এতিয়া আই চি ইউত! এদিন আহিব খবৰঃ বি এছ এন এল আৰু নাই…

এতিয়া আই চি ইউত! এদিন আহিব খবৰঃ বি এছ এন এল আৰু নাই…

মৃদুল কুমাৰ সন্দিকৈ

এটা সময় আছিল দেশৰ অন্যতম লাভদায়ক প্ৰতিষ্ঠানসমূহৰ ভিতৰত আছিল বি এছ এন এল। সম্পূৰ্ণ নাম ভাৰত সঞ্চাৰ নিগম লিমিটেড। লাভত চলি থকা এই কোম্পানীটোৰ কৰ্মচাৰী-বিষয়াসকলৰ আছিল বেচ আদৰ-সাদৰ।

বি এছ এন এলৰ এটা নম্বৰ বহুতৰ বাবে এসময়ত সপোন আছিল। ৯৪৩৫০….. নম্বৰৰ এটা ম'বাইল সংযোগ থকাতো ষ্টেটাছৰ ছীমব'ল ৰূপে লৈছিল। অফিচলৈ অৰ্থাৎ বি এছ এন এলৰ এটা ম'বাইল কানেকশ্যন বিচাৰি গৈ হাতে-ভৰিয়ে ধৰাৰ বহুতৰে অভিজ্ঞতা হয়তো আছে।

সেই সময়ত বি এছ এন এলৰ কৰ্মচাৰীৰ বিৰুদ্ধে যথেষ্ট অভিযোগ উত্থাপন হৈছিল। ২০০০চনৰ ১৫ ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ পৰা ১৯ বছৰ পূৰ্বে ভাৰত চৰকাৰৰ এই টেলি কমিউনিকেশ্যন কোম্পানীটো গঠন কৰা হৈছিল।

নতুন দিল্লীত মুখ্য কাৰ্যালয় থকা বি এছ এন এলৰ কৰ্মচাৰীসকলে যথেষ্ট গৰ্বৰে বি এছ এন এলত কাম কৰো বুলি কৈছিল। কিন্তু ভবা নাছিল এদিন এনেকৈয়ে তেওঁলোকৰ জীৱনলৈ নামি আহিব অন্ধকাৰ ভৱিষ্যৎ।

দেশত ম'বাইল সংযোগৰ ক্ষেত্ৰত বি এছ এন এল আছিল বাটকটীয়া। সেই সময়ত দেশৰ মুঠ ৪৯ শতাংশ ম'বাইল সংযোগ আছিল বি এছ এন এলৰ। সেই বি এছ এন এলৰ অৱস্থা আজি এনে হ'ল- চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ দৰমহাই দিব পৰা নাছিল বহুদিনলৈ কৰ্মচাৰীক।

চৰকাৰী ম'বাইল সংযোগ প্ৰতিষ্ঠানকাৰী এই কোম্পানীটোৰ এই অৱস্থা কিয় হ'ল? বি এছ এন এলৰ একাংশ কৰ্মচাৰীৰ মতে, মোডী চৰকাৰে বি এছ এন এল বন্ধ কৰাৰ বাবে ষড়যন্ত্ৰ ৰচিছে। ইতিমধ়্যে ইয়াৰ বিৰুদ্ধে বি এছ এন এলৰ কৰ্মচাৰীসকলে দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

ফাইনেন্সিয়েল এক্সপ্ৰেছৰ মতে, অতি গুৰুতৰ আৰ্থিক সংকটত ভুগিছে বি এছ এন এলে। কোম্পানীটোৰ হাতত এতিয়া আনহে নালাগে কৰ্মচাৰীক দৰমহা দিবলৈও টকা নাই। লক্ষণীয় যে, কোম্পানীটোৱে উপাৰ্জন কৰা ৫৫ শতাংশ টকাই কোম্পানীটোৰ অৰ্থাৎ বি এছ এন এলৰ কৰ্মচাৰীৰ দৰমহাৰ নামত ব্যয় হয়।

