শিক্ষামন্ত্ৰী মহোদয় সঁচাই টেটৰ প্ৰশ্নকাকত ফাদিল হ’ল নেকি?

শিক্ষামন্ত্ৰী মহোদয় সঁচাই টেটৰ প্ৰশ্নকাকত ফাদিল হ’ল নেকি?

মৃদুল কুমাৰ সন্দিকৈ

মেট্ৰিক পৰীক্ষাৰ নহয়, এইবাৰ টেট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি ব্যাপক চৰ্চা চলিছে। সঁচা মিছা সেয়া তদন্তত পোহৰলৈ আহিব যদিও, এই অভিযোগে ৰাজ্যৰ ৪ লক্ষাধিক শিক্ষক চাকৰিত প্ৰত্যাশী পাৰ্থীক ব্যৰ্থিত কৰিছে।

হোৱাটছএপ, ফেচবুক আদিত ভাইৰেল হৈ পৰা এই ভিডিঅ'ক লৈ আনুষ্ঠানিকভাৱে শিক্ষা বিভাগে কোনো তথ্য প্ৰকাশ কৰা নাই যদিও, এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বেই ভাইৰেল হৈ পৰা প্ৰশ্নকাকত সঁচাকৈ ফাদিল হৈছিল নে নাই তাক লৈ এতিয়া চৰ্চা চলিছে।

২০১২চনৰ পাছত অনুষ্ঠিত হৈছে ৰাজ্যত টেট পৰীক্ষা। নিম্ন প্ৰাথমিকত ২,৩০,৪৮২গৰাকী আৰু উচ্চ প্ৰাথমিকত ১,৬৪,০৭৯গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল এই টেট পৰীক্ষাত। পৰীক্ষা অনুষ্ঠিত কৰাৰ পূৰ্বে ছেবাৰ অধ্যক্ষ গৰাকীয়ে কৈছিল – এই পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা কৰিছে ছেবাৰ কৰ্তৃপক্ষই।

আনকি পৰীক্ষাগৃহত প্ৰশ্নকাকতৰ টোপোলাসমূহ খোলা, পৰীক্ষা কেন্দ্ৰলৈ ম'বাইল ফোন পৰীক্ষাৰ্থী-নিৰীক্ষক কোনেও নিব নোৱাৰা, কোনোৱে যাতে এই প্ৰশ্নকাকতৰ আলোকচিত্ৰ সংগ্ৰহ কৰিব নোৱাৰে তাৰ বাবে বিশেষ ব্যৱস্থা আদিৰ কথা কোৱা হৈছিল।

ইমান অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰেৰে এই পৰীক্ষা অনুষ্ঠিত হ'ব বুলি দাবী কৰাৰ পাছতো এতিয়া টেট পৰীক্ষাক লৈ ৰাজ্যজুৰি তুমুল বিতৰ্কৰ সৃষ্টি হৈছে। পৰীক্ষা অনুষ্ঠিত হোৱা কেই মুহূৰ্তমানৰ পাছতেই হোৱাটছএপত সেই প্রশ্নকাকতৰ ফটো ভাইৰেল হৈ পৰাৰ লগতে ফেচবুকতো বহুতে ইয়াক আপলোড কৰিলে।

যদি সঁচাকৈয়ে টেট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে তেনেহ'লে সেয়া কেনেদৰে সম্ভৱ হ'ল? কিয়নো পৰীক্ষাগৃহলৈ ম'বাইল, ব্লুটুথ, বা আন ইলেক্ট্ৰনিক সামগ্ৰী নিবলৈ নিদিয়াৰ ক্ষেত্ৰত পৰীক্ষা অনুষ্ঠিতকাৰী কৰ্তৃপক্ষ কঠোৰ হ'ব বুলি ঘোষণা কৰা হৈছিল।

তাৰপাছত এইদৰে টেটৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাটো জানো সৰু ঘটনা। যদি সেয়া কাৰোবাৰ অপপ্ৰচাৰ তেনেহ'লে ইয়াৰ বিৰুদ্ধেও জানো ব্যৱস্থা গ্ৰহণ কৰিব নালাগে? বহু আশা বান্ধি ৰাজ্যৰ লাখ লাখ নিবনুৱা এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে বিভিন্ন ছ'চিয়েল মাধ্যমত উপলব্ধ প্ৰশ্নকাকতসমূহ সংগ্ৰহ কৰি ৰাখিছিল। তেনে কেইখনমান প্রশ্নকাকতৰ স্ক্ৰীণ শ্ব'ট প্ৰেৰণ কৰা হৈছিল কেইবাগৰাকী টেটত অৱতীৰ্ণ পৰীক্ষাৰ্থীলৈ।

