সত্য নে ষড়যন্ত্ৰ! অসম সন্তান ৰঞ্জন গগৈৰ বিৰুদ্ধে কোন নাৰীৰ এই অবিশ্বাস্য অভিযোগ…

সত্য নে ষড়যন্ত্ৰ! অসম সন্তান ৰঞ্জন গগৈৰ বিৰুদ্ধে কোন নাৰীৰ এই অবিশ্বাস্য অভিযোগ…

♦ মৃদুল কুমাৰ সন্দিকৈ

এটা ভাবিব নোৱাৰা অভিযোগ। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। উচ্চতম ন্যায়ালয়ৰ ২২জন ন্যায়াধীশলৈ সম্বোধন কৰি ১৯ এপ্ৰিল ২০১৯ত এগৰাকী মহিলাই প্ৰেৰণ কৰিছিল এখন পত্ৰ। সেই পত্ৰত উত্থাপন কৰা হৈছে মহিলাগৰাকীক মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে যৌন নিৰ্যাচন চলোৱাৰ অভিযোগ।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে তেওঁক কেনেদৰে নিৰ্যাতন চলাইছিল, তাৰ বৰ্ণনা দিছে এই অভিযোগ পত্ৰত। অভিযোগকাৰী মহিলাগৰাকীয়ে ২০১৪চনৰ ১ মে'ত উচ্চতম ন্যায়ালয়ত নিম্নবৰ্গৰ সহায়ক ৰূপে যোগ দিছিল। মহিলাগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল ২১ ডিচেম্বৰ, ২০১৮ত।

মহিলাগৰাকীয়ে ন্যায়াধীশলৈ প্ৰেৰণ কৰা পত্ৰখনত এই কথা উল্লেখ কৰি তেওঁৰ লগত কেনেদৰে মুখ্য ন্যায়াধীশগৰাকীয়ে যৌন নিৰ্যাতন চলাইছিল তাৰ বৰ্ণনা দি উল্লেখ কৰিছে যে, তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে ২০১৮ৰ ডিচেম্বৰতেই দিল্লী আৰক্ষীত কৰ্মৰত তেওঁৰ স্বামী আৰু স্বামীৰ ভায়েকক নিলম্বন কৰা বুলিও আন এক অভিযোগ উত্থাপন কৰিছে।

তেওঁৰ স্বামীৰ আন এজন ভাতৃয়ে উচ্চতম ন্যায়ালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে কাম কৰি আছিল আৰু তেওঁকো কোনো কাৰণ নোহোৱাকৈয়ে ২০১৯ৰ জানুৱাৰীত চাকৰিৰ পৰা খেদি দিয়া বুলি অভিযোগ আনিছে ৰঞ্জন গগৈৰ বিৰুদ্ধে। মহিলাগৰাকীৰ বিৰুদ্ধে ২০১৯ৰ ৩ মাৰ্চত চাকৰি দিম বুলি এজন ব্যক্তিৰ পৰা ৫০হাজাৰ টকা উৎকোচ লোৱাৰ ভুৱা অভিযোগ উত্থাপন কৰা হৈছে বুলি কৈছে।উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকললৈ প্ৰেৰণ কৰা সেই পত্ৰখন-

মহিলাগৰাকীয়ে এই পত্ৰৰ সৈতে এখন শপতনামাৰ কপীও ন্যায়াধীশগৰাকীলৈ প্ৰেৰণ কৰিছে। ৩৫ বছৰীয়া এই মহিলাগৰাকীৰ অভিযোগে এতিয়া দেশ জোঁকাৰি গৈছে। ৰঞ্জন গগৈৰ বাসগৃহত থকা কাৰ্যালয়ত মহিলাগৰাকী নিয়োজিত আছিল। আৰু তাতেই ২০১৮ৰ ১০ আৰু ১১ অক্টোবৰত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰাৰ অভিযোগ উত্তাপন কৰিছে মহিলা কৰ্মচাৰীগৰাকীয়ে।

