অসমীয়াই নামানে হাৰ…

অসমীয়াই নামানে হাৰ…

ৰাজৰ্ষি চহৰীয়া

ৰাজ্যত অব্যাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ। অসমৰ বিভিন্ন দল-সংগঠন, সচেতন ৰাইজ তথা ছাত্ৰ সমাজৰ প্ৰতিবাদী ভাষাক আওকাণ কৰি বিজেপি চৰকাৰে ১০ জানুৱাৰী, ২০২০ৰ নিশা এই জাতিধ্বংসী আইনখন দেশজুৰি বলবৎ কৰে।

আইনখন বলবৎ হোৱাৰ পাছৰে পৰা অসমত অধিক তীব্ৰ হৈ পৰিছে 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ। ৰাইজে এই আইনখন বাতিল কৰাৰ দাবীত স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই অহাৰ লগতে নৱবৰ্ষত বনভোজৰ আনন্দ-উৎসাহৰ পৰাও আঁতৰি থকা দেখা গৈছে। কিন্তু অসমবাসী বা খিলঞ্জীয়া লোকৰ এই আৱেগ-অনুভূতিক ভৰিৰে মোহাৰিয়েই যেন চৰকাৰখনে কাৰ্যকৰী কৰিলে এই আইনখন। যাৰ ফলত অধিক ক্ষোভত ফাটি পৰিছে অসমৰ ৰাইজ।

নৱবৰ্ষ বা বনভোজ বুলিয়েই নহয়, ভোগৰ বিহু ভোগালীক লৈও দেখা পোৱা হোৱা নাই কোনো ধৰণৰ বিশেষ উচাহ। ৰাজ্যৰ নগৰ-চহৰবাসী বা গাঁওবাসী কতোৱেই দেখিবলৈ পোৱা হোৱা নাই উৎসৱমুখৰ পৰিৱেশ। ইয়াৰোপৰি ইয়াৰ প্ৰভাৱ পৰিছে বিহু কেন্দ্ৰিক বজাৰ তথা থলুৱা ব্যৱসায়ীসকলৰ ওপৰতো।

ইফালে, বিহু উপলক্ষেঅনুষ্ঠিত হ'ব লগা সাংস্কৃতি অনুষ্ঠানো দেখিবলৈ পোৱা নাই। কিয়নো এই জাতিধ্বংসীআইনখনৰ বিৰুদ্ধে ৰাজ্যৰ শিল্পী সমাজেও তীব্ৰ আন্দোলন অব্যাহত ৰাখিছে।

তথাপিও ঠায়ে ঠায়ে ভেলাঘৰ-মেজি সাজিছে যদিও, এয়া কেৱল পৰম্পৰা ৰক্ষাৰ বাবে নহয়। মেজি-ভেলাঘৰ দাহকো এক প্ৰতিবাদী কাৰ্যসূচী হিচাপে লৈছে ৰাজ্যবাসীয়ে। নাগৰিকত্ব সংশোধনী আইনখনৰ প্ৰতিলিপি দাহ কৰিয়েই যেন চৰকাৰক এই জাতিধ্বংসী আইনখনৰ বাতিলৰ কৰাৰ দাবী জনোৱাৰ লগতে জাতিটোৰ ওপৰত দেখা দিয়া এই শংকা তথা সংকটৰ সময়খিনি দূৰ কৰিবলৈয়ে মেজি ভোগালী বিহুৰ পুৱাই মেজি জ্বলাবলৈ সাজু হৈছে ৰাজ্যবাসী।

উল্লেখ্য যে, ৫ জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ টি-২০ শৃংখলাৰ প্রথমখন মেচ অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু বৰষুণৰ বাবে সেই মেচ বাতিল কৰা হয়। সেই মেচখন বাতিল হ'ল যদিও, ষ্টেডিয়ামতেই এনে কিছু ঘটনা সংঘটিত হ'ল যি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

