অকল্পনীয় মৃত্যু! খেলাৰ দৰেই দুয়োৱে দুয়োক সাৱতি গুচি গ’ল তৰা হৈ…

অকল্পনীয় মৃত্যু! খেলাৰ দৰেই দুয়োৱে দুয়োক সাৱতি গুচি গ’ল তৰা হৈ…

মৃদুল কুমাৰ সন্দিকৈ

ইবনৰ জন্মদিন আছিল। মাকে ভাবিছিল- ঘৰত দেউতাকো নাই সেয়েহে অনুষ্টুপিয়াকৈ অনুষ্ঠিত কৰিব তাৰ জন্মদিন। ঘৰটোৰ চৌহদতে থকা নামঘৰটোত এখন শৰাই দিব। নেদেখাজনক খাটিব সৰু পুত্ৰ ইবনক কুশলে ৰাখক।

ঘৰটোৰ কাষতে লাগি থকা ঘৰটোৱে ইবনৰ দেউতাকৰ খুৰাকৰ ঘৰ। অৰ্থাৎ ইবনৰ ককাকৰ ঘৰ। ককা-আইতাক আৰু তেওঁলোকৰ কন্যা অৰ্থাৎ ইবনৰ পেহীয়েককো নিশা এসাজ খাবলৈ মাতিছিল। ইবনৰ বয়স ৪ বছৰ অতিক্ৰম কৰি গৈছিল।

সহোদৰ!

বৃহস্পতিবাৰ অৰ্থাৎ ২৩ জানুৱাৰী, ২০২০ত পাঁচ বছৰত ভৰি দিছিল ইবনে। ইবনৰ ককায়েকৰ নাম ঈশান। বয়স ৭ বছৰ। দুয়োটা সন্তানক লৈয়ে মাতৃ শিল্পী গোস্বামী ব্যস্ত থাকে । ইবন পঢ়ে ওচৰৰে হলী হ'মত। শংকৰদেৱ একাডেমীৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ঈশান।

এইবাৰৰ মাঘ বিহুত ইবন-ঈশানৰ সৈতে পিতৃ-মাতৃ

কেতিয়াবা স্কুলৰ পৰা আহোতে পলম হ'লে মাক ঘৰত চটফটাই থাকে। দেউতাক তুষাৰ গোস্বামী ৩ বছৰ আগলৈকে আছিল নিউজিলেণ্ডত। বৃত্তিত তেওঁ আছিল এজন ভূতত্ববিদ। বিদেশৰ পৰা ঘৰলৈ ঘূৰি আহি তেওঁ ঠিকাদাৰী কামত ব্যস্ত হৈ পৰিছে।

শনিবাৰে তেওঁ ওলাই গৈছিল শিৱসাগৰলৈ। সেয়েহে ঘৰখনত ইবন, ঈশান, মাক আৰু আইতাকে থাকে। কাষৰ ঘৰ এটাত থাকে কৃষ্ণ নামৰ এজন আদহীয়া ব্যক্তি।৫ বছৰ ধৰি তেওঁ সেই পৰিয়ালটোৰ সৈতে থাকি আহিছে।

ইবন আৰু ঈশানক তুলি-তালি ডাঙৰ-দীঘল কৰা কৃষ্ণ…

বহুতে বহু কথা কৈছে। বেলতলাত ২৩ জানুৱাৰীত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইছিল এই দুই কণমানি ইবন আৰু ঈশানে। কোনোবাই কৈছে মাকে ইবনৰ জন্মদিনৰ বাবে মানুহ মাতিবলৈ যাওঁতে আইতাকে দুৱাৰ ল'ক বাহিৰৰ পৰা মাৰি দুয়োকে থৈ দিছিল কোঠাত। হঠাৎ সংঘটিত অগ্নিকাণ্ডত প্ৰাণ গ'ল দুয়োৰে।

