মৃত ব্যক্তিক কেনেকৈ দিম প্ৰাণ? চিকিৎসকহে মই, নহয় ভগৱান…

মৃত ব্যক্তিক কেনেকৈ দিম প্ৰাণ? চিকিৎসকহে মই, নহয় ভগৱান…

মৃদুল কুমাৰ সন্দিকৈ

'মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিলো মই। বাচিম বুলি মই ভবাই নাছিলো। মই ভাবিছিলো- শেষ হৈ গ'লো মই। পৰিয়াল স্বজন কাকোৱে দেখা পাম বুলি সপোনতো ভবা নাছিলো। ডাক্টৰ হোৱাটোৱেই যেন মোৰ ভুল আছিল। মানসিকভাৱে মই ভাগি পৰিছিলো। এই মানুহখিনিৰ কাৰণে মই ৪০ বছৰ চিকিৎসা সেৱা কৰিলো। পৰিণতিত মই কি পালো…'

তেখেতে কথাবোৰ কৈ গৈছিল আৱেগিকভাৱে। লাহে লাহে মানুহজন সুস্থ হৈছে। চাৰিডালকৈ কামিহাঁড় ভগাৰ লগতে গুৰুতৰভাৱে আহত হৈ কেইবাদিনো তেওঁ ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত আছিল। চাৰিদিনমান থাকিব লগা হৈছিল আই চি ইউত।

আই চি ইউত চিকিৎসাধীন হৈ থকা অৱস্থাত…

মানুহজনৰ নাম ডাঃ প্ৰবীণ চন্দ্ৰ ঠাকুৰ। ৬০ৰ উৰ্ধৰ এজন ব্যক্তি। ১৯৭১চনত তেওঁ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল। তাৰপাছত কিছুদিন ডিব্ৰুগড় মেডিকেল কলেজত কাম কৰাৰ পাছত চাহ বাগানৰ চিকিৎসকৰূপে যোগ দিছিল।

তেতিয়াৰ পৰাই ৪০ বছৰ চাহ বাগানতেই চিকিৎসা সেৱা আগবঢ়াই আহিছে তেওঁ। এজন সহজ-সৰল অতি ভদ্ৰ লোক। চিকিৎসক হিচাপে তেওঁৰ কোনো গৰ্ব-অহংকাৰ নাই। মুখত অনবৰতে লাগি থাকে এটা প্ৰশস্তিৰ হাঁহি। চিকিৎসক নহয় যেন দেৱতাহে বহুতৰ বাবে। মানুহবোৰেও তেওঁক ভাল পাইছিল। ১৫-১৬বছৰ মান আগতে আহি তেওঁ যোগ দিছিল ডিকম চাহ বাগিছাত। একে নিষ্ঠাৰে তেওঁ কৰি গৈছিল কাম।

এতিয়া লাহে লাহে কিছু সুস্থ হৈছে তেওঁ…

সেইদিনা আছিল ৬ মে', ২০১৯, সোমবাৰ। পুৱাই তেওঁ ওলাই গৈছিল চিকিৎসালয়লৈ। আন ৰোগীক চোৱাচিতা কৰি পালন কৰি আহিছিল দায়িত্ব। হঠাৎ আহিছিল এজাক ধুমুহা। ডিকম চাহ বাগানত পাত তোলাৰ কামত ব্যস্ত হৈ আছিল তেতিয়া কেইবাগৰাকী চাহ শ্ৰমিকে। হঠাৎ ধুমুহাত ভাগি পৰিল এজোপা গছ। প্ৰাকৃতিক দুৰ্যোগত হোৱা এই অঘটনত চাৰিগৰাকী লোক আহত হৈছিল।

