দেউতা জীয়াই থকা হ’লে বিধেয়কখনৰ বিৰোধিতা কৰিলে হয়…

দেউতা জীয়াই থকা হ’লে বিধেয়কখনৰ বিৰোধিতা কৰিলে হয়…

♦ মৃদুল কুমাৰ সন্দিকৈ

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এতিয়াও শংকা আতৰা নাই। বিজেপিয়ে এই বিধেয়কখন কি দৰে উত্থাপন কৰিব পাৰি তাৰ চেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যসভাত ১২ ফেব্ৰুৱাৰী, ২০১৯ত এই বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছিল যদিও, শেষ মুহূৰ্তত হুলস্থূলীয়া পৰিৱেশৰ বাবে প্ৰথমে ২ বজালৈক সদনৰ কাম-কাজ স্থগিত কৰাত বিধেয়কখন উত্থাপন কৰাত বাধাৰ সন্মুখীন হয় মোডী চৰকাৰ।

বিধেয়খনৰ সপক্ষে বিজেপি, আকালী দল, বিপিএফ আদি দল থকাৰ বিপৰীতে তৃণমূল কংগ্ৰেছ, এআইডিএমকে, বিজেডি, টি আৰ এছ, এন অ এম, ৱাই এছ আৰ চি পি, এছ ডি এপ, আৰ পি আই আদি দলৰ স্থিতি স্পষ্ট নহয়। বৰ্তমান ৰাজ্যসভাত ২৪৪জন সাংসদ আছে। এই বিধেয়কখন গৃহীত কৰিবলৈ ১২৩জন সাংসদৰ সমৰ্থন লাগিব বিজেপিক। ইউ পি আইৰ ৬৬জন সাংসদে এই বিধেয়কখন বিৰোধিতা কৰাৰ বিপৰীতে এন ডি এৰ ৮৯জন সাংসদে এই বিধেয়ক সমৰ্থন কৰিছে।

তেনেস্থলত স্থিতি স্পষ্ট নকৰা ৫৫জন সাংসদৰ ভূমিকাই এই বিধেয়কখন গৃহীত কৰা-নকৰাকলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিধেয়কখনৰ বিৰুদ্ধে স্থিতি স্পষ্ট কৰা সাংসদৰ বৰ্তমানৰ সংখ্যা ১১১জন। ইয়াৰে ৫০ কংগ্ৰেছৰ, ৬জন জে ডি ইউৰ, ৬ জন টিডিপি, ৫ জন চিবিআইএম, ৪জন জি এম কে, ৩ জন শিৱসেনা, ২ দুজন চিপিআই, ৪জন বি এছ পি, ১৩জন বহুজন সমাজ পাৰ্টীৰ সাংসদ আছে।

১২ ফেব্ৰুৱাৰীত এই বিধেয়ক উত্থাপন নকৰিলেও ৰাজ্যসভাৰ কাম-কাজ ৩দিনৰ বাবে বৃদ্ধি কৰিব পাৰে বুলি ইংগিত দিলে বিজয় গোৱেলে। সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে প্ৰয়োজনত ৰাজ্যসভাৰ কাম-কাজ ২-৩ দিন পৰ্যন্ত বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। কৃষক মুক্তি সংগ্ৰাম সমিতি, আছুকে ধৰি জাতীয় দল-সংগঠনে দিল্লীত অৱস্থান গ্ৰহণ কৰি এই বিধেয়কখনৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক শক্তিক একত্ৰিত কৰাৰ অপ্ৰাণ চেষ্টা চলাইছে।

কিবা কাৰণত ৰাজ্যসভাত বিধেয়কখন গৃহীত হ'লেও বিধেয়কখনৰ বিৰুদ্ধে আইনী যুঁজত অৱতীৰ্ণ হ'ম বুলিও ঘোষণা কৰিছে আছুৱে। অসমৰ সকলো শ্ৰেণীৰ লোকে এই বিধেয়কখনৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিছে যদিও, চৰকাৰৰ মন গলাব পৰা নাই এই আন্দোলনে। প্ৰতিবাদৰ প্ৰতিবাদ সাব্যস্ত হোৱাৰ পাছতো ২০১৪ চনত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিয়া নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি অনুসৰি বিধেয়কখন গৃহীত কৰাৰ বাবে নাচোৰবান্ধা হৈ আছে মোডী চৰকাৰ।