কিন্তু সেয়া সঁচা নাছিল। এই ঘটনাৰ প্ৰথমৰ পৰা প্ৰত্যক্ষদৰ্শী আছিল কৃষ্ণ নামৰ এই ব্যক্তিগৰাকী। চকুত তেতিয়াও তেওঁৰ চকুলো। বশিষ্ঠৰ ৱায়াৰলেছৰ ১ নং বাইলেনৰ বশিষ্ঠপুৰৰ ২ নং ঘৰৰ সন্মুখত তেতিয়াও উৎকণ্ঠিত মানুহৰ ভিৰ। চিকানি-অচিনাকি মানুহ দৌৰি আহিছে সেই খবৰ পায়।

সকলোৰে চকুত চকুপানী…

কি হৈছিল আচলতে ঘটনাটো? কেনেকৈ ঘটি গ'ল ইমান ডাঙৰ এটা অঘটন? কৃষ্ণ নামৰ ব্যক্তিগৰাকীয়ে কৈছিল সেই কাহিনী। কাষত থকা তুষাৰ গোস্বামীৰ খুৰাকে বৰ্ণনা কৰিছিল সেই মুহূৰ্তৰ কথা। বহু মিছা খবৰ ওলাইছে। কিন্তু প্ৰকৃততে ঘটিছিল কি?

কৃষ্ণ নামৰ ব্যক্তিজনৰ ভাষাত- মাক তেতিয়া ঘৰতে আছিল। তুষাৰ গোস্বামী এই ঘৰটোৰ তলৰ অংশত এজাক বৰষুণতে পানী সোমায়। সেয়েহে ঘৰটো ওখ কৰাৰ কাম চলি আছিল। তলৰ ভাগত কোনো মানুহ নাথাকে। ওপৰৰ অংশতহে থাকো সকলো।

লগে ভাগে দুয়ো ভাই…

ৰাতি পুৱা দুয়োটাই চোতালত খেলি আছিল। চাইকেল চলাই ভাল পাই দুয়োৱে। খেল-ধেমালিৰে সময় অতিবাহিত কৰিছিল। কিয়নো স্কুলো আছিল নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনৰ বাবে বন্ধ। মাকে ব্ৰেকফাষ্ট খুৱাই দুয়োকে ওপৰত এৰি তললৈ আহিছিল। সময় তেতিয়া ১২ বাজি গৈছিল। আইতাকো আছিল তলতে। আইতাকে সাৰি আছিল তলৰ চোতাল।

পানীৰ মিস্ত্ৰীয়ে কাম কৰি আছিল ঘৰটোত। মাকে দেখুৱাই দিছিল ক'ত ক'ত লাগিব পানীৰ টেপ। কৃষ্ণ নামৰ ব্যক্তিজনো তেওঁৰ লগতে আছিল। সময় তেতিয়া দিনৰ ১২.৩০ মান বাজিছিল নেকি, হঠাৎ ধোঁৱা দেখি সকলো হতবাক হৈছিল। মুহূৰ্তৰ ভিতৰতে জুইয়ে ছানি ধৰিছিল ওপৰৰ ভাগ।

দাউদাউকৈ জ্বলি উঠা জুই দেখি সকলোৰে চিন্তা হৈছিল ওপৰত আছে ইবন আৰু ঈশান। কিন্তু জুইৰ লেলীহান শিখাই এনেদৰে আৱৰি ধৰিছিল যে কোনো মানুহৰে তাত প্ৰৱেশ কৰাৰ সুযোগ নাছিল। বাহিৰত মাক কান্দি বাউলি হৈ পৰিছিল। আইতাকে চিঞৰিছিল- সিহঁত কেইটাক বচা।

অগ্নিকাণ্ড সংঘটিত সেই অভিশপ্ত ঘৰটো…

জুই আৰু ধোঁৱাই নিমিষতে ঘৰটোৰ ওপৰৰ ভাগ ভস্মীভূত কৰিছিল। ভিতৰৰ পৰা ঈশান আৰু ইবনে মা মা, পাপা পাপা বুলি চিঞৰা বহুতৰে কাণত পৰিছিল। ঘৰটোৰ খিৰিকীৰ গ্লাছ ভাগি মজিয়াত সৰি পৰাৰ শব্দত মাক আৰু বেছি উত্ৰাৱল হৈ পৰিছিল। কেইবাজনো লোকে চেষ্টা কৰিছিল এই দুই দেৱশিশুক উদ্ধাৰৰ বাবে।

