বানত বিধ্বস্ত অসমলৈ কেন্দ্ৰৰ ইমানেই মৰম! দুৰ্যোগৰ বাবে আৱন্টিত ধনো কৰ্তনহে কৰে দিল্লীয়ে…

বানত বিধ্বস্ত অসমলৈ কেন্দ্ৰৰ ইমানেই মৰম! দুৰ্যোগৰ বাবে আৱন্টিত ধনো কৰ্তনহে কৰে দিল্লীয়ে…

মৃদুল কুমাৰ সন্দিকৈ

ৰাজ্যত বানৰ তাণ্ডৱ। বানাক্ৰান্ত সকলে আশ্ৰয় আৰু খাদ্য বিচাৰি হাহাকাৰ কৰা পৰিস্থিতি। বান এইবাৰেই অহা নাই। প্ৰতিবাৰেই আহে বানপানী। দীৰ্ঘদিন ধৰি অসমৰ বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰি এই সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ ৰাইজে দাবী জনাই আহিছে।

সেই দাবী কোনো এখন চৰকাৰেই গুৰুত্ব সহকাৰে লোৱা নাই। নিৰ্বাচনৰ আগত অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি দিও মূৰ পুলোকা মাৰিলে বিজেপিয়ে। শাসনত থকা সময়ত এই কথালৈ কৰ্ণপাতেই নকৰিলে কংগ্ৰেছে।

শেহতীয়াকৈ অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিবলৈ হাতত প্লে'কাৰ্ড লৈ সংসদ ভৱনৰ সন্মুখত গান্ধীৰ মূৰ্তিৰ তলত কংগ্ৰেছৰ দুই-এজন সাংসদে প্ৰতিবাদ কৰাতো নাটকৰ বাদে আন একো নহয়।

বানপানী বা আন প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ৰাজ্যক সহায়ৰ হাত আগবঢ়ায়। এন ডি আৰ এফ বা এছ ডি আৰ এফৰ ধন এই দুৰ্যোগৰ মুহূৰ্তত ব্যয় কৰা হয়। নৰেন্দ্ৰ মোডী চৰকাৰে অসমৰ ক্ষেত্ৰত ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিত (এছ ডি আৰ এফ)ৰ শিতানৰ ধন কৰ্তন কৰাৰহে অভিযোগ আছে। এই ধন অসমৰ প্ৰাপ্য ধন আছিল। ইফালে, ৰাষ্ট্ৰীয় দুৰ্যোগ পুঁজিৰ (এন ডি আৰ এফ)ৰ ধন মুকলি কৰাৰ ক্ষেত্ৰতো অসমৰ প্ৰতি গুৰুত্ব নাই কেন্দ্ৰীয় চৰকাৰৰ।

২০১৪চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে অসমক এন ডি আৰ এফৰ এটা টকাও দিয়া নাই। উল্লেখযোগ্য যে, ২০০৫চনত দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত কেন্দ্ৰই এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ অধীনত ৰাজ্য চৰকাৰলৈ ধন আৱন্টন দিব লাগে।

মুলতঃ দুৰ্যোগ প্ৰশমন আৰু পুনঃসংস্থাপনৰ বাবে এই ধন ৰাজ্য চৰকাৰে ব্যয় কৰে। ২০১৪-১৫ বিত্তীয় বৰ্ষৰ পৰা ২০১৭-১৮ বিত্তীয় বৰ্ষলৈকে অসমে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ অধীনত কিমান ধন পালে? সেই তথ্য চালেই কেন্দ্ৰৰ প্ৰতি অসমৰ অৱহেলা স্পষ্ট হৈ পৰে।

২০১৪-১৫ বিত্তীয় বৰ্ষত অসমৰ বাবে এছ ডি আৰ এফৰ ৩২০.৬২ কোটি টকা ধাৰ্য কৰা হৈছিল। ২০১৫-১৬ বৰ্ষত সেই ধনৰ পৰিমান আছিল ৪৬০ কোটি টকা। ২০১৬-১৭ বৰ্ষত এছ ডি আৰ এফৰ ধাৰ্য কৰা ধনৰ পৰিমান অসমৰ বাবে আছিল ৪৮৩ কোটি আৰু ২০১৭-১৮ বিত্তীয় বৰ্ষত সেই ধনৰ পৰিমান ৫০৭ কোটি টকা কৰা হৈছিল।