মহিলা কৰ্মচাৰীগৰাকীক ন্যায়াধীশ ৰঞ্জন গগৈয়ে নতুন দিল্লীৰ বাসগৃহৰ সৈতে থকা কাৰ্যালয়ত নিযুক্তি দিয়া পত্ৰখন।
মহিলা কৰ্মচাৰীগৰাকীক ন্যায়াধীশ ৰঞ্জন গগৈয়ে নতুন দিল্লীৰ বাসগৃহৰ সৈতে থকা কাৰ্যালয়ত নিযুক্তি দিয়া পত্ৰখন।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বাসগৃহত থকা কাৰ্যালয়ত মহিলাগৰাকীক নিযুক্তি দিয়া হৈছিল ২৭ আগষ্ট, ২০১৮ত। উচ্চতম ন্যায়ালয়ত কৰ্মৰত এই মহিলাগৰাকীয়ে তেতিয়াৰে পৰা ৰঞ্জন গগৈৰ বাসগৃহত সংলগ্ন কাৰ্যালয়ত কাম কৰি আছিল। ৩ অক্টোবৰ, ২০১৮ত ৰঞ্জন গগৈয়ে ৰাষ্ট্ৰপতি ভৱনত মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰিছিল। সেই শপতগ্ৰহণ অনুষ্ঠানত মহিলাগৰাকীকো সপৰিয়ালে নিমন্ত্ৰণ জনোৱা হৈছিল। মহিলাগৰাকীলৈ প্ৰেৰণ কৰা নিমন্ত্ৰণি পত্ৰ এইখন-

ৰঞ্জন গগৈৰ সৈতে মহিলাগৰাকীৰ স্বামী আৰু তেওঁৰ সন্তানৰ এখন বিশেষ ফটো পোহৰলৈ আহিছে। ২ অক্টোবৰ, ২০১৮ত সংগ্ৰহ কৰা এই ফটোখনত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ সৈতে আছিল মহিলাগৰাকীৰ পৰিয়াল।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ সৈতে অভিযোগ দিয়া মহিলাগৰাকীৰ আলোকচিত্ৰ।
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ সৈতে অভিযোগ দিয়া মহিলাগৰাকীৰ আলোকচিত্ৰ।

২০১৮চনৰ ৯ অক্টোবৰত এই মহিলাগৰাকীৰ এজন আত্মীয়ক উচ্চতম ন্যায়ালয়ত নিযুক্তি দিয়া হৈছিল। অস্থায়ী ভাৱে জুনিয়ৰ ক'ৰ্ট এছিচটেন্ট পদত নিযুক্তি দিয়া হৈছিল তেওঁক। দুবছৰৰ বাবে দিয়া নিযুক্তি পত্ৰ এইখন-

২০১৮চনৰ ২২ অক্টোবৰত মহিলাগৰাকীক বদলি কৰা হৈছিল ৰঞ্জন গগৈৰ বাসগৃহত থকা কাৰ্যালয়ৰ পৰা। শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ তেওঁক চেন্টাৰ অৱ ৰিছাৰ্জ এণ্ড প্লেনিঙত নিযুক্তি দিয়া হৈছিল। পুনৰ ২২ নবেম্বৰত মহিলাগৰাকীক উচ্চতম ন্যায়ালয়ৰ লাইব্ৰেৰী ডিভিজনলৈ বদলি কৰা হয়।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰা শপতনামাত লিখিছে এই ঘটনাৰ সবিশেষ। তেওঁৰ মতে- "He hugged me around the waist, and touched me all over my body with his arms and by pressing his body against mine, and did not let go," she wrote in an affidavit sent with a covering letter. "He told me 'hold me', he did not let go of me despite the fact that I froze and tried to get out of his embrace by stiffening and moving my body away."

এই অভিযোগৰ পাছতেই মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে এই অভিযোগৰ আঁৰত বিশেষ ষড়যন্ত্ৰ থকাৰ কথা উল্লেখ কৰিছে। উচ্চতম ন্যায়ালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত উচ্চতম ন্যায়ালয়ৰ ছেক্ৰেটাৰী জেনেৰেলে এই অভিযোগ অস্বীকাৰ কৰি উল্লেখ কৰিছে যে-

"The allegations regarding 11 October 2018, as well as other allegations as can be discerned from your emails, are completely and absolutely false and scurrilous and are totally denied.

The registry of the supreme court of india had posted this individual, who was employed at a level equal to a lower division clerk, in a routine manner at the residence office of the Hon'ble The Chief Justice of India, where in addition to her, there were several other employees also working as a part of the home office of the CJI, and at any given point of time, there were atleast 5-6 other present as a part of the home office of the CJI.

She worked as part of the home office of the Chief Justice of India only for a short period, and as informed, given the nature of her duties, she had no occssion to interact directly with the Chief Justice of India.

[The woman's name redacted] was dismissed from service as per procedure. Her brother-in-law was terminated as he was only a temporary employee at that stage and his performance and conduct was reported not to be satisfactory.

It is not open to anyone to make unsolicited calls or uninvited approaches to the office of the Chief Justice of india, empecially an employee who has already been dismissed, and who previously engaged in inappropriate conduct. Since unsolicited calls and messages were recieved by the office of the CJI, a complaint had been made by the registry of the Supreme Court. Whether departmental enquiry was initiated against any member of her family by the Delhi Police, is something which the Delhi Police authorities might have done as per rules.

