৩ জনীয়া এটা অসমীয়া পৰিয়ালঃ দুজন আই পি এছ, এজন আই আৰ এছ…

৩ জনীয়া এটা অসমীয়া পৰিয়ালঃ দুজন আই পি এছ, এজন আই আৰ এছ…

মৃদুল কুমাৰ সন্দিকৈ

অক্টোবৰ, ২০১৯। পূজাৰ মণ্ডপত মানুহৰ ব্যস্ততা। কিছু সময়ৰ পাছতেই তাত অনুষ্ঠিত হোৱা কথা স্মৃতিগ্ৰন্থ উন্মোচনী সভা। তেতিয়া ৭.৩০ বাজিছিল নিশা। মহাসপ্তমীৰ ঢাক-ঢোল চৌদিশে। হঠাৎ এখন গাড়ী আহি ৰৈছিলহি নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিৰ মণ্ডপৰ সন্মুখত।

লগত অহানিৰাপত্তাৰক্ষীৰ গাড়ীখনত থকা আৰক্ষী জোৱানসকল নামি ৰৈ গ'ল। মণ্ডপৰ গেটেৰে আগবাঢ়ি আহিল তিনিজনলোক। তাৰে দুজন আছিল পৰিচিত। আন জনৰ সৈতে বিশেষ পৰিচয় নাছিল। কিছু সময় পাছতেই আৰম্ভহ'ল স্মৃতিগ্ৰন্থৰ উন্মোচনী পৰ্ব।

সেই স্মৃতিগ্ৰন্থৰউন্মোচনী অনুষ্ঠানলৈ আহিছিল তেওঁলোক। তেওঁলোক মানে এজন ২৬ বছৰীয়া যুৱক আৰু তেওঁৰপিতৃ-মাতৃ। উন্মোচনী সভা হৈ আছে তেতিয়াও। সেই যুৱকজনৰ পিতৃক নিমন্ত্ৰণ কৰি অনাহৈছিল নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিয়ে প্ৰকাশ কৰি উলিওৱাস্মৃতিগ্ৰন্থৰ উন্মোচনী সভালৈ। লগত আছিল আন কেইবাজনো বিশিষ্ট অতিথি।

উন্মোচনী অনুষ্ঠানহৈ থকা পূজা মণ্ডপৰ বিপৰীতে দিশত থকা চকীত বহি আছিল তেওঁ আৰু মাতৃ। হঠাৎ সেই পূজাৰ অন্যতম উদ্যোক্তা তথা ৰাজ্যৰ এগৰাকী জ্যেষ্ঠসাংবাদিক প্ৰকাশ মহন্ত দেৱে মাতি নি ক'লে- 'এই পৰিয়ালটোৰ বিষয়ে কিবা এটা কৰিবপাৰি। জানানে, এনে পৰিয়াল হয়তো অসমতে নাই।' তেখেতৰ কথাৰ পাছতহে পৰিয়ালটোক লৈ ভবাৰঅৱকাশ পাইছিলো।

যুৱকজনৰ পৰিচয় পোৱাৰ পাছতেই তেওঁৰ সৈতে কেইটামান কথা পাতিবলৈ তেওঁক অনুৰোধ কৰিলো। অত্যন্ত সৰল আৰু সাধাৰণভাৱে উন্মোচনী সভাত দৰ্শক হৈ বহি থকা যুৱকজনে সন্মতি জনালে।

অসুবিধা নহ'লে আমি কিছু কথা পাতিব পাৰিমনে…

পূজাৰ মণ্ডপততেতিয়া উন্মোচনী অনুষ্ঠান। আমন্ত্ৰিত অতিথিসকলে স্মৃতিগ্ৰন্থ উন্মোচন কৰি ভাষণপ্ৰদান কৰি আছিল। লাউড স্পীকাৰৰ অতিথিসকলৰ ভাষণে চৌদিশ ৰজনজনাই আছিল। তথাপিও আমি এই সুযোগ হেৰুৱাব নিবিচাৰিলো।

