হেৰাই যাব নেকি কাতি বিহু!

হেৰাই যাব নেকি কাতি বিহু!

ৰাজৰ্ষি চহৰীয়া

কাতি বিহু আহিছে৷ শৰতে শোৱালিৰ মাধ্যমত পদূলি মুখত জাননী আঁৰিছে৷ কাতি বিহুৰ দিনটোত তুলসী জোপাই সোঁৱৰণী জগাব। আৰু এন্ধাৰৰ বাট বুলিয়েই আহিব পোহৰ৷ আজি ভৰাল উদং৷ পিছে এই উদং অৱস্থা কিমান দিনলৈ? সময় জানো ৰৈ থাকে? কাতি গ'লেই আহিব আঘোণ৷ সোণালী হৈ উঠিব ধাননি৷ কাতিৰ কঙালীত ভৰাল উদং হৈ পৰা কৃষকেও জানে আৰু কিছুদিন পিছতে সোণগুটিৰে পুনৰ ভৰি পৰিব ভঁৰাল৷ সেয়া হ'লেও কাতিৰ দুৰ্দিনৰ আছে এক সুকীয়া মাদকতা৷ সেই দুখবোধ অনুভৱ কৰাতেই লুকাই আছে কঙালী বিহুৰ বিশেষত্ব৷

কোৱা হয় যে, দুখ নকৰিলে মুখ নভৰে৷ বহাগৰ বৰষুণৰ পিছত জেঠ-আহাৰত কঠিয়াসিঁচি ভূঁই ৰোৱালৈকে কিমান যে কষ্ট৷ তাৰ মাজতে আছে পথাৰ ধুই নিয়া বান৷ ইমানতেইকষ্টৰ শেষ নহয়৷ গেৰ মেলা ধাননিত আৰম্ভ হয় কীট-পতংগৰ আক্ৰমণ৷ এনেকৈয়ে হাজাৰ বিজাৰদুৰ্ভাৱনাই আৱৰি ধৰে কৃষকক৷

কিন্তু তাৰপাছতো সাহস আৰু ধৈৰ্য্যৰে অসমীয়া কৃষক ৰৈ থাকে সুদিনৰ অপেক্ষাত৷কীটনাশক নথকা সেই দিনত কীট-পতংগৰ আক্ৰমণ কেনেকৈ ৰোধ কৰিব? উপায়কি? উপায় আকাশ বন্তি, উপায় খেতিপথাৰত সন্ধিয়া পৰত বন্তি প্ৰজ্বলন৷এনেকৈয়ে আৰম্ভ হয় পৰম্পৰা৷পুৰণি দিনত ঘৰৰ চৌপাশত দিবলৈ কোনো সুগন্ধি সামগ্ৰী বা ফেনাইল নাছিল৷ তেন্তে কি দিব? সমাধানতুলসী৷ কৈ শেষ কৰিব নোৱাৰা তুলসীৰ গুণৰ বিষয়ে জানিছিল তাহানিৰ অসমীয়াই৷

কঙালীৰ দিনতে সেয়ে ৰোপণ কৰিছিল তুলসী। মাটিৰচাকি অথবা ঔটেঙাৰ বকলাত সৰিয়হ তেল আৰু কপাহৰ ধিমিক-ধামাক জুই শিখাৰে উজ্বলি উঠিছিলতুলসী তল। তুলসী তলত পিছে মৃগ পহু চৰা নাছিল, চৰিছিল অসমীয়া কঙাল কৃষকৰ আশা-ভৰসা আৰু সপোন।সপোন হৈছে সোণগুটি চপোৱাৰ। এনেকৈয়ে অসমীয়াই তাহানিতে সুখৰ সপোন দেখি কঙালী বিহু পালনকৰি অনুভৱ কৰিবলৈ শিকিছিল দুখবোধ। কঙালীৰ এই দুখবোধতে লুকাই আছিল প্ৰাপ্তিৰ আশাআৰু অনাবিল সুখ ভোগৰ ইংগিত।

আকাশবন্তি জ্বলিছে। এটা সময়ত কাতি বিহুতপ্ৰতিখন পথাৰতে জ্বলিছিল আকাশ বন্তি। এতিয়া সময় সলনি হ'ল।সন্ধিয়া হ'লেই নিয়ন চাকিৰ পোহৰত চমকি উঠে গাঁৱৰ পিছত গাঁও, চহৰৰপিছত চহৰ। বৈজ্ঞানিক পদ্ধতিৰে খেতি-বাতি কৰা সকলে খেতিপথাৰতো নিশাৰভাগত বিজুলী বাতিৰ ব্যৱস্থা কৰিছে।

