কি কৰিব দিল্লীয়ে? বুকুৰ তেজেৰে লিখিছো আই তোৰেই নাম…

কি কৰিব দিল্লীয়ে? বুকুৰ তেজেৰে লিখিছো আই তোৰেই নাম…

♦ মৃদুল কুমাৰ সন্দিকৈ

'কাৰোবাক দেখুৱাবলৈ মই তেনে কৰা নাছিলো। ৰাতিপুৱাই দোকানলৈ গৈ ব্লেড এখন কিনি লৈছিলো। ঘৰৰ পৰা আহোতে মই সাজু হৈ আহিছিলো। মোৰ সতীৰ্থ, সেই সময়ত তাত উপস্থিত থকা সংবাদমাধ্যমৰ লোক কোনেও মোৰ সিদ্ধান্তৰ কথা জনা নাছিল…' ঘনকান্ত গোঁহায়ে কৈ গৈছিল এই কথা।

১৯৮০চনৰ ২৫ এপ্ৰিল। চানমাৰিৰ ৰাজপথতো এনে এক ঘটনাই ঘটিছিল। মঙলদৈৰ কলাইগাঁৱৰ পৰা তেওঁ প্ৰতিবাদ কৰিব আহিছিল। হঠাৎ জাতিৰ প্ৰেমে তেওঁৰ মনত এনেদৰে জাগ্ৰিত হ'ল যে, বুকুৰ তেজেৰে চানমাৰিৰ ৰাজপথত দুলাল শৰ্মা নামৰ প্ৰতিবাদকাৰীজনে লিখি দিলে 'তেজ দিম, তেল নিদিওঁ'।

অসম আন্দোলনৰ সেই ঘটনাই বহুতকে এই আন্দোলনত জঁপিয়াই পৰিবলৈ প্ৰেৰণা দিছিল। জাতিৰ বাবে ইয়াতকৈ প্ৰেমৰ আৰু নিদৰ্শন কি হ'ব পাৰে? চানমাৰিত এজন তেজাল অসমীয়া যুৱকে বুকু ফালি তেজেৰে 'তেজ দিম, তেল নিদিওঁ' বুলি লিখি দিয়া সেই বাক্যশাৰী শ্ল'গান হৈছিল। মানুহৰ মুখে মুখে বাগৰি সেয়া আন্দোলনৰ সময়ত প্ৰতিবাদকাৰীয়ে দিয়া অন্যতম প্ৰতিবাদৰ ভাষা হৈ পৰিছিল।

দুলাল শৰ্মা এতিয়া নাই। তেওঁ মান্দাকাটাৰ কৃষ্ণা শৰ্মা নামৰ এগৰাকী যুৱতীক বিয়া পাতিছিল। এতিয়া তাতেই থাকে তেওঁ। দুলাল শৰ্মাৰ নাম চৰ্চা নহ'লেও, অসম আন্দোলনৰ কথা আহিলে চৰ্চা হয় তেতিয়াৰ সেই যুৱকজনে লিখি দিয়া 'তেজ দিম, তেল নিদিওঁ' সেই বাক্যশাৰী।

৮ জানুৱাৰী, ২০১৯। প্ৰায় ৪ দশকৰ পাছত ৰাজপথত আন এজন যুৱকে একেই পন্থাৰে হঠাৎ লিখি দিলে প্ৰতিবাদৰ ভাষা। সেই সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰাৰ বাবে প্ৰায় সাজু আছিল মোডী চৰকাৰ। তাৰ কেই ঘন্টা মানৰ পাছতেই গৃহমন্ত্ৰী ৰাজনাথ সিঙে এই বিধেয়ক উত্থাপন কৰিলে। গৃহীত হ'ল লোকসভাত।

