শুভাৰম্ভণি! ফাইনেলৰ আগতেই ১৬ জুনত টীম ইণ্ডিয়াৰ বাবে আন এক মহাৰণ…

শুভাৰম্ভণি! ফাইনেলৰ আগতেই ১৬ জুনত টীম ইণ্ডিয়াৰ বাবে আন এক মহাৰণ…

মৃদুল কমাৰ সন্দিকৈ

ক্ৰিকেট আমাৰ হৃদয়ত আছে। ক্ৰিকেটাৰ আমাৰ বাবে ভগৱান। শচীন, কোহলি, ধোনী, শ্বেহৱাগ, ৰোহিতক পূজা কৰা দেশ এইখন। ক্ৰিকেট বুলি ক'লেই শ কোটি জনতাই সকলো পাহৰে এই দেশত। এয়া ২২ গজৰ বেট-বলৰ যুদ্ধ নহয়। সন্মানৰ যুঁজ হৈ পৰে, যদি প্ৰতিপক্ষ পাকিস্তান হৈ পৰে।

ৰ'জ বল ষ্টেডিয়ামত বুধবাৰে যুঁজত নামিছিল কোহলি বাহিনী। সন্মুখত আছিল দক্ষিণ আফ্ৰিকা। ইণ্ডিয়া, ইণ্ডিয়া চিঞৰত সমগ্ৰ ষ্টেডিয়ামখনেই যেন হৈ পৰিছিল ভাৰত। ৫ জুন, ২০১৯। ইংলেণ্ডত আৰম্ভ হৈছিল ভাৰতৰ বিশ্বজয়ৰ প্ৰথমখন যুঁজ।

ভাৰতে শাসন কৰে ক্ৰিকেটত, যদি দুৰ্দান্ত হৈ পৰে ৰোহিত, কোহলি, পাণ্ডেয়া তেন্তে কোনে ৰুধিব বাৰে অশ্বমেধ যজ্ঞৰ ঘোঁৰা। চহল, কুলদীপ আৰু যাদৱৰ স্পীনে চাৰখাৰ কৰি দিয়ে প্ৰতিপক্ষৰ সপোন। ভূৱনেশ্বৰ আৰু বুমৰাহে জানে কেনেকৈ আৰম্ভণি দিব লাগে ভাৰতক।

প্ৰথমখন যুঁজত ঠিকেই টছত জিকিছিল ফাফ ডু প্লেছিছ। হাতত বেট লৈ ক্ৰীজলৈ আহিছিল আমলা-ডিক'ক। বুমৰাহে এৰা তীব্ৰগতিৰ বলে দক্ষিণ আফ্ৰিকাৰ হৈ আৰম্ভণি কৰিবলৈ অহা দুই বেটছমেনক বিশ্বাসঘাতক কৰিলে।

বুমৰাহৰ বাবে উদযাপনৰ সময়…

প্ৰথমে আমলাৰ বেটত লাগি বল সোমাইছিলগৈ ৰোহিত শৰ্মাৰ হাতত। তেতিয়া দক্ষিণ আফ্ৰিকাই গোটাইছিল মাত্ৰ ১১ ৰান। পুনৰ ২৪ ৰান হওঁতেই বুমৰাহৰ আন এটা বল তলকিবই নোৱাৰিলে ডি ক'কে। এইবাৰ অধিনায়ক কোহলিয়ে আলসতেই ধৰিলে কেটছ।

আৰম্ভণিৰ পৰাই সৌভাগ্যই লগ নিদিলে দক্ষিণ আফ্ৰিকাক…

২৪ ৰানত দুটা উইকেট হেৰুৱাই প্ৰথমৰ পৰা চাপৰ মাজত সোমাই পৰিল দক্ষিণ আফ্ৰিকা। তাৰপাছত তেওঁলোকৰ সৌভাগ্যৰ দুৱাৰ খোল নাখালে। এজন এজনকৈ তাৰপাছত বেটছমেন আহিল ক্ৰীজলৈ। এইবাৰ বুমৰাহ গ'ল। তাণ্ডৱ চলাবলৈ আহিল চহল। সম্পূৰ্ণ নাম যজুবেন্দ্ৰ চহল।

