মেঘালী-মৌচুমীয়ে উলিয়াইছে বাঁহৰ চোলা…

মেঘালী-মৌচুমীয়ে উলিয়াইছে বাঁহৰ চোলা…

মৃদুল কুমাৰ সন্দিকৈ

এই যে এজন ৰজা আছিল। মৃত্যুক জয় কৰিবলৈ শিলৰ চোলা পিন্ধিবলৈ ইচ্ছা কৰি শিলৰ চোলা প্ৰস্তুতৰ নিৰ্দেশ দিছিল। সেই ৰজাজনৰ দৰে এই কাহিনী নহয়। অসমৰ দুগৰাকী উদ্যোগী মহিলা। নাম মেঘালী দাস আৰু মৌচুমী ব্ৰহ্ম।

প্ৰথমে তেওঁলোকৰ কথাবোৰ শুনিলে সেই শিলৰ চোলা পিন্ধিব খোজা সাধুটোৰ দৰেই লাগিব। বাঁহৰ কাপোৰ প্ৰস্তুত কৰি বজাৰত এৰিছে দুয়োৱে। কিবা অবিশ্বাস যেন লগা কথা। কেনে হ'ব পাৰে এই কাপোৰবোৰ?

বাঁহৰ পৰা কাপোৰ? বিশ্বাস কৰিব পাৰিনে? প্রথমে মানুহে বিশ্বাস কৰা নাছিল। বিশ্বৰ আন দেশত বাঁহৰ কাপোৰ আছে। কিন্তু অসমত এয়াই প্ৰথম। বাঁহ আমাৰ সকলোৰে চিনাকি। কম সময়ৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি হোৱা এবিধ ঘাঁহ জাতীয় উদ্ভিদ।

ক'লা ৰঙৰ এটা বেম্বুছ ব্ৰেণ্ডৰ টি-ছাৰ্ট…

দক্ষিণ পূব এছিয়াত বাঁহৰ প্ৰচলন অধিক। ঘৰ বনাবলৈ, কাগজ প্ৰস্তুত কৰিবলৈ, বিভিন্ন সামগ্ৰীৰ বাবে বাঁহ ব্যৱহাৰ কৰা হয়। অসমৰ চৌদিশে ২৬ প্ৰজাতিৰ বাঁহ পোৱা যায়। যাক কোৱা হয় সেউজীয়া সোণ। বাঁহৰ প্ৰতিটো অংশই ব্যৱহাৰ কৰিব পাৰি।

পুৰণি অসমীয়া সমাজ ব্যৱস্থাত বাঁহৰ আছে বিশেষ ভূমিকা। সেই বাঁহৰ পৰা কাঠি-কামি কৰি জেউৰা-জপনা, পাচি শৰাহি বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰা হয়। কিন্তু বাঁহৰ পৰা কাপোৰ! অসমৰ মানুহৰ বাবে এক আচহুৱা খবৰ।

বাৰীৰে চোকৰে জাতি বাঁহ এজুপি…

এই কথা কেনেকৈ মনলৈ আহিল এই দুই উদ্যোগী মহিলাৰ। সুধিছিলো সেই পৰিকল্পনাৰ কথা। কিবা এটা ব্যতিক্ৰম কৰাৰ চেষ্টাৰে তেওঁলোকে গঠন কৰিছিল এটা কোম্পানী। নাম 'ৰামধেনু ক্ৰিয়েচন প্ৰাঃ লিঃ'। এই কোম্পানীটো গঠন কৰাৰ পাছত তেওঁলোকে কি কৰিব সেই সন্দৰ্ভত বিভিন্ন জনৰ পৰামৰ্শ লৈছিল। তাৰপাছতেই আগবাঢ়িছিল তেওঁলোকে বাঁহৰ কাপোৰ প্ৰস্তুত কৰাৰ দিশে।