এই পৰীক্ষাৰ্থীসকলে জানিবলৈ দিয়া মতে, আমি পঠিওৱা প্ৰশ্নকাকতৰ সৈতে তেওঁলোকে পৰীক্ষাত বহা প্ৰশ্নকাকতৰ মিল থকা বুলি দাবী কৰিছে। আমি সেই দাবী সঁচা বা মিছা বুলি ক'ব বিচৰা নাই। কিন্তু টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ নামত যে ল'ৰা-ধেমালি হ'ল সেয়া এই ঘটনাই প্ৰমাণ কৰিলে।

নিয়মানুসৰি, টেট পৰীক্ষা অনুষ্ঠিত হোৱা প্ৰশ্নকাকত কোনো পৰীক্ষাৰ্থীয়ে লগত লৈ আহিব নোৱাৰে। তেনেস্থলত এই ভিডিঅ'ত থকা প্ৰশ্নকাকত বাহিৰলৈ আহিল কেনেকৈ? যদি সেই প্ৰশ্নকাকত ফাদিল হৈছে তেনেহ'লে এতিয়া কিদৰে এই সমগ্ৰ টেট পৰীক্ষা প্ৰক্ৰিয়াটোত হোৱা খেলিমেলি সন্দৰ্ভত চৰকাৰ বা শিক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব?

ছ'চিয়েল মিডিয়াত উপলব্ধ হোৱা প্রশ্নকাকতৰ নমুনা তলত উল্লেখ কৰাৰ দৰে-

টেট পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে নিশ্চয় এয়া সঁচা নে মিছা প্ৰশ্নকাকত তাৰ সত্যতা নিৰূপন কৰিব। সেই ভাৰ তেওঁলোকৰ হাতত । কিন্তু ইয়াৰ বাবে শিক্ষা বিভাগ, শিক্ষামন্ত্ৰী আৰু ছেবা কিয় জগৰীয়া নহ'ব? কিয়নো কোনো পধ্যেই টেটৰ প্ৰশ্নকাকতৰ ফটো বা স্কেনিং সম্ভৱ নহয় বুলি দাবী কৰা হৈছিল।

পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বেই এইবাৰ টেট পৰীক্ষাৰ প্ৰশ্নকাকতত ছেবাৰ অধ্যক্ষগৰাকীয়ে দাবী কৰাৰ দৰে এক বিশেষ আহিলা আৰু প্ৰযুক্তি ব্যৱহাৰ কৰাৰ কথা কোৱা হৈছিল। যদি সেয়া সঁচা আছিল তেনেহ'লে এতিয়া ক'ৰ পৰা কেনেকৈ এই প্রশ্নকাকত ফাদিল হ'ল সেয়া এইসকল পৰীক্ষাৰ্থীক তেওঁলোকে জনোৱাই নহয়, ইয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ল সেয়া ৰাজহুৱা কৰিব লাগিব।

বহু অপেক্ষাৰ অন্তত ৭ বছৰৰ মূৰত অনুষ্ঠিত হোৱা এই টেট পৰীক্ষা প্ৰাৰ্থীসকলৰ বাবে আছিল এক সপোন। ইয়াৰ বাবে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিছিল। পূৰ্বতেও টেট পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা প্ৰাৰ্থীসকলৰ যোগ্যতাক লৈ যথেষ্ট বিতৰ্ক হ'ল। তাৰপাছত পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষা অনুষ্ঠিত হৈ থকা সময়তে ফাদিল হোৱা ঘটনাই শিক্ষা বিভাগটোৰ প্ৰতি এই নিবনুৱা ছাত্ৰ-ছাত্ৰীসকলৰ আস্থা থাকিব ক'ত?

দেখা পোৱা গৈছিল সুচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত কৰাৰ স্বাৰ্থত ৰাজ্যৰ ৫৮৭টা কেন্দ্ৰৰ ভিতৰত ৫০-৬০ শতাংশ কেন্দ্ৰত স্পৰ্শকাতৰ কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছিল। কোনো অনৈতিক কাৰ্য প্ৰতিৰোধৰ বাবে আনকি জামাৰৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰা , পৰিচয়ৰ বাবে পৰীক্ষাৰ্থীসকলে পান কাৰ্ড, আধাৰ কাৰ্ড লগত লৈ যোৱা এই ব্যৱস্থাসমূহৰ পাছতো কেনেদৰে পৰীক্ষাৰ প্ৰশ্নকাকত ৰাজহুৱা হ'ল?