এনেদৰেই হঠাৎ ভাগি পৰিছিল এজোপা গছ…

চিকিৎসক হিচাপে চাৰিগৰাকীৰে স্বাস্থ্য পৰীক্ষা কৰিছিল ডাঃ প্ৰবীণ চন্দ্ৰ ঠাকুৰে। তিনিগৰাকীৰ আঘাত বিশেষ নাছিল। কিন্তু এগৰাকী শ্ৰমিকৰ গাৰ ওপৰত পৰিছিল গছ। গছৰ তলৰ পৰা তেওঁক টানি টানি উলিয়াই লৈ অহা হৈছিল চিকিৎসালয়লৈ। চিকিৎসক হিচাপে তেওঁ সেই মহিলা শ্ৰমিকগৰাকীক পৰীক্ষা কৰি নিশ্চিত হৈছিল- তেওঁ আৰু নাই।

কাষত থকা সকলক তেওঁ কেনে অৱস্থাত এই শ্ৰমিকজনক অনা হৈছিল সুধোতে- তেওঁলোকেও স্বীকাৰ কৰি লৈছিল, চিকিৎসালয়লৈ অনাৰ পূৰ্বেই তেওঁৰ মৃত্যু হৈছে। ডাঃ ঠাকুৰে সেই কথা কোৱাই কাল হল। সেই সময়ত সেই স্থানত সমবেত হোৱা এচাম লোকে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিলে। চিকিৎসকগৰাকীক কোৱা হ'ল- জীয়াই দিব লাগে মহিলাগৰাকীক।

চিকিৎসালয়ৰ সন্মুখত এক অভাৱনীয় পৰিস্থিতি…

তাৰপাছত তেওঁক চিকিৎসালয়ৰ ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই আনি বৰ্বৰভাৱে প্ৰহাৰ কৰি গ'ল এচামে। চাহ বাগানত কৰ্মৰত এজন প্ৰবন্ধকে তেওঁক ৰক্ষাৰ চেষ্টা চলালে। তেওঁৰ পিঠিত পৰিল চিকিৎসকলৈ লক্ষ্য কৰি মৰা চৰ, ভুকু, লাঠিৰ কোব।

কি দুৰ্ভাগ্যজনক!

চিকিৎসকজনে ১৫দিন মানৰ পূৰ্বে সুচিকিৎসা প্ৰদান কৰাৰ বাবে সুস্থ হোৱা এজন ৰোগীও আহিছিল তেওঁক প্ৰহাৰ কৰিবলৈ। তেওঁ ক'লে- 'তয়ো আহিছ' মোক মাৰিবলৈ?' তেওঁ আঁতৰি গ'ল। কিন্তু আনবোৰে তেওঁক মাটিত বাগৰি পৰাৰ পাছতো সোধালে চৰ-ভুকু।

মাটিত বাগৰি পৰাৰ পাছতো ৰেহাই নাপালে তেওঁ…

তেওঁ চিকিৎসক, ভগৱান নহয়! একো ভুল নথকাকৈয়ে তেওঁক সেইদিনা গণপ্ৰহাৰ কৰা হ'ল। কোনো কথাই তেওঁৰ শুনিবলৈ নিবিচাৰিলে উত্তেজিত মানুহে। অথচ এই সকল লোকৰ বাবেই তেওঁ উৎসৰ্গা কৰিছিল চিকিৎসা সেৱা।

এনেদৰেই চেষ্টা কৰা হৈছিল তেওঁক ৰক্ষাৰ বাবে।

প্ৰায় আঢ়ৈ-তিনি মান বজাত সূত্ৰপাত হৈছিল এই কাণ্ডৰ। আৰক্ষী আহি উপস্থিত হৈছিলহি সেই ঠাইত। কিন্তু আৰক্ষীৰ সন্মুখতে তেওঁক প্ৰহাৰ কৰি গ'ল। এজন চিকিৎসকৰ ওপৰত জঁপিয়াই পৰিল এচাম মানুহ। চিকিৎসালয়খনৰ কাষতে এটা পথ। সেই পথৰ সিপাৰে তেওঁৰ বাংলো। ঘৰত তেওঁৰ তেতিয়া অসহায় পত্নী। মানুহে ভিৰ কৰিছিলহি সেই স্থান। চিঞৰ-বাখৰ পত্নীয়ে শুনিছিল। কিন্তু কি হৈছিল গম পোৱা নাছিল।