The motive behind these false and scurrilous allegations is obviously mischevious. As referred to in your letter, there is a criminal case pending against her, where very serious allegation have been made, of her having taken a bribe to assure employment in the Supreme Court of India. It has been learnt that there is an application for the cancellation of bail earlier granted to her, which is listed for hearing on 20.04.2019 on acoount of her having made threats to the complainant of the said case.

It would be extremely relevant to mention that the concerned individal and her family have criminal antecedents.

There were previously 2 criminal cases which had been instituted against her i.e. (1) FIR No. 484/11, P.S. Hari Nagar u/s 324, 341, 354, 506 , 34 IPC; (2) DD No. 30A dated 05.03.2012 u/s 107/150, IPC, P.S. Hari Nagar, SEM Court, Moti Nagar.

Throughout her employment in the Supreme Court, whether during her posting at home office of the CJI, or even subsequently after she was transferred out of the home office of the Chief Justice of India, or at the time she was terminated, or even thereafter, there were no complaints made by her of the nature now being alleged. It is not only mischievous but a complete afterthoght of her to make these false allegations at this time.

In fact, on the other hand, in the interregnum, there were complaints made against her by the secretariat of the Chief Justice of India, to the Secretary General on account of her inappropriate behavior, and this resulted in her transfer out of the home office of the CJI. Apart from the misconduct formally recorded in the complaint by the secretariat, there were other counts of misconduct on her part.

It appears that these false allegations are being made asa pressure tactics to somehow come out of the various proceedings which have been initiated in law, against her and her family, for their on wrong doings. Its is also very possible that there are mischevious forces behind all this, with an intention to malign the institution."

Secretary General

Supreme Court of India

এই সংক্ৰান্তত দিল্লীৰ হৰিনগৰ, মতিনগৰত দুটাকৈ গোচৰ ৰুজু হৈ থকা কথাও উল্লেখ কৰা হৈছে। ইফালে, মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে এই অভিযোগৰ সন্দৰ্ভত কয় যে- 'এনে অভিযোগৰ মই কোনো উত্তৰ দিব নিবিচাৰো।' লগতে তেওঁ ন্যায়পালিকা বিপদৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰে।

মুখ্য ন্যায়াধীশগৰাকীৰ মতে, অহা সপ্তাহত বহু কেইটা গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি আছে। সেয়েহে তেওঁৰ বিৰুদ্ধে এনে ভুৱা অভিযোগ উত্থাপন কৰা হৈছে। তেওঁ লগতে কয়- '২০ বছৰ ন্যায়াধীশ ৰূপে কাম কৰাৰ ফল এয়াই নেকি?' তেওঁৰ মতে, ২০বছৰ তেওঁ ন্যায় আৰু সততাৰে কাম কৰি আহিছে। ২০ বছৰ কাম কৰাৰ অন্তত তেওঁৰ বেংক একাউণ্টত জমা আছে মাত্ৰ ৬,৮০,০০০টকা।

ইয়াৰোপৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মতে, ন্যায়পালিকাক এক পক্ষই বলিৰ পঠা সজাব বিচাৰিছে। কিন্তু ন্যায়পালিকাক বলিৰ পঠা সজাব নোৱাৰে। একাংশ লোকে মুখ্য ন্যায়াধীশৰ কাৰ্যালয় নিষ্ক্ৰিয় কৰাৰ চেষ্টা চলাইছে। এসময়ত যি সকল জে'লত আছিল, তেওঁলোক এতিয়া জে'লৰ বাহিৰলৈ আহি এই ষড়যন্ত্ৰ ৰচনা কৰিছে। ইয়াৰ সৈতে বহু লোক জড়িত হৈ থকা বুলিও তেওঁ ইংগিত দিয়ে।

ৰাফেল বিমান ক্ৰয় কেলেংকাৰীকে ধৰি বহু কেইটা গোচৰত চৰকাৰী পক্ষক মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কঠোৰ স্থিতি লৈ অশ্বস্তিত পেলাইছে। তেনে পৰিস্থিতিত অতি কঠোৰ হৈ পৰা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে অতি সুপৰিকল্পিতভাৱে কোনো পক্ষই এনে ষড়যন্ত্ৰ ৰচাৰ কথা নুই কৰিব নোৱাৰি।

ৰাম মন্দিৰ নিৰ্মাণৰ গোচৰকে ধৰি আন কেইটাবাও গোচৰত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ স্থিতিয়ে বহুতৰে ৰাজনৈতিক সমীকৰণ সলনি কৰি দিছিল। সেয়েহে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ এনে ষড়যন্ত্ৰৰে তেওঁৰ ভাবমূৰ্তি বিনষ্ট কৰাৰ সম্ভাৱনা নথকা নহয়। ইফালে, অভিযোগ উত্থাপন কৰা মহিলাগৰাকীয়ে এই সন্দৰ্ভত যথেষ্ট তথ্যপাতি দাঙি ধৰিছে।

মহিলাগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পূৰ্বে তেওঁক কাৰণদৰ্শোৱা জাননী জাৰি কৰা হৈছিল। জ্যেষ্ঠ বিষয়াক প্ৰশ্ন কৰাৰ অভিযোগত এই কাৰণ দৰ্শোৱা জাননী দিয়াৰ লগতে সেইদিনাই তেওঁক বদলিৰ নিৰ্দেশ দিয়া হৈছিল। লগতে দিয়া কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ এই মহিলা কৰ্মচাৰীগৰাকীয়ে ২২ নবেম্বৰত লিখিত ৰূপত উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়ক দীপক জৈনলৈ প্ৰেৰণ কৰিছিল।

মহিলাগৰাকীৰ এই কাৰণ দৰ্শোৱা উত্তৰত সন্তুষ্ট হোৱা নাছিল পঞ্জীয়ক দীপক জৈন। ২৬ নবেম্বৰ ২০১৮ত এক নিৰ্দেশযোগে মহিলাগৰাকীক তেওঁৰ উত্তৰ সন্তোষজনক নহয় আৰু চাকৰিৰ বিধি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি পঞ্জীয়কগৰাকীয়ে জনাইছিল।

মহিলাগৰাকীয়ে ২৭ নবেম্বৰত নিলম্বনৰ নিৰ্দেশ পাইছিল। আৰু এই নিৰ্দেশত কোৱা হৈছিল- তেওঁৰ বিৰুদ্ধে তদন্ত চলোৱা হৈছে। তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা হৈছিল তিনিটা গুৰুত্বপূৰ্ণ গোচৰ। সেই কেইটা হ'ল- তেওঁ জ্যেষ্ঠ বিষয়াক প্ৰশ্ন কৰা, বিনা অনুমতিত ছুটীত থকা আৰু তেওঁক বদলি কৰা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কৰ্মচাৰী কল্যাণ সন্থাৰ জৰিয়তে প্ৰতিবাদ কৰাৰ বাবে চলোৱা ষড়যন্ত্ৰ ইত্যাদি।

ইয়াৰ প্ৰত্যুত্তৰত মহিলাগৰাকীয়ে ৬ ডিচেম্বৰত লিখিছিল- তেওঁক তিনি ঠাইত নিযুক্তি দিয়া আছে। অতি কম সময়ৰ ভিতৰতে তেওঁক এই তিনি ঠাইত পোষ্টিং কৰাৰ বাবে তেওঁ এটা বিভাগত কাম কৰাত কিছু অসুবিধাৰ সন্মুখীন হৈছিল। লগতে তেওঁ জনালে- উচ্চতম ন্যায়ালয়ৰ কৰ্মচাৰীসকলৰ কল্যাণ সংস্থাক তেওঁ কোনো অভিযোগ দিয়া নাছিল। মাত্ৰ তেওঁ অনুৰোধ কৰিছিল- এইদৰে তেওঁক এঠাইৰ পৰা আন ঠাইলৈ বদলি কৰাতো কিমান যুক্তিসংগত হৈছে সেয়া বিবেচনা কৰিবলৈ।

বিনা অনুমতিত কৰ্তব্যত অনুপস্থিত থকা সন্দৰ্ভত মহিলা কৰ্মচাৰী গৰাকীয়ে কৈছিল যে- তেওঁৰ কন্যাৰ বিদ্যালয়ত এক কাৰ্যসূচী থকাৰ বাবে তেওঁ এদিন কৰ্তব্যত উপস্থিত থাকিব পৰা নাছিল। এই সন্দৰ্ভত তেওঁ শাখাৰ বিষয়াক জনাইছিল যে, কন্যাৰ বিদ্যালয়লৈ যাব লগা হোৱা বাবে তেওঁৰ উপস্থিতিত কিছু পলম হ'ব।

২০১৮ৰ ১০ নবেম্বৰত মহিলা কৰ্মচাৰীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ থকা এখন জাননী লাভ কৰিছিল। এই তদন্তৰ নিৰ্দেশ দিয়া বিষয়াগৰাকীক তেওঁ জনাইছিল যে- ৰাজ্যসভাত ছিনিয়ৰ ছেক্সন এছিচটেন্ট লক্ষ্মণ সিঙৰ সৈতে সহযোগী হিচাপে থকাৰ  বাবে তেওঁ কাৰ্যালয়ত উপস্থিত থাকিব পৰা নাছিল। কিন্তু এই তদন্ত কমিটীৰ প্ৰতিবেদনত লক্ষ্মণ সিং নেগিৰ প্ৰসংগই নাহিল।