'ককাইদেউ, মই জাতিৰ বাবে কি দিব পাৰিছো ডাঙৰ কথা নহয়, জাতিটোক মই ভাল পাওঁ। মই মনে-প্ৰাণে বিচাৰো আমাৰ জাতীয় নায়ক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা এটা কৰক…।'- এই আহ্বানেৰে তেওঁ পুনৰ আৱেগিক লৈ পৰিছিল। তেওঁৰ এটাই কথা- সংখ্যাই জাতি ডাঙৰ নকৰে, জাতি সমৃদ্ধ কৰে জাতীয়তাবাদৰ হকে ডেকাই দিয়া হিয়াৰ ৰঙালী তেজেৰে।

সেয়াই হ'ল ৮ জানুৱাৰীত। ভোগপুৰ চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল তেওঁলোকে। হঠাৎ ৰাজপথত বহি পুৱাই ঘৰৰ পৰা ওলাই আহোতে জেপত লৈ অহা নতুন ব্লেডখনেৰে চাৰ্টটো খুলি বুকুৰ সোঁফালে এটা প্ৰচণ্ড আঁচোৰ মাৰিলে। ফিৰফিৰাই বাহিৰ হ'ল পালোৱান অসমীয়া ডেকাৰ তেজ। দেশ মাতৃৰ হকেই যেন এই ৰক্তদান।

প্ৰতিবাদৰ সত্তাক বিশ্বাস নকৰা, প্ৰতিবাদী ভাষা নুবুজা সেইসকলক বুকুৰ তেজেৰে লিখি দেখুৱালে মনৰ ভিতৰত কি জুই জ্বলিছে তেওঁৰ। আৱেগ আৰু দৃঢ়তাৰ সমান্তৰালভাৱে অসমীয়া পালোৱান ডেকাৰ বুকু ভেদি ওলোৱা তেজেৰে লিখা হ'ল 'আমাক নাগৰিকত্ব সংশোধনী বিধেয়ক নালাগে।'

কিন্তু ক'ত বুজি পাই তেওঁলোকে এই কথা! দিল্লীত অসমীয়া যুৱক নাঙঠ হ'ল। ৰাজপথত অসমীয়াই প্ৰতিবাদত নামিলে। লিখক-গায়ক, বুদ্ধিজীৱি সকলোৱে প্ৰতিবাদ কৰিলে। আৰু এজন পালোৱান অসমীয়া যুৱকে হিয়াৰ ৰঙালী তেজেৰে লিখি দিয়া এই প্ৰতিবাদৰ মূল্য নুবুজিলে খোদ জাতীয় নায়কে।

যুৱকজনৰ ঘৰ ভোগপুৰৰ ভোলাবৰীত। তেওঁ খেৰাজ-খাট পিচলা টাই আহোম যুৱ পৰিষদৰ সভাপতি। জাতিধ্বংসী এই বিধেয়কখনৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ সাব্যস্ত কৰাৰ দিনাই লোকসভাত এই বিধেয়ক গৃহীত হৈ গ'ল। ইমান দিনৰ চিঞৰ-বাখৰ 'চিঞৰে'ই হৈ ৰ'ল। কৰিম বুলি কৰা কামটো মোডী চৰকাৰে কৰিলে।

এই বিধেয়কৰ বিৰুদ্ধে ৮ জানুৱাৰীত অসম বন্ধৰো আহ্বান দিয়া হৈছিল। কেৱল অসম বন্ধই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠনেও পৃথক পৃথককৈ বন্ধৰ আহ্বান জনাইছিল। দীৰ্ঘদিন ধৰি বিধেয়কখনৰ বিৰুদ্ধে দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। কিন্তু সেই প্ৰতিবাদৰ প্ৰতি ভ্ৰূক্ষেপেই নকৰিলে মোডী চৰকাৰে। আনহে নালাগে, শেষ হোৱা ৰাজ্যসভাৰ অধিবেশন এদিন বৃদ্ধি কৰি ৯ জানুৱাৰীত এই বিধেয়ক গৃহীত কৰিবলৈ সাজু হ'ল মোডী বাহিনী।