ফোন কৰা হৈছিল অগ্নিনিৰ্বাপক বাহিনীলৈ। সেই স্থানৰ পৰা ৫ মিনিটৰ দূৰৈত অগ্নিনিৰ্বাপক বাহিনীৰ আস্থান। কিন্তু অহা নাছিল সময়মতে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন। জুইৰ প্ৰচণ্ড শিখাই বেৰি ধৰিছিল ঘৰটোৰ উপৰি ভাগ। খিৰিকীৰে হাত উলিয়াই ইবন আৰু ঈশানে সিহঁতক উদ্ধাৰ কৰিবলৈ চিঞৰা কথাও প্ৰত্যক্ষদৰ্শীয়ে জনালে।

৫ মিনিটৰ দূৰৈৰ সেই পথ অতিক্ৰম কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীক লাগিল আধা ঘণ্টাতকৈও বেছি সময়। সংশ্লিষ্ট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীলৈ ফোন গৈছিল আবেলি ১.০৮ বজাত। ওচৰৰে এজনী ছোৱালীয়ে ফোন কৰিছিল বিষয়াগৰাকীলৈ।

ঘৰটোত অগ্নিকাণ্ড সংঘটিত হৈ থকা সময়ৰ দৃশ্য…

অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহিছিল। স্থানীয় ৰাইজৰ অভিযোগ- বহু পলমকৈ আহি ঘটনাস্থলী পাইছিলহি গাড়ী। তেতিয়ালৈ পলম হৈ গৈছিল সকলো। এসময়ত জুইৰ শিখা দপদপাই ওপৰলৈ উঠিছিল। ইবন আৰু ঈশানৰ মাত হেৰাই গৈছিল।

কৃষ্ণ নামৰ ব্যক্তিজনৰ মতে, চকুৰ সন্মুখতে সকলো চাৰখাৰ হৈ গ'ল। আমি কিবা এটা কৰাৰ সুযোগেই নাপালো। ৰাতিপুৱা দুয়োটাৰে সৈতে মই কথা পাতিছিলো। চাইকেল চলাই আছিল। এটাই আনটোক মাৰিবলৈ গৈছিল। মই বাধা দি কৈছিলো- কাজিয়া কৰিব নাপায়। সিঁহত দুয়োটা বৰ মৰমৰ আছিল।

মানুহক ইমান ধুনীয়াকৈ মাত-বোল কৰিছিল। যিকোনো মানুহৰে হৃদয় জিনিব পাৰিছিল সিহঁতি। স্কুল বন্ধৰ বাবে সিহঁত দুয়োটা দেৰিকৈ উঠিছিল। ব্ৰেকফাষ্ট কৰি ওপৰতে আছিল দুয়ো। মই বিশ্বাস কৰিবই পৰা নাই এতিয়াও ইহঁত দুয়ো যে নাই। মই লৈ গৈছিলো দুয়োকে ছিপছ, চকলেট কিনি দিবলৈ।

নিশা তেতিয়া ১১টা বাজিছিল। ঘৰটোৰ গেটখনৰ সন্মুখতে মানুহজনো ৰৈ আছে। ঘৰৰ ভিতৰলৈ সোমাব ইচ্ছা কৰা নাই তেওঁ। সন্মুখত আছিল কেইজনমান আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ লোক। মানুহবোৰে আহি তেওঁকেই সুধিছিলহি- কি হৈছিল। মানুহজনে চকুপানী মচি মচি কৈ গৈছিল সেই কাহিনী।

