এইবাৰৰ পূজা আৰু কিছু কথা…

এইবাৰৰ পূজা আৰু কিছু কথা…

ৰাজৰ্ষি চহৰীয়া

সমগ্ৰ দেশতেই এতিয়া দূৰ্গা পূজাৰ উখল-মাখল পৰিৱেশ। দুৰ্গা মাৰ আশীষ ল'বলৈ পূজা মণ্ডপসমূহত উপস্থিত হৈছে ভক্তসকল। ৰং-বিৰঙৰ লাইটেৰে সজাই তোলা পূজা মণ্ডপসমূহত উপস্থিত হৈছে ৰাইজ। দেশৰ লগতে অসম আৰু গুৱাহাটী মহানগৰীৰো বহু স্থানত বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি সজাই তোলা হৈছে পূজা মণ্ডপসমূহ।

এই পূজা মণ্ডপসমূহত দেখিবলৈ পোৱা গৈছে ভক্তপ্ৰাণ ৰাইজৰ ভিৰ। মহানগৰীৰ লতাশিল, চান্দমাৰি, শিলপুখুৰী, গীতানগৰ, গণেশগুৰিকে ধৰি সমগ্ৰ ৰাজ্যত এতিয়া পূজা মণ্ডপসমূহত ভিৰ  কৰিছে দৰ্শনাৰ্থীসকলে। লৈছে মা দুৰ্গাৰ আশীৰ্বাদ।

ষষ্ঠী, সপ্তমী আৰু অষ্টমীৰ পৰিৱৰ্তে অৱশ্যে নৱমীৰ দিনাখনত দেখা গৈছে অধিক ভক্তৰ ভিৰ। মা দুৰ্গাৰ আশীষ লোৱাৰ বাবে পূজা মণ্ডপসমূহত সমাগম ঘটিছে ৰাইজৰ। হাতে হাতে পুস্পাঞ্জলী লৈ থিয় হৈ থকা পৰিলক্ষিত হৈছে শ শ ভক্তক৷ মহা ধূমধামেৰে ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ৰাইজ হিল-দল ভাঙি নৱমীৰ বাবে ওলাই অহা পৰিলক্ষিত হৈছে৷ ইফালে, মহানৱমী উপলক্ষে নিউ গুৱাহাটী সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপত সোমবাৰে সন্ধিয়া আয়োজন কৰা হয় থিয় নামৰ। এই থিয় নাম চাবলৈ পূজা মণ্ডপত উপস্থিত অগণন ভক্তপ্ৰাণ ৰাইজ।

অৱশ্যে তাৰমাজতে দেখা গ'ল কিছু আন দৃশ্য। কলকাতা, অসমকে ধৰি বহু কেইখন ৰাজ্যৰ পূজা মণ্ডপতপ্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে যদিও, তাৰমাজতে বিভিন্ন স্থানত আকৌ দেখা গৈছে এই জাৱৰ-জোথৰসমূহ। পূজাৰ আৰম্ভণিৰে পৰাৰাজ্যবাসীয়ে খোৱা বাহিৰৰ খাদ্যসমূহ যেনে- চিপছ, প'পকৰ্ণ আদিৰ প্লাষ্টিকৰ পেকেটসমূহপৰি ৰৈছে পথৰ ওপৰত।আৰু এইসমূহ চফা কৰাত যেন এক প্ৰকাৰে ব্যৰ্থ হৈছে পৌৰ নিগম।

ইফালে, সুৰাপান কৰি যান-বাহন চলোৱা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। নিশা বেৰিকেট দি সুৰাসক্ত চালকসকলৰ বিৰুদ্ধে অভিযান চলোৱা দেখা গ'ল আৰক্ষীক। যান-বাহন আইন উলংঘা কৰা সকলক পথত জৰিমনা ভৰাও পৰিলক্ষিত হৈছে বিভিন্ন স্থানত। উল্লেখ্য যে, দুৰ্গাপূজাৰ দৰে এই পবিত্ৰ সময়ত একাংশই আকৌ সুৰাপান কৰিছে ৰাজপথত উদ্ভণ্ডালিও কৰিছে। যাৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন।

