কোৰোনা ভাইৰাছঃ এজন আৰক্ষীৰ কনিষ্টবল আৰু হোম কোৱাৰেন্টাইনত থকা এগৰাকী মহিলাৰ কথাৰে…

কোৰোনা ভাইৰাছঃ এজন আৰক্ষীৰ কনিষ্টবল আৰু হোম কোৱাৰেন্টাইনত থকা এগৰাকী মহিলাৰ কথাৰে…

মৃদুল কুমাৰ সন্দিকৈ

'মই দিল্লীলৈ গৈছিলো ২০ মাৰ্চত। ৰাজধানী দিল্লীলৈ বিশেষ কাৰণত যাব লগা হৈছিল আমাৰ পৰিয়ালটো। যাওঁতে বিশেষ পৰীক্ষা ৰেল ষ্টেচনসমূহত নাছিল বুলিব পাৰি। দিল্লীতো অস্বাভাৱিকতা একো নাছিল। কোৰোনা ভাইৰাছৰ ভয়াৱহতাৰ কথা অৱশ্যে আমি জানিছিলো। সেয়েহে আমি সচেতন আৰু সজাগ হৈ আছিলো। দিল্লী পাই এখন টেক্সী লৈ আমি হোটেললৈ গৈছিলো। দিল্লীত অৱশ্যে বিশেষ ঘূৰা-পকা কৰা নাছিলো।

হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰিছিলো। যিমানপাৰি ৰাজহুৱা বা ভিৰ থকা ঠাইবোৰৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিছিলো। মোৰ স্বামী,সন্তান আৰু এজন যোৰহাটৰ যুৱকৰ সৈতে আমি চাৰিজন গৈছিলো দিল্লীলৈ। তাৰ ৪দিনৰ পাছতঅৰ্থাৎ ২৪ মাৰ্চৰ নিশা ৮ বজাত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশত লকডাউন ঘোষণা কৰাৰ পাছতআমি পিছদিনা ঘূৰি আহিবৰ বাবে তৎপৰ হৈ পৰিছিলো।

লকডাউন ঘোষণা কৰাৰ পাছত কেনেদৰে ঘৰলৈ ঘূৰি যাম সেই চিন্তাত আমি উদ্বাওল হৈ পৰিছিল। কেইবাজনো লোকৰ সৈতে যোগাযোগ কৰিছিলো। দিল্লীত থকা উত্তৰ-পূবৰ লোকসকলৰ বাবে থকা সহায়ক কোষতো যোগাযোগ কৰিছিলো। সেই সময়তে আমাক এজন বিশেষ ব্যক্তিয়ে সহায় কৰিছিল। আৰু তেওঁৰ উদ্যোগতে আমি দুপৰীয়া ১২ বজাতেই হোটেল এৰিছিলো।

অলপ খোজকাঢ়ি এঠাইত এখন বাছেৰে উঠি ২বজাতে আমি বিমান বন্দৰ পাইছিলোহি। লকডাউনৰ মাজতে আমি এখোপ এখোপকৈ আগবাঢ়ি ঘৰলৈউভতিছিলো। আৰু ভগৱানৰ কৃপাত ২৪ মাৰ্চৰ সন্ধিয়া আমি  গুৱাহাটী পাইছিলোহি। ইতিমধ্যে অসমত লকডাউনঘোষণা কৰা হৈছিল।'

হোম কোৱাৰেন্টাইনত থকা হিমাদ্ৰী গগৈ বৰাৰভাষ্য আছিল এয়া। গুৱাহাটী বিমান বন্দৰত তেওঁ কি অভিজ্ঞতাৰ সন্মুখীন হৈছিল সেই তথাতেওঁ ছ'চিয়েল মিডিয়াত লিখিছিল এইদৰে – 'এইমাত্ৰ দিল্লী ৰ পৰা নামিলোহি  গুৱাহাটীত । এয়াৰপৰ্টত ঘৰৰ বাহিৰত লগাবলৈ এখন কাগজদিলে আৰু ট্রেম্পেচাৰ চাই হাতত এটা ষ্টাম্প মাৰি যাবলৈ দিলে । এতিয়া কথা হ'ল আমাৰ গাত যদি কৰ'বাৰ পৰা কৰ'না লাগি আহিছে ! তেতিয়া ? আমিতো নাজানো । টেক্সিত বহিম তাৰপাছত ঘৰলৈ যাম ।  আমি নিজে সুধিলো কিবা স্প্ৰেমাৰিব নেকি আমাক , তেনে একো ব্যৱস্থা নাই বুলি ক'লে !

