এদিনৰ বাবে গুৱাহাটী হ’ব বলিউড! কিন্তু…

এদিনৰ বাবে গুৱাহাটী হ’ব বলিউড! কিন্তু…

মৃদুল কুমাৰ সন্দিকৈ

সকলো ঠিকে থাকিলে ২০২০ৰ প্ৰথম ভাগতেই গুৱাহাটী মহানগৰ হৈ পৰিব বলিউড সদৃশ। মুম্বাইৰ নামী-দামী তাৰকাৰে ভৰি পৰিব গুৱাহাটী। মায়াময় আলোকসজ্জাৰ মাজত পৰিচিত নায়ক-নায়িকাসকলৰ প্ৰদৰ্শনে মোহিত কৰিব । তাৰ মাজে মাজে ভাহি আহিব কোনো অভিনেতা বা অভিনেত্ৰীৰ কণ্ঠত- 'দ্য এৱাৰ্ড গ'জ টু…'

উত্তৰ-পূবলৈ প্ৰথম বাৰৰ বাবে একেলগে বলিউডৰ ইমান নামী-দামী তাৰকা আহিব। কোনোবা যদি আহিব এদিনৰ বাবে, আন কোনোবাই ব্যক্তিগত বিমান লৈ দিনটোৰ বাবে আহি কোটি টকা পাৰিশ্ৰমিক লৈ উভতি যাব।

কিং খান, অমিতাভ বচ্চন, ছলমান খান, আশ্চৰ্য ৰায়, দীপিকা পাডুকন, ৰণবীৰ কাপুৰৰ পৰা আৰম্ভ কৰি বলিউডৰ জ্যেষ্ঠ অভিনেতা-অভিনেত্ৰী, কলা-কুশলীৰে ভৰি থাকিব অসম। সাধাৰণতে মুম্বাইত দেখা পোৱা সেই জাকজমক দৃশ্য এইবাৰ গুৱাহাটীত দেখিবলৈ পোৱা যাব বুলি বহুতে আশাবাদী হৈ পৰিছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১৩ আগষ্ট, ২০১৯ত টুৰ অপাৰেটৰ সমাৰোহত ২০২০চনৰ মাৰ্চৰ ভিতৰত অসমত তেনে এক পৰিৱেশ ৰচনা হোৱাৰ ইংগিত দিছে। এতিয়াও ইয়াৰ সম্পূৰ্ণ নিশ্চয়তা পোৱা নাই যদিও, প্ৰস্তুতিপৰ্ব প্ৰায় আৰম্ভ হৈছে।

১৯৫৪চনৰ ২১ মাৰ্চ। সেইদিনাই প্ৰথম অনুষ্ঠিত হৈছিল পুৰস্কাৰ বিতৰণৰ এক অনুষ্ঠান। হিন্দী ছবিৰ উদ্যোগৰ বাবে সেই অনুষ্ঠানটোৱে এতিয়া আটাইতকৈ আকৰ্ষণীয় আৰু সন্মানজনক অনুষ্ঠান হৈ পৰিল। দ্য টাইমছ গ্ৰুপে আৰম্ভ কৰিছিল এই অনুষ্ঠানৰ।

সেই বছৰে চৰকাৰে আৰম্ভ কৰিছিল নেশ্যনেল ফিল্ম এৱাৰ্ড। কিন্তু চৰকাৰী পৃষ্ঠপোষকতাত আৰম্ভ হোৱা সেই সন্মানতকৈ যেন দ্য টাইমছ অৱ ইণ্ডিয়া গ্ৰুপে আৰম্ভ কৰা ফিল্মফেয়াৰ এৱাৰ্ডৰ টান বলিউডৰ তাৰকা সকলৰ মাজত বেছি।

মুম্বাইৰ মেট্ৰ' থিয়েটাৰ হলত ২১ মাৰ্চ, ১৯৫৪চনত অনুষ্ঠিত হোৱা এই সন্মানৰ নাম তেতিয়া ফিল্মফেয়াৰ নাছিল। মুঠ ৫টা বিভাগত যচা হৈছিল বঁটা। হলিউডৰ তাৰকা আহিও এই অনুষ্ঠানৰ অতিথি হৈছিল। মুম্বাইৰ দৰে মায়ানগৰীত অনুষ্ঠিত হোৱা এনে এক অনুষ্ঠান অসমত অনুষ্ঠিত কৰিবলৈ ৰাজ্যৰ পৰ্যটন বিভাগে উদ্যোক্তাসকলক অনুৰোধ জনোৱা আৰু তাৰ প্ৰতি ইতিবাচক সঁহাৰিয়ে ৰাজ্য চৰকাৰকো আশাবাদী কৰিছে।