তাৰ পৰিৱৰ্তে তেওঁ জনালে যে- এই মহিলা কৰ্মচাৰী গৰাকী তেওঁৰ লগত যোৱাতো হয়, কিন্তু তেওঁক তাত কাম কৰিবলৈ দিয়াৰ অনুমতি দিয়া হোৱা নাছিল। ১৭ ডিচেম্বৰত মহিলাগৰাকীক পুনৰ কমিটীয়ে মাতি পঠিয়াইছিল পুৱা ১০.৩০ বজাত। মহিলাগৰাকীয়ে ১০.১৯ বজাত প্ৰৱেশ কৰিছিল। অনুসন্ধানকাৰী বিষয়াক পিয়নযোগে জনাইছিল যে তেওঁ আহি পাইছে। তেওঁ বাহিৰত অপেক্ষা কৰি থাকোতেই অসুস্থ হৈ পৰে আৰু তেওঁক উচ্চতম ন্যায়ালয়ৰ এম্বুলেন্সেই তেওঁক লৈ যায় ৰাম মনোহৰ লোহিয়া হাস্পতাললৈ।

এই মহিলাগৰাকীয়ে আৰক্ষীত কৰ্মৰত এজন ব্যক্তিৰ সৈতে বিয়া হৈছিল। তেওঁৰ স্বামীৰ পিতৃও আছিল দিল্লী আৰক্ষীত কৰ্মৰত। তিলকনগৰত তেওঁলোক সপৰিয়ালে বাস কৰিছিল। ২৭ ডিচেম্বৰত মহিলাগৰাকীৰ স্বামীক ক্ৰাইম ব্ৰান্সৰ পৰা দিল্লী আৰক্ষীৰ তৃতীয় বেটেলিয়ানলৈ বদলি কৰা হৈছিল।

উল্লেখ্য যে, আৰক্ষীক শাস্তিমূলক বদলি হিচাপে তৃতীয় বেটেলিয়ানলৈ বদলি কৰা হয়। তাৰ এদিনৰ পাছতেই মহিলাগৰাকীৰ স্বামীৰ জ্যেষ্ঠ ভাতৃকো চাকৰিৰ পৰা নিলম্বন কৰা হয়। সেই দিনাই তেওঁৰ স্বামীয়ে মুখ্য ন্যায়াধীশৰ ব্যক্তিগত সহায়ক এইচ কে জুনেজাক ফোন কৰিছিল। তেওঁক মুখ্য ন্যায়াধীশৰ সৈতে সাক্ষাৎ কৰি দিবলৈ অনুৰোধ কৰিছিল মহিলাগৰাকীৰ স্বামীয়ে। কিন্তু ব্যক্তিগত সহায়কগৰাকীয়ে তেওঁৰ ফোন নম্বৰটো ব্ল'ক কৰি দিয়াৰ লগতে তেওঁক ফোন নকৰিবলৈ সাৱধান কৰি দিছিল।

৩১ ডিচেম্বৰত মহিলাগৰাকীৰ স্বামীক কোৱা হ'ল- তেওঁৰ বিৰুদ্ধে মুখ্য ন্যায়াধীশৰ সহায়কক ফোন কৰাৰ বাবে এক অভিযোগ দিয়া হৈছে। ২ জানুৱাৰী, ২০১৯ত তেওঁ উৰ্ধতম কৰ্তৃপক্ষৰ পৰা এখন নিৰ্দেশ পালে, য'ত তেওঁক এনে কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ আছিল।

মহিলাগৰাকীৰ স্বামীয়ে উচ্চতম ন্যায়ালয়ৰ ব্যক্তিগত সহায়কলৈ পঠিওৱা মেছেজটো।
মহিলাগৰাকীৰ স্বামীয়ে উচ্চতম ন্যায়ালয়ৰ ব্যক্তিগত সহায়কলৈ পঠিওৱা মেছেজটো।

আৰক্ষীয়েও এই পৰিয়ালটোক যথেষ্ট নিৰ্যাতন চলোৱা অভিযোগ উত্থাপন হৈছে। জানুৱাৰীত দিল্লীত আৰক্ষী আয়ুক্তক সাক্ষাতৰ বাবে চেষ্টা কৰিছিল মহিলাগৰাকীয়ে। কিন্তু সাক্ষাতৰ অনুমতি দিয়া নহ'ল। ৯ জানুৱাৰীত মহিলাগৰাকীৰ স্বামীয়ে স্থানীয় জোৱাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা নিৰ্দেশ জাৰি কৰা হয়।

