টুটু আমাৰ বৰ মৰমৰ আছিল…

টুটু আমাৰ বৰ মৰমৰ আছিল…

মৃদুল কুমাৰ সন্দিকৈ

'সি আমাৰ বৰ মৰমৰ আছিল। সি যে নাই এক মুহূৰ্তলৈকে ভাবিবই পৰা নাই। সেইদিনা সি লতাশিললৈ গৈছিল। আন মানুহৰ দৰেই সি লতাশিললৈ গৈ ঘৰলৈ ঘূৰি আহিছিল। ঘৰ পাবলৈ অকণমান বাট আছে। ভেটাপাৰাৰ দলংখন যে তাৰ কাষতেই সিহঁতৰ ঘৰ…'- লগৰ এজনে কৈ গৈছিল কথাবোৰ।

হাতীগাঁও-ভেটাপাৰা দলঙৰ সমীপৰ বিজু ষ্টেফ'ৰ্ডৰ ঘৰত অগণন মানুহ তেতিয়া। ১২ ডিচেম্বৰ, ২০১৯। হাতীগাঁৱৰ ফ্ৰেন্স উপ-পথৰ সমীপৰ সন্ধিয়া প্ৰায় ৬.৩০ মান বজাত ঘটি গৈছিল অঘটনটো। প্ৰতিবাদ কৰিবলৈ নহয়, প্ৰতিবাদ চাবলৈ গৈছিল সি।

লখিমীনগৰৰ দিশৰ পৰা হাতীগাওঁ দিশে আহি আছিল টুটু। ভাল নামটো ছেমছন ষ্টেফ'ৰ্ড। দেখা-শুনাই সুথাম আৰু তজবজীয়া ল'ৰাটো বৰ আময়িক আছিল। বন্ধুবোৰৰ মাজত আছিল সি অতিকৈ জনপ্ৰিয়। তাৰ হাঁহি থকা সৰলতাৰে ভৰা মুখখন দেখিলেই অনুমান কৰিব পাৰি সি কিমান সহজ-সৰল আছিল।

মানুহবোৰে মাকক দুখ নকৰিবলৈ বুজাইছিল। কান্দি বাউলি হৈ পৰা মাকজনীহে তেতিয়া অনুভৱ কৰিব পাৰে- একমাত্ৰ সন্তানক হেৰুওৱা বেদনা কিমান? অগণন মানুহে ভিৰ কৰিছেহি টুটুৰ ঘৰত। আত্মীয় কুটুম, বন্ধু-বান্ধৱে তাক টুটু বুলি মাতিছিল।

খবৰ ল'বলৈ অহা , সমবেদনা জনাবলৈ অহা মানুহবোৰক দেউতাকে মাত দিছে। বুকুত হাজাৰ যন্ত্ৰনাৰ বোজা লৈ দেউতাকে উদাস দৃষ্টিৰে কাৰোবাৰ চকুলৈ চাই দুখৰ বোজা পাতলাইছে। খামীডাঠ মানুহজনৰ চকুত চকুপানী নাই যদিও, বুকুত যে দুখৰ সাগৰৰ ছুনামী সেই কথা তেওঁ মুখলৈ চালেই ধৰিব পাৰি।

সকলোবোৰ লুকুৱাই তেওঁ সংবাদমাধ্যমৰ সৈতেও কথা পাতিছে। পুত্ৰৰ বিষয়ে যি সুধিছে সেই প্ৰশ্নৰ উত্তৰ দিছে। কোনোবাজনে সুধিছিল- সি ভাল বাদ্যযন্ত্ৰ বজাইছিল নহয়? নিজেও ভাল বাদ্যযন্ত্ৰী হিচাপে নাম থকা দেউতাকে মূৰ দুপিয়াই কৈছে- 'হয়। সি বজোৱা বাদ্যযন্ত্ৰবোৰ চুতালত সজাই থৈছো তাৰ ফটোৰ সৈতে। ঢোলকি, থুমবা অনেক বাদ্যযন্ত্ৰ বজাইছিল টুটুৱে।'

দেউতাকৰ মতে সি ক'তো শিকা নাছিল। তাৰ গাতত হয়তো সেই প্ৰতিভা জন্মগতভাৱেই আছিল। পুত্ৰক হেৰুওৱা এই দুখৰ মাজতেই খবৰ ল'বলৈ অহা সকলক কৰমৰ্দন কৰি সমবেদনা জনাবলৈ অহাৰ বাবে ধন্যবাদ জনোৱা সেই মানুহজনৰ চকুত চকুপানী নাথাকিলেও তেওঁৰ ভিতৰখন যে হাহাঁকাৰ কৰি ফুৰিছে, সেয়া সকলোৱে অনুভৱ কৰিছিল।