১০ আগষ্ট, ২০১৯ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত টুইটাৰযোগে ২০১৯ বিত্তীয় বৰ্ষৰ বাজেটৰ পৰা অসমৰ পৰ্যটন খণ্ডৰ বাবে ৩০০ কোটি টকা মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিলে। বিশ্বৰ পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু যাতে গুৱাহাটী বা অসম হয়, তাৰ প্ৰতি লক্ষ্য কৰি চৰকাৰে ইমান বৃহৎ পৰিমানৰ ধন মুকলি কৰি দিয়াৰ লগতে প্রথমবাৰৰ বাবে অসমৰ গুৱাহাটীত ফিল্মফেয়াৰ বঁটা বিতৰণী কাৰ্যসূচী অনুষ্ঠিত হ'ব পাৰে বুলি লক্ষ্য ৰাখি এই ধন মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিলে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টুইটটো…

ৰাজ্য চৰকাৰ আৰু অসমৰ পৰ্যটন বিভাগৰ এই প্ৰচেষ্টা কিমান বাস্তৱ হয় সেয়া সময়ে ক'ব। কিন্তু ইয়াৰ প্ৰস্তুতিৰ বাবে ইতিমধ্যে মহানগৰীৰ বিভিন্ন স্থানত কাম আৰম্ভ হৈ গৈছে। মহানগৰীৰ ডিভাইডাৰ সমূহত পুৰণি ডিভাইডাৰসমূহ ভাঙি নতুনকৈ সজোৱা কাম ঠিকেই চলিছে। যদিও এই পথসমূহৰ দুয়ো কাষে থকা নলা-নৰ্দমা সমূহ বিজ্ঞানসন্মতভাৱে নিষ্কাশনৰ ব্যৱস্থাহে আজিও নহ'ল।

বাহিৰে ৰং-চং কৰি কেইদিনমানৰ বাবে বলিউডৰ তাৰকাসকলক গুৱাহাটী সম্পৰ্কত আভাস দিবলৈ হয়তো সেই চেষ্টা অব্যাহত ৰাখিছে। পূৰ্বতেও এডভাণ্টেজ আছামৰ নামত তেনে কিছু কাম কৰা হৈছিল। ৰং-বিৰঙৰ লাইট আৰু ফুলৰ টাবে মহানগৰীৰ বাট-পথ ভৰি পৰিছিল। কিন্তু সেয়া আছিল সাময়িক।

ফিল্মফেয়াৰ এৱাৰ্ডৰ দৰে এক ব্যয়বহুল অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ যথেষ্ট আন্তঃগাঁথনি আৰু প্ৰস্তুতিৰ প্ৰয়োজন হয়। মুম্বাইৰ দৰেই অসমত তেনে আন্তঃগাঁথনি নথকাৰ স্বত্তেও দৰিদ্ৰ জনতাই ককবকাই থকা ৰাজ্যখনত এয়া ভাল হ'ব নে কাল হ'ব সেই কথা হয়তো চৰকাৰে এতিয়াও বিবেচনা কৰা নাই।

পৰ্যটন খণ্ডৰ বিকাশ আৰু পৰ্যটকক আকৰ্ষণ কৰিবৰ বাবে এনে ব্যয়বহুল অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আগবঢ়া ৰাজ্য চৰকাৰে এদিন প্ৰিয়ংকা চোপ্ৰাকো অসমৰ পৰ্যটন খণ্ডৰ ব্ৰেণ্ড এম্বেছেদৰ পাতিছিল। ২০১৬চনৰ ১৯ ডিচেম্বৰত প্ৰিয়ংকা চোপ্ৰাৰ সৈতে এই সন্দৰ্ভত দুবছৰীয়া চুক্তি স্বাক্ষৰিত হৈছিল।