অসুবিধা বহুহৈছিল। কিন্তু সেইবোৰ আওকাণ কৰি তেওঁক লৈ আহিলো মণ্ডপৰ কিছু নিলগলৈ। তালৈকে ভাহিআহিছিল সেই সভাত বিশিষ্ট অতিথিসকলে দি থকা ভাষণ। সেইবোৰ উপেক্ষা কৰি আমি তেওঁৰসৈতে কথা পাতিবলৈ চেষ্টা কৰিলো।

প্ৰথমে এটা ঠাইত ৰৈ তেওঁক কিছু কথা সোধোতেই পথটোৰে পাৰ হৈ গ'ল এখন গাড়ী। গাড়ীখনত অহা আৰোহী জনে গাড়ীখন ৰখাই সুধিলে- 'এই ৰাস্তাৰে নুনমাটি ওলাব পাৰিমনে?' এই পৰিয়ালটো সঁচাই এক অসাধাৰণ পৰিয়াল। কিন্তু পৰিয়ালটোৰ প্ৰতিজন লোকেই অতি সাধাৰণ। তিনিজনীয়া এই পৰিয়ালটোৰ পিতা আৰু পুত্ৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া। আৰু মাতৃ ভাৰতীয় ৰেল সেৱাৰ।

এনে এটা পৰিয়ালক আৰু তিনিওজনকে একেলগে পোৱাতোৱেই আছিল আমাৰ বাবে সৌভাগ্য। যাৰ সৈতে আমি কথা পাতিছিলো তেওঁৰ নাম অৰণ্যক শইকীয়া। তেতিয়া তেওঁ হায়দৰাবাদত থকা চৰ্দাৰ বল্লভ ভাই পেটেল পুলিচ একাডেমীত প্ৰশিক্ষণ লৈ আছে।


চৰ্দাৰ বল্লভ ভাই পেটেল পুলিচ একাডেমীত প্ৰশিক্ষণ লৈ থকা অৰণ্যক শইকীয়া…

২০১৮বৰ্ষত অসমৰপৰা ১১গৰাকীয়ে ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈছিল । তাৰ ভিতৰত সৰ্বভাৰতীয়পৰ্যায়ত ১৪৮ সংখ্যক স্থানত এই পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় আৰক্ষী সেৱাত যোগ দিছিলঅৰণ্যকে।

২০১৭বৰ্ষতেই ইউ পিএছ চি পৰীক্ষাত অৱতীৰ্ণ হৈছিল অৰণ্যক। ইয়াৰ ফলাফল ঘোষণা কৰা হৈছিল ২০১৮ বৰ্ষত।তেওঁক দেখিলে কোনো কল্পনাই কৰিব নোৱাৰে সেই সময়ত এজন আই পি এছ বিষয়া এইদৰে বহিআছিল পূজা মণ্ডপত।

সেই অৰণ্যকৰ আছেআন এক পৰিচয়। তেওঁৰ পিতৃ এজন সুগল্পকাৰ তথা সাহিত্যিক। তেখেতৰ মাতৃও এগৰাকীপ্ৰতিষ্ঠিত লেখিকা। ভাৰতীয় আৰক্ষী সেৱাত কৰ্মৰত এই পৰিয়ালটোৰ তিনিওগৰাকী সদস্যইলিখা-মেলা কৰে।

অসমৰ স্থানীয় সংবাদমাধ্যমৰ লগতে ৰাষ্ট্ৰীয় সংবাদমাধ্যমতো অৰণ্যকে দীৰ্ঘদিন ধৰি লেখা-মেলা কৰি আহিছে। বিশেষকৈ অৰ্থনীতি বিষয়ত অৰণ্যকৰ আছে বিশেষ দখল। ইফালে, তেওঁৰ পিতৃ অসমৰ এগৰাকী প্ৰতিষ্ঠিত গল্পকাৰ। ভাৰতীয় আৰক্ষী সেৱাত অৰণ্যকৰ পিতৃয়ে যোগ দিছিল ১৯৮৫চনতেই । কথা, সাহিত্য একাডেমী আদি সন্মানেৰে তেওঁৰ পিতৃ সন্মানিত।

