চিকিৎসা সন্ত্ৰাসঃ মোৰ মাইনাজনীক সিহঁতে মাৰি পেলালে…

চিকিৎসা সন্ত্ৰাসঃ মোৰ মাইনাজনীক সিহঁতে মাৰি পেলালে…

মৃদুল কুমাৰ সন্দিকৈ

'সন্মানীয় স্বাস্থ্য মন্ত্ৰী মহোদয়, ৯ আগষ্ট, ২০১৯ৰ ৰাতি মোৰ মৰমৰ মাইনাজনী হঠাৎ অসুস্থ হয়। আমি মাইনাজনীক হাস্পতাললৈ লৈ যাওঁ…। ইমাৰ্জেন্সীত এডমিট কৰোৱাৰ পাছত সিহঁতে ৰং ট্ৰিটমেন্ট কৰি মাৰি পেলালে…।'- এয়া এজন অসহায় পিতৃৰ কৰুণ বিননি। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আৰু দুজন চিকিৎসকৰ বিৰুদ্ধে ব্যৱ্স্থা গ্ৰহণৰ বাবে জনোৱা আহ্বান।

চিকিৎসক ভগৱান নহয়। কিন্তু কেতিয়াবা চিকিৎসক হৈ পৰে ভগৱান সদৃশ। চিকিৎসকৰ ওপৰতে এৰি দিয়া হয় সকলো। ৰোগী সংকটজনক অৱস্থাত চিকিৎসকৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। চিকিৎসকৰ তৎপৰতা, অভিজ্ঞতা আৰু উচিত চিকিৎসাই ৰোগীৰ যেনেকৈ প্ৰাণ বচাব পাৰে, চিকিৎসকৰ অৱজ্ঞা, অৱহেলা আৰু ভুলে ৰোগীৰ প্ৰাণ কাঢ়িও নিয়ে।

চিকিৎসকৰ ভুলৰ বাবেই প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাও কম নহয়। অতি শেহতীয়াকৈ সেয়ে এটা শব্দ ব্যৱহাৰ কৰা হয়, সেয়া হ'ল- 'মেডিকেল টেৰ'ৰিজম' অৰ্থাৎ চিকিৎসাৰ সন্ত্ৰাস। চিকিৎসকৰ দ্বাৰাই সংঘটিত এই চিকিৎসা সন্ত্ৰাস বিষয়টো অৱশ্যে জটিল। এজন চিকিৎসকে জানি-নাজানি কৰা ভুল প্ৰমাণ কৰাতো সহজ নহয়।

চিকিৎসকৰ অৱজ্ঞা বা ভুলৰ বাবে চিকিৎসকে কি শাস্তি লাভ কৰিব সেই সন্দৰ্ভতো নিৰ্দিষ্ট আৰু কঠোৰ আইন এতিয়ালৈকে নাই। এনে ভুলৰ বাবে চিকিৎসকক জগৰীয়া কৰিলেও ইয়াৰ বাবে কঠোৰ শাস্তিৰ ব্যৱস্থা নথকাৰ বাবে এই বিষয়টো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈও, ইয়াক লৈ চিকিৎসক সকলৰ মাজত বা সমাজত বিশেষ চৰ্চা লাভ নকৰে।

কোনো ৰোগীৰ মৃত্যু হ'লে ৰোগীৰ অভিভাৱকে বা আত্মীয়ই চিকিৎসকলৈ অভিযোগৰ আঙুলি তোলে। তেনে প্ৰতিটো অভিযোগে সঁচা বুলি ক'ব নোৱাৰি। একেদৰে তেনে বহু অভিযোগ মিছাও নহয়। ২০১৫চনত দিল্লীৰ এখন হাস্পতালত মৃত্যু হৈছিল অনামিকা ৰয়ৰ ।

ড০ অনামিকা ৰয়ৰ মৃত্যু চিকিৎসালয় কৰ্তৃপক্ষ আৰু চিকিৎসকৰ অৱহেলা বাবে হোৱা বুলি অভিযোগ উঠিছিল । ১৯ জুলাই, ২০১৫ত গ'ল্ডব্ৰাডাৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰোতে এই অঘটন ঘটিছিল। এই ঘটনাৰে জড়িত চন্দন কুমাৰ ডেকা আৰু অভিজিত খাউণ্ড নামৰ চিকিৎসক দুগৰাকীৰ ভুলৰ বাবে দিল্লী মেডিকেল কাউন্সিলে তেওঁলোকৰ নাম দিল্লী মেডিকেলৰ ৰেজিষ্টাৰৰ পৰা আঁতৰাই ৰাখিবলৈ ৰায় দিছিল।

