এজন অসমীয়াৰ প্ৰত্যাহ্বানঃ মমবাতি-ফ্লেছ লাইট-চাকি জ্বলাবলৈ দিয়া আহ্বান যুক্তিহীন…

এজন অসমীয়াৰ প্ৰত্যাহ্বানঃ মমবাতি-ফ্লেছ লাইট-চাকি জ্বলাবলৈ দিয়া আহ্বান যুক্তিহীন…

মৃদুল কুমাৰ সন্দিকৈ

কোৰোনা ভাইৰাছ কাৰোবাৰ বাবে আশীৰ্বাদ হৈছে নেকি? COVID-19ৰ গইনাৰে কোনো পক্ষই সংকীৰ্ণ ৰাজনীতিৰ পটভূমি ৰচনা কৰিছে নেকি? এনে প্রশ্নও কিন্তু এতিয়া বিভিন্ন জনৰ মাজত সৃষ্টি হৈছে। কোৰোনাই হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধ, শিখ আদি বাজ-বিচাৰ নকৰে। কোৰোনাই আক্ৰমণ কৰে মানুহক।

এচামে কৈছে কোৰোনা সংক্ৰমণৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট পক্ষৰ ৰক্ষণশীল ধৰ্মীয় আচাৰ-নীতিয়ে বাহক ৰূপত ভূমিকা পালনত সাৰ-পানী যোগালে। আন এক পক্ষৰ মতে, দিল্লীৰ নিজামুদ্দিনৰ কাহিনী আৰু পটভূমি বিশ্বাস কৰিব পৰাকৈ ৰচনা কৰা নহ'ল।

মাজনিশা নিজামুদ্দিনত অজিত ডোভালৰ কি কাম আছিল? মাত্ৰ ৫০ মিটাৰ দূৰৈত থকা নিজামুদ্দিন আৰক্ষী চকীখনে কিয় দেখা পোৱা নাছিল লকডাউনৰ পাছতো তাত হাজাৰ হাজাৰ মানুহ যে গোট খাইছিল ?

এই সকলোবোৰ সমীকৰণ এতিয়া নিমিলা অংক হৈ পৰিছে। আমাৰ দৰে সাধাৰণ মানুহবোৰে বিশ্বাস কৰিব পৰাকৈ কোনো সিদ্ধান্ত ল'ব নোৱাৰা অৱস্থা। দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা ঘূৰি আহি ঘৰত আত্মগোপন কৰা, মুকলিকৈ ফুৰা চকা কৰা লোকসকলৰ দেহত কোৰোনা ভাইৰাছ আছে বুলি ভবাৰ অৱকাশেই নাছিল।

কিন্তু সেই খবৰ পোহৰলৈ অহাৰ পাছতহে চকু সকলোৰে কঁপালত উঠিছিল। তেনে এচাম লোকৰ ব্যৱহাৰ, মানসিকতা দেখি ধৰ্মৰ নামত বলিয়া এই লোকসকলক মানুহ বুলিবলৈ বেয়া লগা অৱস্থা এটা সৃষ্টি হৈছে।

হোম কোৱাৰেন্টাইনত নাথাকি মুকলিকৈ ঘূৰি ফুৰা অসমৰ সেই নিজামুদ্দিন মাৰ্কাজত লোকসকলে কিয় এই কথা অনুধাৱন কৰিব নোৱাৰিলে যে- আল্লা বা ভগৱানে তেওঁলোকক ৰক্ষা নকৰে। ই এক ভাইৰাছ। এই সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সামাজিক দূৰত্ব বজাই ৰখাৰ বিকল্প পথ নাই।

একেদৰে যিসকলে তেওঁলোকৰ দেহত COVID-19ৰ উপস্থিতি ধৰা পৰা বুলি কৈছে সেই লোকসকলৰ অত্যুৎসাহ ৰাজনীতিৰ সৈতে সানমিহলি হৈ গ'লে চিৰদিনৰ বাবে ই এক বেয়া পৰম্পৰাৰ সৃষ্টি কৰিব। তেনে জটিলতাৰ পৰা অন্ততঃ আমাৰ অসমীয়া সমাজখনক আঁতৰাই ৰখাটোৱেই মংগলজনক।