অৰণ্যকৰ এটা লেখা…

ডি এন এ-কে আদিকৰি ৰাষ্ট্ৰীয় সংবাদমাধ্যমতো অৰণ্যকে বহু তথ্য সম্পন্ন লেখা মেলা লিখি আহিছে।সৃষ্টিশীল সাহিত্যৰ প্ৰতিও অৰণ্যকৰ আছে বিশেষ টান। পৰিয়ালটোৰ তিনিওজন সদস্যৰ দুজনভাৰতীয় আৰক্ষী সেৱাৰ আৰু এগৰাকী ভাৰতীয় ৰেল সেৱাৰ বিষয়া। দ্বিতীয়তে, তিনিওজনে অৰ্থাৎ পিতৃ-মাতৃ আৰু পুত্ৰসুলেখক।

অৰণ্যকৰ সৈতে আমিকথা পাতিবলৈ আৰম্ভ কৰিছিলো। অৰণ্যকৰ পৰা জানিব বিচাৰিছিলো কেতিয়া তেওঁ গুৱাহাটীলৈআহিলে? পূজাৰ বন্ধত অৰণ্যকে গুৱাহাটীলৈ অহাৰ কথাক'লে। দূৰৈৰ মাইকৰ শব্দত কিছুমান কথাবুজিবই নোৱাৰা হৈছিলো। কিন্তু আমি সেই পৰিৱেশতেই অৰণ্যকৰ সৈতে পাতি গ'লো মনৰ কথা।

পূজাত ঘৰলৈ আহিছেঅৰণ্যক। পিতৃক এই পূজাৰ মণ্ডপত স্মৃতিগ্ৰন্থ উন্মোচনঅনুষ্ঠানলৈ মাতিছিল। আৰু পিতৃৰ সৈতে আহিছে মাতৃ আৰু তেওঁ। অৰণ্যকৰ সৈতে কথা পাতিথাকোতেই তেওঁৰ ফোনটো বাজি আছিল। অৰণ্যকক ক'লো- 'আপুনি ফোনটো ধৰিলওঁক।' অৰণ্যকে ফোনটো ধৰিবলৈ লওঁতেই কাটি গ'ল। তেওঁৰ ম'বাইলৰ স্ক্ৰীণত ভাহি আহিছিল 'কুল বি এছ এন এল…'।

অতি আন্তৰিকতাৰ মাজেৰে এই পৰিয়ালটোৰ যে প্ৰতিজন সদস্য সমাজৰ প্ৰতি দায়ৱদ্ধশীল অৰণ্যকৰ লগত কথা পাতি বুজি উঠিলো। তেওঁ ফোনটো লগালে। পিতৃক ক'লে- 'মই বাহিৰত আছো।' আমি তেওঁক সুধিলো- 'দেউতাই ক'ত আছে খবৰ লৈছে নেকি?'

তেওঁ ক'লে- 'দেউতাই প্ৰায়ে মোৰ খবৰ ৰাখে। মই সন্মুখৰ পৰা উঠি আহিলো যে।তেওঁ ক'ত গৈছো খবৰ ল'লে।' এজন দায়িত্বশালী পিতৃৰ নমুনা এয়া। স্মৃতিগ্ৰন্থৰ সভাত বহিথাকিও সন্মুখত বহি থকা আই পি এছ পুত্ৰক হঠাৎ উঠি যোৱাত তেওঁ এইদৰে খবৰ ল'লে।

এই অৰণ্যক সৰুৰেপৰা আছিল অত্যন্ত মেধাৱী। ইউ পি এছ চি পৰীক্ষাত অৰণ্যকে অৱতীৰ্ণ হোৱা সময়ত তেওঁৰৰোল নম্বৰ আছিল – ০১০৭৩২৩। ২৪ বছৰতে আৰু প্ৰথমবাৰ এই পৰীক্ষাত অৱতীৰ্ণ হৈয়ে ১৪৮সংখ্য স্থান দখলেৰে ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰিবলৈ নিৰ্বাচিত হৈছিল অৰণ্যক।