টুটু অৰ্থাৎ ছেমছন ষ্টেফ'ৰ্ডলৈ মৃত্যুৰ আগদিনা ফোন কৰিছিল তেওঁৰ লগৰে এজনে। সেইদিনাও উত্তপ্ত হৈ আছিল গুৱাহাটী। নাম প্ৰকাশত অনিচ্ছুক বন্ধু জনে ম'বাইলটো জেপৰ পৰা উলিয়াই ক'লে- 'আগদিনা তাৰ সৈতে মই ভিডিঅ' কলত কথা পাতিছিলো।'

'সেইদিনা মই মোৰ বাইদেউৰ ল'ৰা এটা জন্ম হোৱাৰ বাবে হাস্পতাললৈ গৈছিলো। সি মোক খবৰ সুধিছিল। মই খোজকাঢ়ি ভঙাগড়ৰ পৰা আহি থকা বুলি কোৱাত সি মোক কৈছিল- তুমি মিছা কৈছা। এনেকুৱা গুৱাহাটী জ্বলি থকা দিনত তুমি ভঙাগড়ত নাই। ভিডিঅ' কল এটা কৰাচোন।'- দুয়োৰে মাজত আছিল বহু আত্মীয়তা ।

আগদিনাৰ স্মৃতি সুঁৱৰি বন্ধুৱে কৈ গৈছিল- সি মোক বিশ্বাস কৰা নাছিল। মই তাক ভিডিঅ' কল কৰি খোজকাঢ়ি গৈ থকাতো দেখুৱাইছিলো। সি তেতিয়াহে বিশ্বাস কৰিছিল। আৰু মোক কৈছিল- ভালকৈ আহিবা। দিন-কাল ভাল নহয়।

'মোক এইদৰে উপদেশ দিয়া টুটুৱে আজি গুচি গ'ল। সি এনেকুৱা এটা ল'ৰা আছিল, ঘৰৰ ভিতৰত ৰৈ থাকিলে ৰাস্তাৰে কোনোবা চিনাকি মানুহ পাৰ হৈ গ'লে যদি ঘৰৰ পৰা দেখা পাই ভিতৰৰ পৰাই সি চিঞৰে।'- কথাবোৰ কৈ থাকোতে বন্ধু জনৰ চকুৰ টোপাল কেইটামান সৰি পৰিছিল।

তেওঁক সহজ কৰিবলৈকে সুধিছিলো- কোনটো কোঠাত শুইছিল সি? ঘৰলৈ প্ৰায়ে অহা হৈছিল নেকি তাৰ? আৱেগিক হৈ পৰা বন্ধু জনে দেখুৱাইছিল আঁতৰৰ তৰ্জাবেৰৰ এটা কোঠালৈ। সেই কোঠাটোতেই সি হেনো শুইছিল। লৈ গৈছিল সেই কোঠাৰ দিশে।

মানুহবোৰে বাহিৰত ভিৰ কৰিছিল। আমি গৈ তাৰ কোঠা সোমাইছিলো। উদং বিচনাখন আৰু খালী হৈ থকা ৰূমটো দেখুৱাই সি কৈছিল- 'আহিলে আমি ইয়াতেই বহিছিলো। আৱেলি-গধূলি প্ৰায়ে আড্ডা মাৰিছিলো। সি বাদ্যযন্ত্ৰ বজাই ইমানেই ভাল পাইছিল যে, কেতিয়াবা বহি থকা বাইকখনতে সি তাবলা বজাইছিল। কোনোবাই গান এটা আওৰাই দিলে সি ধৰিছিল।'

বাহিৰত দেখিছিলো সুন্দৰকৈ টুটুৱে বজোৱা বাদ্যযন্ত্ৰবোৰ সজাই থোৱা আছিল। কাষত এখন ফটো । পুৱাই তেওঁৰ ঘৰলৈ ওলাই যাওঁতে হাতীগাঁৱৰ যি স্থানত এই ঘটনা সংঘটিত হৈছিল, সেই স্থানত তেওঁৰ এখন ফটো দি ইটাৰে সেই ঠাইডোখৰ সজাই তাৰ ওপৰত জ্বলাই দিয়া হৈছিল অগণন চাকি আৰু মম।

