দিল্লীলৈ কেইজনৰ বাট, নাচোনত লাগিল হিমন্ত বিশ্বৰ পাক…

দিল্লীলৈ কেইজনৰ বাট, নাচোনত লাগিল হিমন্ত বিশ্বৰ পাক…

♦ মৃদুল কুমাৰ সন্দিকৈ

'পাক পাক পাক

চন্তক মৰিয়ণী মাজুলী কিমান বাট

ইফালে নাচাবি সিফালে নাচাবি

মাজতে নাচি থাক

ঐ নাচোনত লাগিব

ঐ নাচোনত লাগিব পাক'

বিহুৰ বতৰ। এই পুৰণি বিহুবোৰ এতিয়া মানুহৰ মুখত নাই। দুই-এক গায়কেহে এই গীতবোৰ কেতিয়াবা কাৎচিত গায়। কিন্তু নিৰ্বাচনৰ বতৰত যেন এনে এক পৰিৱেশৰেই সৃষ্টি হ'ল। নাচোনত পাক লাগিল। লক্ষ্য মাজুলী নহয়, লক্ষ্য আছিল দিল্লী। ভোটাৰক আকৰ্ষিত কৰিবলৈ তেওঁ ৰাজপথত নাচিছিল। মহানগৰীৰ ৰাজপথ, হঠাৎ নাচোনত পাক লাগিল। পথৰ মাজতেই তেওঁ হামখুৰি খাই পৰিল। তাৰপাছত আকৌ নিজেই উঠি তেওঁ নাচিলে।

২০ এপ্ৰিল, ২০১৯ত মহানগৰীত সেই ঘটনা সংঘটিত হ'ল। আকৌ এবাৰ মোডী চৰকাৰ সুৰত তেওঁ জঁপিয়াই জঁপিয়াই নাচিছিল। কিন্তু নাচোনত পাক লাগিল। তেজপুৰ, যোৰহাট, শিৱসাগৰ, নগাঁও, নলবাৰী, ৰঙিয়া, মৰিগাঁও ক'ত নচা নাছিল তেওঁ। পিছফালে অজস্ৰ সমৰ্থক। নিৰ্বাচনী প্ৰচাৰ চলাই আপোনপাহৰা হৈ পৰিছিল সেই দিনাও।

গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী কুইন ওজাৰ হৈ প্ৰচাৰ চলাই প্ৰায় ১৭ কিঃমিঃ পদযাত্ৰা কৰি নাচি থাকোতেই ঘটি গৈছিল এই অঘটন। মানুহে কয়- কিছুমান অঘটনে কিছু ভৱিষ্যত বাৰ্তা দি যায়। সেয়া বিশ্বাস কৰা জনৰ বাবে বিশ্বাসৰ কৰা, আন সকলৰ বাবে অন্ধবিশ্বাস। কিন্তু নাচোনত পাক লগা এই ৰাজনীতিবিদ তথা ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰীজনৰ হঠাৎ ছন্দৰ পতন ঘটিছিল।

এনেদৰে ৰাজপথৰ মাজত তেওঁ পৰি যাব বুলি ভবা নাছিল। হৈ যায় কেতিয়াবা এনেকুৱা ঘটনা। পিছল খাই যায় ভৰি। ভৰি পিছলিলে খামুচি পাৰি, কিন্তু ভোটাৰৰ মন পিছলিলে ধৰি ৰাখিব নোৱাৰি। সেয়েহে তেওঁ নেডাৰ আহ্বায়ক হিচাপে উত্তৰ-পূবৰ আন ৰাজ্যলৈ যাব লগা নহ'লেও, অসমত নিৰ্বাচনী প্ৰচাৰ চলাই এই কেইদিন নাচি আছিল। পিছে সেই নাচ এতিয়া শেষ হ'ল।

২৩ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। তাৰপাছত ২৩ মে'ত ফলাফল। অসমত অন্ত পৰিল নিৰ্বাচনী প্ৰচাৰ। ২১ এপ্ৰিলৰ সন্ধিয়া ৫ বজাত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিল। এইবাৰ নিৰ্বাচনৰ প্ৰচাৰত বিশেষভাৱে চৰ্চা লাভ কৰিলে এই নৃত্যই। কোনো কোনোৱে ইয়াক 'হিমন্ত নৃত্য'ও আখ্যা দিলে।

বিৰোধীৰ মতে, নাচি-বাগি ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে এইজন নেতাই। কিন্তু তেওঁৰ পিছফালে থকা সমৰ্থকক দেখি বিৰোধী কেতিয়াবা শংকিতও হৈছে। ইতিমধ্যে দুটা পৰ্যায়ত ৰাজ্যৰ ১০ টা সমষ্টিত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। প্ৰশ্ন হয়- নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত নাচি-বাগি থকা এইসকল লোকে ২৩ মে'ত একেদৰে নাচিব পাৰিবনে?