সেই বুলিয়েই অসমীয়াৰ প্ৰাণৰ পৰম্পৰা এটা কিনাইকিয়া হৈ পৰিব। ওহো সেয়া হ'বলৈ দিব নোৱাৰি। হ'বলৈ দিব নোৱাৰি বাবেই বহুতে আজিও জীয়াইৰাখিছে সেই পৰম্পৰা। ছেগা চোৰোগাকৈ হ'লেও অসমৰ ভিন্ন স্থানত কাতি বিহুৰ দিনটোত সন্ধিয়া পথাৰত জ্বলি উঠে আকাশ বন্তি।

কীট-পতংগনাশ কৰাৰ লগতে আকাশ বন্তিৰ সৈতে আন লোক বিশ্বাসো জড়িত হৈ আছে। বিশ্বাস এয়ে যে আকাশবন্তিৰ পোহৰত হেনো আমাৰ উপৰিপুৰুষৰ আত্মা সৰগলৈ যাত্ৰা কৰে। সুখ আৰু শান্তিতআত্মাই দিন কটায়। এইধৰণৰ একাধিক পৰম্পৰা আৰু লোক বিশ্বাসৰ মাজেৰে মাজুলীৰ আউনীআটিসত্ৰত প্ৰতিবছৰেই আকাশবন্তি জ্বলাই অহা হৈছে।

এই বিহুৰ আটাইতকৈ মনোৰম আৰু উপভোগ্যঅনুস্থানটো হ'ল তুলসী তলৰ গধূলি। চোতালত সৰুকৈ মাটিৰ ঢিপ তুলি সন্ধিয়াতাতে ৰুই দিয়া হয় তুলসীৰ পুলি। সেই তুলসীৰ পুলিটিৰ তলত জ্বলোৱা হয় মাটিৰ চাকি।আগবঢ়োৱা হয় নৈবেদ্য। হৰিনামৰ ধ্বনিয়ে কপাঁই তোলে প্ৰতিটো চুবুৰী।

সুখৰ কথা এয়ে যে সময় সলনি হ'লেওনতুন প্ৰজন্ময়ো তুলসীৰ তলৰ পৱিত্ৰতা বুজি উঠিছে। নতুন প্ৰজন্মই কঙালী বিহুৰ মাজতনিহিত হৈ থকা দুখবোধ উপলব্ধি কৰিবলৈ চেষ্টা চলাইছে। সন্ধিয়া তুলসী পুলি ৰুই তাতবন্তি জ্বলাই সেৱা জনাই সকলোৱে। কেৱল গ্ৰামাঞ্চলতে নহয় চহৰতো দেখা যায়একে পৰিৱেশ।

কাতি বিহুৰ আগদিনাই মহানগৰীৰ বাসিন্দাসকলেও তুলসী পুলি বিচাৰি বিচাৰি আনিছে।বিচাৰি নাপালে নাৰ্ছাৰীৰ পৰা হ'লেও কিনি আনিছে তুলসী পুলি। এনেকৈয়ে ইমান বছৰে কংক্ৰীটৰঅৰণ্যত টাবত তুলসী পুলি ৰুই তাতে চাকি জ্বলাই পালন কৰি আহিছেকঙালী বিহু।

পিছে কংক্ৰীটৰ অৰণ্যত বিচাৰি বিচাৰি তুলসীপুলি আনি টাবত ৰুই হ'লেও কঙালী বিহু পালনৰ যি চেষ্টা সেই চেষ্টাত প্ৰদৰ্শনকামিতবুলি হাঁহিৰে উৰুৱাই দিয়াতো সহজ হ'লেও সময়ৰ সৈতে খোজ মিলাই পৰিৱেশ-পৰিস্থিতিৰে সহৱস্থান কৰিওপৰম্পৰাক নতুন ৰূপত হ'লেও ধৰি ৰখাৰ যি প্ৰয়াস সেই প্ৰয়াসক ইতিকিং নকৰি উৎসাহিতকৰিলে কঙালী বিহু কোনোদিনেই হেৰাই নাযায় বুলি ন দি ক'বপাৰি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in