ভাৰত-শ্ৰীলংকাৰ টি-২০ খেল নহ’ল, ‘কা’ৰ বিৰুদ্ধে সাব্যস্ত হ’ল প্ৰতিবাদ! VIDEO

ভাৰত-শ্ৰীলংকাৰ টি-২০ খেল নহ’ল,  ‘কা’ৰ বিৰুদ্ধে সাব্যস্ত হ’ল প্ৰতিবাদ! VIDEO

মৃদুল কুমাৰ সন্দিকৈ

সাজু আছিল দুয়োটা দল। এফালে বিৰাট, আনফালে মালিংগা। নতুন বছৰ উদযাপন কৰি দুয়ো দলৰ খেলুৱৈসকলে উৰা মাৰিছিল গুৱাহাটী অভিমুখে। লক্ষ্য মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়াম। সজাই-পৰাই তোলা হৈছিল অসম ক্ৰিকেট সন্থাৰ গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামখন।

তেতিয়া সময় পুৱা ১১ বাজিছিল। আনদিনা হোৱা হ'লে উখল মাখল পৰিৱেশেৰে ষ্টেডিয়ামৰ চৌপাশ ৰজনজনাই থাকিল হয়। কিন্তু ৫ জানুৱাৰীৰ দিনা তেনে বিশেষ কিবা পৰিৱেশ নাছিল। ষ্টেডিয়ামৰ মূল প্ৰৱেশ পথৰ সন্মুখত কেইজনমান দোকানী।

টীম ইণ্ডিয়াৰ জাৰ্ছি, ফ্লেগ আৰু হাতত ৰং-তুলিকা লৈ গ্ৰাহকৰ অপেক্ষাত ৰৈ আছিল তেওঁলোক। দুই-এজনকৈ দৰ্শক গোট খাইছিল। কিন্তু ক্ৰিকেটৰ বাবে বলিয়া এখন দেশত এই পৰিৱেশ আছিল এক নিমাওমাও পৰিৱেশ।

দেওবাৰৰ পুৱাই আহিছিল কিনকিনিয়া বৰষুণ জাক। অসমৰ সাম্প্ৰতিক পৰিৱেশৰ মাজতো ক্ৰিকেটৰ কথা আলোচনা কৰা সকলে পুৱাই ভাবিছিল বৰুণ দেৱতাই আজি অঘটন নঘটালেই হ'ল । সময় অতিবাহিত কৰাৰ লগে লগে আকাশত সূৰ্য দেৱতাই ভুমুকি মাৰিলে। ক্ৰিকেটপ্ৰেমীসকলৰ মনবোৰো ফৰকাল হৈ উঠিছিল।

শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ তিনিখনীয়া টি-২০ ছিৰিজৰ প্ৰথমখন মেচ গুৱাহাটীত। কোহলীৰ বেটিং পৰাক্ৰম চাবলৈ প্ৰতিজন ক্ৰিকেটপ্ৰেমীৰেই থাকে তীব্ৰ হাবিয়াস। অৱশ্যে বিশ্ৰামত আছে ৰোহিত শৰ্মা। হ'লেও চলি যাব শিখৰ ধৱনেৰে।

বলিঙত সন্ত্ৰাস সৃষ্টিৰ বাবে আছে বুমৰাহ। কে এল ৰাহুলৰ বেট চলিলে আৰম্ভণিতেই আহিব বহু ৰান। সেই ইচ্ছাইতো কৰে ভাৰতীয় ক্ৰিকেট প্ৰেমীয়ে। আনদিনা হোৱা হ'লে উইকেটৰ পিছফালে থিয় হৈ থাকিল হয় এম এছ ধোনী। এতিয়া সেই দায়িত্ব ঋষভ পন্টৰ হাতত।

দৰ্শকৰ সেৰেঙা উপস্থিতিৰ উমান তেতিয়াই দুই-একে পাইছিল। কৈছিল- আগৰ দৰে আজি মানুহৰ দীঘল লানি নাই। তেতিয়া জালুকবাৰীৰ পৰা দীঘলীপুখুৰী অভিমুখে আহি আছিল 'কা' বিৰোধী শিল্পীৰ সমদল। নিজৰ নিজৰ কাম নিজেই কৰিছে। এফালে খেল আনফালে প্ৰতিবাদ। মহানগৰীত দেওবাৰৰ দিনা আছিল দুই পৰিৱেশ।