প্ৰতি বছৰে বি এছ এন এলৰ কৰ্মচাৰীক দৰমহা দিয়া ব্যয় ৮ শতাংশকৈ বৃদ্ধি হয়। অৰ্থাৎ বি এছ এন এলৰ কৰ্মচাৰী-বিষয়াক দৰমহা দিয়া ব্যয় দিনকদিনে বৃদ্ধি পাইছে। কিন্তু ৰাজহ কমিছে। ৰিলায়েন্সৰ জিঅ'ৰ আগমনৰ পাছত অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে বি এছ এন এল।

২০১৮ত বি এছ এন এলৰ লোকচানৰ পৰিমান আছিল ৮হাজাৰ কোটি টকা। ইফালে, ২০১৭চনত এই লোকচানৰ পৰিমান আছিল ৪৭৮৬ কোটি টকা। অৰ্থাৎ এবছৰতে প্ৰায় দুগুণ লোকচানৰ সন্মুখীন হ'ব লগা হৈছে বি এছ এন এল। এইদৰে লোকচানৰ পৰিমান বাঢ়ি গ'লে কোম্পানীটো বন্ধ কৰি দিয়াৰ বাদে আন কোনো বিকল্প নাথাকিব।

বি এছ এন এলৰ এনে আৰ্থিক দুৰাৱস্থাৰ বাবেই কোম্পানীটোৰ কৰ্মচাৰীসকলৰ বিপদ অনিবাৰ্য হৈ পৰিছে। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল- এই কোম্পানীটোক আৰ্থিক দুৰাৱস্থাৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰে কোনো ব্যৱস্থা বা আঁচনি গ্ৰহণ কৰা নাই।

বি এছ এন এলে কোম্পানীটো পুনৰ সবল কৰিবলৈ ঋণ ল'ব বিচাৰিছে। কিন্তু চৰকাৰৰ কতৃত্বাধীন এই কোম্পানীটোক সেই অনুমতি দিয়া নাই চৰকাৰে। সঞ্চাৰ মন্ত্ৰণালয়ে এই সন্দৰ্ভত সেউজ সংকেত দিয়া নাই । বি এছ এন এলৰ ব'ৰ্ড অৱ ডাইৰেক্টৰে কিছুদিনৰ পূৰ্বেই কোম্পানীটোৰ লোকচানৰ সৈতে মোকাবিলা কৰিবলৈ ঋণ ল'ব বিচাৰিছিল। সেই প্ৰস্তাৱ ব'ৰ্ডত পাছ হৈছিল। কিন্তু সঞ্চাৰ মন্ত্ৰণালয়ে তাত অনুমতি প্ৰদান নকৰিলে।

হাত-ভৰি বান্ধি থৈছে বি এছ এন এলৰ। বি এছ এন এলৰ কৰ্মচাৰী সংগঠনসমূহে অভিযোগ কৰা মতে, ব্যক্তিগত খণ্ডৰ টেলিফোন কোম্পানীবোৰক চৰকাৰে লাখ কোটি টকা ঋণ প্ৰদান কৰিছে। ভোডাফোন আৰু আইডিয়াই গ্ৰহণ কৰা ঋণ, এয়াৰটেলে ১.১৩ লাখ কোটি টকা ঋণ লোৱা আছে। আৰু ৰিলায়েন্স জিঅ'ৰ ঋণৰ পৰিমান ২ লাখ কোটি টকাৰো অধিক। তেনেস্থলত চৰকাৰে বি এছ এন এলক ঋণ ল'বলৈ অনুমতি নিদিয়াটো এক দৃষ্টিৰে আশ্চৰ্যজনক কথা।