উল্লেখ্য যে, মহাৰাষ্ট্ৰতো ধুম-ধামেৰে উদযাপন কৰা হৈছে দুৰ্গা পূজা। উত্তৰ বোম্বাইৰ পূজা মণ্ডপত সোমবাৰে মা দুৰ্গাৰ আশীষ লোৱা দেখা গ'ল বলিউডৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী তথা পৰিচালক-প্ৰযোজকসকলক। উত্তৰ বোম্বাইল সাৰ্বজনীন পূজা মণ্ডপত মহানৱমীৰ দিনা অভিনেতা হৃত্বীক ৰোশ্বন, অভিনেত্ৰী কাজল, ৰাণী মুখাৰ্জী, প্ৰিয়ংকা চোপ্ৰা, আলিয়া ভট্টকে ধৰি কেইবাজনো তাৰকাক দেখা গ'ল।

আনহাতে,পশ্চিমবংগত বিশাল আয়োজন কৰা হয় মহানৱমীৰ। কলকাতাত ভক্তপ্ৰাণ ৰাইজে মহানৱমী উপলক্ষেকৰে ধুনুচী নৃত্য। এই ধুনুচী নৃত্য চাবলৈ পূজা মণ্ডপসমূহত উপস্থিত হয় অগণন ৰাইজ।লক্ষণীয় যে, গুৱাহাটী মহানগৰীৰ বাৰোৱাৰীতো ব্যতিক্ৰম ৰূপত সজোৱা হৈছে পূজা মণ্ডপ।কাঠ আৰু ফল-মূলৰ বাকলিৰে সজোৱা হৈছে এই পূজা মণ্ডপ। আৰু এই পূজা মণ্ডপ চাবলৈমহানগৰীৰ অগণন লোক উপস্থিত হয়।

দুৰ্গাপূজা উদযাপনৰ ক্ষেত্ৰত অৱশ্যে পিছ পৰি ৰোৱা নাই কৰ্ণাটক। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বানৰ কৱলত ককবকাই আছে যদিও, সোমবাৰে মহানৱমী পালন কৰা দেখা গ'ল। কৰ্ণাটকত বানৰ পৰিত্ৰাণ পাবৰ বাবে মা দুৰ্গাক প্ৰাৰ্থনা জনাই ৰাজ্যবাসীয়ে।

পৰম্পৰা অনুযায়ী ১০৮টা পদুম দি ধাৰ্মীকৰ গ্লানি, অধৰ্মৰ ৰোধ, সাধুৰ ৰক্ষা, অসুৰ বধৰ বাবে দুৰ্গাৰ ধৰালৈ আহে৷ এই সময়তে দুৰ্গা দেৱীৰ চৰণত সকলোৱে শান্তিৰ বাবে প্ৰাৰ্থনা কৰিব৷ যাৰ বাবে যজ্ঞৰ মাধ্যমেৰে দেৱী দুৰ্গাক আহুতি দিয়ে ভক্তই৷

আনহাতে মহানৱমীৰ নিশা গুৱাহাটী মহানগৰীৰ কেবাখনো পূজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি পৰিচালনা সমিতিয়ে জনায়৷ সোমবাৰে দুর্গাদেৱীৰ চৰণত পুৱাৰে পৰা ভক্তসকলে পুষ্পাঞ্জলী দি মহাষ্টমী পালন কৰে। ৰাজ্য জুৰি এতিয়া দুৰ্গা পূজাৰ উলাহ৷ সকলোৰে দেৱী দুৰ্গাক সেৱা এটি কৰিবলৈ ভক্তি ভাৱেৰে ঘৰৰ পৰা ওলাই আহিছে৷

অৱশ্যে লক্ষণীয় যে, যোৱা বছৰৰ দৰে এইবাৰ দুৰ্গাপূজাত বাধা প্ৰদান কৰা নাইবতৰে। যোৱা বছৰ নেৰানেপেৰা বৰষুণৰ ফলত বহু ভক্তপ্ৰাণ ৰাইজে মা দুৰ্গাৰ আশীষ ল'বলৈপূজা মণ্ডপসমূহত উপস্থিত হ'ব পৰা নাছিল। কিন্তু এইবাৰ মা দুৰ্গাৰ কাষ চাপিবলৈভক্তপ্ৰাণ ৰাইজে কোনো অসুবিধাৰ সন্মুখীন হ'ব লগা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in