২০১২চনৰ পাছত বহু আৱেদন-নিবেদনৰ অন্তত অনুষ্ঠিত হৈছিল টেট পৰীক্ষা। অৰূপ কুমাৰ মেধিসহ ১৩৩জনে দাখিল কৰা এক গোচৰৰ ভিত্তিত উচ্চ ন্যায়ালয়ে টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছিল। কিন্তু সেই নিৰ্দেশে শিক্ষক চাকৰিৰ প্ৰত্যাশীসকলক উৎসাহিত কৰিলেও টেট পৰীক্ষাৰ নামত হোৱা ভেকোভাওনাৰ যি অভিযোগ উঠিছে সেয়া পৰীক্ষাৰ্থীসকলৰ বাবে সুখকৰ নহ'ল। ছেবাৰ কৰ্তৃপক্ষই দাবী কৰিছিল- পৰীক্ষা কেন্দ্ৰসমূহৰ সামগ্ৰিক পৰিচালনা আৰু নিৰাপত্তা নিৰীক্ষণ কৰিব উপায়ুক্ত, মহকুমাধিপতি আৰু আৰক্ষী থানাসমূহে। কিন্তু কথা আৰু কামৰ মাজত যেন পাৰ্থক্য ৰৈ গ'ল।

আমি দাবী কৰিব খোজা নাই টেট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছেই। কিন্তু আমি তথ্য সহকাৰে দাঙি ধৰিব বিচাৰিছো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল এইবোৰ প্ৰশ্নকাকত। এই প্ৰশ্নবোৰ টেটত আহিছিল নে নাই সেয়া পৰীক্ষাৰ্থী আৰু শিক্ষা তথা ছেবাৰ কৰ্তৃপক্ষই নিশ্চিত কৰক।

তেনে এখন ভাইৰেল হোৱা এটা প্রশ্নকাকতৰ পৃষ্ঠা এইটো। এই পৃষ্ঠাটোত থকা প্ৰশ্নসমূহ টেট পৰীক্ষাত আহিছিল। ১০ নবেম্বৰত অনুষ্ঠিত হোৱা টেট পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলে সেই উত্তৰ দিব পাৰিব। যদি আহিছিল তেনেহ'লে প্ৰশ্নকাকত বাহিৰলৈ আনিব নোৱাৰাৰ দৰে কটকটীয়া ব্যৱস্থা কৰাৰ পাছতো এই প্রশ্নকাকতৰ স্ক্ৰীণ শ্ব'ট কেনেদৰে ছ'চিয়েল মিডিয়াত বিয়পি পৰিল?

টেটত অৱতীৰ্ণ হোৱা বহু কেইগৰাকী পৰীক্ষাৰ্থীৰ সৈতে এই সন্দৰ্ভত হোৱা কথোপকথনত তেওঁলোকে উদ্বিগ্ন আৰু বিসন্ন হৈ ক'লে- সকলোতে কেৱল ল'ৰা-ধেমালি। কোনো কোনোৱে এই প্ৰশ্নকাকত সঁচা নে মিছা সেই সন্দৰ্ভত মন্তব্য কৰিলেও আনুষ্ঠানিকভাৱে মন্তব্য কৰাৰ পৰা বিৰত থাকিল।

টেট এনেদৰেই অনুষ্ঠিত হৈ গ'ল। শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এতিয়া উত্তৰ দিব লাগিব টেটৰ নামত আচলতে কি হ'ল? পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্বত থকা ছেবাৰ অধ্যক্ষ ৰমেশ কুমাৰ জৈনে পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগতে যিবোৰ কথা কৈছিল তাৰ সত্যতাৰ প্ৰমাণ দিয়াৰ সময় এয়া।

৩,৯৬,৫১৬গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব লগা এই পৰীক্ষাৰ নামত আচলতে কি হ'ল? হাইস্কুল শিক্ষান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰা ছেবাই টেট পৰীক্ষা অনুষ্ঠিত কৰাতো ব্যৰ্থ হ'ল নেকি? সেই প্ৰশ্নৰ উত্তৰ আৰু টেটত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ মনত সৃষ্টি হোৱা সন্দেহ দূৰ কৰিব লাগিব শিক্ষা বিভাগে।

এইবোৰ ভেকোভাওনা কিয় হ'ল তাৰ উত্তৰ শিক্ষামন্ত্ৰীয়ে এতিয়া দিয়ক। শিক্ষামন্ত্ৰীয়ে নিশ্চয় গম পাইছে টেট পৰীক্ষাৰ নামত যে বিসংগতি হৈছে। আমাৰ অভিযোগ নহয় এয়া। পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ মনৰ ক্ষোভ আৰু অসন্তুষ্টিৰ পাছত এনে অনিয়মৰ বিৰুদ্ধে কি ক'ব শিক্ষামন্ত্ৰীয়ে? টেটত সঁচাকৈয়ে এই বেমেজালি হ'ল নে? এই সন্দৰ্ভত মুখ খুলিবনে নে নোখোলে শিক্ষামন্ত্ৰীগৰাকীয়ে? শিক্ষামন্ত্ৰীয়ে ক'ব নে টেটৰ প্ৰশ্নকাকত সঁচাই ফাদিল হ'ল নেকি?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in