অসম আন্দোলনৰ সময়ত বিৰাজ কৰা পৰিবেশ আজি ৰাজ্যত। সেই সময়ৰ মুখ্যমন্ত্ৰীৰ দৰেই ভূমিকা সৰ্বানন্দ সোণোৱালৰ। অসম আৰু অসমীয়াৰ দাবীৰ প্ৰতি কাণ নিদিয়া এই চৰকাৰী পক্ষৰ বিৰুদ্ধে এতিয়া তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ বাদে আন বিকল্প নাই। কিহৰ স্বাৰ্থত বিদেশী সমস্যাৰে ভাৰাক্ৰান্ত এখন ৰাজ্যৰ ভৱিষ্যৎ বিপন্ন কৰি মোডী চৰকাৰে এই বিধেয়ক গাৰ জোৰেৰে আইনত পৰিণত কৰিবলৈ উঠি-পৰি লাগিছে সেয়া সকলোৱে বুজে। তেনে পক্ষক অসমীয়া প্ৰেমী নে অসমীয়াৰ ঘোৰ শত্ৰু বুলিব পাৰি তাক কাকো বুজাই ক'ব নালাগে।

'চূড়ান্ত দাম্ভিকতাৰে ভাৰতীয় তথাকথিত পাৰ্লিয়ামেন্টত তথাকথিত যিখন চিটিজেনশ্বীপ এমেন্ডমেন্ট বিল যি দাম্ভিকতাৰে পাছ কৰাই ল'লে, কেনেকৈ কি ধৰণে অসমীয়া বা থলগিৰি মানুহক যোৱা ৭০ টা বছৰ বাদেই আজি আকৌ একেধৰণে দমন কৰি আছে। তথাকথিত যিটো সংসদীয় ৰাজনীতি সেইটোক অসমৰ মানুহে প্ৰত্যাখান কৰিব লাগে। ইয়াক প্ৰত্যাখান কৰি অসম এটা বিকল্প চিন্তা কৰাৰ সময় আহি পৰিছে। মই সেইদিনাও কৈছিলো যে, অসমীয়া মানুহে ভাৰতীয় তথাকথিত ভাৰতীয় গণতন্ত্ৰৰ যোগেদি সংঘটিত পদ্ধতিৰে যিধৰণে নিৰ্বাচনবোৰ পাতে সেইবিলাক টোটেলি পাতিবলৈ দিব নালাগে। যিবিলাকে নিৰ্বাচন পাতিবলৈ বেছি উৎসাহী হয়, সেইবিলাকক আজি সকলোৱে অসমৰ জাতি-বৰ্ণ নিৰ্বিশেষে অসমৰ বৃহত্তৰ স্বাৰ্থত তেওঁলোকৰ বিৰুদ্ধে চল-বল-কৌশলেৰে এইবিলাক অপশক্তিক ৰোধ কৰিব লাগিব। এতিয়া সময় আহিছে, এতিয়া আমি কৈছো, অসমৰ মানুহক আহ্বান জনাইছো, আপোনালোকে সাজু হওঁক। অসমত পুনৰবাৰ শৰাইঘাটৰ ৰণ, এইবাৰ চুপতি মাৰিবলৈ নহয়…'- এয়া পৰেশ বৰুৱাৰ ভাষ্য ৮ জানুৱাৰী, ২০১৯ত। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পাছতেই আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই এই মন্তব্য কৰিলে।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কোনৰাড চাংমাই এই বিধেয়ক গৃহীত কৰাৰ পাছতেই ক্ষুণ্ণ হৈ বিজেপিৰ সংগ এৰাৰ ইংগিত দিলে। বিজেপিৰ সৈতে থাকিব নে নাথাকে সেই সন্দৰ্ভত এন পি পি নেতাগৰাকীয়ে ভৱিষ্যৎ কাৰ্যপন্থা সন্দৰ্ভত সিদ্ধান্ত ল'ব বুলি ঘোষণা কৰিলে। বিধেয়কখন গৃহীত কৰাতো দুৰ্ভাগ্যজনক আখ্যা দিলে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অথচ অসমৰ বাবে অধিক বিপদজনক হৈ পৰা এই বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পাছত মোডীক ধন্যবাদ দিবলৈ নাপাহৰিলে অসমৰ মুখ্যমন্ত্ৰী তথা জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে।