খবৰ পোৱা নাছিল তেওঁৰ চিকিৎসক স্বামীৰ ওপৰতে চলি আছে তেতিয়া এই নিৰ্মম অত্যাচাৰ। হাতত যি আছে, তাৰেই তেওঁক প্ৰহাৰ কৰি গৈছিল। কি বৰ্বৰ আছিল এই কাণ্ড তাৰ প্ৰমাণ সেই ভিডিঅ'-

এসময়ত তেওঁ অচেতন হৈ পৰি গ'ল। মানুহবোৰে ভাবিলে তেওঁৰ মৃত্যু হ'ল। তেওঁ সংজ্ঞা হেৰুওৱা নাছিল। কাষত থিয় হৈ আছিল সেই চিকিৎসালয়খনৰে দুজন কৰ্মচাৰী। ইতিমধ্যে ডিকম আৰক্ষীৰ উপৰিও কাষৰীয় থানাৰ পৰা আৰক্ষী আৰু চিআৰপিএফৰ দল আহি পাইছিলহি। তেওঁ কোনোমতে সেই লোক দুজনৰ গাত ধৰি উঠি তৎক্ষণতাত সোমাই গ'ল চিকিৎসালয়ৰ ভিতৰত। কিন্তু তাৰপাছতো আকৌ উত্তেজনা। চিকিৎসালয়ৰ দুৱাৰ ভাঙি দিও যেন কৰিছিল সেই লোকসকলে।

চিআৰপিএফ, আৰক্ষীয়ে বাধা দিলে। তেতিয়াও তেওঁ ভবা নাছিল বাচি যাব। দৰ্জাৰ সন্মুখত আৰক্ষী। তাৰপাছত তেওঁ চিকিৎসালয়ৰ ভিতৰতে থাকিব লগা হ'ল আঢ়ৈ ঘণ্টা। কিয়নো উত্তেজিত জনতাক তেতিয়াও নিয়ন্ত্ৰণ কৰিব পৰা নাছিল আৰক্ষীয়ে।

মৃতপ্ৰায় অৱস্থাত এনেদৰে পৰি ৰৈছিল চিকিৎসক প্ৰবীণ চন্দ্ৰ ঠাকুৰ…

ইমান দিনে সাধাৰণভাৱে এই লোকসকলক চিকিৎসা আগবঢ়োৱা এজন সমাজমুখী চিকিৎসকৰ এই অৱস্থা। আঢ়ৈ ঘণ্টা তেওঁ তেনেদৰে পৰি থকাৰ অন্তত কোনোমতে এম্বুলেন্সত আৰক্ষীয়ে তুলি তেওঁক লৈ যোৱা হৈছিল ডিব্ৰুগড়লৈ।

আভ্যন্তৰীণ আঘাতত ৰক্তক্ষণ হোৱা হ'লে তেওঁ বাচি থকাৰ প্ৰশ্নই নাছিল। কিন্তু ভাগ্যত মৃত্যু নাছিল। বাচি গ'ল তেওঁ। তাৰপাছত আদিত্য নাৰ্ছিং হোমত চলিল চিকিৎসা। এতিয়া তেওঁ জিৰণি লৈ আছে গুৱাহাটীত।চলি আছে সমান্তৰালভাৱে চিকিৎসা।

এই ধৰণৰ ঘটনা বৰ দুৰ্ভাগ্যজনক…

চিকিৎসকৰ নিৰাপত্তাৰ দাবীত দেশজুৰি আন্দোলন হৈছিল। কিন্তু এই চিকিৎসকজনৰ ঘটনা যিধৰণে চৰ্চা হ'ব লাগিছিল সেয়া নহ'ল। গভীৰ মানসিক কষ্ট লৈ তেওঁ মাথোঁ এনে ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিলে।