১৪ জানুৱাৰীত মহিলাগৰাকীৰ আন এজন আত্মীয়ক চাকৰিৰ পৰা অব্যাহতি দিয়ে। যিজনক মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে নিযুক্তি দিছিল। অস্থায়ীভাৱে তেওঁক নিযুক্তি দিয়া হৈছিল আৰু সেয়েহে তেওঁক অব্যাহতি দিয়া বুলি কাৰণ দেখুওৱা হৈছিল।

আত্মীয়ক অব্যাহতি দিয়া নিৰ্দেশ…
আত্মীয়ক অব্যাহতি দিয়া নিৰ্দেশ…

১০ জানুৱাৰীত তিলক মাৰ্গৰ এজন আৰক্ষী বিষয়া নিৰেশ ছ'লাংগীয়ে মহিলা কৰ্মচাৰীগৰাকীৰ স্বামীক ফোন কৰি তেওঁৰ পত্নীয়ে মুখ্য ন্যায়াধীশৰ ওচৰত ক্ষমা বিচাৰিব নে নাই বুলি জানিব বিচাৰিছিল। পিছ দিনাই অসামৰিক পোছাকত অহা এই আৰক্ষী বিষয়াগৰাকীয়ে তেওঁক লৈ গৈছিল মুখ্য ন্যায়াধীশৰ বাসগৃহলৈ। এখন বগা ৰঙৰ মাৰুতী ছুইফট গাড়ীত মহিলাগৰাকীক মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ঘৰলৈ লৈ যোৱা হৈছিল। শপতনামাত এই কথা মহিলাগৰাকীয়ে উল্লেখ কৰিছে এইদৰে-

"In the presence of the SHO and Mr. Deepak Jain," the woman wrote in the affidavit. "Mrs. Gogoi told me "naak ragad ke jao" – rub your nose and leave. "I do not know why Mrs. Gogoi was involved in this. But by this time I had realised that the CJI has concocted a false story about the sexual harassment incident. This was also the reason he had made me write a note to the effect that I wanted him to hold me, whereas he had made sexual and physical advances to me.

সেইদিনাই ভৰিত নাক লগাই ৰঞ্জন গগৈৰ পত্নীয়ে মহিলাগৰাকীক ক্ষমা বিচাৰিবলৈ দাবী জনাইছিল। সেই সময়ত আৰক্ষী বিষয়াগৰাকীৰ লগতে পঞ্জীয়ক দীপক জৈনো তাত উপস্থিত আছিল। মহিলাগৰাকীয়ে এই যৌন নিৰ্যাতনৰ কাহিনী প্ৰকাশ কৰাৰ অন্তৰালত মন্তব্য কৰিছে যে- তেওঁ আৰু তেওঁৰ পৰিয়ালক বচাবৰ বাবেই এই সত্যক সম্পূৰ্ণ ৰূপে প্ৰকাশ কৰিব বিচাৰে। তেওঁৰ পৰিয়ালৰ ওপৰত যি হাৰত নিৰ্যাতন চলিছে, তেওঁৰ পৰিয়াল একেবাৰেই সুৰক্ষিত নহয় বুলি দাবী কৰিছে।

মহিলা কৰ্মচাৰীগৰাকীয়ে কোৱা মতে- সেই সময়ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ উপস্থিত নাছিল। ৰঞ্জন গগৈৰ পত্নীয়ে মহিলাগৰাকীৰ নাক তেওঁৰ ভৰি লগাই সেৱা কৰি ক্ষমা বিচৰা ঘটনা সংঘটিত হৈছিল সেইদিনা। তাৰপাছতেই তেওঁলোক থানালৈ উভতি আহিছিল এই সন্দৰ্ভত কথা পাতিছিল। মহিলাগৰাকীৰ স্বামীয়ে আৰক্ষী বিষয়াগৰাকীৰ সৈতে পতা কথোপকথনো বন্দী কৰি থৈছিল-

৩ মাৰ্চত মহিলাগৰাকীৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু হৈছিল নবীন কুমাৰ নামৰ হাৰিয়ানাৰ এজন ব্যক্তিয়ে এই গোচৰ ৰুজু কৰিছিল। এই গোচৰত উল্লেখ কৰা মতে, মানছা ৰাম নামৰ এজন লোকে নবীন কুমাৰক ২০১৭ৰ জুন মাহত মহিলাগৰাকীৰ কাষলৈ লৈ গৈছিল আৰু চাকৰি দিয়াৰ বাবে ১০ লাখ টকা দাবী কৰিছিল। তাৰে ৫০ হাজাৰ টকা তেওঁ অগ্ৰিম ধন হিচাপে মহিলাগৰাকীক দিছিল।