ৰিলায়েন্স জিঅ', এয়াৰটেল, ভোডাফোনে ঋণ ল'ব পাৰে যদি বি এছ এন এলে ঋণ ল'ব নোৱাৰাৰ যুক্তি কি? এই অভিযোগ বি এছ এন এলৰ কৰ্মচাৰী সংগঠনৰ। যি সময়ত জিঅ'ই 4G সেৱাৰ জৰিয়তে গ্ৰাহকক ম'বাইলৰ সেৱা আগবঢ়াইছে, সেই সময়ত এই চৰকাৰী টেলিক'ম কোম্পানীটোৱে 2G, 3G সেৱাহে প্ৰদান কৰিব লগা হৈছে গ্ৰাহকক। যাৰ বাবে অত্যন্ত বেয়া নেটৱৰ্কৰ ফলত গ্ৰাহকে অতিস্ত হৈ বি এছ এন এলৰ সংযোগ কৰ্তন কৰি জিঅ' বা আন ম'বাইলৰ সংযোগ লৈছে।

বি এছ এন এলৰ কৰ্মচাৰীসকলেৰ তেওঁলোৰ দাবীৰ সমৰ্থনত বাবে ১৯ ফেব্ৰুৱাৰী, ২০১৯ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। কৰ্মচাৰীসকলে স্পষ্ট অভিযোগ তুলিছে যে, চৰকাৰে বি এছ এন এলৰ আৰ্থিক সংকট মোচন কৰাৰ সলনি কোম্পানীটো ধ্বংস কৰাৰ স্বাৰ্থতহে সিদ্ধান্ত গ্ৰহণ কৰিছে।

বি এছ এন এলৰ এই অৱস্থাৰ পাছত কোম্পানীটোৰ এম ডি অনুপম শ্ৰীবাস্তৱে সঞ্চাৰ মন্ত্ৰালয়ৰ সচিব অৰুণা সুন্দৰাজমৰ সন্মুখত এক প্ৰতিবেদন দাখিল কৰিছিল। কিন্তু সেই প্ৰতিবেদন দাখিল আৰু উপস্থাপনৰ পাছতো সঞ্চাৰ মন্ত্ৰালয়ৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা নগ'ল।

ইতিমধ্যে বি এছ এন এলে তেওঁলোকৰ কিছু কেন্দ্ৰ আৰু শ্ব'ৰূম বন্ধ কৰিছে। এনে খবৰো আহিছে যে, চৰকাৰে ৩৫ হাজাৰ কৰ্মচাৰীক চাটাই কৰাৰ বাবে সিদ্ধান্ত লৈছে। তাৰোপৰি স্বইচ্ছাই অৱসৰ গ্ৰহণৰো কিছু পৰিকল্পনাও হাতত লোৱা বুলি খবৰ ওলাইছে।

বি এছ এন এলৰ সন্দৰ্ভত এতিয়া বিভিন্ন খবৰ ওলাইছে। বি এছ এন এল আৰু এম টি এন এলৰ এই অৱস্থাই শংকিত কৰি তুলিছে কৰ্মচাৰীসকলক। লক্ষণীয় কথাটো হ'ল- ২০০০চনৰপৰা ২০০৯লৈকে বি এছ এন এল লাভত চলি আছিল। কিন্তু হঠাৎ কি হ'ল যে, ১০ বছৰৰ ভিতৰতে এনে লাভত চলা এটা কোম্পানীৰ ইমান লোকচান হ'ল।

এই কাৰণসমূহ সুক্ষ্মভাৱে বিশ্লেষণ কৰিলে দেখিবলৈ পোৱা যায় কিছু তথ্য। দেশৰ আটাইতকৈ পুৰণি টেলিক'ম কোম্পানী এইটো। আচলতে বি এছ এন এলৰ আধাৰ ব্ৰিটিছ যুগৰ পৰাই আৰম্ভ হৈছিল। এসময়ত লেনলাইন, টেলিফোন বা অন্যান্য সেৱা প্ৰদানৰ জৰিয়তে এই কোম্পানীটোৱে যথেষ্ট লাভ অৰ্জন কৰিছিল।