কেৱল প্ৰতিবাদেই নহয়, অসমৰ ওপৰত এনে এখন বিধেয়ক জাঁপি দিয়াক লৈ কি স্তৰত প্ৰতিবাদ হৈছে তাৰ প্ৰমাণ সুধাকণ্ঠক দিয়া 'ভাৰত ৰত্ন'ক লৈও খোদ সুধাকণ্ঠৰ পুত্ৰই অসন্তুষ্টি ব্যক্ত কৰিছে। আমেৰিকাত থকা সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাই প্ৰথমে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এই কথা স্পষ্টকৈ কৈছিল যে- আজি তাৰিখত তেওঁৰ পিতৃ জীয়াই থকা হ'লে এই সন্মান হয়তো গ্ৰহণ নকৰিলে হয়। সেয়েহে তেওঁ সুধাকণ্ঠৰ পুত্ৰ হিচাপে ব্যক্তিগতভাৱে এই সন্মানৰ প্ৰতি লালায়িত নহয় বুলি মন্তব্য কৰি এনে সন্মানতকৈ অসমৰ ৰাইজৰ আৱেগ-অনুভৱক চৰকাৰে গুৰুত্ব দিয়া উচিত বুলি মন্তব্য কৰিছিল।

সুধাকণ্ঠই ভাৰত ৰত্ন লাভ কৰাত সন্তুষ্টি ব্যক্ত কৰিলে হয় সকলোৱে। যদিহে এই প্ৰেক্ষাপটত সুধাকণ্ঠক 'ভাৰত ৰত্ন' যাচি বিজেপি চৰকাৰে অসমীয়া জাতীয় আৱেগক লৈ ৰাজনীতি নকৰিলে হয়। সেই কথা বুজি পাইছে সুধাকণ্ঠৰ পুত্ৰয়ো। সুধাকণ্ঠক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰাৰ দাবী আজিৰ নহয়। তেওঁৰ মৃত্যুৰ আগৰে পৰাই তেওঁক এই সন্মান যাচিবলৈ দাবী উত্থাপন হৈ আছিল। মৃত্যুৰ পাছত সেই দাবী আৰু তীব্ৰতৰ হৈছিল।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰে সুধাকণ্ঠক ভাৰত ৰত্ন যচাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। মোডী চৰকাৰেও যোৱা ৪ বছৰে সুধাকণ্ঠক যে ভাৰত ৰত্ন যাচিব লাগে, তাৰ প্ৰতি উদাস দৃষ্টি পোষণ কৰিছিল। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ ৰাজ্যত সৃষ্টি হোৱা ক্ষোভ আৰু আৱেগ প্ৰশমনৰ বাবেই যেন তেওঁক এই সন্মানেৰে সন্মানিত কৰা হ'ল। তেনে প্ৰশ্ন উত্থাপন হোৱাৰ মুহূৰ্ততে তেজ হাজৰিকাৰ এই স্থিতিয়ে এক শক্তিশালী বাৰ্তা গৈছে চৰকাৰী পক্ষলৈ।

সুধাকণ্ঠৰ পুত্ৰই 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ সৈতে টেলিফোনিক বাৰ্তালাপৰ পাছতেই এক বিবৃতিও প্ৰদান কৰিছে। তেওঁৰ পিতৃৰ নাম লৈ নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ক্ষোভৰ বাবে পিতৃৰ নাম ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে। বিধেয়কখন গৃহীত হ'লে উত্তৰ-পূবৰ জনজীৱন, ভাষা-সংস্কৃতি, ভাৰসাম্য বিনষ্ট হ'ব বুলি উল্লেখ কৰি তেওঁৰ পিতৃ জীয়াই থকা হ'লে এই বিধেয়কখনৰ বিৰোধিতা কৰিলে হয় বুলিও মন্তব্য কৰিছে তেজ হাজৰিকাই।

দেশৰ সৰ্বোচ্চ সন্মান 'ভাৰত ৰত্ন'। এই সন্মানৰ সন্দৰ্ভত তেজ হাজৰিকাৰ মন্তব্য- 'ভূপেন হাজৰিকাৰ পুত্ৰ হিচাপে মই অনুভৱ কৰো, জাতিবিৰোধী বিধেয়কখন গৃহীত কৰাৰ পৰিকল্পনাৰে মোৰ পিতৃৰ নাম আৰু সৃষ্টিক ৰাজহুৱাভাৱে ব্যৱহাৰ কৰা হৈছে। জনবিৰোধী এই বিধেয়ক গৃহীত কৰিব খোজা কাৰ্যই তেওঁৰ স্থান অৱনমিতহে কৰিব। ভূপেন হাজৰিকাই সংহতিত বিশ্বাস কৰিছিল। ই সেই বিশ্বাসৰ পৰিপন্থী। দেশৰ শান্তি-সমৃদ্ধিত আঘাত হানিব। পিতৃ জীয়াই থকা হ'লে ইয়াৰ বিৰুদ্ধাচৰণ কৰিলে হয়।'