নাৰ্জি ফুলৰ হালধীয়া পাহি বোৰে কৈছিল- অকালতে অন্ত পৰা এটা জীৱনৰ কাহিনী। কোনোদিনেই পাহৰিব নোৱাৰা এক অঘটনৰ সাক্ষী হৈ জ্বলি আছিল চাকিবোৰ। স্বতঃস্ফূৰ্তভাৱে মানুহবোৰে আহি জ্বলাই দিছিল চাকি।

পথেৰে পাৰ হৈ যোৱা মানুহে সেই শ্ৰদ্ধাঞ্জলি জনাবলৈ থৈ দিয়া ফটোখন দেখিয়েই কৈছিল- একেবাৰে সৰু ল'ৰা আছিল দেখোন সেইটো। দেউতাকৰ সৈতে কথা পাতি গম পাইছিলো এইবাৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল ছেমছন। জতিয়াৰ ফাগুনা ৰাভা ছাত্ৰ হাইস্কুলৰ ছাত্ৰ আছিল সি।

কি হৈছিল সেইদিনা? প্ৰত্যক্ষদৰ্শী লগ নাপালেও স্থানীয় লোকসকলে কৈছিল সেই কাহিনী। হঠাৎ আহি থকা এই ল'ৰাটোক লক্ষ্য হৈছিল । প্ৰতিবাদ দমনৰ বাবে নিক্ষেপ কৰা বুলেটৰ আঘাতত ঢলি পৰিছিল টুটু। কিন্তু সি ভবা নাছিল প্ৰতিবাদ দমনৰ বাবে, হিংসাত্মক ঘটনা প্ৰতিৰোধৰ বাবে কোনোবাই নিক্ষেপ কৰা বুলেটে তাৰ জীৱন কাঢ়ি নিব।

সি জানিছিল সি একো ভুল কৰা নাছিল। সেই সময়ত আন এগৰাকী যুৱতী মাতৃৰ সৈতে আহি আছিল। সেই বুলেটে তেওঁৰ ভৰিতো আঘাত হানিছিল। হঠাৎ মাকক কৈছিল- মা মোৰ ভৰিখন জিনজিনাইছে। কি হৈছিল ধৰিব পৰা নাছিল। তাৰপাছত পিন্ধি থকা জোতাযোৰ খুলি দিওঁতেই তেজৰ নৈ বৈছিল।

বাদ্যযন্ত্ৰী হিচাপে নাম থকা বিজু ষ্টেফ'ৰ্ডৰ পুত্ৰ ছেমছন ষ্টে'ফৰ্ড গুচি গ'ল। থৈ গ'ল অনেক স্মৃতি। লগৰ বোৰে, পৰিয়ালৰ লোকে সেই স্মৃতি সুঁৱৰি শোকৰ সাগৰত ডুব গৈ এনে কাৰ্য সংঘটিত কৰা সকলক গৰিহনা দিয়াৰ বাদে আন কি কৰিব পাৰে?

আত্মীয় এজনে প্ৰথমে টিভি বাতৰিতেই এই খবৰটো পাইছিল। ভবা নাছিল তেওঁলোকৰ মৰমৰ টুটুৰে এনে দখা হৈছে। কোনোবাই কৈছিল যোছেফ ঢুকাল। পুলিচে গুলি মাৰিছে। তেতিয়ালৈকে সেয়া আন কোনোবা বুলিয়েই ভাবি আছিল। কিয়নো ঘৰত সকলোৱে তাক মাতিছিল টুটু। পিছত ফটোখন দেখিহে চিৎকাৰ কৰি উঠিছিল। চিঞৰি চিঞৰি পৰিয়ালৰ আনসকলক কৈছিল- ঐ টুটু ঢুকাল, টুটু…।

এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি হোৱা প্ৰতিবাদত সংঘটিত হোৱা বিক্ষিপ্ত ঘটনা প্ৰতিৰোধৰ নামত টুটু, দীপাঞ্জলৰ দৰে অসমীয়া যুৱকৰ ৰঙা তেজেৰে ৰাজপথ ৰঙালী কৰি কোনোবাই জোৰজবৰদস্তি হিন্দু বাংলাদেশী আনিব খুজিলেও পাৰিব জানো এনেকৈ জাগি উঠা এটা জাতিক প্ৰতিহত কৰিবলৈ?