চিকিৎসকৰ যেনেকৈ অধিকাৰ আছে, এজন ৰোগীৰো কিছু অধিকাৰ থাকে। কেতিয়াবা সেই অধিকাৰবোৰ খৰ্ব হয় চিকিৎসালয়ত। চিকিৎসকৰ সেই ভুল অতি সতৰ্কতাৰে আত্মীয় চকু দিলেহে পোহৰলৈ আহে। তেনে বহু ঘটনা অজ্ঞাতেই ৰৈ যায়।

অনামিকা ৰয়ৰ এই ঘটনাৰ জৰিয়তে চিকিৎসকৰ গাফিলতিৰ বিৰুদ্ধে এক সজাগতা সৃষ্টি হৈছিল। কিন্তু এই ধৰণৰ ঘটনা অন্ত নপৰিল। কিছুমান ঘটনা অতি কৰুণ আৰু চিকিৎসকৰ অৱহেলাৰ ফল বুলি ক'ব পৰা যায়।

৯ আগষ্ট, ২০১৯। সেইদিনা নলবাৰীৰ এগৰাকী তিনি বছৰীয়া শিশুক চিকিৎসালয়লৈ আনিছিল পিতৃ-মাতৃয়ে। নিশা ১২ বজাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল উৎপল বৰ্মন আৰু নিজৰা বৰ্মনৰ কন্যা পৰিস্মিতাক। স্নায়ুজনিত ৰোগত আক্ৰান্ত শিশুটিক সাৰথি হাস্পতাল নামৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।

মৃত্যু হোৱা কণমানিজনী…

সেই সময়ত চিকিৎসালয়ত থকা ছুমি মেধি নামৰ কৰ্তব্যৰত চিকিৎসকগৰাকীয়ে শিশুটিক এটা বেজী দিয়াৰ পাছত শিশুটিৰ মৃত্যু হয়। পৰিয়ালৰ মতে, শিশুটিক মিডাজুলাম নামৰ এটা বেজী দিয়া হৈছিল। কিন্তু এই বেজী দিয়াৰ পাছত শিশুটিৰ কেনেকৈ মৃত্যু হ'ল তাক লৈ যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হ'ল।

শিশুটিৰ অভিভাৱকে অভিযোগ কৰা মতে, চিকিৎসালয়খনত থকা বিনয় কুমাৰ শৰ্মা নামৰ চিকিৎসকজনৰ পৰামৰ্শ মতে, শিশুটিক এটা ইনজেকশ্যন দিয়া হৈছিল। ৫০ শতাংশ ইনজেকশ্যন দিয়াৰ পাছতেই শিশুটিয়ে মৃত্যুক সাৱটি লয়।

পৰিয়ালে দাবী কৰা মতে, ছুমি মেধি নামৰ এগৰাকী চিকিৎসকে শিশুটিক দিছিলএই ইনজেকশ্যন। তাৰপাছতেই ভুল চিকিৎসাৰ বাবে কণমানিজনীৰ মৃত্যু হোৱা বুলি অভিযোগ তোলাৰ লগতে চিকিৎসালয়খনত এক হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।

বিতৰ্কৰ আৱৰ্তত সোমাই পৰা সেই চিকিৎসালয়খন…

ডাঃ তপন ডেকাৰ মালিকাধীন সাৰথি নামৰ এই চিকিৎসালয়খনৰ নামফলক স্পষ্টকৈ লিখা আছে- সাৰথি নলবাৰী মাল্টি স্পেচিয়েলিটী হাস্পতাল বুলি। কিন্তু প্ৰশ্ন হয়- এই চিকিৎসালয়খনত লিখাৰ দৰে মাল্টি স্পেচিয়েলিটী হাস্পতালত থাকিব লগা সা-সুবিধা আছিলনে?

এই তিনি বছৰীয়া শিশুটিক এগৰাকী অনাভিজ্ঞ চিকিৎসকে কিয় চিকিৎসা কৰিব লগা হ'ল? এয়াও এক ডাঙৰ প্ৰশ্ন হৈছে এতিয়া । ৰোগীক আকৰ্ষণ কৰিবলৈ এনেদৰে ফলক লগাই ৰোগীৰ জীৱনৰ সৈতে খেলা অধিকাৰ এই সকল চিকিৎসকক কোনে দিলে?

এই ঘটনাৰ পাছতেই চিকিৎসালয়ৰ আজবাব ভাঙি পেলাই উত্তেজিত লোকসকলে। জবাবদিহি কৰিছিল দুই চিকিৎসক ক্ৰমে- বিনয় কুমাৰ শৰ্মা আৰু ছুমি মেধিক। পৰিয়ালে তেওঁলোকক প্ৰশ্ন কৰিছিল যে, কিহৰ বাবে এই ধৰণৰ ভুল চিকিৎসা কৰা হ'ল শিশুটিক?