বিজেপিৰ এই অসমধ্বংসী অভিযানৰ সংগী হোৱা বিভীষণ সকলে এতিয়াও কৈ আছে- এই বিধেয়কখনে হেনো অসমৰ একো স্বাৰ্থত আঘাত নাহানে। সেইসকল নেতাই নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা চিন্তা কৰাৰ বাদে আন কথা চিন্তা কৰা নাই। তেওঁলোকৰ দৰে অ-পৰিপক্ক নহয় চুবুৰীয়া ৰাজ্যৰ নেতাসকল। ইমানৰ পাছতো তেওঁলোকে অসমৰ মানুহক কি বুলি বুজাবলৈ চেষ্টা কৰিছে?

মুখ্যমন্ত্ৰীয়ে ধন্যবাদ দিলে প্ৰধানমন্ত্ৰীক। আৰু সৰ্বানন্দ সোণোৱালে এতিয়াও বুজি পোৱা নাই যে, জাতিতকৈ ৰাজনীতিত ডাঙৰ হ'ব নোৱাৰে। জাতিক মাৰি, ভেটিক বিক্ৰী কৰি ৰাষ্ট্ৰীয় দলৰ ৰাজনৈতিক এজেণ্ডাৰ বলি হৈ মুখত খোপা দি থকা মুখ্যমন্ত্ৰীয়ে জাতি-মাটিৰ কথা নাভাবিলেও অসমৰ খিলঞ্জীয়া মানুহবোৰে এতিয়া বিপন্ন ভৱিষ্যতৰ কথা চিন্তা কৰি ভাবিবলৈ বাধ্য হৈছে- ভাৰত আমাৰ দেশমাতৃ নে শত্ৰু? দিল্লী আমাৰ ঘৰৰ নে পৰৰ? কোনো দূৰদৃষ্টি সম্পন্ন অসমীয়াই আজি সুখেৰে শুব নোৱাৰিব। অসমৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ আৰু দুৰ্বিহ দিনৰ সংকেত দিয়া ক'লা দিন এইটো।

বিদেশী সমস্যাৰে অসম ভাৰাক্ৰান্ত আছিল। খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অস্তিত্ব অসমৰ ভূমিতেই ধ্বংসৰ দিশলৈ গতি কৰিছিল। সেই বিশৃংসল পৰিৱেশ-পৰিস্থিতিত দিল্লীয়েই আছিল আমাৰ ভৰসা। থলুৱা লোকৰ ৰাজনৈতিক আৰু সামাজিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কিমান আহ্বান জনাইছিল আপোনালোকক। একো কথাই আপোনালোকে নুবুজিলে।

উত্তৰ-পূৰ্বাঞ্চলৰ এই ভূখণ্ডত ১৮২৬চনৰ আগলৈকে ভাৰতীয় উপ-মহাদেশৰ নাছিল। ইয়াণ্ডাবু সন্ধিৰ পাছতহে ভাৰতীয় উপ-মহাদেশৰ সংগ হৈছিল এই অঞ্চল। সিন্ধু, গংগা উপত্যকালৈ বাহিৰৰ পৰা প্ৰবাহিত মানুহৰ সোতৰ আগত সেই অঞ্চলৰ আদিবাসী লোকসকলে নতি স্বীকাৰ কৰিছিল। কিন্তু এই অঞ্চলৰ লোকসকলে থলুৱা বৈশিষ্টৰে জীৱন নিৰ্বাহ কৰিছিল।