সময় ঠিকেই অতিবাহিত হ'ল। আৱেলি ৩ বাজিল। মানুহৰ সংখ্যা কিছু বাঢ়িল। কিন্তু ক্ৰিকেট বুলি ক'লে যেনে পৰিৱেশ, তেনে পৰিৱেশে বিৰাজ নকৰিলে। আৰক্ষীয়ে পূৰ্বেই নিৰ্ধাৰণ কৰি থোৱা গাড়ী পাৰ্কিং কৰা স্থানত দুই-এখন গাড়ীৰ বাদে বাকীবোৰ ঠাই খালী হৈয়ে ৰ'ল।

মানুহ আহিলেও বহুতে অনা নাছিল গাড়ী। যিধৰণে সাজু হৈছিল যান-বাহন আৰক্ষী, তেনে পৰিৱেশ অৱশ্যে দেখা পোৱা নগ'ল বৰ্ষাপাৰাত। ৪ বজাৰ লগে লগেই ষ্টেডিয়ামৰ মুল প্ৰৱেশদ্বাৰ খোল খালে। প্ৰায় ৪০ হাজাৰ মানুহ ধৰা বৰ্ষাপাৰাৰ এই ষ্টেডিয়ামলৈ দৰ্শক আগবাঢ়িল।

কোনোবাই যদি হাতত ত্ৰিৰংগা উৰুৱাই, আন কোনোবাই ভাৰতীয় দলৰ সমৰ্থনত ৰিষ্ট বেণ্ড, টি-ছাৰ্ট পিন্ধি আগবাঢ়িল ষ্টেডিয়ামৰ দিশে। সকলো স্বাভাৱিকভাৱেই চলি আছিল। প্ৰস্তুতি চলিছিল খেলৰ। পূৰ্বৰ খেলবোৰতকৈ কম সংখ্যক হ'লেও দৰ্শকে প্রথমে ষ্টেডিয়ামত প্ৰৱেশ কৰিলে।

টছ হ'ল। কোহলী জয়ী হৈ বলিঙৰ সিদ্ধান্ত ল'লে। খেল আৰম্ভ হ'বলৈ কিছু সময় থকাৰ পূৰ্বেই ধাৰাসাৰ বৰষুণ আহিল। পিটছ আৰু আউট ফিল্ড কাভাৰ কৰিলে টিৰ্পালেৰে। বৰষুণ অব্যাহত থাকিল। সময় পাৰ হৈ গ'ল।

তেতিয়াই লক্ষ্য কৰা হৈছিল- কিছু কিছু দৰ্শকে মূৰত গামোচা মাৰি ষ্টেডিয়ামত প্ৰৱেশ কৰিছিল। জয় আইন অসম ধ্বনি দিছিল। তাৰ মাজে মাজে ভাৰতীয় ক্ৰিকেট দলৰ সমৰ্থনত শ্ল'গান। ৪৫মিনিটৰো অধিক সময় ধাৰাসাৰ বৰষুণৰ পাছত বৰষুণ ৰ'ল। কিন্তু সেই সময়তে ভিভিআইপি আসনত থকা দৰ্শকসকলে অতীষ্ঠ হৈ পৰিল, কিয়নো ইতিমধ্যে বৰষুণত ভিজি গৈছে বহি থকা আসন।ভিভিআইপিৰ আসনতে এই অৱস্থা।

কিন্তু কাক দিব সেই অভিযোগ? অভিযোগ দিবলৈ, অভিযোগ শুনিবলৈ কোনো নাই। ফিল্ডত গ্ৰাউণ্ড ষ্টাফ ব্যস্ত হৈ থাকিল যিকোনো প্ৰকাৰে খেল অনুষ্ঠিত কৰাৰ চেষ্টাত। টিৰ্পালৰ পৰা পৰি আউট ফিল্ডত পানীৰ দোঙা বান্ধিলে।

তথাপিও ৰাইজ ৰৈ থাকিল খেল হ'ব। আম্পায়াৰ আহিল। খেল পথাৰ পৰিদৰ্শন কৰি খেল যে অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত ল'বলৈ কিছু সময় লাগিব সেই কথা কৈ পুনৰ পেভিলিয়ন মুখী হ'ল কৰ্মকৰ্তাসকল। কিন্তু হঠাৎ সৰ্বানন্দ গ'বেক, হিমন্ত বিশ্ব গ' বেক, বিজেপি চৰকাৰ গ' বেক ধ্বনিৰে ষ্টেডিয়াম ৰজনজনাই উঠিল।

