তাজিয়া ভাবুকি প্ৰদৰ্শনৰ নহয়, শোক প্ৰকাশৰ এক প্ৰতীকহে…

তাজিয়া ভাবুকি প্ৰদৰ্শনৰ নহয়, শোক প্ৰকাশৰ এক প্ৰতীকহে…

মৃদুল কুমাৰ সন্দিকৈ

সংযত সকলোৱে হোৱাটো প্ৰয়োজন। ডিব্ৰুগড়ত ১০ ছেপ্টেম্বৰ, ২০১৯ত মহৰমৰ তাজিয়া সমদলৰ নামত সংঘটিত কাণ্ডক জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে গৰিহণা দিছে। তাৰপাছৰ পৰিস্থিতি যাতে অধিক অৱনতি নঘটে ইয়াৰ বাবে সকলো পক্ষই এক বুজাপৰাৰ মাধ্যমেৰে এনে ঘটনাৰে জড়িত সকলক ধৰ্মীয় দৃষ্টিভংগীৰে বিচাৰ নকৰি, অপৰাধীৰ দৃষ্টিকোণেৰে আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সুবিধা দিয়া উচিত।

আৰক্ষীয়েও এই কাণ্ডৰ মুল অপৰাধীক গ্ৰেপ্তাৰ কৰি এনে ধৰণৰ কাৰ্য যাতে পৰৱৰ্তী সময়ত সংঘটিত নহয়, তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ১২ ছেপ্টেম্বৰ, ২০১৯লৈকে ডিব্ৰুগড়ৰ ৰাজপথত তাজিয়াৰ নামত তাণ্ডৱ চলোৱা দুজন লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে এজনৰ নাম ফুলকান হুছেইন আৰু আনজনৰ নাম আজাদ খান।

ডিব্ৰুগড়ত তাজিয়া সমদলৰ নামত তাণ্ডৱ সৃষ্টি কৰাৰ অভিযোগত আটক কৰা ফুলকান হুছেইন…

কোনোদিনেই অসমত দেখিবলৈ নোপোৱা এই দৃশ্য দেখি সকলোৰে চকু কপালত ইতিমধ্যে উঠিছে। ধৰ্ম নিৰপেক্ষ দেশ হিচাপে নিজ ধৰ্মৰ নীতি-নিয়ম মানি চলাটো অপৰাধ হ'ব নোৱাৰে। কিন্তু ধৰ্মৰ নাম লৈ এনে উদ্ভণ্ডালি যিকোনো ধৰ্মাৱলম্বী লোকৰ বাবেই এক ডাঙৰ অপৰাধ।

ডিব্ৰুগড়ত মহৰম উপলক্ষে এই তাজিয়া সমদল বা তাজিয়া প্ৰদৰ্শনৰ নামত কি হৈছিল সেই দৃশ্য চিচি টিভি কেমেৰাত আৰু সেই স্থানত উপস্থিত থকা লোকসকলৰ ম'বাইলত বন্দী হৈছিল। এনে উদ্ভণ্ডালি প্ৰদৰ্শন কৰাৰ অন্তৰালত কোনোবা পক্ষৰ উচটনি আছে নেকি সেয়াও আৰক্ষীয়ে তদন্তৰ আওটালৈ আনিব লাগে।

এই কাণ্ডৰ সৈতে জড়িত থকা অভিযোগত আৰক্ষীয়ে আন এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই লোকজনৰ নাম আজাদ খান। তেওঁৰ বয়স ৬০ৰ ওপৰত। তাজিয়া কমিটীৰ সৈতে এই ব্যক্তিজন কোনো পধ্যেই জড়িত নাছিল বুলি একাংশই দাবী কৰিছে। ব্যক্তিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই তেওঁক নিৰ্দোষী বুলি দাবী কৰি ব্যক্তিজনক মুকলি কৰি দিবলৈ একাংশ সমৰ্থকে ১২ ছেপ্টেম্বৰ, ২০১৯ৰ দুপৰিয়া ডিব্ৰুগড় সদৰ থানা ঘেৰাও কৰে।

আজাদ খানৰ মুক্তিৰ দাবীত ডিব্ৰুগড়ত ১২ ছেপ্টেম্বৰ, ২০১৯ত সদৰ থানা ঘেৰাও কৰা এক দৃশ্য