বুমৰাহে বেকফুটলৈ ঠেলি দিয়া দক্ষিণ আফ্ৰিকাৰ বেটছমেনক ভাল নচোৱালে চহলে। ডুব্লেছিছ বল্ড হ'ল। ৩৮ ৰানত ক্ৰীজ এৰিলে তেওঁ। ডুছেলকো চহলেই দেখুৱালে পেভিলিয়নৰ বাট। আৰু মিলাৰক কট এণ্ড বল্ড কৰি চহলে কৈ দিলে- আজি তোমালোকৰ দিন নহয়, আমাৰ।

চহলৰেই দিন আছিল বুধবাৰে…

২৪ ৰানত দ্বিতীয়টো উইকেট হেৰুৱাৰ পাছত ৰানৰ বাবে সংগ্ৰাম কৰিছিল দক্ষিণ আফ্ৰিকাৰ বেটছমেন সকলে। ৭৮ ৰানত তৃতীয়টো, ৮০ ৰানত চতুৰ্থটো আৰু ৮৯ ৰানত দক্ষিণ আফ্ৰিকাই হেৰুৱালে পঞ্চমটো উইকেট।

বুমৰাহক চহলে আৰু চহলক কুলদীপে সংগ দিলে। ডুমিনী কুলদীপৰ বলত এল বি ডব্লিউ হৈ ক্ৰীজৰ পৰা আঁতৰি গ'ল। ফেলু কায়োৱে ৩৪ৰানেৰে দক্ষিণ আফ্ৰিকাক আগুৱাই নিবলৈ চেষ্টা কৰিলেও চহলৰ এটা বলত আগুৱাই আহি বিগ শ্ব'ট খেলিবলৈ চেষ্টা কৰোতেই ফাকি দিলে বলে।

বেটত বল লগাৰ সলনি বল গৈ সোমালগৈ ধোনীৰ গ্ল'বছত। ষ্টাম্পৰ পিছফালে তাৰ অপেক্ষাতেই যেন ৰৈ আছিল ধোনী। মুহূৰ্ততে ভাঙি পেলালে ষ্টাম্প আৰু হতাশ মনেৰে ফেলু কায় উভতিল অহা বাটেৰে। ১৩৫ ৰানত ষষ্ঠটো উইকেট হেৰুৱাইছিল দক্ষিণ আফ্ৰিকাই।

বিদায় ফেলু কায়ো…

কোহলিৰ বাবে বুমৰাহ, চহল আছিল দক্ষিণ আফ্ৰিকাৰ বেটিং লাইনআপক প্ৰথমতেই ধ্বংস কৰাৰ মূল অস্ত্ৰ। তাৰপাছত ভূৱনেশ্বৰ, কুলদীপে দায়িত্ব চম্ভালি লৈছিল। মাৰিছক ভূৱনেশ্বৰৰ বলত কোহলিয়ে কেটছ ধৰি বিদায় দিছিল।

ৰাবাদা অপৰাজিত হৈ ৰ'ল ৩১ ৰানত। মৰিছেও কৰিছিল ৪১ ৰান। ইমৰানে ভূৱনেশ্বৰৰ এটা বলত কেদাৰ যাদৱৰ হাতত তুলি দিলে কেটছ। ১৫৮ ৰানত সপ্তম, ২২৪ ৰানত অষ্টম আৰু ২২৭ ৰানত নৱমটো উইকেটৰ পতন হ'ল। বুমৰাহ, ভূৱনেশ্বৰ, পাণ্ডিয়া, কুলদীপ, চহল আৰু কেদাৰে ২২৭ ৰানতে বান্ধি পেলালে দক্ষিণ আফ্ৰিকাক।

ভাৰতক জয়ৰ লক্ষ্য দিলে ২২৮ ৰান…

ভূৱনেশ্বৰে দুটা, বুমৰাহে দুটা, কুলদীপে এটা আৰু চহলে এটা উইকেট লাভ কৰিলে। বিশ্বকাপৰ খেল মানেই ৰোমাঞ্চৰে ভৰা। তাতে যদি সেয়া ক্ৰিকেট হয় তেন্তে সেই ৰোমাঞ্চ বৃদ্ধি পাই বহু গুণে। কিন্তু প্ৰথমৰ পৰাই এই খেলত নাছিল কোনো ৰোমাঞ্চ।

শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব নোৱাৰিলে দক্ষিণ আফ্ৰিকাই। এখন নীৰহ খেল বহুতৰ মত। কেতিয়াবা এনে খেলতেই শেষ মুহূৰ্তত আহি যায় ৰোমাঞ্চকৰ সময়। ১০টা বলত ২০ ৰান নতুবা ১ টা বলত ৩ ৰান!