মানুহজনৰ সৈতে আৰক্ষী বিষয়াজনে কথা পাতিলে। তেওঁ ক'লে ঘৰটো বন্ধ কৰি থ'ব লাগে। তলা আছে নে নাই সুধিলে। হাতৰ ম'বাইলটোত থকা টৰ্ছটো জ্বলাই তেওঁ ভিতৰত সোমাল। পিছফালেদি প্ৰৱেশ কৰিলে ঘৰটোত। কিছু সময় পাছতেই তলা এটা আনি তেওঁ লগাই দিলে ঘৰটোৰ তলৰ মহলত থকা গ্ৰীলখনত।

ঘৰটোত তলা মাৰি থকা অৱস্থাত কৃষ্ণ নামৰ ব্যক্তিজন…

মানুহজনে বৰ অসহায়বোধ অনুভৱ কৰিছিল। গেটৰ সন্মুখত ৰৈ থকা আৰক্ষী বিষয়াজন সোমাই গ'ল। মানুহজনৰ কাষ চাপি গ'লো আমিও। বাৰাণ্ডাত আছিল দুখনকৈ চাইকেল। হয়তো এখন ইবনৰ, আনখন ঈশানৰ। দুয়ো আৰু কেতিয়াও উভতি নাহে মৰমৰ সেই চাইকেল দুখন বিচাৰি।

ইবন আৰু ঈশানৰ চাইকেল দুখন…

'ওম'- ডাঙৰ ল'ৰা ঈশানক এই নামেৰে মাতিছিল দেউতাকে। মাকেও তাক মাতিছিল সেই নামেৰেই। সৰু ল'ৰা ইবনক মাতিছিল 'নমো'। দেউতাক তেতিয়াও ঘৰ পোৱাহিয়ে নাই। শিৱসাগৰৰ পৰা আহি আছে বুলি কোনোবাই খবৰ দি ক'লে- আমনি পাৰ হৈছে।

ঘৰখনত এই অঘটন নঘটা হ'লে এই সময়ত হয়তো এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰি থাকিল হয়। সাধাৰণভাৱে হ'লেও মাকে আয়োজন কৰা জন্মদিনৰ পাৰ্টি পৰিয়ালৰ দুই এজন লোকেই চামিল হৈ গালে হয়- 'হেপী বাৰ্থ দে' ইবন।'

কি যে ফূৰ্তি কৰিলে হেঁতেন দুয়ো! কেকৰ কাষত জ্বলি থকা কেণ্ডেল কেইডাল নুমাই ওপৰত ওলমি থকা বেলুনবোৰ ফুটাই জন্মদিন উদযাপন কৰা সেই দুই শিশুৰ হেঁপাহ আৰু মাতৃৰ আশা একুৰা জুইয়ে থানবান কৰি পেলালে।

প্ৰায় এঘণ্টামানৰ অন্তত জুই নিৰ্বাপন কৰি ইবন আৰু ঈশানক বিচাৰি ঘৰটোৰ প্রথম মহলত প্ৰৱেশ কৰিছিল অগ্নিনিৰ্বাপক বাহিনী আৰু এছ ডি আৰ এফৰ লোক। তেতিয়াও কিছু ধোঁৱা আছিল কোঠাটোৰ ভিতৰত। কিন্তু বহু সময়লৈকে বিচাৰি পোৱা নাছিল দুয়োকে।

সুখৰ পৰা দুখলৈনো কিমান দূৰ বাট!

এখন বিচনাৰ ওপৰতহে হেনো আৱিষ্কাৰ হৈছিল দুয়োৰে নশ্বৰ দেহ। সাৱতা-সাৱতিকৈ ধৰি আছিল দুয়ো ভাতৃয়ে। কিমান যান্ত্ৰণা পাইছিল দুয়ো! আৰু ওচৰতে থাকিও দুই পুত্ৰৰ সেই অসহনীয় মৃত্যু চাই ৰ'ল লগা হৈছিল মাতৃ আৰু আইতাকে। অকল্পনীয় সেই দৃশ্য।

ইবন-ঈশানৰ এই মৃত্যুৱে কেৱল ঘৰখনকে শোকাকুল কৰি তোলা নাই। শোকৰ লহৰ তুলিলে অচিনাকি লক্ষজনৰ বুকুত। ভগৱানকে কোনোবাই গালি পাৰি কৈছে- কি দোষ আছিল এই দুই দেৱশিশুৰ? নিচিনো তোমাক ক'ত আছা প্ৰভূ বুলি চিঞৰা সেই দুই কণমানিৰ আশাৰ সপোন কিয় থানবান কৰি নিলে অদৃশ্য জনে?