এনে বহু উদাহৰণ আছে ক্ষমতাৰ জোৰত হাতত অস্ত্ৰ লৈ পালোৱান ডেকাৰ বুকুত বুলেটৰ খাৰ গুজি পিছৰ ফাললৈ অনুতপ্ত হৈ পৰে সেই সকল। চৰম বিতৃষ্ণাৰ মাজেৰে কাৰোবাৰ জীৱন কাঢ়ি লোৱা সেই সকল নায়ক হৈ পৰে খলনায়ক নিজৰ ওচৰতে।

প্ৰতিবাদ প্ৰতিৰোধৰ বাবে বহু পন্থ থকাৰ পাছতো টুটুৰ দৰে কিশোৰৰ জীৱন কাঢ়ি নিয়া সকলে অনুভৱ কৰিব পাৰেনে কেনে পৰিস্থিতি হ'ব পাৰে একমাত্ৰ সন্তানটোক হেৰুওৱা সেই পৰিয়ালৰ? সেই আসুৰিক সুখে তেওঁলোকক কোনো প্ৰাপ্তি আনি দিব নোৱাৰে। অভিশাপৰ সেই স্ফুলিঙই তেওঁলোকক এদিন বাৰুকৈ দহিব।

নিৰোপৰাধী টুটুৱে এটা অষ্ট্ৰেলিয়ান থুমবা অৰ্ডাৰ দিছিল অনলাইনযোগে। কিবা কাৰণত সেইটো কেন্সেল হৈছিল। আকৌ সেইটো অৰ্ডাৰ দিছিল। বাদ্যযন্ত্ৰটোৱে তাৰ সপোন। বাদ্যযন্ত্ৰবোৰেই আছিল তাৰ জীৱন। সদায় সাজি-কাচি থাকি ভালপোৱা টুটুৱে কাৰোবাৰ দুখত দুখী হৈ সকলো কৰিব পাৰিছিল।

সি মানুহৰ দুখ দেখিব নোৱাৰিছিল। কিবা অনিয়ম বা প্ৰতিবাদ হ'লে চকু মুদি থাকিব পৰা নাছিল । ভালক ভাল, বেয়াক বেয়া ক'ব পাৰিছিল । অঞ্চলটোত অতি পৰিচিত আৰু জনপ্ৰিয় আছিল। এখন গাড়ী লোৱাৰ সপোন দেখিছিল সি। লগৰটোক কৈছিল- 'মই এখন গাড়ী ল'ম ৰ'। '

ভাল বাদ্যযন্ত্ৰী হোৱাৰ সপোন দেখাৰ লগতে ভাল নাগৰিক হোৱাৰ সপোন দেখিছিল টুটুৱে। কি ভুল কৰিছিল সি? সেই প্ৰশ্নৰ উত্তৰহে এতিয়া পোৱা নাই মাতৃয়ে। কিহৰ বাবে তাক সহজ লক্ষ্য কৰা হ'ল? সেই প্ৰশ্নৰ উত্তৰ কোনোৱে দিব পৰা নাই মাকক।

এয়াটো কুটাঘাত নাছিল। জাতিৰ অস্তিত্বৰ সংকটৰ সময়ত কৰা প্ৰতিবাদত চামিল হৈ সেই প্ৰতিবাদ চাবলৈ সি গৈছিল। কুটাঘাতকাৰী সি কেতিয়াও নাছিল। টুটুৰ বন্ধুজনেই কৈছিল- তাক মৰাৰ বাতৰি কোনো কোনোৱে এনেদৰে দিছিল, সি যেন দুৰ্বৃত্তহে আছিল।

অত্যন্ত বিনম্ৰ আৰু সহজ-সৰল এই ল'ৰাটো গুচি গ'ল। যি স্থানত এই হত্যাকাণ্ড সংঘটিত হৈছিল, সেই স্থানত পূৰ্বৰে পৰা ৰৈ আছিল কেইবাখনো গাড়ী। কোনে কি কৰিলে সেয়া পৰিয়ালে নাজানে। স্থানীয় লোকৰ পৰা যি শুনিছে সেই কথাখিনি আঁত ধৰি দেউতাকে কৈছিল- 'গুলীত ঢলি পৰি সি চিঞৰিছিল। সেই সময়ত ধাৰাসাৰ গুলীবৰ্ষণ হৈছিল।'

টুটুৰ মৃত্যুৰ পাছত অভিযুক্ত আৰক্ষীক শাস্তি বিহাৰ দাবী জনাইছে পৰিয়াল তথা স্থানীয় ৰাইজে। তাক শ্বহীদ ঘোষণা কৰা হৈছে। ১৩ ডিচেম্বৰ, ২০১৯ৰ দিনা মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি ঘৰলৈ অনাৰ সময়ত চৌদিশে জয় আই অসম ধ্বনি উঠিছিল।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা হৈছিল। সেই বিৰোধিতাৰ গণতান্ত্ৰিক অধিকাৰ সকলোৰে আছিল। টুটুৰো আছিল সেই অধিকাৰ। সি কেতিয়াও কোনো হিংসাত্মক ঘটনাৰে জড়িত হোৱা নাছিল। কিন্তু তাৰ পাছতো কিয় এই দশা হ'ল?