বেমাৰ হ'ব পাৰে, কোৰোনাৰ দৰে ভাইৰাছত আক্ৰান্ত হ'ল বুলিয়েই তেওঁলোকক নিলগাই ৰাখিব নোৱাৰি। চিকিৎসাৰ বিধান অনুসৰি চিকিৎসা হ'ব লাগে মানুহবোৰৰ। আৰু যিসকলে এনে ব্যৱস্থা গ্ৰহণ কৰাৰ বিৰুদ্ধে গৈ উভতগোৰে নাচি চিকিৎসা কৰ্মীক প্ৰহাৰ, কোৱাৰেন্টাইন হোমত নাৰ্ছৰ সন্মুখত উলংগ হৈ, গা লৈ থুই নিক্ষেপ কৰি অ-মানুহৰ পৰিচয় দিছে তেওঁলোকৰ ক্ষেত্ৰতো কঠোৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে কৰিব লাগে।

সমগ্ৰ বিশ্বত এই লেখা প্ৰস্তুত কৰি থকা লৈকে ৫৫হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৩ সহস্ৰাধিক হৈছে। কেৱল নিজামুদ্দিনত যোৱা ৬ শতাধিক লোকৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰিছে।

তাৰপাছত জানো হিন্দু, মুছলমান বা ধৰ্মীয় যুক্তিদৰ্শনেৰে কোৰোনা ভাইৰাছক একাষৰীয়া কৰি থ'ব পাৰি? আমেৰিকা, স্পেইন, ইটালীৰ দৰে দেশেই আজি হাত দাঙি দিছে। আৰু ভাৰতত এই ভাইৰাছৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিলে কি পৰিৱেশ হ'ব পাৰে সেই কথা কিয় আমি অনুধাৱন কৰিব পৰা নাই আজিও?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তৃতীয়বাৰৰ বাবে দেশবাসীক সম্বোধন কৰিলে ৩ এপ্ৰিলত। প্রধানমন্ত্ৰী মোডীয়ে ক'লে- কোৰোনা ভাইৰাছৰ বিৰুদ্ধে এই যুঁজ বিশ্বৰ এই মহামাৰীৰ সময়ত দেশবাসীয়ে লকডাউনৰ নৱমটো দিন অতিক্ৰম কৰিলে। দেশবাসীয়ে যিধৰণে অনুশাসন আৰু সেৱা ভাৱৰ পৰিচয় দিছে সেয়া অভূতপূৰ্ব।

এয়া লকডাউনৰ সময় বুলি উল্লেখ কৰি প্রধানমন্ত্ৰীয়ে ক'লে- আমি ঘৰতে থাকিব পাৰো। কিন্তু আমি কোনো অকলশৰীয়া নহয়। ১৩০কোটি দেশবাসীৰ সামুহিক শক্তি সকলো ব্যক্তিৰ সৈতেই আছে।আমাৰ দেশত মনা হয় যে জনতা ইশ্বৰৰ ৰূপ। সেয়েহে যেতিয়া দেশে ইমান ডাঙৰ যুদ্ধ যুঁজি থাকে, তেতিয়া এন যুঁজত বাৰে বাৰে জনতাই মহাশক্তি ৰূপত ভুমুকি মাৰে।

লগতে তেওঁ কয়- এই কোৰোনাৰ সংকটত অন্ধকাৰ আৰু অনিশ্চিয়তাৰ জন্ম হৈছে। ইয়াক সমাপ্ত কৰি আমি উজ্বল আৰু নিশ্চিয়তাৰ দিশে আগবাঢ়িব লাগে। এই অন্ধকাৰময় কোৰোনা সংকটক পৰাস্ত কৰিবলৈ আমি চাৰিওফালে ৰশ্মি বিয়পাব লাগিব।

প্রধানমন্ত্ৰীয়ে আহ্বান জনাইছে- ৫ এপ্ৰিলত ১৩০ কোটি দেশবাসীয়ে মহাশক্তি জাগৰণ কৰিব লাগে। ঘৰৰ সকলো লাইট বন্ধ কৰি টৰ্চ, চাকি, ম'বাইলৰ ফ্লেছ লাইট জ্বলাব লাগে। সেইদিনা নিশা ৯ বজাত ৯ মিনিটৰ বাবে এনেদৰে লাইট বন্ধ কৰি এইবোৰ জ্বলালে ৰশ্মিৰ সেই মহাশক্তিৰ অনুভৱ হ'ব। য'ত এটা উদ্দেশ্য লৈয়ে যে আমি সকলোৱে যুঁজ দি আছো সেয়া জাগ্ৰত হ'ব।

প্ৰধানমন্ত্ৰী মোডীৰ আহ্বান আছিল এয়া। কিছুদিনৰ পূৰ্বে অসমত এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল আয়োজন কৰা হৈছিল। বৰষুণৰ বাবে পিটছ সেমেকিছিল। তাৰপাছত সেই সেমেকা পিটছত ইস্ত্ৰী, হেয়াৰ ড্ৰায়াৰেৰে শুকাবলৈ চেষ্টা কৰা হৈছিল। খেলখন অৱশ্যে অনুষ্ঠিত নহ'ল। আৰু এই খেল অনুষ্ঠিত নোহোৱাৰ পাছত সমালোচনা হৈছিল আয়োজকসকলৰ বিৰুদ্ধে।