বানপানীঃ অসমক ২০১৪ৰ পৰা কিমান ধন দিলে কেন্দ্ৰই…

এছ ডি আৰ এফ শিতানত ২০১৫-১৬ বৰ্ষত ৪৬০ কোটি টকা ধাৰ্য কৰা হৈছিল। কিন্তু কেন্দ্ৰই বানাক্ৰান্ত ৰাজ্যখনত সেই ধন দিয়াৰ সলনি উক্ত বৰ্ষত এছ ডি আৰ এফৰ ধন কৰ্তনহে কৰিলে। উক্ত বিত্তীয় বৰ্ষত বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত ভাৰাক্ৰান্ত অসমক কেন্দ্ৰই ৪৬ কোটি টকা কৰ্তন কৰি ৪১৪ কোটি টকাহে প্ৰদান কৰিলে।

অসম তথা উত্তৰ-পূবক অষ্টলক্ষ্মী বুলি আখ্যা দিয়া নৰেন্দ্ৰ মোডী চৰকাৰৰ দিনত এছ ডি আৰ এফ শিতানত ধন কৰ্তনৰ প্ৰক্ৰিয়া পৰৱৰ্তী সময়তো অব্যাহত থাকিল। ২০১৬-১৭ বিত্তীয় বৰ্ষত এছ ডি আৰ এফ শিতানত অসমৰ বাবে ৪৮৩ কোটি টকা ধাৰ্য কৰা হৈছিল। সেইবাৰো ৪৮.৩ কোটি টকা কৰ্তন কৰি ৪৩৪.৭০ কোটি টকা দিয়া হ'ল অসমক।

কেন্দ্ৰৰ এই লুন্ঠন আৰু অসমৰ প্ৰতি অৱজ্ঞা পৰৱৰ্তী বিত্তীয় বৰ্ষটো অব্যাহত থাকিল। ২০১৭-১৮ বৰ্ষত ৫০৭ কোটি টকা কেন্দ্ৰই এছ ডি আৰ এফৰ ধন অসমৰ বাবে ধাৰ্য কৰিছিল যদিও, সেইবাৰো ৫০.৭ কোটি টকা কৰ্তন কৰি ৪৫৬.৩০ কোটি টকা ৰাজ্য চৰকাৰক দিলে।

এছ ডি আৰ এফৰ লগতে এন ডি আৰ এফৰ ধনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ৰাজ্যসমূহক দিয়া হয়। ২০১৪-১৫ বৰ্ষত মহাৰাষ্ট্ৰক এন ডি আৰ এফৰ ১৪২৬.৯৫ কোটি টকা কেন্দ্ৰই দিছিল। কিন্তু সেই বছৰ এটকাও নাপালে অসমে। পৰৱৰ্তী ২০১৫-১৬ বৰ্ষত এন ডি আৰ এফৰ অধীনত অন্ধ্ৰপ্ৰদেশক ৩৫৬.৭৪ কোটি টকা, ছত্তীশগড়ক ৫২২.৩২ কোটি, হিমাচলপ্ৰদেশক ৮২.২১ কোটি, কৰ্ণাটকক ১৬৪৫.৫৩ কোটি, মধ্যপ্ৰদেশক ১০১১.৯৯ কোটি, মহাৰাষ্ট্ৰক ১৫৯২.৯৬ কোটি, মণিপুৰক ৩৮.৭১ কোটি, নগালেণ্ডক ১৫.১১ কোটি, ওড়িশ্যাক ৫৭৪.৬৯ কোটি, ৰাজস্থানক ১৩৭৮.১৩ কোটি, তামিলনাডুক ১হাজাৰ কোটি, তেলেংগানাক ৪৬৮.২০ কোটি, উত্তৰপ্ৰদেশক ৩৩০৫.৬৬ কোটি, পশ্চিমবংগক ৪৫৯.৭১ কোটি টকা দিয়া হৈছিল।

২০১৫-১৬ বিত্তীয় বৰ্ষত এন ডি আৰ এফৰ ১২৪৫১.৯৬ কোটি টকা বিভিন্ন ৰাজ্যক দিয়া হ'ল। কিন্তু বানাক্ৰান্ত অসমে সেইবাৰো এটকাও নাপালে। ২০১৬-১৭ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ১১,৪৪১.৩০ কোটি টকা বিভিন্ন ৰাজ্যক দিছিল। এন ডি আৰ এফৰ সেই বৰ্ষত সৰ্বাধিক ধন লাভ কৰিছিল কৰ্ণাটকে। ২২৯২.৫০ কোটি টকা কৰ্ণাটকে ২২২৪.৭৮ কোটি টকা, মহাৰাষ্ট্ৰই, ৯৯০.৮২ কোটি ৰাজস্থানে, ১৮১৩.৬৬ কোটি টকা তামিলনাডুৱে, ১০৬২.০৯ কোটি টকা উত্তৰপ্ৰদেশে লাভ কৰিছিল।