ভাৰতীয় সভ্যতাই এটা ভাৰতীয় জাতি তেতিয়াও সৃষ্টি কৰিব পৰা নাছিল। পূৰ্বৰে পৰাই উত্তৰ-পূৰ্বাঞ্চলৰ মানুহক সিন্ধু-গংগা উপত্যকাৰ মানুহবোৰে কিৰাটৰ দেশ বুলি হাঁহিছিল। অসম আৰু উত্তৰ-পূবৰ প্ৰতি এই অৱজ্ঞা আজিৰ নহয়। ব্ৰিটিছ সাম্ৰাজ্যবাদৰ অগ্ৰাসনৰ সময়ত সাম্ৰাজ্য বিস্তাৰ আৰু শোষণৰ নীতিৰে এই অঞ্চলক ভাৰতত অন্তৰ্ভুক্ত কৰা হৈছিল।

১৮৭৬চনৰ পৰা ১৯০৫চনলৈকে অসমত কোনো বিধান-পৰিষদ নাছিল। এক সুকীয়া ৰাজ্যৰ মৰ্যাদা আছিল যদিও, সেয়া ১৯০৫চনৰ ১৬ অক্টোবৰত অন্ত পৰিছিল। পূব বংগ আৰু অসমক একেলগ কৰি দিয়া হৈছিল। ঢাকাত পতা হৈছিল মুখ্য কাৰ্যালয়। পুনৰ ১৯১২চনৰ ১ এপ্ৰিলত অসম আৰু পূব বংগৰ চিলেট জিলা লগ লগাই চীফ কমিশ্যনাৰ ৰাজ্য গঠন কৰা হৈছিল। তেনে বহু প্ৰত্যাহ্বান অসমে ভোগ কৰিবলগীয়া হৈছিল।

গোপীনাথ বৰদলৈ নথকা হ'লে অসম বাংলাদেশৰ অধীনলৈ গুচি গ'লহৈ। ১৮২৬চনৰ পৰা ১৯২১চনলৈকে অসমৰ খিলঞ্জীয়া  জনগণক কেৱল বঞ্চনা আৰু লাঞ্চনা কৰা হ'ল। তাৰ কাৰণ আছিল- এই খিলঞ্জীয়া লোকৰ সংখ্যা নামমাত্ৰ, তেওঁলোক আছিল প্ৰায় অশিক্ষিত আৰু তেওঁলোকক আগুৰি থকা মানুহখিনি আছিল গৰিষ্ঠ।

১৯৩৭চনৰ পৰা অসম ৰাজ্যপাল শাসিত ৰাজ্য হৈছিল। বংগৰ লগত সাঙুৰি ৰখা সময়তে অসম আৰু অসমীয়াৰ ক্ৰমশ ঠন ধৰি উঠা জাতীয়তাবাদৰ পুলিটো ম্লান পৰিছিল। মোগলে আক্ৰমণ কৰা সময়তো অসমৰ বীৰ পুৰুষ লাচিতে শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰি অসমৰ স্বাধীনতা ৰক্ষা কৰিছিল। ১৮১৮ৰ পৰা  ১৮২৬লৈ মানে কেইবাবাৰো আক্ৰমণ কৰি অসমৰ ভেটি থৰক-বৰক কৰিছিল।

ব্ৰিটিছৰ অগ্ৰাসনৰ ফলত নগা পাহাৰৰ বহু অঞ্চল মণিপুৰৰ কুবাউ উপত্যকা, মিজোৰ চীন পাহাৰ ব্ৰহ্মদেশত অন্তৰ্ভুক্ত হৈছিল। অসমৰ খিলঞ্জীয়া বাসিন্দাৰ আবাসস্থলী কোচবিহাৰ পশ্চিমবংগক জাপি দিয়া হ'ল। চিট্টাগং পাহাৰীয়া অঞ্চলৰ পূব পাকিস্তানক দি দিলে। এইবোৰ ঐতিহাসিক ভুল আছিল। ব্ৰিটিছসকলে খিলঞ্জীয়াক শাসন কৰাৰ সময়ত অসমৰ ভৈয়াম অঞ্চলৰ খিলঞ্জীয়া বাসিন্দাই ব্ৰিটিছৰ বিৰুদ্ধাচৰণ কৰিছিল। পাহাৰীয়া অঞ্চলতো সেই বিৰোধিতাৰ অগ্নি জ্বলিছিল।