আমি বাৰু নিজে চেনিটাইজাৰ লৈ আহিছো স্প্ৰেও  লৈ আহিছো । প্ৰয়োজনত কিবা চুলেই সেইবোৰ ব্যৱহাৰকৰিছো ।

চৰকাৰৰ স্বাস্থ্য বিভাগে কিহৰ বাবে বাট চাইআছে ? যদি প্ৰয়োজনীয় সামগ্ৰী নাই তেন্তে সময় থাকোতেই কিয় ব্যৱস্থা কৰা নাই ?'

তাৰপাছত তেওঁৰ দেহত কিছু উপসৰ্গই দেখাদিছিল যাক লৈ পৰিয়ালটো চিন্তিত হৈছিল। কোৰোনাৰ হেল্পলাইন নম্বৰত তেওঁ ফোন কৰিছিলআৰু কি কি কৰিব লাগিব তাৰ দিহা-পৰামৰ্শ লৈছিল। দিল্লী ভ্ৰমণৰ সময়ত নিয়াসা-সামগ্ৰী,কাপোৰ সকলোবোৰ যাতে ভাইৰাছ মুক্ত কৰিব পাৰি তাৰ বাবে তেওঁ  যত্ন লৈছিল।

প্রশাসন তথা স্বাস্থ্য বিভাগৰ লগত তেওঁযোগাযোগ কৰিবলৈ চেষ্টা চলাইছিল। কিয়নো তেওঁ আছিল কোৰোনা ভাইৰাছৰ সন্দৰ্ভত সচেতনআৰু সজাগ। হেল্পলাইন নম্বৰত ফোন কৰোতে এটা দিন তেওঁলোকক চাবলৈ কৈ কিছু পৰামৰ্শদিছিল।

সেয়েহে ডিঙিৰ বিষ, ঠাণ্ডা ঠাণ্ডা ভাব আদিৰবাবে পুনৰ হেল্পলাইন নম্বৰত যোগাযোগ কৰি গুৱাহাটীত থকা তেওঁলোকৰ বাসগৃহত হোমকোৱাৰেন্টাইনত থাকিবলৈ যত্ন কৰিছিল। জ্বৰ নাছিল যদিও ডিঙিৰ বিষ আৰু অন্যান্যদুঃচিন্তাই তেওঁলোকক বেৰি ধৰিছিল।

হেল্পলাইন নম্বৰত যোগাযোগ কৰোতে জ্বৰহ'লেহে তেওঁলোকৰ COVID-19 টেষ্ট কৰিব বুলি জনাই বাকী সাৱধানতা সমূহ অৱলম্বন কৰিবলৈ পুনৰ পৰামৰ্শ দিলে।কিন্তু এই মহিলাগৰাকীয়ে ছ'চিয়েল মিডিয়াযোগে হোম কোৱাৰেন্টাইনৰ কিয় প্ৰয়োজন আৰুনিজেই কি দৰে হোম কোৱাৰেন্টাইন মানি চলিছে সেই কথা লিখিছিল।

২৮ মাৰ্চত তেওঁ এই কথাও উল্লেখ কৰিলে যেপ্রশাসনৰ কিছু সুৰুঙা ৰৈ গৈছে। তাৰ উদাহৰণ হিচাপে নিজকে দাঙি ধৰি দিল্লীৰ পৰাতেওঁলোকৰ পৰিয়ালৰ চাৰিজন লোক আহি গুৱাহাটীৰ ফ্লেট আছেহি। সজাগ আৰু সচেতনতাৰে নিজেইসাৱধানতা অৱলম্বন কৰিছে। কিন্তু প্ৰশাসনৰ ফালৰ পৰা চাৰিদিন ধৰি কোনো যোগাযোগ নকৰা,স্বাস্থ্য কৰ্মী নহা আদি দিশবোৰ উনুকিয়াই দিছিল।

২৮ মাৰ্চত হিমাদ্ৰী গগৈ বৰাই তেওঁলোকৰ যেস্বাস্থ্য পৰীক্ষা হোৱা নাই, ইটো সিটো উপসৰ্গইহে দেখা দিছে আৰু তেওঁলোক যে একদুঃচিন্তাৰ মাজত সময় অতিবাহিত কৰিব লগা হৈছে সেই কথা উল্লেখ কৰি প্রশাসনৰ দৃষ্টিআকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। লগতে তেওঁ যোগাযোগ কৰিছিল বিভিন্নজনৰ সৈতে।