কাৰোবাৰ ঘৰত লেনলাইন, টেলিফোন থকাটো সেই সময়ত গৌৰৱৰ কথা আছিল। কিন্তু ম'বাইলৰ আগমনৰ ফলত সেই লেনলাইন কানেকশ্যন আৰু টেলিফোনবোৰ অব্যৱহৃত হৈ পৰিল। সেই লেনলাইন কানেকশ্যনসমূহ আছিল কেৱল বি এছ এন এলৰ। পি চি অ' বা ঘৰত থকা টেলিফোনটোৰ কাষত মানুহে ফোন কৰিবলৈ শাৰী পাতিছিল।

প্ৰতিঘৰ নহ'লেও অভিজাত লোকসকলৰ ঘৰত বি এছ এন এলৰ লেনলাইন কানেকশ্যন আছিল। কিন্তু এতিয়া সেই লেনলাইন কানেকশ্যন আৰু নাই। সেই পৰিসংখ্যা অধিক স্পষ্ট হয় এই তথ্যৰ দ্বাৰাই। ২০০৬-০৭ত ৩৩.৭ মিলিয়ন লেনলাইনৰ কানেকশ্যন আছিল। কিন্তু সেই লেনলাইন কানেকশ্যনৰ সংখ্যা এতিয়া ৯০ শতাংশ হ্ৰাস পালে। লেনলাইন ফোন এতিয়া সাধাৰণ লোকৰ ঘৰত ব্যৱহাৰেই নোহোৱা হৈ পৰিল।

এই লেনলাইন কানেকশ্যনৰ স্থাপনৰ বাবে বি এছ এন এলে বহু ধন ব্যয় কৰিছিল। গ্ৰাম্য অঞ্চলত যোগাযোগ স্থাপনৰ বাবে বি এছ এন এলৰ জৰিয়তে চৰকাৰে লেনলাইন কানেকশ্যন কৰিছিল। তাৰ বাবে কোম্পানীটোক যথেষ্ট ৰাজসাহায্য দিছিল।কিন্তু ম'বাইল অহাৰ পাছত সেয়া অনাৱশ্যক হৈ পৰাত সেই ৰাজ সাহায্য কৰ্তন কৰে চৰকাৰে।

এই ৰাজ সাহায্য কৰ্তন কৰাৰ ফলতেই প্রথমটো আঘাত লাগে বি এছ এন এলৰ। চৰকাৰী নিৰ্দেশ অনুসৰি অতি দুৰ্গম অঞ্চলত বি এছ এন এলে সংযোগ দিব লগা হৈছিল। তাৰ বাবে যথেষ্ট আন্তঃগাঁথনি ব্যয় হৈছিল। কিন্তু তাৰ বিপৰীতে ৰাজহ কিমান সংগ্ৰহ হৈছে সেয়া কেতিয়াও চৰকাৰে বিবেচনা নকৰিলে।অৰ্থাৎ আন ব্যক্তিগত কোম্পানীবোৰে কোনো এক স্থানত ম'বাইল নেটৱৰ্কৰ বাবে টাৱাৰ স্থাপন কৰা সময়ত সেয়া তেওঁলোকৰ বাবে লাভজনক হয় নে নহয় বিচাৰ কৰে। কিন্তু বি এছ এন এল চৰকাৰী কোম্পানী হোৱাৰ বাবেই সেইবোৰ বিচাৰ কৰাৰ সলনি সংযোগ স্থাপনৰ বাবে লোকচান কৰি হ'লেও টাৱাৰ সংযোগ কৰাৰ ব্যৱস্থা দিয়া হৈছিল।

গ্ৰাম্যাঞ্চলত বি এছ এন এলৰ এসময়ত দপদপনি আছিল। কিন্তু লাহে লাহে সেই স্থান লাভ কৰিলে ব্যক্তিগত ম'বাইল সেৱা প্ৰদান কৰা কোম্পানী সমূহে। আনকি ম'বাইলৰ নেটৱৰ্কৰ বাবে স্পেকট্ৰাম ক্ৰয়ৰ ক্ষেত্ৰতো আন ব্যক্তিগত ম'বাইল কোম্পানীৰ তুলনাত বি এছ এন এলে যথেষ্ট চৰকাৰী হেঁচাত আপোচ কৰিব লগা হৈছিল।