খ্ৰীষ্টানবস্তিত থকা সমাধিক্ষেত্ৰত ধৰ্মীয় ৰীতি-নীতিৰেই ছেমছনক সমাধিস্থ কৰা হ'ল। কিন্তু অন্ত নপৰিল আৰু নপৰে এই দুৰ্ভাগ্যজনক বাস্তৱ। বন্ধুৰ মনত সজীৱ হৈ আছে তাৰ মাত-কথাবোৰ। বৰ মৰম লগাকৈ সি হেনো মাতিছিল। কেমেৰাৰ আগলৈ আহিব লাজেই কৰিছিল। হোৱাটএছপত তাৰ ফটো দেখুৱাই বন্ধু জনে কৈছিল- এইখন আছিল তাৰ শেষ ফটো।

এক প্ৰতিভাৰ অকাল মৃত্যু ঘটিল। এজন অসমীয়াৰ প্ৰাণ কাঢ়ি নিলে। সৰ্বকালৰ বিশ্বাসঘাতকসকল মৌন। নায়ক হ'ব খোজা সকল আজি নহ'লেও এদিন খলনায়ক হ'ব। সময়ৰ বিচাৰৰ কাঠগড়াত তেওঁলোক উঠিবই লাগিব।

টুটু গুচি গ'ল। থৈ গ'ল বহু স্মৃতি। তাৰ আত্মীয়স্বজন, বন্ধু-বান্ধৱী আৰু তাৰ ফটো দেখি চকু সেমেকি উঠাসকলেই ক'লে- এই মৃত্যু অপৰাজয়। দশম শ্ৰেণীত অধ্যয়ন কৰা টুটুৱে ভাবিবই পৰা নাছিল লতাশিলৰ যাত্ৰাই হ'ব তাৰ অন্তিম যাত্ৰা। ঘৰৰ পৰা কেইমিটাৰ মান দূৰৈত নিথৰ হৈ পৰি ৰ'ব ৰাজপথত ।

লগৰ জনে আৰু বহু কথা কৈছিল। কৈছিল কেনেদৰে সি অতিবাহিত কৰিছিল সময়। কি কথা পাতিছিল তেওঁলোকে। কিমান মৰমীয়াল আছিল সি। বয়স নহ'লেও সি বহু কথা বুজি পাইছিল। এটা নিৰ্দিষ্ট সপোন লৈ আগবাঢ়িছিল।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ দমন কৰিবলৈ লাইট বন্ধ কৰি খাপ পিতি থকা কোনোবাই গুজি দিয়া বুলেটে সকলো শেষ কৰি দিলে। শেষ কৰিব নোৱাৰিলে টুটু নামৰ সেই স্বভিমানী কিশোৰটিৰ জাতিৰ প্ৰতি থকা আন্তৰিকতা আৰু মানুহৰ প্ৰতি থকা মানৱতাক।

প্ৰতিবাদ প্ৰতিৰোধ কৰক। প্ৰতিবাদকাৰীয়েও গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন, প্ৰতিবাদ সাব্যস্ত কৰি নিজৰ স্বাৰ্থৰ অধিকাৰৰ হকে মাত মাতক। কিন্তু সেইবোৰৰ মাজত টুটুৰ দৰে এই সুথাম কিশোৰবোৰ বলিৰ পথা হ'ব নালাগে।

এদিন এইবোৰ ইতিহাস হ'ব। টুটুৰ এই মৃত্যু কাহিনীয়ে বহু কথা ক'ব। ইতিমধ্যে শ্বহীদ ঘোষণা কৰা টুটুহঁতৰ ত্যাগৰ বেদীত বহু বদন আৰু জাতিদ্ৰোহীৰ নাম লিখা থাকিব। বন্ধুজনে কোৱাৰ দৰেই আমাৰ মনৰ পৰা টুটু কেতিয়াও মৰিব নোৱাৰে। মৰিব নিদিও আমি ছেমছন ষ্টেফ'ৰ্ড আৰু এই শ্বহীদসকলক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in