ইয়াৰ পাছত আৰু কি ক'বলৈ বাকী থাকিল। ভাৰত ৰত্ন প্ৰদানৰ সন্দৰ্ভত অৱশ্যে ভাৰত চৰকাৰে তেওঁক আনুষ্ঠানিকভাৱে কোনো কথা জনোৱা নাই বুলি মন্তব্য কৰিলে তেজ হাজৰিকাই। সুধাকণ্ঠৰ পুত্ৰই প্ৰেৰণ কৰা বিবৃতিটো এয়া-

'As the son of Dr. Bhupen Hazarika—one of the most popular and loved cultural and socio-political figures for the people of Assam and it's neighboring sister states of India's great Northeast—I believe that my father's name and words are being invoked and celebrated publicly while plans are afoot to pass a painfully unpopular bill regarding citizenship that is actually undermining his documented position. It would in reality be in direct opposition to what Bupenda believed in his heart of hearts.

For his fans—a vast majority of people of the Northeast—and India's great diversity including all indigenous populations of India, he would never have endorsed what appears, quite transparently, to be an underhanded way of pushing a law against the will and benefit of the majority in a manner that also seems to be grossly un-constitutional, un-democratic and un-Indian.

Adopting any form of this bill at this point in the manner in which it is being proffered, now or in the future, will ultimately have the sad and undesirable effect of not only disrupting the quality of life, language, identity and power balance of the region, but that of undermining my father's position—by delivering a wreaking blow to the harmony, inner integrity and unity of the secular and democratic Republic of India.

Bharat Ratnas and longest bridges while necessary, will not promote the peace and prosperity of the citizens of India. Only just popular laws and foresight on the part of leadership will. Numerous media journalists are now asking me whether or not I will accept the Bharat Ratna for my father. I go on record here to anwer that A), I have not received any invitation so far there is nothing to reject, and B), how the center moves on this matter far outweighs in importance the awarding and receiving of such national recognition—a display of short lived cheap thrills.'

ভূপেন হাজৰিকাক ভাৰত ৰত্ন যচাত সকলোৱে সন্তুষ্টি লাভ কৰিলে হয়, যদিহে তাৰ আঁৰত আন উদ্দেশ্য নাথাকিল হয়। লগতে আজিৰ পৰিৱেশ-পৰিস্থিতিত অসমীয়া জাতীয় আৱেগ-অনুভূতিক তিলমানো গুৰুত্ব দিয়া হ'লে অসমীয়া মানুহে বিশ্বাস কৰিলে হয়- সঁচা অৰ্থত মোডী চৰকাৰে ভূপেন হাজৰিকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছে।

সেই পৰিৱেশ আজি নাই। বিধেয়কৰ বিৰুদ্ধে সৰ্বত্ৰে প্ৰতিবাদ হোৱাৰ পাছতো জাতিধ্বংসী এই বিধেয়ক অনাৰ বাবে বিজেপি আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰে দৃঢ় হৈ আছে। প্ৰতিবাদৰ প্ৰতিবাদ হোৱাৰ পাছতো এবাৰলৈও ভবা নাই জাতিটোৰ ভৱিষ্যৎ কি হ'ব? সুধাকণ্ঠ আজি জীয়াই থকা হ'লে ৰাইজৰ পক্ষতেই থাকিল হয়। ভাৰত ৰত্ন তেওঁৰ বাবে ডাঙৰ বস্তু নহয়। আকাশী গংগা, স্বৰ্ণ অলংকাৰ তেওঁ বিচৰা নাছিল, মানুহৰ মৰমৰ মাত আৰু ৰাইজৰ বুকুত তেওঁ জীয়াই থাকিব বিচাৰিছিল। সেই কথা বুজি পাইছে তেজ হাজৰিকাই। আনুষ্ঠানিকভাৱে ভাৰত ৰত্ন সন্দৰ্ভত তেজ হাজৰিকাক ভাৰত চৰকাৰে কোনো কথা জনোৱা নাই। কিন্তু সুধাকণ্ঠৰ পুত্ৰ হিচাপে তেওঁ অনুভৱ কৰিছে সুদূৰ আমেৰিকাৰ পৰাই যে, এই মুহূৰ্তত জাতিৰ লগত থাকিব লাগে। জাতিৰ বাবে এয়া সংকটৰ সময়। প্ৰয়োজনত পিতৃক যচা এনে সন্মান ঘূৰাই দিওঁ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব খুজিছে। সেই প্ৰতিবাদৰ ভাষা মোডী বা সৰ্বানন্দ সোণোৱালেহে কেতিয়াও নুবুজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in