যোৰহাটৰ তেনে এজন লোকৰ সৈতে যোগাযোগ কৰাততেওঁলোকৰ কোৰোনা ভাইৰাছৰ পৰীক্ষা কৰা হ'ব বুলি নিশ্চিয়তা প্ৰদান কৰি ২৮ মাৰ্চ,২০২০ত স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ সিনহা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়হাস্পতালৰ অধীক্ষক ৰমেন তালুকদাৰ আৰু স্বাস্থ্য মন্ত্ৰীয়ে যোগাযোগ কৰিছিল।

তাৰপাছত ২৯ মাৰ্চত তেওঁলোকক লৈ যোৱা হৈছিলজিএমচিএইচলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে। বহু উদিগ্নতাৰে সময় পাৰ হোৱাৰ অন্তত ৩০মাৰ্চ, ২০২০ত খবৰ আহিল তেওঁলোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই। কিন্তুতেওঁলোকে পূৰ্বৰ দৰেই হোম কোৱাৰেন্টাইনত থকাৰ সিদ্ধান্ত ল'লে।

হিমাদ্ৰী গগৈ বৰাৰ সৈতে হোৱা টেলিফোনিকবাৰ্তালাপত তেওঁ ক'লে- 'আমি দিল্লীৰ পৰা ঘূৰি অহাৰ পৰা যিবোৰ নীতি-নিয়ম মানিবলৈদিছে সেইবোৰ মানি চলিছো। হোম কোৱাৰেন্টাইনত থকাৰ লগতে ঘৰত থকা প্ৰতিজন লোকে নিৰ্দিষ্টদূৰত্ব বজাই ৰাখিছো।'

এগৰাকী সচেতন নাৰী তথা এটা সচেতন পৰিয়ালহিচাপে দিল্লীৰ পৰা ঘূৰি অহা এই পৰিয়ালটোৱে এই সতৰ্কতা অৱলম্বন কৰিছিল। কিন্তুবিদেশ বা বহিঃৰাজ্যৰ পৰা ঘূৰি অহা বহু লোকে হোম কোৱাৰেন্টাইনৰ প্ৰকৃত উদ্দেশ্য আৰুঅৰ্থ যেন হৃদয়ংগম কৰিব পৰা নাই।

প্রশাসনেও বাহিৰৰ পৰা অহা লোকক হোমকোৱাৰেন্টাইন কৰা, কোৰোনা ভাইৰাছক লৈ যুদ্ধকালীন তৎপৰতাৰ কথা ক'লেও কাৰ্যতঃ যেনক'ৰবাত সুৰুঙা ৰৈ গৈছে। যোৱা কিছুদিনত কোৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে ৰাজ্যলৈ ঘূৰিঅহা বেছি সংখ্যক লোকেই হোম কোৱাৰেন্টাইন প্ৰ'ট'কল নমনাৰ অভিযোগ উঠিছে।

সুখৰ খবৰ যে এই মুহূৰ্তলৈকে কোৰোনাভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই। হোজাই, নগাঁও, বৰপেটা, বাক্সা, ধেমাজি, লখিমপুৰ আদিঠাইৰ পৰা বহু যুৱক বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে থাকেগৈ। কেৱল গোৱালপাৰাতহেএনেদৰে ঘূৰি অহা লোকৰ বাবে হোম কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰা হৈছে যদিও বাকীবোৰৰক্ষেত্ৰত কি হোম কোৱাৰেন্টাইন কৰা হৈছে তাৰ বাস্তৱ ছবিখন কিন্তু দুখৰ।

বৰাক উপত্যকাতো একেই অৱস্থা। ইতিমধ্যেদেশৰ কাৰাগাৰ সমূহৰ পৰাও এই ভাইৰাছ সংক্ৰমণৰ সম্ভাৱনা প্ৰতি লক্ষ্য ৰাখি ৭ শতাধিকঅপৰাধীক মুক্তি দিয়া হৈছে। কিয়নো জে'লৰ ভিতৰত সামাজিক দূৰত্ব বজাই ৰখাতো সম্ভৱনহয়।