সমগ্ৰ পৰিৱেশ তেতিয়াও শোকাকুল হৈয়ে আছিল। ঘটনাস্থলীলৈ আহিছিল নতুনকৈ দুৰ্যোগ প্ৰশমন বিভাগৰ দায়িত্বত থকা নৱনিযুক্ত মন্ত্ৰী যোগেন মহন। আহিয়েই তেওঁ পৰিদৰ্শন কৰিছিল সেই ঘৰটো। য'ত ইবন আৰু ঈশানৰ স্মৃতিৰে ভৰি আছিল।

সেই অভিশপ্ত ঘৰটোৰ সন্মুখত ৰৈ ইবন-ঈশানৰ চাইকেল দুখন চাই থকা মুহূৰ্তত মন্ত্ৰী যোগেন মহন…

সংবাদমাধ্যমৰ সন্মুখত মন্ত্ৰী যোগেন মহনে ক'লে- দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী হিচাপে তেওঁ পৰিয়ালটোৰ খবৰ ল'বলৈ আহিছে। লগতে জনালে স্থানীয় ৰাইজে কৈছে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ অহাৰ কথা। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ সন্দৰ্ভত কামৰূপ মেট্ৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুক তদন্তৰ নিৰ্দেশ দিছে। দোষী যদি কোনোবা আছে, অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী যদি সময়মতে উপস্থিত হোৱাহি নাছিল তেনেহ'লে বিহিত ব্যৱস্থা লোৱা হ'ব।

এইডাল ঝাড়ূ লৈয়ে আইতাকে তেতিয়া দি আছিল ঝাড়ু…

ঘৰটোৰ চৌপাশত তেতিয়া কেৱল শূন্যতা। বাৰাণ্ডাতেই পৰি আছিল আইতাকে সেই সময়ত চোতাল সাৰি থকা ঝাড়ুডাল। ইবন আৰু ঈশানৰ স্মৃতি সুঁৱৰি তেওঁলোকৰ ঘৰৰ সন্মুখত থিয় হোৱা চিনাকিজনে নিজৰ মাজতে পাতি আছিল দুয়োৰে কথা।

এজন ব্যক্তি আহি কৈছিলহি- মোৰ ল'ৰাৰ লগতে ইবনে পঢ়ে। দুদিনৰ আগতে সি মোৰ ল'ৰাটোক দি আহিছিল চকলেট। সৰুৰে পৰাই সৰবৰহী আছিল দুয়ো। বাটেদি মানুহ গ'লেও আংকল বুলি মাতিছিল। সেই ইবন-ঈশানৰ বাবে এনেকৈয়ে মৃত্যু নামি আহিব সেয়া কোনে ভাবিব পাৰে!

কেনেকৈ এই অগ্নিকাণ্ড সংঘটিত হ'ল সেয়া তদন্তত ওলাব। কোনোবাই কৈছে সেয়া শ্বৰ্টচাৰ্কিটৰ ফলত হোৱা জুই। কিন্তু নিমিষতে সেই জুই কেনেদৰে বিয়পি পৰিল? ঘৰটোত আছিল দুটাকৈ চিলিণ্ডাৰ। তাৰেই এটা বিস্ফোৰণ হৈছিল অগ্নিকাণ্ডত। আমি সেই স্থানত থাকোতেই আৰক্ষীৰ এটা দল আহি বাৰাণ্ডাৰৰ পৰা উলিয়াই নিলে অগ্নিকাণ্ডত বিস্ফোৰিত হোৱা চিলিণ্ডাৰটো। আনটো চিলিণ্ডাৰ সুৰক্ষিত অৱস্থাতেই আছিল।