দুই উদ্যোগী মহিলা। মেঘালী দাস আৰু মৌচুমী ব্ৰহ্ম…

মেঘালী দাস আৰু মৌচুমী ব্ৰহ্ম ওচৰ চুবুৰীয়া। সামাজিকভাৱে দুয়ো বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত। প্ৰকৃতিৰ সুৰক্ষা, নিবনুৱা সংস্থাপন, বাৰীৰ বাঁহৰ ব্যৱহাৰ, বাঁহৰ পৰা প্ৰস্তুত কৰা কাপোৰৰ উপকাৰিতা সন্দৰ্ভত তেওঁলোকে কিছু কথা বিভিন্ন উৎসৰ পৰা জানি লৈ সন্ধান কৰিছিল বাঁহৰ ফাইবাৰ অৰ্থাৎ সূতা সংগ্ৰহ কৰাৰ বাবে।

এই দুই মহিলাই তেওঁলোকৰ এই পদক্ষেপৰ সন্দৰ্ভত ক'লে- 'বাঁহক লৈ কোটি কোটি টকা খৰচ কৰা হয়। বিভিন্ন বিভাগ আছে। তেওঁলোকেও নিশ্চয় বিভিন্ন ধৰণে চিন্তা-চৰ্চা কৰিছে। আমি ইমানখিনি গম পোৱা নাই কোনটো স্তৰত তেওঁলোকে কি কৰিব বিচাৰিছে। কিন্তু আমি নিজাববীয়াকৈ এক প্ৰচেষ্টাৰে আমি দুয়োগৰাকীয়ে এটা নতুন বস্তু আমি ৰাইজক দিছো। সমাজক দিছো। আৰু আমি দেখুৱাইছো যে, ইয়াৰ পৰা আমি গোটেই সমাজখনে অৰ্থনৈতিক ভাবেই নহয়, সামাজিক দিশৰ পৰাই হওঁক, পাৰিপাশ্বিক দিশৰ পৰাই হওঁক কেনেদৰে উপকৃত হ'ব পাৰে আমি দেখুৱালো। বাকীখিনি ৰাইজৰ হাতত আছে। চৰকাৰৰ হাতত আছে। সকলোৰে ইচ্ছা-সহযোগিতাৰে ইয়াক এটা নিশ্চয় এটা বৃহৎ উদ্যোগ ৰূপে গঢ়ি তুলিব পাৰি।'

২৭ ছেপ্টেম্বৰ, ২০১৯ত তেওঁলোকে বাঁহৰ পৰা প্ৰস্তুত কৰা কাপোৰ মুকলি কৰাৰ আগলৈকে মানুহক ক'বলৈও ভয় হৈছিল। কাৰণ মানুহে বাঁহৰ পৰা কাপোৰ বুলি ক'লেই জাপ মাৰি উঠিছিল। কিন্তু সেই কাপোৰ যেতিয়া চুই চালে আৰু ইয়াৰ উপকাৰিতা সন্দৰ্ভত গম পালে, তেতিয়া সেই কাপোৰ লৈ অতি কম সময়ৰ ভিতৰতে মানুহ উৎসাহিত হৈ পৰিছিল।

বাঁহৰ পৰা প্ৰস্তুত কৰা এটা টি-ছাৰ্ট…

বাঁহৰ পৰা প্ৰস্তুত কৰা এই কাপোৰ বিভিন্ন দিশৰ পৰা উপকাৰী। এই কাপোৰ এন্টি বেক্টেৰিয়েল, দুৰ্গোন্ধ নোলাই, ঘাম শুহিব পাৰে, সহজে ৰং নাযায়, গৰমত ঠাণ্ডা আৰু ঠাণ্ডাত গৰম অনুভৱ হয়, ইউ ভি ৰশ্মি প্ৰতিৰোধ কৰিব পৰা ক্ষমতাৰ অধিকাৰী, কোনো এলাৰ্জি নাই, আৰু এই কাপোৰ ইক' ফ্ৰেণ্ডলী।