যোৱা ৬দিন ধৰি ৰাজ্যত লকডাউন হৈ আছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশবাসীক এই সময়চোৱাত সামাজিক দূৰত্ব বজাইৰাখি ঘৰতে সোমাই থাকিবলৈ জনোৱা আহ্বানৰপ্ৰতি একাংশ মন দিয়া নাই। এই নিয়ম অমান্যকৰি বহু লোকে কোৰোনা ভাইৰাছে কি কৰিব ধাৰণাৰে বিনা কাৰণত ঘৰৰ পৰা ওলাই আহিছে।

আৰক্ষীৰ দায়িত্ব বাঢ়িছে এই দিন কেইটাত ।কেতিয়া কঠোৰ হৈছে আৰক্ষী। এনে ৰগৰো চলিছে যে, কঠোৰ হোৱা আৰক্ষীয়ে কাৰোবাৰ পিঠিতপ্ৰহাৰ কৰা ফলত সৃষ্টি হোৱা ক'লা দাগবোৰ কোনো কোনোৱে কোৰোনাৰ ছিটাকৰণ বুলিও মন্তব্যকৰিছে।

৩০ মাৰ্চ, ২০২০ত কৰ্তব্য সম্পাদন কৰি থকাআৰক্ষী বিষয়া-জোৱানসকলৰ মাজত এজন বিশেষ কনিষ্টবলে দৃষ্টি আকৰ্ষণ কৰিলে। বেলতলাতিনিআলিত কৰ্তব্যৰত আৰক্ষী জোৱানজনে এজন লোকক বাহিৰলৈ কিয় ওলাই আহিছে বুলি সোধ-পোছকৰি আছিল। ব্যক্তিজনে ২৯ মাৰ্চতে ঔষধ কিনা এখন কাগজ দেখুৱাই ঔষধ নিবলৈ বাহিৰলৈ অহাবুলি বুজাবলৈ চেষ্টা কৰিছিল।

কনিষ্টবলজনে মানুহজনক বুজাই ভদ্ৰভাৱেইযাবলৈ দিলে। পিচত গম পোৱা গ'ল আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষৰ এটা দলে সেই স্থানত বিনাকাৰণত ঘূৰি ফুৰা কেইখনমান বাহন জব্দ কৰি ৰাখিছিল। বেমাৰী হোৱাৰ বাবে এই ভদ্ৰলোকজনক যাবলৈ দিলে যদিও আন কেইখনমান বাহন আৰক্ষীৰ থানাৰ জোৱান আহি বশিষ্ঠ থানালৈলৈ গ'ল।

এই জোৱানজন তাৰপাছত পুনৰ কৰ্তব্যত ব্যস্তহৈ পৰিল। কিন্তু জোৱানজনৰ প্ৰতি থকা টান আৰু আসক্তিৰ বাবেই জোৱানজনৰ নামস্বৰ্ণকান্ত ৰয়। তাৰপাছত তেওঁ কোৱা কথা কেইটা আছিল যে- মানুহক বুজাবলৈ চেষ্টাকৰিছো। মানুহবোৰে নুবুজে। আমাৰো বহুত সমস্যা আছে-

তেওঁৰ ঘৰ শিলচৰত। এই জটিল সময়ত তেওঁকৰ্তব্য সম্পাদন কৰি গৈছে যদিও ঘৰত অনেক সমস্যা। সেইবোৰলৈ তেওঁ মন দিবলৈ আজৰি বাক'ত? পুৱাই ওলাই আহে কৰ্তব্যলৈ। ডেৰ মাহমানৰ আগতে তেওঁৰ এটা সন্তান জন্ম হৈছিল।মুখখন চাবলৈ যাবলৈও তেওঁৰ এতিয়া আজৰি নাই।

এই আক্ষেপ নাই স্বৰ্ণকান্ত ৰয় নামৰজোৱানজনৰ মনত। 'এনে সময়ত দায়িত্ব পালন কৰিবই লাগিব। তথাপিও ল'ৰাটোৰ মুখখন চাবলৈ মনযায়।সেয়েহে মাকক কওঁ, মাকে হোৱাটছএপতে তাৰ এটা ভিডিঅ' পঠিয়াই দিয়ে। ভেকচিনৰ তাৰিখআছিল তাৰ, মই যাব লাগিছিল। কিন্তু যাব নোৱাৰিলো। এতিয়া আৰু ক'ত যাব পাৰিম?'