কেমেৰাত বন্দী হ'ল সেই দৃশ্য। জয়ন্ত মল্ল গ' বেক, জয়ন্ত মল্ল গ' বেক ধ্বনি। তেতিয়া কেমেৰাই এক বিশেষ দৃশ্য ধৰিছিল ভিভিআইপি আসনৰ। হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাজনকো দেখাৰ লগে লগেই এই ধ্বনি দিলে দৰ্শকে।

হিমন্ত বিশ্ব শৰ্মা গ' বেক, সৰ্বানন্দ সোণোৱাল গ' বেক, বিজেপি চৰকাৰ গ' বেক ধ্বনিত উত্তাল হৈ পৰিল হঠাৎ ষ্টেডিয়াম। তাৰ পাছত চিঞৰি থাকিলে একেৰাহে 'গ' বেক, গ' বেক, গ' বেক, গ' বেক…'।

ষ্টেডিয়ামত থকা ডিজিটেল মনিটৰত হিমন্ত বিশ্বক দেখাৰ লগে লগেই দিছিল গ' বেক ধ্বনি। সাধাৰণতে ক্ৰিকেট খেলৰ ষ্টেডিয়ামত দৰ্শকে এনে ধ্বনি নিদিয়ে। স্পষ্টকৈ সেই ধ্বনি শুনিলে আন সকল দৰ্শকেও। এই খেলৰ লাইভ কৰিবলৈ আহি কেমেৰাত সেই দৃশ্য বন্দী কৰা সকলে একো তলকিবই নোৱাৰিলে, কিন্তু অসমৰ ৰাইজে ভালকৈয়ে বুজিলে কিহৰ প্ৰভাৱ সেয়া।

খেল অনুষ্ঠিত হোৱাতকৈ সেই খবৰেহে ষ্টেডিয়ামত থকা সকলৰ লগতে বিশ্ববাসীক হতভম্ব কৰি তুলিলে। কেমেৰাৰ ফ্ৰেমত তেতিয়া বন্দী হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এজন বিশেষ লোকৰ দৃশ্য। সেইজন আন কোনো নাছিল, সেইজন আছিল অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ।

সেই জয় শ্বাহকে আঁতৰৰ পৰা কোনো দৰ্শকে ষ্টেডিয়ামত থকা ডিজিটেল মনিটৰত জয়ন্ত মল্ল বুলি ভাবিয়েই, কেমেৰাত হিমন্ত বিশ্ব শৰ্মাক দেখিয়েই দি দিলে গ' বেক ধ্বনি। ষ্টেডিয়ামৰ মাজতেই ভাৰত-শ্ৰীলংকাৰ মাজৰ প্ৰথমখন টি-২০ খেলৰ পৰিৱেশৰ সমান্তৰালভাৱে চলিল 'কা' বিৰোধী প্ৰতিবাদ।

এয়া কোনো লোকৰ পৰিকল্পিত প্ৰতিবাদ নাছিল। ষ্টেডিয়ামলৈ সোমাওতে ক'লা ৰুমাল, পানী বটল, কলমকে ধৰি একো নিবলৈ দিয়া নাছিল। পৰুৱা খৰকিব নোৱাৰাকৈ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল। এবাৰ দুবাৰ নহয়, ৫-৬বাৰকৈ প্ৰতিজন দৰ্শকক তালাচী চলাইছিল। কিন্তু সকলো বাধা দিব পাৰিলেও নিৰাপত্তাৰক্ষীয়েতো অসমীয়া সন্তানৰ মাত কাঢ়ি তালাচীত থৈ দিব নোৱাৰে। তাৰেই প্ৰতিফল ষ্টেডিয়ামত দেখিবলৈ পোৱা গ'ল।

হিমন্ত বিশ্ব শৰ্মায়ো হয়তো শুনিলে কিদৰে একাংশ দৰ্শকে দিলে গ' বেক ধ্বনি। ৰজনজনাই গ'ল বৰ্ষাপাৰা ষ্টেডিয়াম। ইয়াৰ পাছতো ক'ব- প্ৰতিবাদ হোৱা নাই অসমত। খেল আৰু প্ৰতিবাদ পৃথক বিষয়। কিন্তু কি স্তৰত ৰাজ্যবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ প্ৰমাণ চোন হিমন্ত বিশ্ব শৰ্মাই নিজ চকুৰ সন্মুুখতে পালে। তাকো এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত। কোনো কোনোৱে ষ্টেডিয়ামতে মন্তব্য কৰিলে- ভাৰত আৰু শ্ৰীলংকাৰ খেলখন নহ'ল যদিও, অসমীয়াই খেলি দিলে আচল খেল!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in