হেয়াৰ ড্ৰায়াৰেৰে ফিল্ড শুকাবলৈ চেষ্টা কৰাৰ লগতে ষ্টেডিয়ামৰ ডিজিটেল মণিটৰত মুখ্যমন্ত্ৰী সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাক দেখাৰ পাছতেই একাংশ দৰ্শকে 'বিজেপি চৰকাৰ গ' বেক, সৰ্বানন্দ মুৰ্দাবাদা, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, জয়ন্ত মল্ল মুৰ্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হ'ল। ষ্টেডিয়ামত ভালে সংখ্যক দৰ্শকে মেচখন চাবলৈ গৈছিল যদিও, ইয়াকো যেন এক 'কা' বিৰোধী প্ৰতিবাদী কাৰ্যসূচী হিচাপেই ল'লে অসমৰ ৰাইজে।

এই সকলোবোৰৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হৈছে খেল' ইণ্ডিয়া য়ুথ গেমছ-২০২০। নাগৰিকত্ব সংশোধনী আইন দেশজুৰি বলবৎ কৰা অৰ্থাৎ ১০ জানুৱাৰী, ২০২০ৰ পৰা আৰম্ভ হৈছে খেল' ইণ্ডিয়া য়ুথ গেমছ।

খেল' ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্ৰী মোডীয়ে অংশগ্ৰহণ কৰা কথা আছিল যদিও, তেওঁ এই অনুষ্ঠানত অংশগ্ৰহণ নকৰে। আনুষ্ঠানিকভাৱে কোনো কথা নক'লেও অনানুষ্ঠানিকভাৱে আয়োজক সকলক প্রধানমন্ত্ৰী কাৰ্যালয়ে জানিবলৈ দিয়ে এই অনুষ্ঠান অংশগ্ৰহণ নকৰে প্ৰধানমন্ত্ৰী মোডীয়ে। এটা ৰাষ্ট্ৰীয় সংবাদমাধ্যমক এই বিষয়ে সদৰী কৰিছিল খেল' ইণ্ডিয়া গেমছৰ মুখ্য কাৰ্যবাহী বিষয়া অবিনাশ যোশীয়ে।

ৰাজ্যত আছুকে ধৰি শিল্পী তথা বিভিন্ন দল-সংগঠনে নাগৰিকত্ব সংশোধনী আইনৰবিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদৰ ৰূপ দেখি বাতিল কৰা হৈছিল প্ৰধানমন্ত্ৰীৰএই ভ্ৰমণসূচী। অসমৰ প্ৰতিবাদকাৰী জাতীয় দল-সংগঠনে ঘোষণা কৰিছিল যে এইঅনুষ্ঠানত যোগ দিবলৈ প্ৰধানমন্ত্ৰী মোডী আহিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যাপকপ্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব।

তদুপৰি, খেল' ইণ্ডিয়া য়ুথ গেমছ ২০২০ক লৈ অসমৰ ৰাইজৰ উৎসাহ-উদ্দীপনা মুঠেও দেখা পোৱা হোৱা নাই। এই খেলখনক লৈ ৰাজ্যৰ দৰ্শকে কোনো সঁহাৰি দেখোৱা নাই। কিয়নো ৰাজ্যৰ থলুৱা তথা খিলঞ্জীয়া লোকসকলে এতিয়া এক অনিশ্চিত ভৱিষ্যৎ, শংকা আৰু হতাশাত ভোগী আছে।

কিন্তু তাৰ মাজতেই খেল' ইণ্ডিয়া য়ুথ গেমছত সুন্দৰ প্ৰদৰ্শনেৰে অসমৰ খেলুৱৈয়েপদক অৰ্জন কৰা খবৰে ৰাইজক কিছু পৰিমানে হ'লেও আনন্দিত কৰিছে। নৱবৰ্ষ উদযাপন, বনভোজবা বিহুক লৈ আনন্দ-উৎসাহ নাই যদিও, এই সফল খেলুৱৈসকলৰ পদক অৰ্জনে কিছু আশাৰ পোহৰদেখুৱাইছে।