Awesome Assam শীৰ্ষক বিজ্ঞাপনৰ শ্বুটিঙৰ বাবেই ৰাজ্য চৰকাৰে অসমলৈ প্ৰিয়ংকা আহোতে ব্যয় কৰিব লগা হৈছিল ২,৩৭,৪৫,৬২০ টকা। ৰাজ্যৰ পৰ্যটন খণ্ডৰ প্ৰসাৰৰ বাবে এই ধন মুকলি কৰি দিছিল অসম চৰকাৰে। ইয়াৰে ১.৬১ কোটি টকা দিয়া হৈছিল Purple Pebble Entertainment cooperation pvt. ltdক। ২৪ ডিচেম্বৰ প্ৰিয়ংকা চোপ্ৰা অসমলৈ আহোতে তেওঁৰ লগত অহা দলৰ বাবদ দিব লগা হৈছিল ২২,৭০,২৫০ টকা।

ব্ৰেড এম্বেছেদৰগৰাকী আৰু তেওঁৰ লগত অহা লোকৰ বিমানৰ ভাড়াৰ নামত ব্যয় হৈছিল ১১,৯১,৬৬৮ টকা। ইয়াৰোপৰি হোটেলৰ ব্যয় আছিল ৯,৮৮,৮৩২ টকা। এইবোৰ তথ্য খোদ অসম বিধানসভাত সেই সময়ত পৰ্যটন মন্ত্ৰীয়ে দাঙি ধৰা তথ্য আছিল।

তাৰপাছত এই বলিউডৰ তাৰকাগৰাকী নিক জোনাছৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছত তেওঁ ব্ৰেণ্ড এম্বেছেদৰ হৈ আছিল নে নাই তাক লৈ প্ৰশ্ন উঠিছিল। প্ৰিয়ংকা চোপ্ৰাই অসমৰ ব্ৰেণ্ড এম্বেছেদৰ ৰূপে ৰাজ্য চৰকাৰৰ সৈতে কোটি টকাৰ বিনিময়ত চুক্তিত স্বাক্ষৰিত কৰিছিল।

ৰাজ্যত ২০১৯ বৰ্ষত হোৱা প্ৰলয়ংকাৰী বান আৰু কাজিৰঙাত হাহাকাৰ পৰিৱেশ সৃষ্টি হোৱাৰ সময়ত সাধাৰণ জনতাই প্ৰশ্ন কৰিছিল- অসমৰ পৰ্যটনৰ মুখ্য আকৰ্ষণ কাজিৰঙা পানীত ডুবি থকা সময়ত ৰাজ্য চৰকাৰে ব্ৰেণ্ড এম্বেছেদৰ পতা প্ৰিয়ংকা চোপ্ৰা ক'ত? অথচ তেতিয়া অক্ষয় কুমাৰেই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ কোটি টকা আৰু কাজিৰঙাৰ বাবে পৃথককৈ ১ কোটি টকা দি নিজৰ মহানুভৱতা প্ৰমাণ কৰিছিল।প্ৰিয়ংকা চোপ্ৰাৰ বিৰুদ্ধে সৃষ্টি হোৱা এই জনমতৰ পাছত ২০১৯ৰ ১৭জুলাইত টুইটাৰত এটা টুইট দি দায়িত্ব সামৰিছিল অসমৰ পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেছেদৰ হোৱা প্ৰিয়ংকা চোপ্ৰাই।

অসমৰ বানৰ সময়ত এটা টুইট কৰিয়েই দায়িত্ব সামৰিছিল প্ৰিয়ংকা চোপ্ৰাই…

সমান্তৰালভাৱে ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব লগা হৈছিল যে- প্ৰিয়ংকা চোপ্ৰা অসমৰ পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেছেদৰ হৈ নাই। বলিউডৰ তাৰকাক লৈ অসমৰ পৰ্যটন খণ্ডৰ উন্নয়নৰ সপোন দেখা ৰাজ্য চৰকাৰৰ বাবে এয়া এক ভাল শিক্ষা আছিল। কিন্তু এই শিক্ষা চৰকাৰে গ্ৰহণ নকৰিলে।