আৰক্ষী জোৱান স্বৰ্ণকান্তৰ দৰে ৰাইজৰ বাবেসেৱা আগবঢ়োৱা আৰক্ষীসকলৰো বহু সমস্যা আছে। এই সমস্যা এৰি তেওঁলোকে দায়িত্ব পালনকৰিব লগা হৈছে। তেওঁলোকো মানুহ। তেওঁলোকৰ দেহলৈও কোৰোনা ভাইৰাছ অহাৰ পূৰ্ণসম্ভাৱনা আছে। কিয়নো প্ৰতিদিনে তেওঁলোকে এনে কিছু মানুহ আৰু পৰিস্থিতি চম্ভালিবলগা হয় যে, তাৰ বিপৰীতে তেওঁলোকে সুৰক্ষাৰ দিশটো প্ৰায়ে আওকাণ কৰা হয়।

কোৱাৰেন্টাইনৰ নিয়ম নমনা, ঘৰৰ বাহিৰ ওলাইঅহা লোকৰ নিয়ন্ত্ৰণৰ বাবে মানুহৰ অতি ওচৰলৈ তেওঁলোক যাব লগা হয়। ৰাজপথত যান-বাহনপৰীক্ষা কৰোতে মানুহৰ কাষলৈ নগ'লে উপায় নাই। কিন্তু তেওঁলোককে বহুতে আক্ৰমণৰলক্ষ্য কৰি লয়। আচলতে আৰক্ষীয়ে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ সমস্যাক আওকাণকৰি ৰাইজৰ বাবে এইদৰে দায়িত্ব সম্পাদন কৰিব লগাত পৰে। সেয়েহে চিকিৎসকৰ লগতে এইআৰক্ষীৰ লোকসকলৰ বাবেও হাত চাপৰি পৰিব লাগে।

তাৰমাজতে এনে কিছু আৰক্ষীও আছে যি এই সুযোগআৰু পৰিবেশৰ লাভ উঠাই আৰক্ষীগিৰি কৰাত নামি পৰে। কিন্তু সেই দুই-এজনৰ বাবেইআৰক্ষীক গালি দিব নোৱাৰি। তাৰ প্ৰমাণ এই কনিষ্টবলজন। সন্তানৰ ভেকচিন, চাৰিমহীয়াসন্তানক ঘৰত অকলে এৰি কোনো ক্ষোভ নথকাকৈ দায়িত্ব সম্পাদন কৰি গৈছে।

তেনে লোকসকলৰ আঁৰৰ খবৰ আমি আচলতে কোৰোনাভাইৰাছৰ আতংকিত খবৰবোৰৰ মাজত দিয়াৰ প্ৰয়াসে নকৰো। কিন্তু এইবোৰো একো একোটা খবৰ,যিবোৰ মানুহৰ আচল খবৰ। যিবোৰ খবৰে মানুহৰ মনত এনেদৰে কৰ্তব্য সম্পাদন কৰা লোকসকলৰপ্ৰতি মানসিকতা সলনি কৰি দিব পৰা শক্তি থাকে।

কোৰোনা ভাইৰাছৰ ভয়াৱহতা এতিয়া বিশ্বজুৰি।আমেৰিকৰা দৰে দেশত কি হাৰত COVID-19 সংক্ৰমিত হৈছে সেয়া সকলোৱে গম পাইছে। ভাৰতৰ দৰে জনবহুল দেশ এখন, অসমৰ দৰে এখনৰাজ্যত এই ভাইৰাছৰ কমিউনিটী ট্ৰান্সমিছন হ'লে ইয়াক প্ৰতিৰোধ কৰাতো অসম্ভৱ হৈ পৰিব।

সেইবাবেই আমাক সামাজিক দূৰত্ব বজাইৰাখিবলৈ কোৱা হৈছে। ৰাজহুৱা স্থানলৈ ওলাই নাহিবলৈ কৈছে। বাহিৰৰ পৰা আহিলে হোমকোৱাৰেন্টাইনত থাকিবলৈ উপদেশ দিছে। যিবোৰ নিজৰ লগতে পৰিয়াল, সমাজ, দেশৰ বাবেওপ্ৰয়োজনীয়।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৩০ মাৰ্চতকোৰোনা ভাইৰাছৰ সন্দৰ্ভত কৈছিল যে- এতিয়ালৈকে দেশত কমিউনিটী ট্ৰান্সমিছন হোৱা নাই।এয়া লোকেল ট্ৰান্সমিছন ষ্টেজ। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্জৰ এগৰাকীবিষয়ববীয়া লাভ আগৰৱালৰ মতে, তেনে পৰিস্থিতি আহিলে অতি ভয়াৱহ হৈ পৰিব।