ৰাজ্যৰ শাসকীয় দলটোৰ নেতাসকল অতি উৎসাহী। তেওঁলোকৰ মতে, নিৰ্বাচনী ফলাফল ভাল হ'ব। ১০টা সমষ্টিত তেওঁলোকে জয়ী হোৱাৰ সপোন দেখিছে। বাকী দুটা সমষ্টিত মিত্ৰদলৰ প্ৰাৰ্থী জয়ী হ'ব বুলি আশা বান্ধি আছে। কিন্তু এয়া বাস্তৱ নে সপোন হয় সেয়া নিৰ্বাচনী ফলাফলত ওলাব।

তৃতীয় পৰ্যায়ত ২৩ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত অসমৰ লোকসভা নিৰ্বাচন অন্ত পৰিব। দেশত অৱশ্যে আৰু চাৰি পৰ্যায়ৰ নিৰ্বাচন বাকী ৰ'ব। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ১৩খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত ১১৬টা সমষ্টিত ভোটগ্ৰহণ হ'ব। গুজৰাটত সকলো কেইটা সমষ্টিটেই অৰ্থাৎ ২৬টা সমষ্টিত, কেৰালাত ২০টা, মহাৰাষ্ট্ৰত ১৪টা, কৰ্ণাটকত ১৪টা, উত্তৰপ্ৰদেশত ১০টা, ছত্তীশগড়ত ৭টা, ওড়িশ্যাত ৬টা, বিহাৰত ৫টা, পশ্চিমবংগত ৫টা, গোৱাত ২টা, জম্মু-কাশ্মীৰত ১টা, ত্ৰিপুৰা ১টা, দাদৰ আৰু নগৰ হাৱেলীত ১টা, দমন আৰু দিউত ১টাত ভোটগ্ৰহণ হ'ব।

তৃতীয় পৰ্যায়ত কংগ্ৰেছৰ ৯০গৰাকী, বিজেপি ৯৭গৰাকী, বিএছপি ৯২গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। দেশৰ অন্য প্ৰান্তৰ তুলনাত অসমত এই নিৰ্বাচনী যুঁজে বিশেষ চৰ্চা লাভ কৰিছে। যি চাৰিটা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, সেই সমষ্টি কেইটাত পূৰ্বৰ সমষ্টিবোৰৰ দৰে দ্বিকোণীয় প্ৰতিদ্বন্দ্বিতাতেই সীমাৱদ্ধ নহ'ব।

কোকৰাঝাৰ সমষ্টিত বিপিএফৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ বিপৰীতে আছে কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভা আৰু নিৰ্দলীয় প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ নৱ শৰণীয়া। একেদৰে ধুবুৰী সমষ্টিত এইবাৰ মুল যুঁজ এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মাজতেই সীমাৱদ্ধ থাকিব বুলি অনুমান কৰা হৈছে। অৱশ্যে এই সমষ্টিটোত আছে অগপ আৰু মিত্ৰদলৰ প্ৰাৰ্থী যাৱেদ ইছলাম। সমষ্টিটোত মুঠ ১৫গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।

বৰপেটা সমষ্টিত কংগ্ৰেছ, অগপ আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ মাজতেই নিৰ্বাচনী যুঁজ সীমাৱদ্ধ হ'ব বুলি ভবা হৈছে। এই সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেক, অগপ তথা মিত্ৰদলৰ প্ৰাৰ্থী কুমাৰ দীপক দাস আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থি ৰফিকুল ইছলাম। ইফালে, কোকৰাঝাৰ সমষ্টিত আন এগৰাকী প্ৰাৰ্থীয়ে দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ হ'ল- চিপিআই(এম)ৰ প্ৰাৰ্থী বিৰাজ ডেকা। এই প্ৰাৰ্থীগৰাকীৰ হৈ দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ লগতে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰেও আহি প্ৰচাৰ চলাইছিলহি।