এনেবোৰ গুণৰ বাবেই এতিয়া লাহে লাহে বাঁহৰ পৰা প্ৰস্তুত কৰা কাপোৰৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিছে। আনকি স্বাস্থ্যগত ভাৱেও বাঁহৰ সূতাৰ পৰা প্ৰস্তুত কৰা কাপোৰ অতি উপকাৰী। সেয়েহে বেম্বুছ ফাইবাৰৰ পৰা প্ৰস্তুত কৰা কাপোৰৰ এখন বৃহৎ বজাৰৰ সম্ভাৱনা আছে।

মেঘালী দাস আৰু মৌচুমী ব্ৰহ্মই বাঁহৰ সূতা ক'ৰ পৰা যোগাৰ কৰি সেইবোৰ কেনেদৰে তেওঁলোকে বেম্বুছ ব্ৰেণ্ডৰ টি-ছাৰ্ট প্ৰস্তুত কৰিছে সেই সন্দৰ্ভতো ক'লে। প্ৰথমে তেওঁলোকে বাঁহৰ সূতা অৰ্থাৎ বেম্বুৰ ফাইবাৰ বিচাৰি যথেষ্ট সমস্যাত পৰিছিল।

ভাৰতত সেয়া উপলব্ধ নোহোৱাত তেওঁলোকে ইয়াৰ বাবে এখন বিদেশী ৰাষ্ট্ৰৰ পৰা বেম্বুছ ফাইবাৰ ক্ৰয় কৰিব লগা হৈছিল।কেৱল সেই বেম্বুছ ফাইবাৰে যিহেতু কাপোৰ প্ৰস্তুত কৰা সম্ভৱ নহয়, সেইবোৰৰ সৈতে কিছু সংমিশ্ৰন কৰিব লগা হয়। সেয়েহে এইবোৰ কৰোতে যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল। আৰু অৱশেষত তেওঁলোকে মহানগৰীৰ বৰাগাঁৱত এটা ফেক্টৰী স্থাপন কৰি সকলো যোগাৰ কৰাৰ পাছত এই বাঁহৰ কাপোৰেৰে প্ৰস্তুত কৰিছিল প্ৰায় ১৫০০ টি-ছাৰ্ট।

ক'লা ৰঙৰ বাঁহেৰে প্ৰস্তুত কৰা এটা টি-ছাৰ্ট…

অসমত বাঁহৰ অভাৱ নাই। কিন্তু বাঁহৰ উপযুক্ত ব্যৱহাৰ এতিয়াও ৰাজ্যত হোৱা নাই। বাঁহৰ পৰা খৰিচা, জেউৰা-জপনা, পৰম্পৰাগত পাচি খৰাহি, জাপি, টেবুল, জাকৈ খালৈ, তাঁত শালৰ সামগ্ৰী, আৰু কাগজ প্ৰস্তুত কৰাতেই বাঁহৰ ব্যৱহাৰ অন্ত পৰিছে।

এই বাঁহক লৈ এতিয়া বিশ্বৰ আন দেশবোৰে বহু আগবাঢ়ি গৈছে। বেম্বুছ ফাইবাৰ্ছ প্ৰস্তুতৰ বাবে ন ন প্ৰযুক্তি উদ্ভাৱন হৈছে। টেক্সটাইল আৰু ফেশ্বন জগতত ইয়াৰ ব্যৱহাৰ বাঢ়িছে। বাঁহ এতিয়া প্লাষ্টিকৰ বিকল্প হ'ব পাৰে।