সেই সময়ত অভিযুক্ত চিকিৎসক বিনয় কুমাৰ শৰ্মাই ফোনযোগে ডাঃ ছুমি মেধিক তেনে কোনো ইনজেকশ্যন দিবলৈ কোৱা নাছিল বুলি দাবী কৰিলে। চিকিৎসকগৰাকীৰ এই দাবীৰ বিপৰীতে কনিষ্ঠ চিকিৎসক ছুমি মেধিয়ে কলে- ফোনযোগে তেওঁক জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে এই ইনজেকশ্যনটো দিবলৈ পৰামৰ্শ দিয়াত তেওঁ সেয়া কৰিছিল।

ইফালে, বিনয় শৰ্মাই এই কথা অস্বীকাৰ কৰি কৈছিল- 'মই ইনজেকশ্যন দিবলৈ দিয়া নাছিলো। ডিৰেকশ্যন মই কাকো একো দিয়া নাই। ইয়াতে দুটা ছিৰিয়াছ পেচেণ্ট আছিল। সেই দুটা মই চালো। এটা ডিছাৰ্জ দিলো, এটা ভৰ্তি কৰালো। তাৰপাছত তাইক মই কৈছো, মই গৈ আছো।'

ইফালে, পৰিয়ালৰ আগত ছুমি মেধিয়ে এই ঘটনাৰ পাছত দিয়া ভাষ্য আছিল এনেধৰণৰ- 'ছাৰ আহিলে, চালে। চাই পেলাই ক'লে যে, এই মেডিচিনটো দিবলৈ। বিনয় ছাৰে দিব দিছিল সেইটো।' বিনয় শৰ্মাই পাছত শিশুটিক মৃত্যু হোৱা বুলি নিশ্চিত কৰিছিল।

এইখিনিতে আন এক দিশ পোহৰলৈ আহিছে। যিটো বটলৰ পৰা মিডাজুলাম নামৰ ঔষধটো দিয়া বুলি কৈছে, সেই বটলটোত থকা ঔষধৰ পৰিমান আৰু নতুনকৈ অনা বটলৰ ঔষধৰ পৰিমান সমানে থকাত আন এক সন্দেহৰ সৃষ্টি হৈছে।

চিকিৎসকগৰাকীয়ে দিব লগা ঔষধ শিশুটিক দিয়া নাছিল নেকি? ইয়াৰ সলনি বেলেগ ঔষধহে শিশুটিৰ দেহত প্ৰয়োগ কৰা হ'ল নেকি বুলিও এক গুৰুতৰ অভিযোগ আৰু সন্দেহ পোহৰলৈ আহিছে। প্ৰথমে চিকিৎসালয়খনৰ ফাৰ্মাচিষ্টে সেই ঔষধ নাই বুলি কৈছিল। ইমাৰ্জেন্সীত থকা চিকিৎসকজনে পৰিয়ালক সেই ঔষধ আনিবলৈ দিছিল। তেনেস্থলত ক'ৰ পৰা সেই ইনজেকশ্যন দিয়া হ'ব বুলি প্ৰশ্ন কৰাত সু-উত্তৰ দিব পৰা নাছিল ছুমি মেধি নামৰ চিকিৎসগৰাকীয়ে। তেওঁ কৈছিল- 'ইমাৰ্জেন্সীত সেইবোৰ আমাৰ থাকেই।'

অভিভাৱকে উভতি ধৰিছিল- ফাৰ্মাচিষ্টজনে প্ৰথমে নাই বুলি কৈ পাছত সেই ঔষধ ওলিয়াই দিছিল। পৰিয়ালে ক'ৰ পৰা এই ইনজেকশ্যন দিয়া হ'ল বুলি সেই বটলটো চাব বিচৰাত ইনজেকশ্যন দিয়া চিকিৎসকগৰাকীয়ে ক'লে- 'মইতো বাটছাটো এৰি যাব পৰা নাছিলো। মোৰ এছিছটেন্টজনীক ক'লো, এই মেডিচিনটো লৈ আহ। কিন্তু তেওঁ ক'ৰ পৰা আনিছে মই নাজানো।'

এই কথাবতৰাবোৰেই সন্দেহ বঢ়োৱাটো নিশ্চিত পৰিয়ালৰ মনত। অঘটন নিশ্চয় ক'ৰবাত ঘটিছে। পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এই চিকিৎসালয়খনৰ চিকিৎসকগৰাকীক আটক কৰিছিল যদিও, ব্যক্তিগত জামিনত তেওঁক মুকলি কৰি দিয়ে।