ঘৰটোৰ পৰা বিস্ফোৰিত চিলিণ্ডাৰটো আৰক্ষী লৈ যোৱা মুহূৰ্তত…

একেখন কাপোৰে মেৰিয়াই দুয়োৰে নশ্বৰদেহ উলিয়াই অনা হৈছিল ঘৰটোৰ ভিতৰৰ পৰা। তাৰ পাছত লৈ যোৱা হৈছিল ইবন আৰু ঈশানৰ মৃতদেহ জিএমচিএইচলৈ। শোকত ভাগি পৰা মাতৃৰ হুচ তেতিয়ালৈকে অহা নাছিল। আইতাকৰো অৱস্থা একেই।

কাষৰ মানুহবোৰে ইবন-ঈশানৰ কথা পাতিও কিছু কথাত আপচোচ কৰিছিল। সেই খং অগ্নিনিৰ্বাপক বাহিনীৰ ওপৰত। যদি সময়মতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহিল হয়, তেন্তে হয়তো ইবন-ঈশান আজি সৰগৰ তৰা হৈ গুচি যোৱাৰ সলনি এই পৃথিৱীৰ বুকুতেই থাকি গ'ল হয়।

কোনো কোনো সংবাদমাধ্যমত জুই লগা সময়ত এই দুই শিশুৰ মাতৃ ঘৰত নাছিল বুলি প্ৰচাৰ হোৱা খবৰলৈকো মানুহ আছিল নাৰাজ। সেই সময়ত কোঠাটোৰ দৰ্জা বন্ধ কৰি থোৱা বুলি প্ৰচাৰিত খবৰকো অস্বীকাৰ কৰি পৰিয়াল তথা ওচৰ চুবুৰীয়াই ক'লে- কোনে কি খবৰ দিছে সেয়া কোনো স্থিৰতা নাই। মাকতো তেতিয়া ঘৰতে আছিল। ইবনৰ জন্মদিনৰ মানুহ মাতিবলৈ যোৱা বুলি এনেয়েই প্ৰচাৰ হৈছে খবৰ।

দুৰ্ভাগ্যই খেদি ফুৰা এই পৰিয়ালটোত আন এজন লোকে অগ্নিকাণ্ড সংঘটিত হৈ মৃত্যু হৈছিল। সেয়া অৱশ্যে প্ৰায় ৫-৬ বছৰমান আগৰ কথা। ইবন-ঈশানৰ খুৰাকৰো প্ৰাণ গৈছিল জুইত। অৱশ্যে সেই প্ৰেক্ষাপট পৃথক আছিল।

ইবনৰ জন্মদিন। কেকৰ কাষত ম'ম জ্বলোৱাৰ কথা আছিল। ম'ম ঠিকেই জ্বলিল কিন্তু কেকৰ কাষত নহয়, এই অগ্নিকাণ্ডত অকাল মৃত্যুক সাৱতি লোৱা দুই দেৱশিশুৰ ফটোৰ কাষত জ্বলিল শ্ৰদ্ধাঞ্জলি জনাই জ্বলোৱা কেণ্ডেল।

মাতৃৰ বুকু শুদা কৰি ইবন-ঈশান গুচি গ'ল। ৰাজকুমাৰৰ দৰে এই দুই ধুনীয়া দেৱশিশুৰ এনে মৰ্মান্তিক মৃত্যুৱে শোকৰ লহৰ তুলিছে। সেই শোক সাগৰত ডুব গৈছে সকলো। মাতৃ-পিতৃ তথা পৰিয়ালক এই বেদনাৰ বাবে শান্তনা দিয়াৰ ভাষা নাই। দূৰৈৰ আকাশত তৰা হৈ ইবন-ঈশানে হয়তো চাই আছে। 'ওম' আৰু 'নমো'ৰ অনুপস্থিতি মানি ল'ব পৰা নাই মাতৃয়ে। জন্মদিনৰ আনন্দ মৃত্যুৰ বিষাদ আৰু বেদনালৈ সলনি হোৱা সেই মুহূৰ্তৰ বোজা এগৰাকী মাতৃয়ে ল'ব পাৰে কোনো সতে…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in