এখন পিটছ এজাক বৰষুণৰ পৰা কিয় ৰক্ষা কৰিব নোৱাৰিলে । তেতিয়াই এজন কৰ্মকৰ্তাই কৈছিল- আপোনালোকে দেখিছিল নে আমাৰ দৰ্শকসকলে ম'বাইলৰ ফ্লেছ জ্বলাই পিটছখন শুকাবলৈ চেষ্টা কৰিছিল। এই ম'বাইল ফ্লেছৰ পৰা যি ৰেডিয়েশ্যন হৈছিল, সেই ৰেডিয়েশ্যনে…

এইবাৰো যেন তেনে এক ধ্যান-ধাৰণাৰেই দেশবাসীক ৯ বজাত ৯ মিনিটৰ বাবে চাকি, ম'বাইলৰ ফ্লেছ জ্বলাই কোৰোনাৰ বিৰুদ্ধে মহাশক্তি গোটাবলৈ প্রধানমন্ত্ৰীয়ে আহ্বান জনাইছে। সমালোচনা ইতিমধ্যে হৈছে। ইয়াৰ সৈতে জ্যোতিষ শাস্ত্ৰৰ কিবা সম্পৰ্ক থাকিব পাৰে নেকি? কি হ'ব পাৰে প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ ভিত্তি?

ৰাজ্যৰ এখন বিশিষ্ট জ্যোতিষবিদ ড০ প্ৰবোধ শৰ্মাৰ সৈতে আমি কথা পাতিছিলো। সোধা হৈছিল তেওঁক এইবোৰ কথা। জ্যোতিষবিদগৰাকীয়ে ক'লে- এয়া যুক্তিসংগত বা জ্যোতিষ শাস্ত্ৰৰ দৃষ্টিৰে কোনো বিধান বুলিব নোৱাৰি। প্ৰধানমন্ত্ৰীৰ সেই আহ্বানৰ সৈতে জ্যোতিষ বা আন তেনে কোনো বিশ্বাসৰ সম্বন্ধ নাই।

চিকিৎসক সকলৰ বাবে হাত চাপৰি, কাহি-বাতি আদি বজাবলৈ কৈছিল এদিন প্ৰধানমন্ত্ৰীয়ে। তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধিৰ বাবে দেশবাসীয়ে প্রধানমন্ত্ৰীৰ সেই আহ্বান মানিছিল। দুই-এক অত্যুৎসাহীয়ে কাহি, বাতি, থালি লৈ সামাজিক দূৰত্ব বজাই ৰখাৰ কথা পাহৰি গৈ ৰাজপথত মিছিলেই উলিয়াই দিছিল।

এইবাৰ প্ৰধানমন্ত্ৰীয়ে মমবাতি, চাকি, টৰ্ছ লাইট, ম'বাইলৰ ফ্লেছ জ্বলাবলৈ দিছে। আচলতে এই সময়ত হ'ব লাগিছিল COVID-19ৰ আৰু টেষ্ট, চিকিৎসক সকলৰ বাবে পিপিই, লকডাউনত থকা দেশবাসীৰ বাবে খাদ্য, লকডাউনৰ পাছত কি হ'ব দেশৰ অৰ্থনীতি তাৰ চিন্তা।

তাৰ সলনি প্ৰধানমন্ত্ৰীয়ে মমবাতি জ্বলাব দিয়া এই আহ্বানক বহুজনে ল'ৰা-ধেমালি বুলিয়েই আখ্যা দিছে। ইয়াৰ যুক্তিযুক্ততা বিচাৰি পোৱা নাই। কি ভাবি প্ৰধানমন্ত্ৰীয়ে এই আহ্বান দিলে তাক লৈ ছ'চিয়েল মিডিয়াতো চলিছে চৰ্চা। কিন্তু তাৰ মাজতে এটা কথা প্ৰধানমন্ত্ৰীয়ে ঘৰৰ ভিতৰত থাকি, খুব বেছি বেলকনিলৈ ওলাই এইবোৰ জ্বলাব দিছে। কিন্তু মনত ৰাখিব অত্যুৎসাহীসকলে- কোৰোনা ভাইৰাছৰ বিৰুদ্ধে মহাশক্তি অৰ্জন কৰিবলৈ মোডীয়ে উলিয়াব দিয়া নাই ৰাজপথত জোঁৰ সমদল!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in