অসমৰ নগৰাঞ্চলৰ জনগাঁথনি পৰিৱৰ্তনে খিলঞ্জীয়া জনসাধাৰণৰ চৰিত্ৰ সলনি কৰিছিল দিছিল। এই অঞ্চলটোৰ অৰ্থনীতি কেতিয়াও মুদ্ৰা অৰ্থনীতি নাছিল। কৃষি আৰু কুটীৰ শিল্পৰ ওপৰত নিৰ্ভৰশীল আছিল অঞ্চলটোৰ অৰ্থনীতি। বঙালী ভাষাক ৰাজ্য ভাষা আৰু শিক্ষাৰ মাধ্যম হিচাপে ব্ৰিটিছে সিদ্ধান্ত লৈছিল। অসমীয়া ভাষাক এইদৰে অবজ্ঞা কৰি খিলঞ্জীয়া লোকসকলৰ বিৰুদ্ধে তেতিয়াৰ পৰাই ষড়যন্ত্ৰ চলিছিল।

ব্ৰিটিছ শাসনৰ সমাপ্তি ঘটিল। তাৰপাছত দিল্লীৰ শাসন চলিল। উত্তৰ-পূবৰ প্ৰতি দিল্লীৰ চকু কেতিয়াও নপৰিল। দিল্লী বহু দূৰ হৈয়ে থাকিল। এই অঞ্চলৰ ৰাইজৰ আৱেগ-অনুভূতিক দিল্লীৰ শাসকসকলে হৃদয়ংগম কৰিবলৈ নিশিকিলে। সেই প্ৰমাণ এইবাৰো দিলে।

দেশ বিভাজনৰ সময়ত অসমক কোৱা হৈছিল ৩১ মাৰ্চ, ১৯৫৮ৰ ভিতৰত ৯০হাজাৰ পৰিয়ালক সংস্থাপন দিব লাগিব। স্বাধীন ভাৰতত পতিপত্তিৰ ৰাজনীতিত খৰ্ব হোৱা খিলঞ্জীয়াৰ অধিকাৰৰ প্ৰতি কোনো দিনেই কাণ নিদিলে চৰকাৰে। স্বাধীনতাই আচলতে খিলঞ্জীয়া লোকসকলৰ বাবে নিৰাশাৰ বতৰা কঢ়িয়াই আনিলে। ১৯৫৫চনত গৃহীত হোৱা নাগৰিকত্ব আইন যোগে বহু ভাৰতীয় নাগৰিকক নাগৰিকত্ব প্ৰদান কৰা হ'ল। তাৰ আধাৰতেই ১৯৬৪চনৰ ১জুলাই আৰু ১৯৬৫চনৰ ১ এপ্ৰিলৰ ভিতৰত অতিৰিক্ত ১২হাজাৰ পৰিয়াল অসমত সংস্থাপিত কৰা হৈছিল।

সেই সময়ত পঞ্জীয়নভুক্ত ৫২.১৪ লাখ ভগনীয়াৰ ভিতৰত ৭.৬ লাখ মানুহক অসমত সংস্থাপন কৰা হৈছিল। এয়া অসমৰ প্ৰতি কেনে বিচাৰ আছিল? অসমক বাৰে বাৰে কিয় দিল্লীয়ে এনেবোৰ দিশত কোনো গুৰুত্ব নিদিয়ে। অসমৰ অনুন্নত আন্তঃগাঁথনি, উদ্যোগ আৰু অৰ্থনীতি বিকাশৰ দুৰ্বল গতি, অনুপ্ৰৱেশৰ সমস্যা আদিক কেতিয়াও ৰাষ্ট্ৰই সমাধানৰ দৃষ্টিৰে চোৱা নাই। প্ৰতিবাৰেই অসমৰ ক্ষেত্ৰত বহিঃৰাগতৰ বহিষ্কাৰ, আন্তনিয়ন্ত্ৰণৰ অধিকাৰৰ দাবী উত্থাপন হ'লেই চৰকাৰে সেই দাবীৰ প্ৰতি অনীহা ব্যক্ত কৰি আহিছে।