ভাৰতত ৩২জন লোকৰ মৃত্যু হৈছে কোৰোনাভাইৰাছ। ১হাজাৰৰো অধিক লোক এই ভাইৰাছত আক্ৰান্ত হৈছে। এতিয়া আমাৰ দেশত ষ্টেজ-২তআছে কোৰোনা ভাইৰাছৰ সংক্ৰমণ। ষ্টেজ-২ অৰ্থাৎ দ্বিতীয় পৰ্যায়ত কোৰোনা ভাইৰাছৰসংক্ৰমণ হোৱা লোকসকল বিদেশ বা আন স্থানৰ পৰা ভ্ৰমণ কৰি আহোতে এই ভাইৰাছৰ দ্বাৰাসংক্ৰমিত হয়। আৰু লোকেল ট্ৰান্সমিছনৰ সেই ভাইৰাছ সংক্ৰমিত লোকসকলৰ সংস্পৰ্শলৈ অহাঘনিষ্ঠ ব্যক্তি, সহযাত্ৰী আদি সংক্ৰমিত হয়।

প্রধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলোৰে মুখতকোৰোনা ভাইৰাছৰ ষ্টেজ-৩ৰ কথা। কি হয় আচলতে ষ্টেজ-৩? COVID-19ৰ সংক্ৰমণে ষ্টেজ-৩ পোৱা মানে এই ভাইৰাছৰ দ্বাৰা যিকোনো লোক সংক্ৰমিত হ'বপাৰে। তেওঁ বিদেশ বা কোনো ঠাইলৈ নাযাব পাৰে। ভাইৰাছৰ সংক্ৰমণ ধৰা পৰা লোকসকলৰদেহলৈ কেনেদৰে এই ভাইৰাছ বিয়পিলে তাৰ উৎস সন্ধান কৰিব নোৱাৰে। তেতিয়াই অতি দ্ৰুতগতিত বিয়পি পৰা কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাতো অসম্ভৱ হৈ পৰে। ই এক জটিলস্তৰ।

এই কাৰণতে ষ্টেজ-৩ক প্ৰতিহত কৰিবলৈ বিশ্বৰউন্নত দেশবোৰৰ পৰা আৰম্ভ কৰি চীন, ইংলেণ্ড, আমেৰিকা, ইটালী, জাৰ্মান আদি দেশেলকডাউন ঘোষণা কৰিছে। যিবোৰ দেশৰ নাগৰিকে লকডাউনৰ সময়ত সহযোগ কৰিছে সেই দেশবোৰতকোৰোনা ভাইৰাছৰ সংক্ৰমণে ষ্টেজন-৩ পোৱাগৈ নাই। কিন্তু তেনে নকৰা সকলৰ বাবে এতিয়াকোৰোনা ভাইৰাছৰ সংক্ৰমণ মহাঘাটক হৈ পৰিছে।

যি হাৰত কোৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিহৈছিল আৰু হ'ব লাগে সেই হাৰত লকডাউন ঘোষণা নকৰা হ'লে ভাৰতত আজি এই ভাইৰাছত আক্ৰমণৰসংখ্যা কেইবা সহস্ৰাধিক হ'ল হয়। কিন্তু লকডাউনৰ প্ৰভাৱ পৰিছে। সেয়েহে আৰু মাত্ৰকেইটামান দিন এই নিয়ম মানি চলি নিজকে ঘৰতে আৱদ্ধ কৰি ৰাখি কোৰোনা ভাইৰাছ প্ৰতিৰোধতপ্ৰতিজন নাগৰিকে এজন সৈনিক হোৱা উচিত। হিমাদ্ৰী গগৈ বৰাৰ দৰে প্ৰতিজন নাগৰিকৰ এইক্ষেত্ৰত ইতিবাচক দৃষ্টিভংগী লাগিব আৰু লাগিব সেই কনিষ্টবলজনৰ দৰে ত্যাগ কৰিব পৰামানসিকতা। সকলোৰে সহযোগ থাকিলে কোৰোনা ভাইৰাছৰ ভয়াৱহতা ভাৰতত প্ৰতিৰোধ হ'ব, নহ'লেধ্বংস যজ্ঞ পাতিব COVID-19য়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in