অব কী বাৰ ট্ৰাম্প চৰকাৰ…

অব কী বাৰ ট্ৰাম্প চৰকাৰ…

ৰাজৰ্ষি চহৰীয়া

এক বিৰল দৃশ্য। এনে দৃশ্য দেখি বিশ্বৰ আন দেশবোৰৰ নেতৃত্বৰ চকু থৰ হৈ গৈছিল। ইমান আন্তৰিকতা আৰু দায়ৱদ্ধতাৰে এজনে আনজনৰ প্ৰশংসা কৰিলে যে খোদ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়েই কৈ দিলে- 'আমেৰিকাৰ সকলোতকৈ ভাল বন্ধু সকলৰ ভিতৰত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।' ঠিক অনুৰূপ সুৰতেই মোডীয়ে কৈ দিলে- 'ভাৰতৰ আটাইতকৈ অন্তৰংগ বন্ধু ট্ৰাম্প।'

দেওবাৰে সকলোৰে চকু নিবদ্ধ হৈছিল আমেৰিকাৰ হিউষ্টান চহৰত। হাউডী মোডী অনুষ্ঠানত অংশ লৈ বহু কথাৰ মাজতে মোডীয়ে ক'লে- 'অব কী বাৰ ট্ৰাম্প চৰকাৰ।' এইদৰেই বিশ্বৰ দুই শীৰ্ষ নেতাই অতি আন্তৰিকতাৰে পাৰ কৰা মুহূৰ্তবোৰ দুয়ো দেশৰ নাগৰিকৰ বাবে হৈ পৰিল উপভোগ্য।

মোডীয়ে ক'লে- প্রথম যেতিয়া ট্ৰাম্পক লগ পাইছিল, তেতিয়া ট্ৰাম্পে কৈছিল- হোৱাইট হাউছৰ সঁচা বন্ধু ভাৰত। হিউষ্টনৰ এন আৰ জি ফুটবল ষ্টেডিয়ামত প্ৰবাসী ভাৰতীয়সকলেৰে ভৰি আছিল। এই অনুষ্ঠানত যোগ দিয়াৰ পূৰ্বে মোডীয়ে টুইটাৰত লিখিছিল- 'এয়া সঁচাকৈ এটা সৌভাগ্যৰ দিন।' ট্ৰাম্পেও লিখিছিল- 'মোৰ বন্ধুৰ সৈতে হিউষ্টনত থাকিম।'

আমেৰিকাৰ সংবাদমাধ্যমেওএই অনুষ্ঠান গুৰুত্বসহকাৰে প্ৰকাশ কৰিছে। ৱাছিংটন পোষ্টত এই অনুষ্ঠানত ট্ৰাম্পউপস্থিত থকাতো এক ৰাজনৈতিক কাৰণ বুলি উল্লেখ কৰা হৈছে। আগন্তুক ৰাষ্ট্ৰপতিনিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰবাসী ভাৰতীয়সকলক এইদৰে মোডীৰ জৰিয়তে মাৰ্কিনৰাষ্ট্ৰপতিগৰাকীয়ে হাতত মুঠিত ৰখাৰ বাবেই এয়া এক আৰম্ভণি বুলি ক'ব খোজে কাকতখনে।

সি যিয়েই নহওঁক, এনে এক অনুষ্ঠান হয়তো পূৰ্বতে হোৱা নাছিল। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত-আমেৰিকা একগোট হ'ল। দুয়োজন নেতাই  এই অনুষ্ঠানত যোগ দি সমগ্ৰ বিশ্ববাসীক এক বাৰ্তা প্ৰেৰণ কৰিলে। সেয়া হ'ল- দুয়ো দেশৰ নেতাদ্বয়ৰ মাজত থকা আন্তৰিকতা।

হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত ৫০হাজাৰৰ প্ৰবাসী ভাৰতীয়ৰ আগত মোডীয়ে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক উদ্দেশ্যি কৈছিল- 'আপুনি ২০১৭ত আপোনাৰ পৰিয়ালৰ সৈতে মোক চিনাকি কৰি দিছিল। আৰু আজি মই মোৰ পৰিয়ালৰ সৈতে আপোনাক চিনাকি কৰি দিলো।'