ডিব্ৰুগড়তে তেওঁৰ চলিছিল চিকিৎসা। আৰু এমাহৰো অধিক তেওঁ জিৰণি ল'ব লাগিব এতিয়া। এই ঘটনাই তেওঁক যথেষ্ট মানসিক আঘাত হানিছে। ৬০ উৰ্ধৰ এই চিকিৎসকগৰাকীয়ে নিজৰ সৰলতা আৰু বিনম্ৰতাৰে এই ধৰণৰ ঘটনাৰ বাবে কাকো জগৰীয়া নকৰিলেও, এই ঘটনাই তেওঁক যথেষ্ট দুখ দিছে। তেওঁৰ কথা-বতৰাতে ফুটি উঠিল সেই কথা। সঁচাকৈয়ে অকল্পনীয় এজন চিকিৎসকৰ বাবে এই অভিজ্ঞতা।

আকৌ তেওঁ চাহ বাগানলৈ ঘূৰি যোৱাৰ কথা ভবা নাই। কিন্তু আক্ষেপো নাই কাৰো ওপৰত। সম্পূৰ্ণ সুস্থ হোৱাৰ পাছত তেওঁ সিদ্ধান্ত ল'ব কি কৰিব। পৰিয়ালৰ লোকেও বিচৰা নাই তেওঁক পুনৰ চাহ বাগানলৈ ঘূৰি যোৱাতো। দীৰ্ঘদিনৰ অভিজ্ঞতাৰে তেওঁ বহু কথা হৃদয়ংগম কৰিছে। মানুহবোৰৰ আচৰণবিধিক লৈ তেওঁ চিন্তিত। সহজ-সৰল সেই মানুহবোৰে হঠাৎ কিয় এনে হৈ পৰে?

এইবোৰ দিশত যথেষ্ট কৰণীয় আছে।ইমানখিনি ভোগ কৰাৰ পাচতো তেওঁ এই ঘটনাৰ বাবে কাকো জগৰীয়া কৰি এটা শব্দ নক'লে। মাথোঁ ক'লে- যি হৈছিল সেয়া বহুত বেয়া হৈছিল। এতিয়া তেওঁক ফোন কৰিছে সেই চাহ বাগানখনৰ বহু লোকে। কৈছে- ছাৰ আপুনি আকৌ আহক। ভুল হৈ গ'ল আমাৰ।কিন্তু তেওঁ ভাবিছে- এই মানুহখিনিক তেওঁ বিশ্বাস কি কেনেকৈ আকৌ উভতি যাব? সেই দৃঢ়তাৰে তেওঁ কাম কৰিব পাৰিবনে তাত? সেই প্ৰশ্ন এতিয়া তেওঁৰ মনত।

এই ঘটনাৰ পাছত আৰক্ষীয়ে ডাঃ ঠাকুৰক আক্ৰমণ কৰাৰ সন্দৰ্ভত ১৩ মে'লৈকে মুঠ ২২জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে ১৭জনক এই আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত বুলি চিনাক্ত কৰিছে। চিকিৎসালয়খনত সংঘটিত সেইদিনা প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হৈছিল ঝালো ছুৰ্জান নামৰ শ্ৰমিকগৰাকীৰ। সাধাৰণভাৱে আহত হৈছিল- মাংগ্ৰী কেওট, মানিক মুৰাহ আৰু মমতা মুৰাহ।

চিকিৎসক প্ৰবীণ চন্দ্ৰ ঠাকুৰক প্ৰহাৰ কৰাৰ বিৰুদ্ধে গোলাঘাটত সাব্যস্ত কৰা প্ৰতিবাদ…