লাভজনক স্পেকট্ৰামৰ সলনি বি এছ এন এলে বহুবাৰ চৰকাৰৰ হেঁচাত অযথা আৰু কম নেটৱৰ্ক লাভ কৰিব পৰা স্পেকট্ৰাম ক্ৰয় কৰিব লগা হৈছিল। এনে পৰিস্থিতিও হৈছে- আন ব্যক্তিগত কোম্পানীয়ে ক্ৰয় নকৰা স্পেকট্ৰাম চৰকাৰী হেঁচাৰ বাবে বি এছ এন এলে ক্ৰয় কৰিব লগা হৈছে। ইয়াৰ বাবদ কোম্পানীটোৱে এবাৰতে ১৮ হাজাৰ কোটি টকাকৈ ব্যয় কৰিব লগা হৈছে।

য'ত ব্যক্তিগত কোম্পানীসমূহ লাভজনক স্পেকট্ৰাম ক্ৰয় কৰে তাত চৰকাৰক সন্তুষ্ট কৰিবলৈ যিকোনো স্পেকট্ৰাম কৰিব লগা হোৱাটো অতি দুৰ্ভাগ্যজনক। বি এছ এন এলে হাই ফ্ৰিকুৱেন্সী ২.৬ গীগাহাৰ্জ স্পেকট্ৰাম পালে। কিন্তু ব্যক্তিগত কোম্পানীয়ে ২.৩ গীগাহাৰ্জৰ স্পেকট্ৰাম লাভ কৰে। হয়তো আপুনি ভাবিছে ইয়াৰ ফলত কি হ'ল বি এছ এন এলৰ?

যিমান উচ্চ গীগাহাৰ্জৰ স্পেকট্ৰাম হয়, সিমানেই খৰচ বেছি হয় আৰু সেৱাও ইমান ভাল নহয়। অৰ্থাৎ ইমান ধন ব্যয় কৰিও বি এছ এন এলে গ্ৰাহকক ভাল নেটৱৰ্ক দিব নোৱাৰা ইয়ো এক কাৰণ। কিন্তু আমি সদায় গালি পাৰো বি এছ এন এলক।

যি সময়ত বি এছ এন এলে এই ধন ব্যয় কৰি স্পেকট্ৰাম ক্ৰয় কৰিছিল, সেই সময়ত বি এছ এন এলৰ হাতত আছিল প্ৰায় ২৯,৩০০ কোটি টকা জমা আছিল। ব্যক্তিগত কোম্পানীবোৰে ২-৬ হাজাৰ কোটি টকাৰ ভিতৰত ভাল স্পেকট্ৰাম লাভ কৰাৰ বিপৰীতে ইমান ধন ব্যয় কৰি ভাল নেটৱৰ্ক দিব নোৱাৰা স্পেকট্ৰাম বি এছ এন এলে ক্ৰয় কৰিব লগা হৈছিল।

এই ধন ব্যয়ৰ পাছত বি এছ এন এলৰ হাতত পৰিছিল মাত্ৰ ১৭শ কোটি টকা। বি এছ এন এলৰ আন এক দোষ হ'ল কৰ্মচাৰীৰ দৰমহা আৰু বানচ দিয়াৰ নামতে বহু ধন খৰচ কৰিব লগা হয়। যিমান ধন সংগ্ৰহ কৰে তাৰ অধিকাংশ ধন কেৱল কৰ্মচাৰীক দৰমহা দিয়াৰ নামতে ব্যয় কৰিব লগাত পৰে।

ব্যক্তিগত টেলিকম কোম্পানীবোৰে উপাৰ্জনৰ ৫-৭ শতাংশ ধন কৰ্মচাৰীৰ নামত ব্যয় কৰে। কিন্তু বি এছ এন এলে কৰ্মচাৰীৰ দৰমহা আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক বনাচ, আন সুবিধা দিয়াৰ নামত উপাৰ্জনৰ ৬৬ শতাংশ ধন ব্যয় কৰিব লগা হয়।