বাঁহৰ সূতা প্ৰস্তুত কৰা এক পৰ্ব…

বেম্বুছ ফাইবাৰ হ'ল বাঁহ গছৰ পৰা প্ৰস্তুত কৰা চেলুলজিক ফাইবাৰ। দুটা পদ্ধতিত বেম্বু ফাইবাৰ প্ৰস্তুত কৰা হয়। এটা হ'ল- মেকানিকেল পদ্ধতি। আনকিটো হ'ল কেমিকেল পদ্ধতিত। মেকানিকেল পদ্ধতিত ৰেটিং এনজাইম ট্ৰিটমেন্ট, বইলিং, স্কাটছিং, কাটিং আদিৰ জৰিয়তে এই ফাইবাৰ প্ৰস্তুত কৰা হয়।এই পদ্ধতিৰে নেচাৰেল বেম্বু ফাইবাৰ পাব পাৰি। আনহাতে, কেমিকেল পদ্ধতিত Bamboo Viscosh rayon মেথডৰ আৰু Bamboo loycell মেথডৰ জৰিয়তে এই ফাইবাৰ প্ৰস্তুত কৰিব পাৰি।

বেম্বু ফাইবাৰ…

অসমত প্রথমবাৰৰ বাবে বেম্বু ফাইবাৰৰ পৰা কাপোৰ প্ৰস্তুত কৰা উদ্যোগ স্থাপন কৰিলেও, এতিয়ালৈকে বেম্বু ফাইবাৰ প্ৰস্তুত কৰা কোনো পদক্ষেপ চৰকাৰী বা বেচৰকাৰী ভাৱে লোৱা হোৱা নাই। যদি ৰাইজে আদৰি লয় তেন্তে এই দুগৰাকী উদ্যোগী মহিলাই ভাবিছে, সেই দিশতো অসমেই বাটকটীয়া হ'ব। কিয়নো অসমৰ চুকে-কোণে ভৰি আছে বাঁহ।

বাঁহৰ পৰা কাপোৰ, বনিয়ান, টাৱেল, টিছুপেপাৰ,এপ্ৰণ , গ্লবছ, ছেনিটাৰী নেপকিন, ছুৱেটাৰ, বাটছুইট, ব্লেংকেটছ, আণ্ডাৰৱেৰ, মোজা, বেণ্ডেজ, মাক্স, ছাৰ্জিকেল ক্লথ, ৱালপেপাৰ আদি বহু সামগ্ৰী প্ৰস্তুত কৰিব পাৰি। সেই দিশতো বহু পৰিকল্পনা আছে এই দুই মহিলাৰ।

তেওঁলোকে প্ৰস্তুত কৰা বাঁহৰ সূতাৰ এটা টি-ছাৰ্ট…

এয়া আৰম্ভণি। তেওঁলোকে প্ৰস্তুত কৰা প্রথম ১৫০০ টি-ছাৰ্ট ইতিমধ্যে বজাৰলৈ গৈছে। ৰাইজেও বিচাৰিছে বাঁহৰ টি-ছাৰ্ট। সেইবোৰ বাঁহৰ ফাইবাৰ হয় নে নহয় তাৰ পৰীক্ষাও সম্পন্ন কৰিছে তেওঁলোকে। আৰু ১৫০০ টি-ছাৰ্ট তেওঁলোকে সাজু কৰি থৈছে। একান্ত ব্যক্তিগত উদ্যোগত তেওঁলোকে এই ডাঙৰ পদক্ষেপ হাতত লৈছে।

বাঁহক লৈ কৰা এই নতুন পৰীক্ষাই ৰাজ্যত বহু সম্ভাৱনাৰ বাট মুকলি কৰিব সেয়া নিশ্চিত। ইতিমধ্যে তেওঁলোকে প্ৰস্তুত কৰা বেম্বুছ ব্ৰেণ্ডৰ এই টি-ছাৰ্ট আমেৰিকালৈকেও উপহাৰ ৰূপে পঠিওৱা হৈছে। অতি সুন্দৰভাৱে ইয়াক পেকেজিং কৰিছে তেওঁলোকে।