কোহলি, পাণ্ডেয়া, ধোনী, ৰোহিত, শ্বেখৰৰ দৰে বেটছমেন যি দলত, সেয়াই টীম ইণ্ডিয়া…

তেনে এক ৰোমাঞ্চৰ প্ৰতিক্ষাতেই ভাৰতৰ নিশ্চিত জয় বুলি ভাবি পুনৰ দেশৰ শ শ ক্ৰিকেট প্ৰেমীয়ে পুনৰ ক্ৰিকেটৰ মাজত বুৰ গৈছিল। ক্ৰীজলৈ আহিছিল শ্বেখৰ ধৱন আৰু ৰোহিত। কিন্তু এয়া কি? দক্ষিণ আফ্ৰিকাৰ বেটছমেনৰ দৰেই হ'ব নেকি ভাৰতৰ গতি?

১৩ ৰানতেই ধৱনে ডি ক'কৰ এটা বলত পেভিলিয়নলৈ উভতি গ'ল। তাৰপাছত আহিল কোহলি। কোহলিকো ফেলু কায়োয়ে ভাৰতৰ ৰান ৫৪ হওঁতেই পেভিলিয়নলৈ বাট ওভতাই পঠিয়ালে। ডি ক'কৰ হাতত কেটছ দি ১৮ ৰানত বিদায় ল'লে বহুতৰ ভৰসা হৈ থকা কোহলিয়ে।

১৮ ৰানতেই পেভিলিয়নলৈ ওভতাৰ পথত কোহলি…

অনিশ্চিয়তাৰ খেল ক্ৰিকেট। কোহলি আৰু ৰোহিতৰ যুটি ভগাৰ পাছত ঠিকেই বুজিলে ৰোহিত শৰ্মাই।ৰোহিতে অকলেই ল'লে বহু দায়িত্ব। ৰাহুলো ফেলু কায়োৰ বলত ভাৰতৰ স্ক'ৰ ১৩৯ হওঁতে ডুপ্লিছিছৰ হাতত কেটছ দি বিদায় ল'লে। তেতিয়ালৈ জয়ৰ বাবে ভাৰতক প্ৰয়োজন আছিল ৮৯ ৰানৰ।

অকলে এটা প্ৰান্তত যুঁজিলে ৰোহিত শৰ্মাই…

ক্ৰীজলৈ আগমন ঘটিল এম এছ ধোনীৰ। জয়ৰ বাবে আৰু বেছি দূৰ নাছিল। দক্ষিণ আফ্ৰিকাৰ সঁচাকৈয়ে যেন বেয়া দিন চলিছিল। বহু কেইটা সুযোগ নষ্ট কৰিলে। এসময়ত দুৰ্দান্ত ফিল্ডিঙৰ বাবে পৰিচিত দলটোৰ ফিল্ডাৰে ধৰিবই নোৱাৰিলে বহু কেইটা কেটছ।

ছয়, চাৰিৰ বন্যা মাজে মাজে বৈ থাকিল। লাহে লাহে বাঢ়ি গ'ল ৰোহিত শৰ্মাৰ ৰানৰ সংখ্যা। ১২৮টা বলত ৰোহিত শৰ্মাই সম্পূৰ্ণ কৰিলে শতক।এইবাৰ ইংলেণ্ড বিশ্বকাপত ভাৰতৰ প্ৰথমখন মেচত প্ৰথমজন ভাৰতীয় বেটছমেনৰ প্ৰথমটো শতক। মাৰিছৰ এটা বলত মাৰিছকে কেটছ দি ৩৪ ৰানত ধোনী ওভতিবলগীয়া হ'ল। চতুৰ্থটো উইকেট ভাৰতৰ পতন ঘটিল ২১৩ ৰানত। তাৰপাছত ধোনীৰ ঠাই ল'বলৈ ক্ৰীজলৈ আহিল হাৰ্দিক পাণ্ডেয়া।