বি এছ এন এলৰ এতিয়া কৰ্মচাৰীৰ সংখ্যা প্ৰায় ১লাখ ৮০ হাজাৰ। কিন্তু আন ব্যক্তিগত খণ্ডৰ টেলিকম কোম্পানীৰ কৰ্মচাৰীৰ সংখ্যা ২৫-৩০ হাজাৰৰ অধিক নহয়। ইমান সংখ্যক কৰ্মচাৰীৰ বি এছ এন এলৰ আন এক বোজা হৈ পৰিছে।

২০১৮ত যি সময়ত আন টেলিকম কোম্পানীবোৰে ৪ জি, ৫ জি স্পেকট্ৰামৰ বাবে নিবিধা দিছিল, সেই সময়ত চৰকাৰী পাকচক্ৰত পৰি বি এছ এন এলে এই নিবিধাত অংশই ল'ব নোৱাৰিলে। বি এছ এন এলৰ বাবে ডাঙৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিলে জিঅ'ই। জিঅ'ৰ আগমনৰ পাছতেই বি এছ এন এলৰ অৱস্থা অধিক শোচনীয় হৈ পৰিল।

২০১৯চনত বি এছ এন এলৰ ৱাইৰলেচ মাৰ্কেট গ্ৰাম্যাঞ্চলত মাত্ৰ ১৫ শতাংশহে আছেগৈ। বৰ্তমান সেই মাৰ্কেটৰ অধিকাংশ জিঅ', তাৰপাছত আইডিয়া, ভোডাফোন, এয়াৰটেলে দখল কৰি আছে। সৰ্বাধিক বজাৰ দখল কৰিছে জিঅ'ই।

জিঅ' ৪ জিৰ ব্ৰডবেণ্ড ছাৰ্ভিছ আৰম্ভ হৈছিল ২০১৬ৰ ছেপ্টেম্বৰত। ২০১৫ৰ ডিচেম্বৰৰ পৰা এই কুচকাৱাজ আৰম্ভ কৰিছিল জিঅ'ই। এক প্ৰকাৰৰ ফ্ৰী ছাৰ্ভিছৰ জৰিয়তে জিঅ'ই সমগ্ৰ ম'বাইল মাৰ্কেট এনেদৰে গ্ৰাস কৰিলে যে সেই ব্যক্তিগত ম'বাইল কোম্পানীটোৰ প্ৰতি চৰকাৰী পক্ষৰো বিশেষ টান পৰিলক্ষিত হ'ল।

দেশৰ মুৰব্বীজনেই যেতিয়া জিঅ' সেৱাৰ ওপৰত আস্থা ৰাখিবলৈ দেশবাসীক আহ্বান জনালে, তাৰ পাছত আৰু বাকীবোৰৰ অৱস্থা কি হ'ব পাৰে! এই ব্যক্তিগত কোম্পানীটোৰ জৰিয়তেই দেশৰ ঐতিহ্যপূৰ্ণ এটা পুৰণি ম'বাইল সেৱা প্ৰদান কৰা কোম্পানীৰ ভৱিষ্যৎ ধ্বংসৰ দিশে ঠেলি দিলে তথাকথিত লোকসকলে।

মহানগৰীৰ বি এছ এন এলৰ কাৰ্যালয়ত প্ৰায়ে দেখা গৈছিল পূৰ্বতে ব্যস্ততা। বেলতলাত থকা বি এছ এন এলৰ তেনে এক কাৰ্যালয়লৈ গৈ অনুভৱ হ'ল এতিয়া শ্মশান সদৃশ এই কাৰ্যালয়বোৰ। কাৰ্যালয়ৰ সন্মুখত নাই কোনো দীঘল শাৰী।

পূৰ্বতে এই কাৰ্যালয়ৰ সন্মুখত অঁৰা আছিল বি এছ এন এলৰ গ্ৰাহকক দিয়া বিভিন্ন অফাৰৰ বিজ্ঞাপন। তাৰ সলনি এতিয়া তাত অঁৰা আছে আমাৰ দাবী মানিবই লাগিব শীৰ্ষক কেইলানি দাবীৰে ছপা কৰা কিছু পোষ্টাৰ।