বলিউডৰ মায়া-মোহত আৱদ্ধ হৈ পৰা ৰাজ্য চৰকাৰ আৰু পৰ্যটন বিভাগে পুনৰ ফিল্মফেয়াৰ এৱাৰ্ড-২০২০ অনুষ্ঠিত কৰাৰ বাবে কঁকালত টঙালি বান্ধি ইয়াৰ প্ৰস্তুতিৰ বাবে ৰাজভঁড়ালৰ শ শ কোটি টকা মুকলি কৰি দিছে। কিন্তু অসমৰ ৰাইজে পাহৰি যোৱা নাই- শেহতীয়া বানপানীৰ সময়ত ৰাইজক বান সাহায্য প্ৰদানৰ বাবে এই চৰকাৰেই মুকলিকৈ সাহায্য বিচাৰি আহ্বান জনাব লগা হৈছিল। সেই আহ্বানলৈ বলিউডৰ অক্ষয় কুমাৰক বাদ দি বাকী বিশেষ কোনো অভিনেতা-অভিনেত্ৰীয়ে সঁহায়ৰ হাত আগবঢ়োৱাৰ উদাহৰণ নাই।

তাৰপাছতো এনে এক অনুষ্ঠান আয়োজনৰ পৃষ্ঠপোষকতাৰে পৰ্যটন খণ্ডক বিশ্বমুখী কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টা বা ইচ্ছাক ব্যৱহাৰিক দিশৰ পৰাই গ্ৰহণ কৰিব নোৱাৰি। এনে খবৰো চৰ্চা হৈছে যে, এই অনুষ্ঠানত অংশ ল'বলৈ অহা অভিনেতা-অভিনেত্ৰীসকলক কোটিৰ ঘৰত মাননী দিয়াৰ ব্যৱস্থা কৰিব লাগিব।

ৰাজ্য চৰকাৰে যিহেতু সেই অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ ইচ্ছা ব্যক্ত কৰিছে, তেনেস্থলত সেই অনুষ্ঠানৰ আয়োজনৰ নামত আয়োজক গোষ্ঠীটোক সকলো প্ৰকাৰে সহায় কৰিব লাগিব পৰ্যটন বিভাগ বা চৰকাৰে। বলিউডৰ তাৰকা শিল্পীসকল থাকিবলৈ প্ৰয়োজনীয় পঞ্চতাৰকাযুক্ত হোটেলৰ অভাৱ, এই অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ উপযুক্ত স্থানৰ সন্ধান অৱশ্যে এতিয়াও নিশ্চিত হোৱা নাই।

আয়োজকসকলৰ বিশেষজ্ঞ এক দলে সৰুসজাইত এই অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ এক স্থান ৰূপে চৰকাৰে নিৰ্বাচন কৰি দিছিল যদিও, সেই স্থানৰ প্ৰতি সন্মতি প্ৰদৰ্শন নকৰিলে। তাৰপাছত ৰাজ্য চৰকাৰে দ্বিতীয় বিকল্প হিচাপে আমিনগাঁৱৰ ৰাজীৱ গান্ধী ইণ্ডোৰ ষ্টেডিয়ামৰ প্ৰস্তাৱ আগবঢ়াইছে।

প্ৰত্যেক বছৰৰ মাৰ্চত এই ফিল্মফেয়াৰ এৱাৰ্ড বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। অসমলৈ এই অনুষ্ঠান আমন্ত্ৰণ কৰি অনাৰ পাছত কি ধৰণে পৰ্যটন ক্ষেত্ৰখনক বিকাশ কৰাৰ পৰিকল্পনা লৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনৰ সম্ভাৱনা অধিক। ২০১৪-১৫চনত পৰ্যটকৰ পৰা এই বিভাগটোৱে আয় কৰা ধনৰ পৰিমান আছিল ৫৮,৯৮,৫৮০ টকা। ২০১৭-১৮ বিত্তীয় বৰ্ষত সেই ধন ২,০৯,৫৬,৯৯১ টকালৈ বৃদ্ধি হোৱা বুলি ৰাজ্য চৰকাৰে দাবী কৰিছে। ২০১৮-১৯বৰ্ষৰ আগষ্টলৈকে পৰ্যটন বিভাগে সংগ্ৰহ কৰা ৰাজহৰ পৰিমান ৬১,৫৩,৪১১ টকা।