সেই বিত্তীয় বৰ্ষতো এন ডি আৰ এফৰ শিতানৰ ধন অসমে এটকাও লাভ নকৰিলে। ২০১৭-১৮ বিত্তীয় বৰ্ষতো অসমে এন ডি আৰ এফৰ ধন লাভ কৰিবলৈ সক্ষম নহ'ল। এফালে এছ ডি আৰ এফৰ ধন কৰ্তন, আনফালে এন ডি আৰ এফৰ এটা টকাও অসমৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰে ভাৰাক্ৰান্ত ৰাজ্যখনক মোডী চৰকাৰে প্ৰথমটো কাৰ্যকালত নিদিয়াটোৱেই প্ৰমাণ কৰে- দিল্লী আজিও আমাৰ বাবে বহু দূৰ হৈয়ে আছে। সেয়া লাগে কংগ্ৰেছেই হওঁক বা বিজেপিয়ে হওঁক।

২০১৯ চনত অসমৰ বান পৰিস্থিতি কিমান জটিল হৈ পৰিছে সেয়া সকলোৱে দেখিছে। বানত ২০জনকৈ লোকৰ মৃত্যু আৰু প্ৰায় ৫০ লাখ লোক বানৰ প্ৰভাৱত পৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে অসমক কি সহায়ৰ হাত আগবঢ়াইছে সেয়া সকলোৱে দেখিছে।

৩০খন জিলা ডুব গৈছে বানত। ৫ সহস্ৰাধিক গাঁও বানৰ কৱলত পৰিছে। তাৰপাছত কেন্দ্ৰীয় চৰকাৰে খৰখেদাকৈ এছ ডি আৰ এফৰ কিছু অংশ ধন অসমলৈ মুকলি কৰি দিছে। ২০১৯-২০ বৰ্ষৰ বাবে এছ ডি আৰ এফৰ ধাৰ্য কৰা ধন ৫৫৯কোটি টকা। ইয়াৰে কেন্দ্ৰীয় চৰকাৰৰ অংশ আছিল ৫০৩.১০ কোটি টকা। সেই অংশৰ পৰা মাত্ৰ ২৫১.৫৫ কোটি টকা কেন্দ্ৰই এই বিপদৰ মুহূৰ্তত ৰাজ্যখনলৈ আগবঢ়াইছে।

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ অসমৰ বাবে মুকলি কৰি দিলে এছ ডি আৰ এফৰ ২৫১.৫৫ কোটি টকা…

কণা হাঁহক পতান দিয়াৰ দৰেই, এছ ডি আৰ এফৰ পুঁজিৰ পৰা ৰাজ্যখনলৈ দিব লগা ধনখিনিৰেই কিছু অংশ দি দায়িত্ব সামৰিছে কেন্দ্ৰই। অথচ আন ৰাজ্যত বানপানী হ'লে এইজন মোডীয়েই হিয়া উজাৰি সহায় কৰে। আনকি কাশ্মীৰৰ বানপানীৰ সময়ত পাক অধ্যুষিত কাশ্মীৰকো সহায় কৰিবলৈ আগবাঢ়ি গৈছিল এইজন মোডী।

প্ৰাইম মিনিষ্টাৰ নেশ্যনেল ৰেলী ফাণ্ড (পি এম এন আৰ এফ)ৰ পৰাও অসমক কিছু ধন দিব পাৰিলে হয়। কিন্তু সেয়া কৰা হোৱা নাই। অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ৰাজ্যখনৰ এই বান পৰিস্থিতি সন্দৰ্ভত কি দাবী জনাইছে সেয়া আজিও জানিব পৰা নাই ৰাজ্যবাসীয়ে।

বানপানী হৈছে, বানত ৰাইজ ককবকাইছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে- গৃহমন্ত্ৰী অমিত শ্বাহে কথা পাতিছে। প্ৰয়োজনীয় সাহায্য চৰকাৰে দিব। কিন্তু অসম চৰকাৰে কেন্দ্ৰৰ পৰা কি বিচাৰিছে সেই কথা ক'বলৈ তেওঁৰ সাহস নাই।