উল্লেখযোগ্য যে, ১০ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা খেল' ইণ্ডিয়া য়ুথ গেমছ ২০২০ত অসমৰ হৈ প্ৰথমটো পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল উপাশা তালুকদাৰে। জিমনাষ্টিকত ব্ৰঞ্জৰ পদক দখল কৰি অসমবাসীক গৌৰাৱান্বিত কৰে। আৰু এই পদকটোৱে আছিল খেলখনত অসমৰ খেলুৱৈয়ে অৰ্জন কৰা প্ৰথমটো পদক।

তাৰপাছত গুৱাহাটীত অনুষ্ঠিত এই খেলখনতপ্রথমটো স্বৰ্ণ পদক অসমৰ বাবে কঢ়িয়াই আনিছিল পূজা বসুমতাৰীয়ে। জুডো খেলত স্বৰ্ণজয় কৰি পূজাই দেখুৱাই দিছিল যে অসমৰ নৱপ্ৰজন্ম প্ৰতিবাদৰ লগতে ক্ৰীড়াৰ দিশতো কোনোপধ্যেই কম নহয়।

ইফালে, নগাঁওজিলাৰ ৰহাৰ গংগোত্ৰী বৰদলৈয়ে সোমবাৰৰ দিনটোতে হাঁহি বিৰিঙালে ৰাজ্যবাসীৰ লগতেৰহাবাসীৰ মুখত। চাইক্লিঙেৰে নিজৰ পাৰদৰ্শিতা ৰাজ্যবাসীৰ সন্মুখত তুলি ধৰিবলৈ সক্ষম হোৱাগংগোত্ৰীয়ে পুনৰ লাভ কৰিলে স্বৰ্ণ পদক। গুৱাহাটীত অনুষ্ঠিত হৈ থকা খেলো ইণ্ডিয়ায়ুথ গেমছত চাইক্লিঙত অসমক প্ৰতিনিধিত্ব কৰি সোণৰ পদক বুটলিবলৈ সক্ষম হয় তেওঁ।

গংগোত্ৰীৰ সফলতাৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰহাৰ কটহগুৰিস্থিত গংগোত্ৰীৰ বাসগৃহত উখল মাখল পৰিবেশে বিৰাজ কৰিছে৷ আনহাতে গহপুৰৰ চয়নিকা গগৈয়ে ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হয়৷

কিন্তু ইয়াৰলগতে ৯ জানুৱাৰী, ২০২০ত অসমৰ এগৰাকী খেলুৱৈ হৈছিল আঘাতপ্ৰাপ্ত। আৰ্চাৰীৰ অনুশীলনৰসময়তে ডিঙিত কাঁড় লগাৰ ফলত গুৰুতৰভাৱে আহত হৈ দিল্লীৰ এইমছত ভৰ্তি কৰা হৈছিলডিব্ৰুগড়ৰ খেলুৱৈ শিৱাংগিনী গোঁহাইক। আৰু অৱশেষত সোমবাৰে অৰ্থাৎ ১৩ জানুৱাৰীত খেলুৱৈগৰাকীসুস্থ বুলি জনালে চিকিৎসকে।

খেল'ইণ্ডিয়াত অসমক গৌৰাৱান্বিত কৰা এই খেলুৱৈসকলেও অসমীয়া জাতিয়ে যে কেতিয়াও হাৰনামানে সেই কথাই প্ৰমাণ কৰিবলৈয়ে যেন উঠি পৰি লাগিছে। নৱপ্ৰজন্মইযেনেকৈ চৰকাৰখন বিৰোধী শ্ল'গান দি এই জাতিধ্বংসী আইনখনৰ বিৰুদ্ধে প্ৰতিবাদত নামিপৰিছে, ঠিক একেদৰেই ৰাজ্যৰ এই নৱপ্ৰজন্মৰ খেলুৱৈ সকলো প্ৰতিদ্বন্দ্বীক পৰাভূতকৰিবলৈ নামি পৰিছে খেলপথাৰত। কিয়নো অসমীয়া জাতিয়ে পূৰ্বেও হাৰ মনা নাছিল আৰুভৱিষ্যতলৈও হাৰ নামানে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in