ৰাজপথত সন্ত্ৰাস সৃষ্টি কৰি মুষ্টিমেয় কেইজনমান লোকে প্ৰদৰ্শন কৰা এনে উদ্ভণ্ডালিৰ বাবে নিশ্চয় এটা নিৰ্দিষ্ট সম্প্ৰদায় বা ধৰ্মাৱলম্বী লোক দায়ী হ'ব নোৱাৰে। মহৰমৰ নামত সেইদিনা ডিব্ৰুগড়ৰ ৰাজপথত যি কাণ্ড এই উদণ্ড যুৱকসকলে সংঘটিত কৰিলে, তাৰ বাবে সমান্তৰালভাৱে ডিব্ৰুগড় আৰক্ষী তথা প্ৰশাসনো দায়ী।

এই যুৱকৰ দলটোৱে ৰাজপথত হাতত চোকা তৰোৱাল লৈ শক্তি প্ৰদৰ্শন কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে। আৰক্ষীৰ সন্মুখতে তেওঁলোকৰ এই প্ৰদৰ্শন ধৰ্মীতা এখন গণতান্ত্ৰিক দেশত আন নাগৰিকসকলৰ জন-জীৱনত কেনে প্ৰভাৱ পৰিব পাৰে, সেই উপলব্ধি প্ৰথমেই প্রশাসন তথা আৰক্ষীয়ে নকৰিলে কিয়?

এনে সমদল বাহিৰ কৰিবলৈ আৰক্ষীয়ে যদি অনুমতি দিছিল, তেন্তে ইয়াৰ বাবে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা কিয় কৰা নহ'ল, সেই প্ৰশ্নৰ উত্তৰো ডিব্ৰুগড় আৰক্ষীয়ে দিব লাগিব। ৰাজপথত সেইদিনা অহা-যোৱা কৰা আন লোকসকলে কিমান শংকাত ভুগিছিল সেই দৃশ্য ইতিমধ্যে ৰাজহুৱা হৈছে।

তাজিয়াৰ নামত ডিব্ৰুগড়ৰ ৰাজপথত ক্ষতিগ্ৰস্ত কৰা দুখন বাহন।

তাজিয়াৰ নামত চহৰখনৰ এইচ এছ ৰোডত পাৰ্কিং কৰি থোৱা অৱস্থাত দীপজ্যোতি বসু আৰু প্ৰতিপল সিঙৰ দুখন বাহন ক্ষতিগ্ৰস্ত কৰিছিল উদণ্ড যুৱকৰ দলটোৱে। আৰক্ষীৰ মতে, তিনিখনকৈ বাহন এই দলটোৱে ক্ষতিসাধন কৰিছিল।

আৰক্ষী উপস্থিত থাকোতেই যুৱকৰ দলটোৰ এই আচৰণ কেনেকৈ সংঘটিত হ'ব পালে সেয়া মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ আৰক্ষী তথা প্রশাসনে দিবই লাগিব। দা-লাঠী বা তৰোৱাল লৈ দিন-দুপৰতে এনে ভাবুকিপূৰ্ণ আচৰণ আৰু ধৰ্মৰ পৰম্পৰা ৰক্ষাৰ নামত সংঘটিত কৰা এই অপৰাধ একেবাৰে সাধাৰণ অপৰাধ যেন বোধ নহয়। ইয়াৰ অন্তৰালত কোনো পক্ষৰ গোপন উদ্দেশ্য থকা কথাও নুই কৰিব নোৱাৰি।

অসম শংকৰ-আজানৰ দেশ। ধৰ্ম পৃথক হ'লেও, ভাতৃত্ববোধৰ সম্পৰ্কৰে হিন্দু, মুছলমান, শিখ, জৈন আদি সকলো ধৰ্মাৱলম্বী লোক একেলগে বসবাস কৰি আহিছে। ধৰ্মীয় চেতনা আৰু গোড়ামীৰ পৰা নিজক আঁতৰাই ৰাখি মানৱীয় প্ৰমূল্যবোধৰে আন্তৰিক আৰু আত্মীয়পূৰ্ণ সম্পৰ্কৰে বাস কৰা এই সমাজখনত তাজিয়াৰ দৰে এনে পৰম্পৰাৰ নামত এইবোৰ সংঘটিত কৰাটো কিমান বিপজ্জনক হ'ব পাৰে সেয়া সকলোৱে ভবা অৱকাশ আছে।