বানপানীৰ পাছত ৰাজ্যৰ প্ৰায়বোৰ বাট-পথৰ অৱস্থা কি হ'ব পাৰে, বানত সৰ্বহাৰা হোৱা ৰাজ্যবাসীৰ বাবে পুনঃসংস্থাপনৰ ক্ষেত্ৰত কিমান ধন প্ৰয়োজন হ'ব, এইবোৰ কথা ভাবিবলৈ মুখ্যমন্ত্ৰীৰ আজৰি ক'ত? এছ ডি আৰ এফৰ কেন্দ্ৰই দিব লগা ধনৰ পৰা কিছু অংশ ধন দিয়াতেই এতিয়া দায়িত্ব শেষ হৈছে কেন্দ্ৰৰ।

পূৰ্বতেও ৰাজনাথ সিং গৃহমন্ত্ৰী হৈ থাকোতে অসমৰ জটিল বান পৰিস্থিতিৰ সময়ত অসমলৈ আহিয়েই দায়িত্ব সামৰিছিল। অসমক এনেদৰে এই বিপদৰ মুহূৰ্ততো কেন্দ্ৰই অবজ্ঞা কৰাৰ কাৰণ কি? ব্ৰহ্মপুত্ৰ খননৰ জৰিয়তে অসমৰ বানপানী সমস্যা সমাধান কৰা, ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ছুপাৰ হাইৱে'ৰ কথা এই দল আৰু চৰকাৰেই কোৱা নাছিলনে?

বানপানী সৈতে অসমৰ মানুহে সহবাস কৰিবলৈ শিকিছিল। কিন্তু এতিয়া সেই পৰিস্থিতি নাই। খেতিপথাৰ, ঘৰ-সম্পত্তি সকলো হেৰুওৱাৰ পাছত কি পৰিৱেশ-পৰিস্থিতিৰ সৃষ্টি হয় তাৰ আচল প্ৰতিচ্ছবিখন মুখ্যমন্ত্ৰীয়ে কোনোবা আশ্ৰমলৈ গৈ এক আঠুঁলৈকে পানীত নামিলেই দেখা নাপাব।

প্ৰকৃত দুৰ্দৰ্শাৰ ছবি চাবলৈ মুখ্যমন্ত্ৰীয়ে মাজুলীলৈ যাওঁক। ঢকুৱাখনা, ধেমাজিৰ লগতে ভিতৰুৱা অঞ্চলবোৰৰ কৃষিজীৱী লোকসকলৰ দুৰ্দৰ্শা আৰু কৰুণ কাহিনী তেওঁ শুনিবলৈ চেষ্টা কৰক। যি দিছে তাতেই সন্তুষ্ট হৈ থকাতকৈ কেন্দ্ৰক বুজাবলৈ চেষ্টা কৰক- এয়া সাধাৰণ বান নহয়।

বানপানী অসমৰ বাবে বহুতে উৎসৱ বুলি ভাবে। মথাউৰিবোৰ ভাগি টুকুৰা-টুকুৰ হ'ল। মুখ্যমন্ত্ৰীয়ে মনত পেলাওঁক- কি কৈছিল তেওঁ মথাউৰি সন্দৰ্ভত? বানপানী আহিব, সেয়া কোনেও বাধা দিব নোৱাৰে। কিন্তু সেই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আগতীয়া পৰিকল্পনাৰো প্ৰয়োজন হয়।

এনেই হাতত টকা আছে বুলি চৰকাৰে কোৱাতকৈ ৰাজ্যবাসীৰ হৈ কেন্দ্ৰক কওঁক- অসমৰ ৰাইজে বানপানীত ককবকাই থকা সময়ত সেই মানুহখিনিৰ বাবেও কেন্দ্ৰৰ কৰণীয় আছে। বিশেষ পেকেজৰ দাবী কৰক। এই পৰিস্থিতিত ৰাজ্যবাসীৰ দু্ৰ্দৰ্শাৰ কথা ক'বলৈ এজন মুখ্যমন্ত্ৰীয়ে কিয় সাহস কৰিব নোৱাৰে?

যোৱা ৫ টা বছৰৰ তথ্যই উদঙাই দিয়ে কিদৰে বঞ্চনা কৰিছে অসমক। এফালে এছ ডি আৰ এফৰ ধন কৰ্তন আৰু আনফালে এন ডি আৰ এফৰ এটকাও পোৱা নাই অসমে। এইবোৰতো সাধাৰণ তথ্য নহয়। ইয়াৰ পাছত কোনোবাই ২৫১.৫৫ কোটি টকা দিয়াকলৈ হাতচাপৰি বজালে, আত্মসন্তুষ্টিত বুৰ গৈ থাকিলে ক'ব কি? মনত ৰখা ভাল- সকলোতেই ৰাজনীতি নচলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in