দুজন চিকিৎসকৰ এনে বিপৰীত ভাষ্য, যুক্তিহীন উত্তৰ আৰু চিকিৎসাৰ নামত এনে বেহা কোনো পধ্যেই সহ্য কৰিব নোৱাৰি। তাতোকৈ ডাঙৰ কথা- এই চিকিৎসালয়খনে বিশেষজ্ঞ চিকিৎসকৰ অবিহনেই এনেদৰে ৰোগীৰ জীৱনৰ সৈতে ভুৱা প্ৰচাৰেৰে ব্যৱসায় চলাই আহিছে।

ৰাজ্যত এনে চিকিৎসালয়ৰ সংখ্যা কম নহ'ব। প্ৰায়বোৰ চিকিৎসালয়ে ৰোগীৰ জীৱনতকৈ ধন আৰু ব্যৱসায়িক স্বাৰ্থক বেছি গুৰুত্ব দি আহিছে। বিশেষকৈ পাবত গজা এই চিকিৎসালয় বিলাকৰ ক্ষেত্ৰত নাই কোনো নিৰীক্ষণৰ ব্যৱস্থা।

উৎপল বৰ্মন নামৰ অসহায় পিতৃ আৰু তেওঁৰ পত্নীৰ এই কৰুণ বিননি শুনিবলৈ আজৰি হ'ব নে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ? ইতিমধ্যে দুই চিকিৎসক আৰু চিকিৎসালয়খনৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হৈছে। ঘটনাক্ৰম ভালদৰে চালে চিকিৎসকৰ যে কিবা অৱহেলা বা ভুল আছিল সেয়া অনুমান কৰিব পাৰি।

চিকিৎসকৰ এই ভুলৰ বাবে দুখ আৰু যান্ত্ৰনা বুকুত লৈ মৰমৰ সন্তানক হেৰুৱাই দিশহাৰা হোৱা এনে ঘটনা আৰু কিমান ঘটিব? একাংশ চিকিৎসকৰ বাবে চিকিৎসা সেৱা এতিয়া কেৱল ধন ঘটাৰ উৎস হৈ পৰিছে। তেনে মুষ্টিমেয় চিকিৎসকৰ বাবেই চিকিৎসকসকলৰ প্ৰতি মানুহৰ ভুল ধাৰণা সৃষ্টি হৈছে।

একাংশ চিকিৎসক আৰু ব্যক্তিগত চিকিৎসালয়লৈ ৰোগী যোৱাৰ পাছত তেওঁলোকৰ আদব কায়দা দেখি ৰোগীৰ আত্মীয়ই ভাবিবলৈ বাধ্য হয়- তেওঁলোক ডাক্টৰ নে ডকাইত? আৰু যদি এনে ঘটনা সংঘটিত হয়, তেনেহ'লে চিকিৎসকৰ প্ৰতি থকা আস্থাহীনতাই চিকিৎসা আৰু চিকিৎসকৰ প্ৰতিয়েই ভ্ৰান্ত ধাৰণা বৃদ্ধি কৰি গৈ থাকিব।

নলবাৰীৰ এই ঘটনাৰ উচিত বিচাৰ হ'ব লাগে। দোষী চিকিৎসকে কঠোৰ শাস্তি পাব লাগে। চিকিৎসা কৰোতে চিকিৎসকৰ ক'ৰবাত ভুল হ'ব পাৰে। কিন্তু কোনো চিকিৎসকে ভুল চিকিৎসাৰে, অৱহেলাৰে ৰোগীৰ প্ৰাণ কাঢ়ি নিব আৰু কোনোবাই সহ্য কৰিব সেয়া কেতিয়াও হ'ব নোৱাৰে।

তিনি বছৰীয়া মৰম লগা কণমানিজনীক হেৰুৱাব লগা হোৱা এই পৰিয়ালৰটো যান্ত্ৰনা অন্যই বুজিব নোৱাৰিব। চিকিৎসা সন্ত্ৰাসৰ শেহতীয়া বলি পৰিস্মিতা নামৰ কণমানি ছোৱালীজনী। তেওঁৰ সৈতে হোৱা এনে দুৰ্ভাগ্যজনক ঘটনাৰ উচিত তদন্তৰ ব্যৱস্থা কৰিব নোৱাৰিবনে সততে সৰৱ হৈ থকা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে? নে ব্যক্তিগতখণ্ডৰ এই চিকিৎসালয়বোৰৰ মইমতালি ৰোগীয়ে সহ্য কৰাৰ দৰে স্বাস্থ্যমন্ত্ৰীয়েও নিৰ্বাক হৈ সহ্য কৰিব থাকিব?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in