাৰ চেষ্টা কৰিছে। আপোনাৰ সেই ভুৱা আশ্বাস ৰাইজে সহজে লোৱা নাই। ৰাইজে এতিয়া সেয়েহে আপোনাক গালি পৰাই নহয়, অন্তৰৰ ভিতৰৰ পৰা ঘৃণা কৰিবলৈ ধৰিছে। সেই কথা আপুনি বুজিহে পোৱা নাই।

এদিন আপুনি অসমৰ ৰাইজৰ মৰমৰ আছিল। আদৰৰ মুখ্যমন্ত্ৰী আছিল আপুনি। কিন্তু এতিয়া সেইজন মুখ্যমন্ত্ৰী হৈয়ে আপুনি আছেনে? তাৰ উমান সাধাৰণ মানুহৰ মাজলৈ মুখ্যমন্ত্ৰী ৰূপে নহয়, এজন সাধাৰণ ব্যক্তি হিচাপে গৈ লওঁক। দেখিব আগতে আপোনাক ভালপোৱা মানুহবোৰে এতিয়া আপোনাৰ জয়গান গোৱা নাই, আপোনাৰ গুণানুকীৰ্তনো কৰা নাই। আপোনাক গালি পাৰিছে, জাতি-মাটি-ভেটি বিক্ৰী কৰাৰ অপৰাধত অংশীদাৰ হোৱা এজন জাতিদ্ৰোহী বুলি চৰ্চা কৰিছে।

আপুনি হয়তো শুনা নাই অসমৰ ৰাইজে, অসমীয়াই আপোনাক পৰা গালি, দেখা নাই তেওঁলোকৰ চকুত ফুটি উঠা বিতৃষ্ণাৰ ভাব। মুখ্যমন্ত্ৰী মহোদয় আপুনি হিৰ' নহয়, এতিয়া বিগ 'জিৰ'লৈ ৰূপান্তৰ হৈছে। এদিন মধ্যমণি হোৱা সৰ্বানন্দ সোণোৱাল খলনায়ক হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in