প্ৰিয়ংকা চোপ্ৰাক ব্ৰেণ্ড এম্বেছেদৰ পাতি ৰাজ্য চৰকাৰে এবাৰ অসম ভ্ৰমণৰ নামত ২.৩৭ কোটি টকা ব্যয় কৰা পাছত পৰ্যটন বিভাগত কি বিকাশ আৰু সম্ভাৱনা দুৱাৰ খোল খাইছে তাৰ প্ৰমাণ এই তথ্যই দাঙি ধৰে। তথাপিও ৰাজ্যবাসীৰ লগতে চলচ্চিত্ৰ প্ৰেমীসকলে ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠিত কৰাক লৈ আশাবাদী হোৱাৰ কিছু সুযোগ ৰাজ্য চৰকাৰে ল'ব পাৰিলে হয়।তেনে পৰিকল্পনা অদ্যপি দেখিবলৈ পোৱা হোৱা নাই।

ফিল্মফেয়াৰ এৱাৰ্ডৰ অনুষ্ঠান গুৱাহাটীত অনুষ্ঠিত কৰি চমক দিয়াৰ বাদে, এই অনুষ্ঠানৰ নামত ব্যয় হোৱা ধন কোনো ব্যক্তি বা প্ৰতিষ্ঠানত ঠিকা-ঠুকুলি লৈ আয় কৰিবলৈ সুবিধা দিয়াৰ সলনি দৰিদ্ৰ এই ৰাজ্যখনত আন কোনো সম্ভাৱনাৰ বাট, আশাৰ খবৰ কঢ়িয়াই আনিব বুলি গভীৰভাৱে পৰ্যালোচনা কৰিলে মনে নধৰে।

অসমৰ চলচ্চিত্ৰ জগতৰ গতি, এক সুস্থ চলচ্চিত্ৰ নীতি আৰু অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক জীয়াই তুলিবৰ বাবে ৰাজ্য চৰকাৰৰ কৰণীয় বহুখিনি আছিল। যি প্ৰেক্ষাপটতেই নহওক পুনৰ অসমত অসমীয়া ছবিৰ প্ৰতি এক ইতিবাচক খবৰ আৰু আশাৰ কিৰণ ঘূৰি আহিছিল। তেনে সময়তে হিন্দী ছবি অৰ্থাৎ বলিউডৰ এক প্ৰতিষ্ঠিত বঁটা বিতৰণ কাৰ্যসূচীৰে অসমৰ পৰ্যটন ক্ষেত্ৰখনক খাৰ-পানী দিবলৈ কোটি কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰাৰ প্ৰয়োজন আছেনে সেই কথা মুখ্যমন্ত্ৰী তথা বিজ্ঞ সকলে ভালদৰে বিচাৰ-বিশ্লেষণ কৰাৰ প্ৰয়োজন।

বলিউডৰ কোনো অভিনেতা-অভিনেত্ৰীৰ দ্বাৰা বিজ্ঞাপন নিৰ্মাণ কৰিলেই অসমৰ পৰ্যটন ক্ষেত্ৰলৈ পৰিৱৰ্তন নাহে। এতিয়া তথ্য-প্ৰযুক্তিৰ যুগ। বিশ্বৰ ইমূৰৰ পৰা সিমূৰৰ খবৰ মুহূৰ্ততে লাভ কৰিব পাৰি। বিজ্ঞাপনতকৈ ছ'চিয়ে মিডিয়াৰ প্ৰভাৱ বহু বেছি। ৰাজ্য চৰকাৰে যদি সঠিকভাৱে পৰ্যটনক্ষেত্ৰখনৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে নতুন প্ৰদৰ্শকেৰে এই ক্ষেত্ৰসমূহ জাকত জিলিকা কৰি তুলিব পাৰে, তেন্তে পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনাৰ দুৱাৰ নিজেই মেল খাব।

ফিল্মফেয়াৰ এৱাৰ্ডৰ অনুষ্ঠান অসমত অনুষ্ঠিত হওঁক। সেয়া ভাল খবৰ। কিন্তু বলিউডৰ তাৰকা সকলৰ বাবদ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ দোহাই দি অসমৰ ৰাজকোষৰ পৰা এনে এক অনুষ্ঠান আয়োজন কৰাৰ নামত কোটি কোটি ধন পানীৰ দৰে চৰকাৰে ব্যয় কৰিবলৈ আগবঢ়াটো কিমান সমিচিন হ'ব সেই কথা চৰকাৰে নিজেই এবাৰ বিবেচনা কৰক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in