উল্লেখ্য যে, এই মনছা ৰাম নামৰ ব্যক্তিজনৰ ২০১৯ৰ জানুৱাৰীত মৃত্যু হৈছে। ৮ মাৰ্চত মহিলাগৰাকীয়ে পৰিয়ালৰ সৈতে ৰাজস্থানৰ জুনজুনু জিলাৰ টোগ্ৰা কালনত থকা বাসগৃহলৈ যাওঁতে দিল্লী আৰক্ষীৰ এটা দল গৈ তেওঁলোকৰ ঘৰ পাইছিলগৈ। আৰক্ষীৰ দলে মহিলাগৰাকী আৰু তেওঁৰ স্বামীক সোধ-পোছৰ বাবে দিল্লী লৈ যাব খোজে।

পৰিয়ালৰ লোকে তেতিয়া ৰাতি পলম হোৱাত পিছদিনা তেওঁলোক যাব বুলি কোৱাত আৰক্ষী মান্তি হৈছিল। অৱশ্যে তেওঁলোকক লিখিত জাননী দিয়াৰ লগতে তেওঁলোকে যোৱাতো নিশ্চিত কৰিবলৈ ৰাজস্থান আৰক্ষীক দায়িত্ব দি আহিছিল। দিল্লী আৰক্ষী থানাত থকা সময়তে মহিলাগৰাকী অসুস্থ হৈ পৰিছিল। স্বামীয়ে তেওঁলোকৰ ঘৰলৈ যাবলৈ অনুৰোধ কৰিছিল যদিও, সেই সময়ত তেওঁৰ দেওৰেক আৰু পৰিয়ালৰ লোকে খবৰ ল'বলৈ যাওঁতে তেওঁলোককো আৰক্ষীয়ে আটক কৰিছিল।

নিশা ২ বজাত দিল্লী আৰক্ষীয়ে সোধ-পোছ আৰম্ভ কৰিছিল তেওঁলোকৰ। নিশা থানাৰ এখন বেঞ্চত তেওঁলোকে পাৰি কৰিছিল। আৰু তেওঁলোকৰ ভৰি বান্ধি থৈছিল আৰক্ষীয়ে। সেই সময়ত থানালৈ খবৰ ল'বলৈ যোৱা এজন আত্মীয়ই সেই সময়ত এটা ভিডিঅ' সংগ্ৰহ কৰিছিল।

থানাত বহি থকা সময়ত মহিলাগৰাকীৰ স্বামী…
থানাত বহি থকা সময়ত মহিলাগৰাকীৰ স্বামী…

১০ মাৰ্চত মহিলাগৰাকীক ন্যায়াধীশৰ সন্মুখত হাজিৰ কৰা হৈছিল। আৰক্ষীয়ে এদিনৰ জিম্মাত লৈছিল মহিলাগৰাকীক। ১১ মাৰ্চত মহিলাগৰাকীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ পঠিওৱা হৈছিল আৰু পৰৱৰ্তী সময়ত জামিন লাভ কৰিছিল। এয়া হ'ল এই ঘটনাৰ কিছু তথ্য। ২২জন মুখ্য ন্যায়াধীশলৈ লিখা পত্ৰত মহিলাগৰাকীয়ে লিখিছে-

"I did not have the courage to make this complaint earlier because I was terrified of the consequences to me and my family which I was threatened of and which have indeed come to pass subsequently… I am left with no option but to appeal to your Lordships to take congnisance of this matter."

ইফালে ২০ এপ্ৰিলত এই অভিযোগ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এখন বিশেষ বিচাৰপীঠে এই বিষয়টো আলোচনা কৰে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত এই বিচাৰপীঠত আছিল ন্যায়াধীশ অৰুণ মিশ্ৰ আৰু ন্যায়াধীশ সঞ্জীৱ খান্না। ডিজিটেল সংবাদ মাধ্যমত প্ৰকাশিত এই খবৰক ভিত্তিহীন আখ্যা দিয়ে বিচাৰপীঠে। অৱশ্যে সংবাদমাধ্যমত প্ৰকাশিত এই খবৰ সন্দৰ্ভত বিশেষ কোনো নিৰ্দেশ নিদিলে বিচাৰপীঠে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে লগতে এয়াওঁ কয় যে- তেওঁ সাহসেৰেই তেওঁৰ দায়িত্ব পালন কৰি যাব আৰু তেওঁৰ কাৰ্যকাল পূৰ্ণ কৰিব। এই বিশেষ বিচাৰপীঠত তেওঁ অংশীদাৰ হোৱাকলৈও প্ৰশ্ন উঠিছে এতিয়া। কিয়নো তেওঁৰ বিৰুদ্ধেই উত্থাপন হৈছে এই অভিযোগ। এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ গগৈয়ে কয়- 'What I want to tell the citizens of my country is that my judiciary is under very very serious threat. I will sit on this bench and discharge my duty without fear or favour.'