ইংলেণ্ড বিশ্বকাপত ৰোহিতৰ শতক…

তেতিয়া জয়ে আহি ভাৰতৰ দুৱাৰত কটকটাইছিল। এফালে অপেনিঙৰ পৰা ক্ৰীজত থকা ৰোহিত শৰ্মা, আনফালে তুষাৰ ফৰ্মত থকা হাৰ্দিক নামৰ অসম্ভৱকো সম্ভৱ কৰিব পৰা দুৰ্দান্ত বেটছমেনগৰাকী। ৭টা বল খেলিবলৈ পালে পাণ্ডিয়াই। জয়ৰ ২২৮ৰানৰ লক্ষ্য অতিক্ৰম কৰিলে ভাৰতে।সেই ৭টা বল খেলিয়েই পাণ্ডিয়াই যেন কৈ গ'ল আন প্ৰতিপক্ষ দলৰ বলাৰক- সাজু থাকা, মই আহি আছো পৰৱৰ্তী খেলত। তাৰপাছত সমগ্ৰ দেশবাসীৰ মাজত উৎসাহ-উল্লাহ।

ছুপাৰ ফৰ্মত হাৰ্দিক পাণ্ডিয়া…

এয়া আৰম্ভণিহে। ৯ জুনত অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব টীম ইণ্ডিয়া। তাৰপাছত ১৩ জুনত নিউজিলেণ্ডৰ সৈতে আছে ভাৰতৰ বিশ্বকাপৰ ৰণ। সেইবোৰ খেলৰ প্ৰতি ভাৰতবাসীৰ আছে স্বাভাৱিক উৎসুকতা। টীম ইণ্ডিয়াৰ সৈতে আছে ১০০ কোটি ভাৰতীয়ৰ শুভেচ্ছা।

কিন্তু ১৬ জুন, দেওবাৰে ভাৰতৰ আছে এখন মহাযুদ্ধ। সেই যুদ্ধৰ ভাৰতৰ প্ৰতিপক্ষ চিৰবৈৰী পাকিস্তান। ফাইনেলৰ আগতেই যেন আন এখন ফাইনেল ৰৈ আছে টীম ইণ্ডিয়াৰ বাবে। দেশবাসীৰ আশা আৰু ভৰসা আছে কোহলিবাহিনীৰ ওপৰত। সেই ৰণ ভাৰতেই জিকিব বুলি দেশবাসী আশ্বস্ত।

ক্ৰিকেটৰ পৃথিৱীত ভাৰত-পাকিস্তানৰ মুখামুখি মানেই অন্ত নপৰা ৰোমাঞ্চেৰে ভৰা বেট-বলৰ অনন্য যুদ্ধ। দুই দেশবাসীৰ বাবেই এয়া সন্মানৰ প্ৰশ্ন। কিন্তু প্ৰায়ে ভাৰতৰ ওচৰত শিৰণত হয় চিৰবৈৰী পাকিস্তান। এইবাৰো ইয়াৰে পুনৰাবৃত্তি হ'ব বুলি দেশবাসী বিশ্বাসী।

১৪ জুলাইত অনুষ্ঠিত হ'ব বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল। ১৪ জুলাইত খেলপথাৰত টীম ইণ্ডিয়াক দেখা পোৱা যাব বুলিয়েই ক্ৰিকেট বিশেষজ্ঞ সকলেও ভৱিষ্যৎবাণী কৰিছে। ভাৰতে দক্ষিণ আফ্ৰিকাক হৰুৱাই বিশ্বকাপ ক্ৰিকেটৰ যাত্ৰাত শুভাৰম্ভণি কৰিছে।

দেশবাসীক লাগে আৰু এটা বিশ্বকাপ। কোহলি বাহিনীয়ে সেয়া হয়তো সম্ভৱ কৰিব পাৰিব। মাহিৰো এইবাৰ অন্তিম বিশ্বকাপ। ইয়াৰ পাছত হয়তো বিশ্বকাপত দেখা পোৱা নাযাব এম এছ ধোনীক। সকলো ঠিকে ঠাকিলে এতিয়ালৈকে ভাৰতেই বিশ্বকাপৰ অন্যতম দাবীদাৰ। কিন্তু তাৰ পূৰ্বে কোহলিবাহিনীৰ লক্ষ্য ১৬ জুন। কিয়নো সেইদিনা সমুখ-সমৰত থাকিব পাকিস্তান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in