দশম শ্ৰেণীৰ পৰীক্ষাত অৰণ্যকে ১০ চি জি পি এ-ৰে উত্তীৰ্ণ হৈছিল। গুৱাহাটীৰ ড'ন ব'স্কৰ পৰা বিজ্ঞান শাখাত ৯৮.২ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হৈছিল অৰণ্যক। তাৰপাছতেই অৰণ্যক গুচি গৈছিল দিল্লীলৈ। অৰ্থনীতিক বিষয় ৰূপে লৈ তেওঁ ৮৮ শতাংশ নম্বৰেৰে ছেইণ্ট ষ্টিফেন কলেজ দিল্লীৰ পৰা ২০১৫ বৰ্ষত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল।

সহপাঠীৰ সৈতে অৰণ্যক…

২০১৫ চনত স্নাতকডিগ্ৰী গ্ৰহণ কৰা অৰণ্যকে ২০১৭চনত দিল্লীৰ স্কুল অৱ ইক'নমিকছৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণকৰিছিল। সুগল্পকাল অৰণ্যকে ভাল পাই ফুটবল খেলি।বেডমিন্টন আৰু টেনিছো তেওঁৰ প্ৰিয়।

ইউ পি এছ চি পৰীক্ষাৰ বাবে অৰণ্যকে প্ৰাথমিক পৰীক্ষাত দুই-তিনি ঘণ্টাকৈ অধ্যয়ন কৰিছিল। অৱশ্যে মুল পৰীক্ষাত তেওঁ তিনি-চাৰি ঘণ্টাকৈ অধ্যয়ন কৰিছিল। ২০১৮চনৰ ২৭ এপ্ৰিলত ঘোষণা কৰা হৈছিল ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। সেই সময়ত দিল্লীৰ স্কুল অৱ ইক'নিকছত অৰণ্যকে এম.ফিল কৰি আছিল।

৫ বছৰ বয়সৰ পৰাইঅৰণ্যকে বাতৰি কাকত পঢ়িছিল। অৰণ্যকক সুধিছিলো- তেওঁৰ এই সফলতাৰ বিষয়ে। তেওঁৰপিতৃ-মাতৃয়ে তেওঁৰ জীৱনৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছিল সেই কথা অৰণ্যকৰ পৰাজানিবলৈ বিচাৰিছিলো। গাড়ীবোৰ মাজে মাজে সেই পথটোৰে অতিক্ৰম কৰোতে আমাক বাধাদিছিল। দূৰৈত পূজা মণ্ডপৰ পৰা ভাহি অহা শব্দবোৰে আমাকআমনি কৰিছিল।

তেওঁক সুধিছিলো-তেওঁৰ মাতৃয়ে নিয়মীয়াকৈ লিখে। সেইবোৰ লিখা পঢ়া হয়নে? অৰণ্যকে কৈছিল- তেওঁ কিছুদিন বাহিৰতেআছে। 'প্ৰতিদিন' কাকতখন তেওঁ চায়। ৰাজ্যখনত কি হৈ আছে। মাতৃৰ লেখাবোৰ তেওঁ ভালদৰে পঢ়িবলৈআজৰিয়ে পোৱা নাই। অত্যন্ত বিনয় এইগৰাকী আই পি এছ বিষয়া।তেওঁৰ সহজ-সৰলতাৰ মাজতেই ফুটি উঠে কিমান সংস্কাৰতেওঁৰ ঘৰখন। এটা অসমীয়া পৰিয়াল, য'ত তিনিজন সদস্য। তাৰে দুজন আই পি এছ আৰু এজন আইআৰ এছ। সঁচাকৈ গৌৰৱ নহয়নে এনে অসমীয়া পৰিয়ালক লৈ…।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in