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন জ্যেষ্ঠ অধিবক্তাই সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, গুৱাহাটী উচ্চ ন্যায়ালয়ত দীৰ্ঘদিন কাৰ্যকাল সম্পন্ন কৰা অসম সন্তান ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপন হোৱা যৌন নিৰ্যাতনৰ অভিযোগৰ বাতৰি সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। দীৰ্ঘকাল তেওঁৰ সান্নিধ্য লাভ কৰাৰ অভিজ্ঞতা স্মৰণ কৰি অধিবক্তাগৰাকীয়ে কয়- ৰঞ্জন গগৈৰ দ্বাৰা এনে ঘটনা সংঘটিত হোৱা বুলি তেওঁক পতিয়ন যাব পৰা নাই। এয়া এক গভীৰ ষড়যন্ত্ৰৰ অংশ বিশেষো হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰি তেওঁ লগতে কয়- 'সেয়া যিয়েই নহওঁক কিয়, যিহেতু সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে, সেয়ে আমাৰ ন্যায়িক পৰম্পৰা অনুযায়ী এই অভিযোগ সন্দৰ্ভত আলোচনা কৰাৰ বাবে গঠিত হোৱা বিচাৰপীঠত তেওঁ অংশ লোৱাতো কিমান দূৰ সমীচিন হৈছে সেয়াও বিচাৰ্য বিষয়।'

অসম সন্তান ৰঞ্জন গগৈক লৈ অসমবাসীয়ে গৌৰৱ কৰে। উত্তৰ-পূবৰ পৰা মুখ্য ন্যায়াধীশৰূপে নিৰ্বাচিত হোৱা সময়ত ন্যায়াধীশ ৰঞ্জন গগৈয়ে দেশৰ ন্যায় ব্যৱস্থালৈ পৰিৱৰ্তন আনিব বুলি সকলোৱে আশা কৰিছিল। আৰু সেই আশা অনুসৰিয়েই প্ৰথম কেইবাটাও গোচৰত ৰঞ্জন গগৈয়ে যথেষ্ট সতৰ্কতা আৰু সাহসী পদক্ষেপ গ্ৰহণ কৰি ভালে কেইটা গোচৰত চৰকাৰক অশ্বস্তিত পেলাইছিল।

চিবিআইৰ সঞ্চালক আলোক বাৰ্মাৰ গোচৰৰ ক্ষেত্ৰতো ৰঞ্জন গগৈয়ে লৈছিল দৃঢ় পদক্ষেপ। শেহতীয়াকৈ ৰাফেল ক্ৰয় কেলংকাৰী, অসমৰ এন আৰ চিক লৈ মুখ্য ন্যায়াধীশগৰাকীৰ ভূমিকাই ন্যায় ব্যৱস্থাৰ প্ৰতি ৰাইজক আশ্বস্ত কৰিছিল। সেই সময়তে ৰঞ্জন গগৈৰ বিৰুদ্ধে কোনো পক্ষই এনে অপপ্ৰচাৰ বা ষড়যন্ত্ৰ ৰচনা কৰাৰ সম্ভাৱনাও নথকা নহয়।

ৰঞ্জন গগৈৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন হোৱাৰ পাছত ৰাজ্যবাসী যথেষ্ট উদ্বিগ্ন হৈ পৰিছে। সকলোৱে এতিয়া আশা কৰিছে এই ষড়যন্ত্ৰৰ মেৰপাক খোল খাব আৰু অধিক দৃঢ়তাৰে অসম সন্তান ৰঞ্জন গগৈয়ে এই বাধা অতিক্ৰম কৰি ন্যায় ব্যৱস্থাৰ প্ৰতি সৰ্বসাধাৰণৰ আস্থা অধিক দৃঢ় কৰি তুলিবলৈ সক্ষম হ'ব।

অৱশ্যে মহিলাগৰাকীয়ে উত্থাপন কৰা অভিযোগ, দাঙি ধৰা তথ্যপ্ৰমানে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই বিষয়টোক এনে এক পৰ্যায়লৈ লৈ গৈছে যে, মহিলাগৰাকীৰ দৃষ্টিকোণেৰে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ প্ৰয়োজন আছে। উচ্চতম ন্যায়ালয়তে যদি এগৰাকী মহিলা কৰ্মচাৰীৰ এনে দশা হয়, তেন্তে সেয়া সমগ্ৰ দেশৰ বাবে হ'ব অতি চিন্তনীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in