বৰপেটা সমষ্টিত মুঠ ১৩গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁলোক ক্ৰমে- কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেক, অগপ তথা মিত্ৰদলৰ প্ৰাৰ্থী কুমাৰ দীপক দাস, এ আই ইউ ডি এফৰ প্ৰাৰ্থি ৰফিকুল ইছলাম, পূৰ্বাঞ্চল জনতা পাৰ্টি (ছেকুলাৰ)ৰ প্ৰাৰ্থী অৰুণ বৰুৱা, ছ'চিয়েলিষ্ট ইউনিটি চেষ্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট)ৰ প্ৰাৰ্থী চিত্ৰলেখা দাস, ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেশ্যনেলৰ প্ৰাৰ্থী ছানিয়াৰা পাৰ্বিন, নেশ্যনেল পিপলছ পাৰ্টিৰ প্ৰাৰ্থী প্ৰণৱজ্যোতি দাস ৰাজবংশী, নেশ্যনেল ৰিপাব্লিকেন কংগ্ৰেছৰ প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মন, দ্য নেশ্যনেল ৰোড মাপ পাৰ্টি অৱ ইণ্ডিয়াৰ প্ৰাৰ্থী মতিয়াৰ ৰহমান, ৰিপাব্লিকেন পাৰ্টি অৱ ইণ্ডিয়া (এ)ৰ প্ৰাৰ্থী ৰেজাউল কৰিম, ভাৰতীয় গণ পৰিষদৰ শান্তনু মুখাৰ্জী আৰু নিৰ্দলীয় প্ৰাৰ্থী আৰ্ফাণ আলী।

প্ৰাৰ্থীজনৰ নিৰ্বাচনী সভাত জনসাধাৰণৰ উপস্থিতিলৈ চাই তেওঁ যথেষ্ট সংখ্যক ভোট লাভ কৰাৰ সম্ভাৱনাও নথকা নহয়। এই সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল ক্ৰমে- বিপিএফৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্ম, চিপিআই (এম)ৰ প্ৰাৰ্থী বিৰাজ ডেকা, কংগ্ৰেছৰ শব্দ ৰাম ৰাভা, ইউ পি পি (এল)ৰ প্ৰাৰ্থী উৰ্খাও গোৰা ব্ৰহ্ম, পূৰ্বাঞ্চল জনতা পাৰ্টি (ছেকুলাৰ)ৰ প্ৰাৰ্থী চৰণ ইশ্বৰী, ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেশ্যনেলৰ প্ৰাৰ্থী ৰাজেশ নাৰ্জাৰী, আৰু নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে- নব কুমাৰ শৰণীয়া, প্ৰসেনজিৎ কুমাৰ দাস, ৰণজয় কুমাৰ ব্ৰহ্ম।

ইফালে, মুঠ ১৭জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে সন্মানীয় গুৱাহাটী সমষ্টিত। কংগ্ৰেছৰ ববিতা শৰ্মা আৰু বিজেপিৰ কুইন ওজাৰ মাজতেই এই নিৰ্বাচনী যুঁজ অনুষ্ঠিত হ'ব। সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল ক্ৰমে- বিজেপিৰ প্ৰাৰ্থী কুইন ওজা, কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মা, তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী মনোজ শৰ্মা, ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী অভিজিত চক্ৰৱৰ্তী, ৰিপাব্লিকেন পাৰ্টি অৱ ইণ্ডিয়া (এ)ৰ প্ৰাৰ্থী ছাদেক আলী, স্বৰ্ণ ভাৰত পাৰ্টিৰ প্ৰাৰ্থী পংকজ দাস, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ প্ৰাৰ্থী পাৰ্থ প্ৰতিম বৰুৱা, পূৰ্বাঞ্চল জনতা পাৰ্টি (ছেকুলাৰ) ৰ প্ৰাৰ্থী মামণি শৰ্মা, হিন্দুস্থান নিৰ্মাণ দলৰ প্ৰাৰ্থী ৰাজীৱ কাকতী, সমাজৱাদী পাৰ্টিৰ প্ৰাৰ্থী ৰাতুল কুমাৰ চৌধুৰী, নেশ্যনেল ৰিপাব্লিকেন কংগ্ৰেছৰ প্ৰাৰ্থী ৰুবি নেওগ, আৰু নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে- আলিমুদ্দিন আহমেদ, উপমন্যু হাজৰিকা, উৎপল বৰগোঁহাই, জোণমণি দেৱী খাউণ্ড, ফাৰুক আহমেদ ভূঞা, শংখ সিনহা।

ধুবুৰী লোকসভা সমষ্টিত এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলকে শক্তিশালী প্ৰাৰ্থী বুলি গণ্য কৰা হৈছে। বৰ্তমানৰ সাংসদ গৰাকীৰ বিৰুদ্ধে অগপ আৰু মিত্ৰদলৰ প্ৰাৰ্থী যাৱেদ ইছলামে কিদৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই সেয়া লক্ষণীয় হ'ব। কংগ্ৰেছৰ আবু তাহেৰ বেপাৰী এই সমষ্টিটোত কেৱল প্ৰতীকি প্ৰাৰ্থী বুলিহে চৰ্চা হৈছে।

কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু অগপৰ প্ৰাৰ্থীকে সমষ্টিটোত শক্তিশালী প্ৰাৰ্থী হিচাপে গণ্য কৰা হৈছে। সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল হ'ল- কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী, অগপৰ যাৱেদ ইছলাম, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল ইছলাম চৌধুৰী, এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল, হিন্দুস্থান নিৰ্মাণ দলৰ প্ৰাৰ্থী অলকেশ ৰয়, ছ'চিয়েলিষ্ট ইউনিটী চেন্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট)ৰ প্ৰাৰ্থী শুৰত জামান মণ্ডল, পূৰ্বাঞ্চল জনতা পাৰ্টি (ছেকুলাৰ)ৰ প্ৰাৰ্থী জহিৰুল ইছলাম খান, ভাৰতীয় নেশ্যনেল জনতা দলৰ প্ৰাৰ্থী নৃপেন দাস, ৰিপাব্লিকেন পাৰ্টি অৱ ইণ্ডিয়া (এ)ৰ প্ৰাৰ্থী মেহবুবৰ ৰহমান, ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেশ্যনেলৰ প্ৰাৰ্থী শ্বাহজাহান শ্বেখ, আৰু নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে- অনামিকা সৰকাৰ, উত্তম কুমাৰ ৰায়, মিৰ হুছেইন সৰকাৰ, ৰুকুনুৰ জামান, ছুকুৰ আলী।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত সমগ্ৰ দেশত মুঠ ১৬১২গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰে ৫৭০গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধজনিত গোচৰ। ইতিমধ্যে ৰাজ্যখনত অনুষ্টিত হৈ যোৱা প্ৰথম দুয়োটা পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰ ৰাইজৰ ব্যাপক অংশগ্ৰহণ এক গুৰুত্বপূৰ্ণ দিশ। এইবাৰো দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দৰেই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অভিলেখ সংখ্যক ভোটাৰে ভোটদান সাব্যস্ত কৰাৰ সম্ভাৱনা আছে।

অসমত কোন সমষ্টিত কোন প্ৰাৰ্থী জয়ী হ'ব তাৰ স্পষ্ট ছবি বেছিভাগ সমষ্টিৰ ক্ষেত্ৰতেই ভোটদানৰ সময়ত পোহৰলৈ অহা নাই। এইবাৰৰ নিৰ্বাচনী যুঁজ এক কঠিন নিৰ্বাচনী যুঁজ ৰূপে বিবেচিত হৈছে। জনসভাত মানুহ হোৱা আৰু ই ভি এমত কাৰ ভাগ্য বন্দী হয় সেই সমীকৰণক এক কৰিব নোৱাৰি।

মঙলদৈ, নগাঁৱৰ দৰে লোকসভা সমষ্টিত ধৰ্মীয় সংখ্যালঘু আৰু ভাষীক সংখ্যালঘু ভোটাৰে ফলাফল নিৰ্ণয়ত বিশেষ ভূমিকা পালন কৰিব। একেদৰে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা চাৰিটা সমষ্টিৰ দুটাতেই সংখ্যালঘু ভোটাৰে নিৰ্ণায়কৰ ভূমিকা পালন কৰিব। নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে কোনো কৃপণালি কৰা নাছিল। নাচি-বাগি, পদযাত্ৰা কৰি তেওঁলোকে ভোটাৰ ৰাইজক আকৰ্ষণৰ চেষ্টা কৰিছিল। বিশেষকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ নিৰ্বাচনী প্ৰচাৰত বিশেষ নাচ দেখুৱালে অসমবাসীক। কিন্তু সেই নাচত আকৰ্ষিত হোৱা সকলেই দলটোক ভোটদান কৰিলেই তেওঁলোকে দাবী কৰাৰ দৰে ১০-১২টা সমষ্টিত তেওঁলোকৰ প্ৰাৰ্থী জয়ী হ'ব বুলি কোনেও ন-দি ক'ব নোৱাৰে।

কিন্তু এইটো ঠিক, এইবাৰ তেওঁ বাৰুকৈয়ে নাচিলে। শেষৰ ফালে নাচি থাকোতেই ভৰিৰো পাক খালে। পিছল খাই পৰিলে। ঠিক সেই বিহুটোৰ দৰে- 'পাক পাক পাক/চন্তক মৰিয়ণী মাজুলী কিমান বাট/ইফালে নাচাবি সিফালে নাচাবি/মাজতে নাচি থাক/ঐ নাচোনত লাগিব/ঐ নাচোনত লাগিব পাক…' নিৰ্বাচনী প্ৰচাৰত পাক লাগিল, তেওঁ পিছল খাই পৰিল। কিন্তু ফলাফল কি হয় সেয়া ২৩ মে'হে ক'ব। ফলাফলত যদি পাক লাগে, তেন্তে এই নাচ অথলে যাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in