দুই এজন গ্ৰাহক আহিছে আৰু সেইসকলৰ সৈতে বি এছ এন এলৰ কৰ্মচাৰীসকলে কথা পাতিছে। পূৰ্বতে তেনে কৰ্মচাৰীসকলৰ পৰা মাত এষাৰ বিচাৰিলেও পৰ্বতত কাছৰ কণী বিচৰাৰ দৰে আছিল। গ্ৰাহকৰ সৈতে মুখ তুলি কথাই পাতিব নিবিচাৰিছিল এইসকল লোকে। কিন্তু এতিয়া সেই পৰিৱেশ আৰু বি এছ এন এলত নাই।

ৰাস্তাৰ কাষত থকা এখন দেৱালত লিখা আছিল এক শ্ল'গান। হয়তো সেয়া পুৰণি। ' বি এছ এন এল আছে বাবেই বিশ্বাস আছে।' এদিন সেয়া আছিল, কিন্তু এতিয়া সেয়া নাই। বি এছ এন এলে আনক বিশ্বাস দিয়াতো দূৰৰৈৰে কথা। বি এছ এন এলে কৰ্মচাৰীসকলকে বিশ্বাস দিব পৰা নাই।

বি এছ এন এলৰ সেই কাৰ্যালয়ৰ সমীপত থকা কলনীলৈ আমি সোমাই গৈছিলো। কলনীৰ চৌপাশ হাবি-বননিৰে ভৰি পৰিছে। তাৰ মাজতে পৰি আছে কিছু অব্যৱহৃত তাঁৰ, যান-বাহন। ভাবিব নোৱাৰা পৰিৱেশ সেই কলনীত। এদিন বি এছ এন এলৰ কলনীলৈ সকলোৱে উৎসুকতাৰে চাইছিল সেইফালে।

সেই কলনীৰ সন্মুখত দোকান দিয়া এজন দোকানীয়ে কৈছিল- 'বি এছ এন এল কোনদিনা মৰে ঠিক নাই। ইয়াত থকা চিকিউৰিটী আন ঠিকাভিত্তিক কৰ্মচাৰীক কেতিয়াই বিদায় দিছে। পাৰমানেন্ট চাকৰি থকা কেইজন কোনোমতে চলি আছে। দৰমহা সময়ত নহয়। অৱস্থা খুব বেয়া।'

আমি কথা পাতিছিলো সেই বি এছ এন এল কাৰ্যালয়ত থকা এজন কৰ্মচাৰী সৈতে। সুধিছিলো বি এছ এন এলৰ গ্ৰাহকৰ সংখ্যা কমিছে নে বাঢ়িছে? তেওঁ কমা-বঢ়াৰ কথা নক'লে। ক'লে- 'এয়াটো আপোনালোকে শুনিয়েই আহিছে।'

যি বি এছ এন এলৰ কাৰ্যালয়ত এখন ছীমৰ বাবে এটা ম'বাইল সংযোগৰ বাবে পুৱা ৭ বজাৰ পৰা শাৰী লাগিছিল, সেই বি এছ এন এল কাৰ্যালয়লৈ এতিয়া মানুহেই নাযায়। এফালে চৰকাৰৰ এই বি এছ এন এলৰ প্ৰতি অনিহা। তথাকথিত ব্যক্তিগত খণ্ডৰ ম'বাইল কোম্পানীৰ প্ৰতি অত্যাধিক দৰদ। আৰু বি এছ এন এলৰ কিছু নিজা ভুলৰ বাবেই এতিয়া বি এছ এন এল মৃত্যু পথৰ যাত্ৰী। এক কথাত আই ইউ চিত সোমাই আছে বি এছ এন এল। এদিন কানেকটিং ইণ্ডিয়াৰ কথা কোৱা বি এছ এন এলৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ গৈছে সাধাৰণ ৰাইজৰ। হয়তো এদিন আহিব খবৰ- বি এছ এন এল আৰু নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in