সেই বঞ্ছনা আৰু অনিহাৰৰ উত্তৰ দিবলৈ অসম আৰু অসমীয়া সাজু হোৱাৰ সময় এয়া। নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসম তথা উত্তৰপূবৰ জনগাঁথনিৰ কি পৰিৱৰ্তন হ'ব পাৰে, সেয়া অসমৰ ৰাইজে ইতিমধ্যে অভিজ্ঞতাৰ পৰা বুজি উঠিছে। তাৰপাছতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নীৰৱ দৰ্শক হৈ সকলো সহ্য কৰি গৈছে। হাত চাপৰি বজাই মোডীক সমৰ্থন জনাইছে।

ৰাইজৰ প্ৰতিবাদ আৰু প্ৰতিবাদী সত্তাক যদি দুৰ্বল বুলি ভাবিছে, তেন্তে এনে পৰিৱেশত দ্বিতীয়খন শৰাইঘাটৰ যুদ্ধৰ বাবে অসমীয়া সাজু হোৱাৰ বাদে কোনো বিকল্প নাথাকিব। 'আছে হেনদাং লোৱা নাই, ল'লে হেনদাং ৰক্ষা নাই'- এই বাক্যশাৰী এতিয়া ৰাইজে অনুভৱ কৰিছে। পূৰ্বতেও দিল্লীৰ বহু ষড়যন্ত্ৰ অসমৰ ৰাইজে ওফৰাইছে। সন্মিলিত সেই মহাসংগ্ৰামৰ পাতনি চলা সময়তে ৬টাকৈ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়াৰ নামত কেন্দ্ৰই অসংবিধানিকভাৱে কৰা ঘোষণাই মুহূৰ্তৰ বাবে জাতীয় দল-সংগঠনৰ মাজত বিভাজনৰ বীজ ৰোপন কৰিলেও চৰকাৰৰ এনে ঘোষণাৰ উদ্দেশ্য বহুতে বুজি পাইছে।

অসমীয়া যুৱক নাঙঠ হৈছে জাতিৰ বাবে। অসমীয়া যুৱকে বুকুৰ তেজেৰে প্ৰতিবাদ কৰিছে জাতিৰ হকে। আৰু তাৰ মাজতেই এচামে ঘৰৰ বিভীষণ হৈ অসমীয়া জাতিক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত হাত উজান দিছে। সেই সকলে চকুত ক'লা কাপোৰ বান্ধি ধৃতৰাষ্ট্ৰৰ ভাও জুৰিছে। কিন্তু জাতীয় প্ৰশ্নত ৰাইজ মাৰবান্ধি ওলাই আহিলে কোনো মোডী বা সোণোৱালে অসম-অসমীয়াক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ সফল হ'ব নোৱাৰে।

বিধেয়ক লোকসভাত গৃহীত হ'ল। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চিঞৰ-বাখৰ অথলে গ'ল। জাতীয় নায়ক মুখ্যমন্ত্ৰীৰ জাতি-মাটি-ভেটিৰ শ্ল'গান মিছা হৈ গ'ল। কিন্তু মোগলক পৰাস্ত কৰি স্বাধীনতা ৰক্ষা কৰা লাচিতৰ দৰে বহু অসমীয়া পালোৱান ডেকা সজাগ হ'ল। ইয়াৰ পাছত জাতীয় অস্তিত্ব ৰক্ষাৰ এই সংগ্ৰাম শৰাইঘাটৰ ৰণ সদৃশেই হৈ গ'ল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in