বেম্বুছ টি-ছাৰ্ট…

এই বেম্বুছ টি ছাৰ্টৰ বাঁহৰ ফাইবাৰ আছে ৫১.৮ শতাংশ আৰু কটন আছে ৪৮.২ শতাংশ। মাত্ৰ ৯৯৯ টকাতেই বজাৰত এৰি দিছে এই টি-ছাৰ্টসমূহ। দুয়োৰে লক্ষ্য এই বজাৰখন সম্প্ৰসাৰিত হ'লে, নতুন চিন্তা-চৰ্চাৰে তেওঁলোকে এই ব্যৱসায় প্ৰসাৰিত কৰিব।

প্ৰথম হিচাপে তেওঁলোকৰ প্ৰতি অহা এই সঁহাৰিয়ে তেওঁলোকক উৎসাহিত কৰিছে। এতিয়া এনে বাঁহৰ টি-ছাৰ্ট বিচাৰি বহু লোকে তেওঁলোকৰ সৈতে যোগাযোগ কৰাত ন-উদ্যমেৰে তেওঁলোকে এই উদ্যোগটোৰ প্ৰতি আশাৰ সঞ্চাৰ হৈছে।

ডাঙৰ মানুহৰ লগতে সৰু ল'ৰা-ছোৱালীৰ টি-ছাৰ্টো বিচাৰিছে গ্ৰাহকে। এতিয়া তিনিটা ৰঙৰ ক্ৰমে- ৰঙা, বগা আৰু ক'লা টি-ছাৰ্ট উপলব্ধ কৰিছে মহানগৰীৰ বজাৰত। পৰ্যায়ক্ৰমে তেওঁলোকে সেই বজাৰখন বহলাই নিব।

বাঁহৰ টি-ছাৰ্টৰ আছে বহু গুণাগুণ…

বাঁহৰ আঁহৰ পৰা তৈয়াৰ কৰা এই বস্ত্ৰ জনপ্ৰিয় হ'লে উত্তৰ-পূৰ্বাঞ্চলত বাঁহৰ চাহিদা আৰু বৃদ্ধি হ'ব। ইয়াৰ সমান্তৰালভাৱে বাঁহৰ খেতি কৰিলে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমান বৃদ্ধি আৰু কাৰ্বন-ডাই-অক্সাইডৰ পৰিমান হ্ৰাস পাব। তাতোকৈ লক্ষণীয় দিশ হ'ল বাঁহৰ খেতিত কোনো কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব লগা নহয়।

এই আন্তৰিক প্ৰয়াসে অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ উচিত ব্যৱহাৰ, জলবায়ু পৰিৱৰ্তনত বাধা, প্ৰদূষণ ৰোধ আদি ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাব। ইয়াৰ বাবে অৱশ্যে বাঁহক লৈ চৰকাৰী পক্ষৰো এক সুপৰিকল্পিত উদ্যোগ নীতিৰ আৱশ্যক হৈ পৰিছে।

অত্যন্ত সীমাৱদ্ধতাৰ মাজতে মেঘালী দাস আৰু মৌচুমী ব্ৰহ্মই বাট মুকলি কৰি দিছে। সেই বাটেৰে বাট বুলিব পাৰিলে আমাৰ সকলোৰে পৰিচিত বাৰী চুকৰ জাতি বাঁহ এজুপিয়ে আমাৰ জীৱন ধাৰণৰ মান সলাই দিব পাৰে।

এই দিশত সামাজিক সচেতনতাৰ লগতে চৰকাৰী পক্ষৰ সহযোগিতাৰ প্ৰয়োজন এতিয়া। মৌচুমী ব্ৰহ্ম আৰু মেঘালী দাসৰ এনে উদ্যোগক সকলোৱে সহযোগিতা আগবঢ়ালে এদিন নিশ্চয় এই প্ৰয়াসেই হৈ উঠিব আমাৰ সমাজ জীৱনৰ বাবে এক ডাঙৰ পদক্ষেপ। শিলৰ চোলা সম্ভৱ নহয়, কিন্তু বাঁহৰ চোলা সম্ভৱ। সেয়া দেখুৱাই দিলে মৌচুমী আৰু মেঘালীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in