মুখত কাপোৰ বান্ধি এইবোৰ কি…

এই কাৰ্য সংঘটিত কৰা দলটোৰ একাংশই মুখত কাপোৰ বান্ধি এই উদ্ভণ্ডালি কৰি গৈছিল বিনা বাধাই। কিন্তু সেই লোকসকলে এবাৰো নাভাবিলে ইয়াৰ বাবে আন কোনোবা অসুবিধাৰ সন্মুখীন হ'ব পাৰে। বৰঞ্চ তেওঁলোকে তাজিয়াৰ নামত উদ্ভণ্ডালিৰ চূড়ান্ত সীমা অতিক্ৰম কৰিলে।

হজৰত মহম্মদৰ জোৱাই আছিল ইমাম আলী। তেওঁ চতুৰ্থ খালিফা হৈছিল। ইৰাকৰ কুফা নামৰ ঠাইত থকা এটা মছজিদত ৰাতিপুৱা নামাজ পঢ়োতে তেওঁক হত্যা কৰা হৈছিল। তেওঁৰ লগতে হত্যা কৰা হৈছিল তেওঁৰ পুত্ৰকো। এই হত্যাৰ কাৰণ আছিল ক্ষমতা।

সেই নিষ্ঠুৰ হত্যাকাণ্ড আৰু নিসংগতাক সুঁৱৰি তাজিয়া উৎসৱ উদযাপন কৰে ইছলাম ধৰ্মী লোকসকলে। ইয়াত হিংসাত্মক কাৰো-কাৰ্য আৰু উদ্ভণ্ডালি প্ৰদৰ্শনৰ স্থান ৰূপে বহুতে ভাবিলেও, ইয়াৰ ইতিহাস আচলতে এয়াহে। সেই ইমাম আলীৰ অনুগামীসকলক এতিয়া কোৱা হয় ছিয়া মুছলমান।

এই ছিয়া মুছলমানসকলেই মুলত পালন কৰে তাজিয়া। ছিয়া সকলক আৰ্থিক বা শিক্ষা-দিক্ষাত আন মুছলমান সকলতকৈ আগবঢ়া। সেয়েহে তেওঁলোক এক সংস্কাৰবাদী মনোভাৱৰ বুলি গণ্য কৰা হয়। কিন্তু তেনে এচাম লোকৰ পৰা এনে ঘটনা সূত্ৰপাত হোৱাত সকলোৱে আচৰতি হৈছে।

ডিব্ৰুগড়ৰ তাজিয়াৰ সময়ৰ এক দৃশ্য…

ছিয়া সম্প্ৰদায়ৰ মুছলমান সকলৰ গৰিষ্ঠ সংখ্যকেই বাস কৰে ইৰাণত। তাৰ পাছতেই ছিয়া মুছলমান সকলৰ সৰ্বাধিক বাসস্থান হ'ল ভাৰত। বিশ্বৰ বিভিন্ন প্ৰান্তত থকা ছিয়া লোকসকলে মহৰমৰ লগত সংগতি ৰাখি পালন কৰা তাজিয়া সমদলত এনে প্ৰায়ে অঘটন ঘটে।

এইবাৰো ইৰাকৰ কাৰৱালাৰ চহৰত তাজিয়া মিছিলত অংশ লোৱা ৩১ জন লোকৰ মৃত্যু ঘটিছিল। আহত হৈছিল ১০০ জনৰো অধিক। এই তাজিয়া উদযাপনৰ প্ৰকৃত অৰ্থৰ পৰা যেন বহু লোক আঁতৰি আহিছে। এক মৰ্মান্তিক দুখ আৰু শোকৰ স্মৰণৰ এই দিনটোৰ তাৎপৰ্য উপলব্ধি কৰাত ব্যৰ্থ হ'ল সেই উদণ্ড লোকসকল।