এয়া কেৱল এটা উদাহৰণ। চিকিৎসকক প্ৰহাৰ কৰা ঘটনা, আক্ৰমণ কৰা উদাহৰণ সাধাৰণ ঘটনা হৈ পৰিছে। কলকাতাত চিকিৎসকক প্ৰহাৰ কৰা হৈছিল। কিন্তু অসমত চিকিৎসকক কি কৰা হৈছিল তাৰ উদাহৰণ এই ঘটনা।

চাহ বাগানৰ চিকিৎসক সন্থাৰ বিষয়ববীয়াৰ দায়িত্বতো আছিল ডাঃ ঠাকুৰ। চিকিৎসালয়ত চিকিৎসকক এনেদৰে প্ৰহাৰ কৰা ঘটনাৰ পাছতেই চাহ বাগানত চিকিৎসকসকলে কাম কৰিব নিবিচৰাৰ এক পৰিবেশো গঢ় লৈ উঠিছে। এয়া কিন্তু শুভ লক্ষ্যণ নহয়। এনে পৰিস্থিতি অব্যাহত থাকিলে চাহ বাগানত কাম কৰিবলৈ চিকিৎসকৰ অভাৱ হ'ব। এতিয়াও ৰাজ্যৰ ৪০ শতাংশ চাহ বাগানত নাই চিকিৎসক।

কলকাতাৰ ঘটনাৰ পাছত দেশজুৰি হোৱা প্ৰতিবাদৰ অন্তত মমতা বেনাৰ্জীয়ে চিকিৎসকসকলক নিৰাপত্তাৰ প্ৰতিশ্ৰুতি দিবলৈ বাধ্য হ'ল। ইয়াৰ বিৰুদ্ধে দেশজুৰি সাব্যস্ত হৈছিল প্ৰতিবাদ। কিন্তু অসমত ইয়াতকৈ ভয়াৱহ ঘটনা ঘটি গৈছিল। অসমৰ সেই সকল চিকিৎসকে নিৰাপত্তা পাব কেতিয়া? সৌভাগ্যৰ বলত প্ৰবীণ চন্দ্ৰ ঠাকুৰ বাচি গ'ল। কিন্তু সকলোৰে সেই সৌভাগ্য জানো হ'ব? চিকিৎসকক উপযুক্ত সন্মান কৰাৰ পৰিবেশ আৰু তেওঁলোকক সহযোগিতা কৰাৰ সলনি আক্ৰমণ কৰাৰ এই প্ৰবণতাই এখন সমাজক কি ধৰণে ক্ষতি কৰে সেয়া উপলব্ধি কৰিব লাগিব সাধাৰণ লোকসকলেই। তাৰ বিপৰীতে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চিকিৎসকক নিৰাপত্তা দিবলৈ ৰাজ্য চৰকাৰে ল'ব লাগিব কঠোৰ ব্যৱস্থা। নহ'লে প্ৰবীণ চন্দ্ৰ ঠাকুৰৰ দৰেই অৱস্থা হোৱা লোকসকলে ভাবিবলৈ বাধ্য হ'ব- চিকিৎসক হোৱাটোৱেই পাপ।

চিকিৎসাৰ দৰে মহান বৃত্তিৰ জড়িত সকলে মানৱ সেৱাকে ধৰ্ম ৰূপে লয়। তেওঁলোকে কেতিয়াও নিবিচাৰে কোনো লোকৰ মৃত্যু হওঁক। দিন-ৰাতি একাকাৰ কৰি তেওঁলোকে মানুহক সেৱা আগবঢ়ায়। ঘৰ, সংসাৰ সকলোবোৰ তেওঁলোকৰ বাবে হৈ পৰে গৌণ। কিন্তু ইমান ত্যাগৰ পাছতো কোনোৱেই হয়তো নিবিচাৰিব প্ৰবীণ চন্দ্ৰ ঠাকুৰৰ দৰে হওঁক চিকিৎসকৰ অৱস্থা। ল'বনে চৰকাৰে এই দিশত উপযুক্ত ব্যৱস্থা?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in