৫০হাজাৰৰো অধিক প্ৰবাসীক দেখুৱাই এনেদৰে কৈছিল প্রধানমন্ত্ৰী মোডীয়ে।তেওঁ লগতে কৈছিল- 'এই কাৰ্যসূচীৰ নাম ৰখা হৈছে হাউডী মোডী। কিন্তু মই কোনো নহয়। মই এজন সাধাৰণ মানুহ, যিয়ে ১৩০ কোটি ভাৰতীয়ে দেখুওৱা দিশত কাম কৰি গৈ আছো।'

ৰাজনৈতিক কাৰণ থাকিলেও এই অনুষ্ঠানৰ বিশেষ গুৰুত্ব আছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতিক কাষত থিয় কৰাই লৈ মোডীয়ে গুডমৰ্ণিং হিউষ্টন, গুড মৰ্ণিং টেক্সাছ, গুড মৰ্ণিং আমেৰিকাৰে এফালৰ পৰা আৰম্ভ কৰিছিল ডনাল্ড ট্ৰাম্পৰ গুণ। মোডীয়ে কৈছিল- ডনাল্ড ট্ৰাম্পৰ নেতৃত্বতে আমেৰিকাৰ অৰ্থ ব্যৱস্থা আজি স্থবিৰ হৈছে।

যিসময়ত ৰাষ্ট্ৰসংঘৰ এক সভাত অংশ ল'বলৈ গৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী আমেৰিকাতে আছিল, সেই সময়ত মোডী আৰু মাৰ্কিন ৰাষ্ট্ৰপতিৰ এই অন্তৰংগতাই চুবুৰীয়া শত্ৰু ৰাষ্ট্ৰখনৰ নেতৃত্বকো হুলে বিন্ধা দি নিশ্চয় বিন্ধিছিল। দুয়োজন নেতাই দুয়োখন ৰাষ্ট্ৰৰ মাজৰ আন্তৰিকতাপূৰ্ণ সম্পৰ্ক আৰু ব্যক্তিগত সুসম্পৰ্কক এই অনুষ্ঠানৰ মাজেৰে তুলি ধৰিবলৈ সফল হ'ল।

শনিবাৰে হিউষ্টনত উপস্থিত হোৱা মোডীক বিমান বন্দৰত আমেৰিকাৰ উচ্চপদস্থ বিষয়াবৰ্গই আদৰণি জনাইছিল। সেই সময়ত মোডীক বহু কেইগৰাকী আমেৰিকাৰ উচ্চপদস্থ বিষয়াই আদৰণি জনাই ফুলৰ থোপা দিছিল। তেতিয়াই এই ফুলৰ থোপাৰ পৰা কিছু ফুল মাটিত সৰি পৰিছিল। মোডীয়ে প'ৰ্টকল অনুসৰি বিষয়াসকলৰ লগত কৰমৰ্দন কৰাৰ লগতে সৰি পৰা ফুলৰ অংশবোৰ তুলি তৎক্ষণাত নিৰাপত্তাৰক্ষীৰ হাতত তুলি দিছিল।

স্বচ্ছ ভাৰতৰ ইয়ো যেনএক বাৰ্তাই বহন কৰিলে মোডীৰ এই সক্ৰিয়তাই। হাউডী মোডী এই অনুষ্ঠানে বহু কথাই কৈগ'ল। বিদেশত মোডীয়ে কেনেদৰে জনপ্ৰিয় সেয়া প্ৰমাণ কৰি দিলে। খোদ আমেৰিকাৰৰাষ্ট্ৰপতিক কাষত থিয় কৰাই তেওঁৰ বিষয়ে এনে দীৰ্ঘসময় ভাষণ দি তেওঁৰ গুণ বসানিব পৰাভাগ্য বিশ্বৰ আন কোন নেতাৰ আছে!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in