ডিব্ৰুগড়ৰ এই অবাঞ্চিত আৰু দুৰ্ভাগ্যজনক ঘটনাৰ পাছত যান-বাহন ক্ষতিগ্ৰস্ত কৰা লোক সকলৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল ক্ষতিগ্ৰস্ত এখন বাহনৰ গৰাকীয়ে। তাৰপাছতহে ডিব্ৰুগড় আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে বিভিন্ন মাধ্যমত পোৱা প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছিল।

ডিব্ৰুগড় সদৰ আৰক্ষী থানাত ১৫২৩/১৯ নম্বৰৰ এক গোচৰ ৰুজু হোৱাৰ পাছত প্রথমে ফুলকান হুছেইন আৰু পৰৱৰ্তী সময়ত আজাদ খান নামৰ লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এনে অভিযোগো উত্থাপন হৈছে যে- আজাদ খান নামৰ যিজন বয়োজ্যেষ্ঠ লোকক আটক কৰা হৈছে তেওঁ ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক।

তেওঁক মুকলি কৰি দিবলৈ দাবী জনাবলৈ যোৱা সমৰ্থকসকলৰ ভাষ্য- এই ব্যক্তিগৰাকী তাজিয়া কাণ্ডৰ সৈতে জড়িত নাছিল। ইফালে, আৰক্ষীয়ে এনে স্পৰ্শকাতৰ বিষয়ক লৈ অতি সাৱধানে খোজ দিব লগা হৈছে। মুখ্যমন্ত্ৰীৰ গৃহ জিলাত সংঘটিত এই তাজিয়াৰ নামত অতপালি প্ৰদৰ্শন কাণ্ডই অসমৰ সামাজিক আৰু ৰাজনৈতিক দিশতো কিছু ইংগিত বহন নকৰাকৈ থকা নাই।

ডিব্ৰুগড়ত সংঘটিত এই কাণ্ডক লৈ বিভিন্ন পক্ষই নিজস্ব ধৰণেৰে ঘটনাৰ আধাৰত কিছু ভুৱা খবৰ বিয়পোৱাৰো চেষ্টা চলাইছে। ছ'চিয়েল মিডিয়াত এখন ফটোৱে বিশেষ ভাৱে চৰ্চা লাভ কৰিছে। এই ফটোখনত এজন যুৱকে হাতত নাইন এম এম পিষ্টল লৈ আছে। একাংশই প্ৰচাৰ চলাইছিল সেই আলোকচিত্ৰ ডিব্ৰুগড়ৰ তাজিয়া সমদলৰ।

এই আলোকচিত্ৰ ডিব্ৰুগড়ৰ নহয়। ডিব্ৰুগড়ৰ বুলি চলিছে ভুৱা প্ৰচাৰ…

ডিব্ৰুগড় আৰক্ষীয়ে স্পষ্ট কৰি দিছে- সেই আলোকচিত্ৰ ডিব্ৰুগড়ৰ নহয়। এনে অপপ্ৰচাৰৰ বিৰুদ্ধেও ডিব্ৰুগড় আৰক্ষীয়ে ৰাইজক সচেতন কৰি দিছে। তাজিয়াৰ নামত সংঘটিত দুৰ্ভাগ্যজনক কাণ্ডই যাতে সাম্প্ৰদায়িক বিষবাষ্প আৰু মতানক্য যাতে সৃষ্টি কৰিব নোৱাৰে, সেই দিশত প্ৰশাসন তথা চৰকাৰে সকলো পক্ষকে আশ্বস্ত কৰিব পৰা এক পৰিৱেশ ৰচনা কৰাৰ সময় এয়া।

ডিব্ৰুগড়ৰ ৰাজপথৰ সেই উদ্ভণ্ডালিৰে জড়িত অপৰাধী সকলক শাস্তি প্ৰদান কৰাতো বাঞ্চনীয়। নহ'লে এনে প্ৰৱণতাই ভৱিষ্যতে সামাজিক আৰু সম্প্ৰীতিৰ প্ৰতি ভাবুকি হ'ব পৰা অন্য বহু ঘটনাৰ কাৰক হৈ পৰিব। সেয়েহে তাজিয়া কাণ্ডৰ এই উদ্ভণ্ডালিক জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে গৰিহণা কৰাৰ লগতে তেনে অপৰাধীক আইনগতভাৱে উচিত শাস্তি প্ৰদানৰ ক্ষেত্ৰত কাৰো দ্বিমত থাকিব নালাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in